• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

পর্বতৰ শিখৰত ৰডোডেন্দ্ৰন গুচ্ছ…..

Rhododendron

by Anjan Sarma
October 29, 2023
in Nature
Reading Time: 4 mins read
0
পর্বতৰ শিখৰত ৰডোডেন্দ্ৰন গুচ্ছ…..
Share on FacebookShare on TwitterShare on LinkedIn

পর্বতৰ শিখৰত ৰডোডেন্দ্ৰন গুচ্ছ…..

সুমিত দাস

Sumit Das 1
সুমিত দাস

“উদ্ধত যত শাখাৰ শিখৰে ৰডোডেনন্দ্রন গুচ্ছ।”

ভাৰতীয় সাহিত্যত কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে ৰডোডেন্দ্ৰনক ভাস্বৰ কৰি তুলিছিল ৷ তেখেতৰ কালজয়ী সৃষ্টি “শেষেৰ কবিতা“ত ৰডোডেন্দ্ৰনৰ উল্লেখ পোৱা যায়। ১৮৩৮ চনত ড্যাফনি ডু মৰিয়েৰ দ্বাৰা ৰচিত ‘Rebecca’ উপন্যাসতো ৰডোডেন্দ্ৰনৰ উপমা বর্ণিত হৈছে।

ৰডোডেন্দ্রন মূলতঃ ফুল।

পৰ্বত- পাহাৰ, তৰাই অঞ্চলৰ শীতলৰ পৰা নাতিশীতোষ্ণ আবহাৱাত ৰডোডেন্দ্রন বিস্তাৰিত। ইউৰোপৰ আল্পচ্ পর্বত, অষ্ট্ৰেলীয়াৰ উপদ্বীপ, জাভা- সুমাত্রা, আমেৰিকাৰ উত্তৰাংশ, এছিয়াৰ হিমালয় গিৰিমালাৰ ভাৰত, চীন, জাপান ৰডোডেন্দ্ৰনৰ আবাসভূমি।

সমগ্র বিশ্বত প্রায় ১১০০ প্রজাতিৰ ৰডোডেন্দ্ৰন পোৱা যায়। ৰডোডেন্দ্রন মূলতঃ গুল্মজাতীয় উদ্ভিদ। ই চিৰহৰিৎ আৰু পাতবোৰ  গোলাকাৰ ৰূপত সজ্জিত। পুষ্পমঞ্জৰী ৰঙা,বেঙুনীয়া আৰু বগা ৰঙৰ হোৱা দেখা যায়।

“ৰডোডেন্দ্রন” শব্দটো গ্রীক মূলৰ ‘ৰডোন‘ আৰু ‘ডেন্দ্রন‘ শব্দৰ পৰা নিষ্পন্ন হৈছে। যাৰ অর্থ হৈছে গোলাপ জাতীয় গছ।ৰডোডেন্দ্রনৰ নামকৰণ আধুনিক বর্গীকৰণ বিদ্যাৰ জনক(Father of Modern Taxonomy) কাৰ্ল ভন লিনিয়াছে(১৭০৭-১৭৭৮) তেখেতৰ যুগজয়ী সৃষ্টি Species Plantarum’ত কৰিছিল। লিনিয়াছৰ নামকৰণৰ বহু পূর্বে ইউৰোপত  ৰডোডেন্দ্ৰন ‘আলপাইন ৰ’জ‘ আৰু আমেৰিকাত ‘গ্ৰেট ল’ৰেল‘ বা ‘স্বাম্প হানিচাকেল‘ হিচাপে পৰিচিত আছিল।

প্রবাদপ্রতিম উদ্ভিদবিজ্ঞানী কেৰোলাছ ক্লুচিয়াছৰ হাতত ধৰিয়েই ব্রিটেইনৰ ৰডোডেন্দ্ৰনৰ সৈতে পৰিচয় ঘটে। কেৰোলাছ ক্লুচিয়াছ এগৰাকী পুৰোধা উদ্ভিদ অন্বেষক আছিল।

আমেৰিকাত ৰডোডেন্দ্ৰন সম্পর্কীয় জৰীপ আৰু অধ্যয়ন আৰম্ভ হয় জন বাৰট্ৰামৰ যোগেদি।জন বাৰট্ৰামৰ সুপুত্ৰ ওইলিয়াম বাৰট্ৰামে পিতৃৰ সৈতে সন্মিলিত উদ্যোগত আমেৰিকাৰ পেনচিলভেনিয়া, জর্জিয়া আজ দক্ষিণ কেৰোলিনাৰ সামুদ্রিক অঞ্চলৰ পৰা নানা প্ৰজাতিৰ ৰডোডেন্দ্ৰন আৱিস্কাৰ কৰে।

ষোড়শ-সপ্তদশ শতিকাৰ পৰা ইউৰোপ, আমেৰিকা প্রভৃতি দেশত বটানিকেল গার্ডেনৰ কাম আৰম্ভ হয়। এই গার্ডেনসমূহত বিভিন্ন উদ্ভিদ, টিউলিপ, গোলাপ আদিৰ লগতে ৰডোডেন্দ্ৰনৰ চাহিদাও বাঢ়িবলৈ লয়। এই চাহিদা নির্মূলৰ বাবে উদ্ভিদবিজ্ঞানী সকলে বিভিন্ন মহাদেশত ৰডোডেন্দ্ৰন সন্ধানী অভিযান আৰম্ভ কৰে। অভিযানকাৰীসকলৰ শীর্ষবিন্দু হিমালয়ৰ পার্বত্য অঞ্চল, চীন, বৃহত্তৰ ভাৰতবর্ষই দখল কৰিছিল।

পর্বতৰ শিখৰত ৰডোডেন্দ্ৰন গুচ্ছ.

ভাৰতত ইষ্ট-ইণ্ডিয়া কোম্পানীৰ অধিপত্য বিস্তাৰৰ লগে লগে ইউৰোপীয় সকলৰো আগমন ঘটে।সেইসকলৰ ভিতৰত অন্যতম আছিল প্ৰবাদপ্রতিম উদ্ভিদ বিজ্ঞানী ভাৰতীয় উদ্ভিদবিজ্ঞানৰ জনক(Father of Indian Botany) হিচাপে পৰিচিত উইলিয়াম ৰক্সবার্গ(১৭৫১-১৮১৫)। তেখেতে ৰডোডেন্দ্ৰনসহ প্রায় ৫০০০ ভাৰতীয় উদ্ভিদৰ নমুনা লিপিবদ্ধ কৰে।

ৰক্সবাৰ্গৰ পৰবর্তী তালিকাত থকা বিশিষ্ট উদ্ভিদবিজ্ঞানী হৈছে ওইলিয়াম গ্রিফিথ (১৮১০-১৮৪৬)। তেওঁ অসম, চিকিম,ভুটান, আক ম্যানমাৰৰ পৰা ৯০০০ উদ্ভিদ প্রজাতি সংগ্রহ কৰে। গ্ৰিফিথৰ তালিকাত  ভুটানত পৰা সংগৃহীত আঠটা দুষ্প্ৰাপ্য প্রজাতিৰ ৰডোডেন্দ্রন আছিল।

বিশ্বব্যাপী ৰডোডেন্দ্রনক জনপ্রিয় কৰি তোলাৰ নেপথ্যত ভাৰতৰ অংগৰাজ্য চিকিম আৰু প্রবাদ প্রতিম উদ্ভিদ অন্বেষক চাৰ জোছেফ ডেল্টন হুকাৰ(১৮১৭-১৯১১)’ৰ নাম উল্লেখযোগ্য। চাৰ জোছেফ ডেল্টন হুকাৰে চিকিম আৰু হিমালয়ৰ গভীৰ পাৰ্বত্য অঞ্চলৰ পৰা ৪৫ টা বিৰল প্রজাতিৰ ৰডোডেন্দ্রন আৱিস্কাৰ কৰে। চাৰ জোছেফ ডেল্টন হুকাৰৰ পিতৃ ওইলিয়াম হুকাৰ আছিল কিউৰ বিখ্যাত ৰয়েল বটানিকেল গার্ডেনৰ পৰিচালক।

১৮ জানুৱাৰী, চন ১৮৪৮। হুকাৰ চাহাবে পান্থপাদপ (Fan Palm), অর্জুন (Terminalia), তাল (Toddy Palm)আদি গছেৰে আবৃত সুন্দৰবনৰ লুনীয়া মাটিত ভৰি দিয়ে । কলিকতা বটানিকেল গার্ডেনৰ ছুপাৰিন্টেডেন্ট ডঃ মেকলেলাণ্ড আৰু এছিয়াটিক চছাইটিৰ সভাপতি জেমচ্  ক’লভিকৰ সহায়ত হুকাৰ চাহাবে তিনি বছৰ কাল বংগ আৰু হিমালয়ৰ পার্বত্য অঞ্চল জৰীপ কৰে।

পর্বতৰ শিখৰত ৰডোডেন্দ্ৰন গুচ্ছ.

এই অঞ্চলৰ পৰা সংগৃহীত ৫০০০ উদ্ভিদৰ নমুনা আৰু অনন্য অভিজ্ঞতাৰ কথা হুকাৰ চাহাবে হিমালয়ান জার্নেলত লিখিছিল।

হুকাৰ চাহারে তেখেতেৰ ভায়েৰীত ৰডোডেন্দ্রন আৰু হিমালয়ৰ অপূর্ব লেণ্ডস্কেপ অংকণ কৰিছিল।হুকাৰৰ অক্ষিযুগলত বন্দী হৈছিল দার্জিলিঙৰ নদী উপত্যকাত জিলিকি থকা “বালাশোন” আৰু ইয়াৰ অপৰূপ উদ্ভিদ সমুদায়। ইবোৰৰ ভিতৰত অন্যতম আছিল অশোক (Honeysuckle) কৰবী (Laurels), বাসন্তী কুসুম (primrose), নীলাপুষ্প(Hydrangea) আৰু সুবাসিত শুভ্র ৰডোডেন্দ্ৰন(Rhododendron dalhousiae.)।

হুকাৰৰ পৰবর্তীকালত ৰডোডেন্দ্ৰন আৱিস্কাৰ কার্যত আয়াৰলেণ্ডৰ বৃক্ষবিশাৰদ আগষ্টিন হেনৰী ব্ৰতী হয়। তেখেতৰ সৈতে ব্ৰিটেইনৰ ফ্ৰান্সিছ কিংডন ওৱাৰ্ড চামিল হৈছিল। বিজ্ঞানীদ্বয়ে হিমালয়ৰ পার্বত্যভূমিত বিশেষ প্রজাতিৰ ৰডোডেন্দ্রনৰ সন্ধান পাইছিল। এই প্রজাতিবোৰৰ নামকৰণ তেওঁলোকৰ  নামেৰেই কৰিছিল (Rhododendron augustini, Rhododendron wardii)।

পর্বতৰ শিখৰত ৰডোডেন্দ্ৰন গুচ্ছ.
Photo by Ollie Craig on Pexels.com

ৰডোডেন্দ্ৰনৰ অন্বেষণ কার্য আজিও স্থবিৰ নহয়। অনুসন্ধিৎসু উদ্ভিদ অন্বেষক সকলে এই  কাৰ্যত ব্ৰতী হৈ আছে। ২০১৩ চনত অৰুণাচল প্রদেশৰ মেঁচুকাত সম্পূর্ণ নতুন প্রজাতিৰ ৰডোডেন্দ্ৰনৰ সন্ধান পোৱা গৈছিল। এই প্রজাতিৰ নামকৰণ ঠাইখনৰ নামেৰেই কৰা হৈছে(Rhododendron mechukae)!

প্রতি বছৰে বসন্তৰ শেষৰ পৰা গ্রীষ্ম পর্যন্ত পৃথিবীৰ ভিন্ন প্ৰান্তৰ লগতে ভাৰততো দেখা যায় এইবিধ ফুলৰ অপৰূপ সমাহাৰ।প্ৰতিবছৰৰ মাৰ্চ মাহত চিকিমত আন্তঃৰাষ্ট্রীয় ৰডোডেন্দ্ৰন উৎসৱ পালন কৰা হয়। প্রখ্যাত ভাৰতীয় চলচ্চিত্র নির্মাতা সত্যজিত ৰায়ে তেখেতৰ ‘চিকিম‘ নামৰ তথ্যচিত্রত (১৯৭১) ৰডোজেন্দ্রনক ‘গ্ল’ৰী অফ্ চিকিম‘ বুলি কৈছিল। 

পর্বতৰ শিখৰত ৰডোডেন্দ্ৰন গুচ্ছ.

এজোপা ৰডোডেন্দ্ৰন গছত ফুল ফুলিবলৈ প্রায় ৩-৪ বছৰ সময় লাগে। বছৰকে এবাৰেই ফুলে। ফুল স্থায়ীত্ব ১-২ সপ্তাহ। ফুলৰ পাহিবোৰ সৰি পৰাৰ পিছত ফুল ফুলিবলৈ দীর্ঘ সময়ৰ অপেক্ষাৰ প্রয়োজন। ৰবীন্দ্রনাথৰ কবিতাৰ ভাষাৰে…..

“তব অন্তর্ধানপটে হেৰি তব ৰূপ চিৰন্তন।

অন্তৰে অলক্ষ্যলোকে তোমাৰ পৰম আগমন। 

লভিলাম চিৰ স্পর্শমণি;

তোমাৰ শূন্যতা তুমি পৰিপূর্ণ কৰেছ আপনি।”

 তথ্যসূত্রঃ

১. ৰডোডেন্দ্রনৰ ৰক্তিম আভা, দাস সুমিত (২০২৩), মণিকাঞ্চন প্রকাশন, মাজুলী।

২.Rhododendrons of Sikkim-Himalaya, Royal Botanical Gardens, Kew. Hooker J-D,

৩.udvidam. wordpress.com

৪.অসমৰ উদ্ভিদ কোষ, গগৈ ফটিক চন্দ্র(২০০৭), অসম প্রকাশন পৰিষদ, গুৱাহাটী।

৫. অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ, বৰুৱা ক্ষীৰধৰ (২০২২),বনলতা, ডিব্ৰুগড়।

সুমিত দাস, ছাত্ৰ, উদ্ভিদ বিজ্ঞান বিভাগ, অৰুণাচল বিশ্ববিদ্যালয়। ফ’ন-৬০০০৫৭০১৬৩

Images collected from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis
Climate Change

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

by PAHARI BARUAH
September 3, 2026
0

Artificial Intelligence's Growing Water Footprint Amid a Global Water Crisis PAHARI BARUAH The explosive growth of artificial intelligence (AI) in...

Read moreDetails
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

September 2, 2026
UNCCD COP17 Closes with Some Progress

UNCCD COP17 Closes with Some Progress

August 29, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 26, 2026
Arriving at the Kaziranga Buffer Zone, Scientifically

Arriving at the Kaziranga Buffer Zone, Scientifically

August 26, 2026
এয়াই অসম…প্ৰতিটো বনৰ পাত..জাংফাই মিনা কৰা..!

Kaziranga at a Crossroads: Threats and the Fight to Preserve It

August 24, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d