• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, July 9, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰম, বন্ধ্যাত্ব, IVF আৰু বিকল্প চিকিৎসা

-ডা মুকুল শৰ্মা(আয়ুৰ্বেদাচাৰ্য্য)

by Anjan Sarma
July 5, 2021
in Health
Reading Time: 2 mins read
0
crop anonymous black mother holding hand of baby lying on bed

Photo by William Fortunato on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

-ডা মুকুল শৰ্মা(আয়ুৰ্বেদাচাৰ্য্য) |

পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰম থকা ৰোগীবোৰৰৰ প্ৰায় ভাগৰে মনত প্ৰশ্নৰ উদয় হয় যে তেখেতসকল মাক হব পাৰিব নে নাই আৰু ইয়াৰ কিবা চিকিৎসা আছে নে নাই? তেখেত সকলক জনাওঁ যে পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰম থকা মানেই যে মাক হব নোৱাৰিব বা বন্ধ্যাত্বৰ সৃষ্টি হব তেনে কোনো কাৰণ নাই। তথাপি এই সমস্যাটো থকা বহুতো মহিলা মাক হব নোৱাৰিব বুলি ভাবি ভয় খায় আৰু শোক আৰু হতাশাত ভাগি পৰে। ইয়াৰ কোনো যুক্তিযুক্ততা নাই। তেনে মহিলাই কেবল গৰ্ভধাৰণ কৰাই নহয় সুস্থ সবল সন্তানৰ মাকো হব পাৰে তাকো স্বাভাৱিক ভাবে।

RelatedPosts

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

July 6, 2025
person running near street between tall trees

Nearly 50 per cent of Indian population is physically inactive!

July 6, 2025
সুগন্ধি পদিনা (Mint) এবিধ মহৌষধ

সুগন্ধি পদিনা (Mint) এবিধ মহৌষধ

June 22, 2025

# পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰমৰ বাবে বন্ধ্যাত্ব কেনেকৈ সৃষ্টি হয়?

  পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰম থকা মহিলাৰ ডিম্বাশয়ত (ovary) ত থকা ডিম্ব বা কণী (ovum) বিলাক পূৰঠ নহয় যদিও ডিম্ববিলাকক আগুৰি থকা মোনা (follicles) বিলাক বিকশিত হয়। কিন্তু ডিম্ববিলাকক সম্পূৰ্ণৰূপে পূৰঠ হৈ বাহিৰলৈ ওলাই নহা বা ডিম্বক্ষৰণ (ovulation) নহোৱাৰ বাবে ডিম্বৰ মোনাবিলাক চিষ্টৰ আকৃতি লয়। ডিম্ব বা কণীবিলাক বাহিৰলৈ অৰ্থাৎ জৰায়ুলৈ ওলাই নহাৰ ফলত মহিলাৰ গৰ্ভধাৰণ কৰাতো সম্ভবপৰ নহয়।

 সাধাৰণতে হৰমনৰ বিসংগতিৰ ফলত ডিম্বাশয়ৰ পৰা ডিম্বক্ষৰণ প্ৰক্ৰিয়াটো বাধাপ্ৰাপ্ত হয়। সাধাৰণতে  হৰমনৰ বিসংগতিৰ ফলত চাৰি প্ৰকাৰৰ পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰম হোৱা(PCOS) দেখা যায়।

১)প্ৰায় ৫০ শতাংশ মহিলাৰ অভাৰিত চিষ্টৰ সৃষ্টি হয় শৰীৰত এণ্ড্ৰজেন (টেষ্টষ্টেৰন আৰু /বা ডিহাইড্ৰএপিএণ্ড্ৰষ্টেৰন ছালফেট চমুকৈ DHEAs) হৰমনৰ বৃদ্ধিৰ বাবে। অত্যধিক এণ্ড্ৰজেন হৰমনে ডিম্বৰ বিকাশ তথা ইষ্ট্ৰজেন হৰমনৰ উৎপত্তিত বাধাৰ সৃষ্টি কৰে।

২) কিছুমান মহিলাৰ ক্ষেত্ৰত তেজত বৰ্ধিত প্ৰলেক্টিন হৰমনৰ ডিম্ববিলাক বিকশিত নহয় আৰু ডিম্বক্ষৰণত বাধাৰ সৃষ্টি হয়।

৩) আনহাতে অন্য কিছুমান মহিলাৰ শৰীৰত পৰ্য্যাপ্ত ইষ্ট্ৰজেন হৰমন উৎপন্ন নোহোৱাৰ পৰিপেক্ষিতত ডিম্বাশয়ৰ ডিম্ব বা কণীবিলাক পূৰঠ নহয় আৰু পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰমৰ সৃষ্টি হয়।

৪) আন কিছুমান ক্ষেত্ৰত এণ্ডক্ৰাইন গ্ৰন্থিৰ সমস্যাৰ বাবেও অভাৰিত চিষ্টৰ সৃষ্টি হব পাৰে ।যেনে- এণ্ড্ৰিনেল বা থাইৰয়ড গ্ৰন্থিৰ সমস্যা।

 যদি ওপৰত উল্লেখ কৰা সমস্যা সমূহৰ বাবে ডিম্বাশয়ৰ পৰা নিয়মিত ডিম্বক্ষৰণ নহয় তেন্তে যিকোনো মহিলাৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ সম্ভাৱনা কমি যায়। আনহাতে একেবাৰে ডিম্বক্ষৰণ নহয় আৰু সথিক চিকিৎসাৰ দ্বাৰা সমস্যা সমূহ সমাধান কৰা নাযায় তেন্তে গৰ্ভধাৰণ কৰাতো অসম্ভৱ হৈ পৰে।

#আপুনি কেনেকৈ জানিব আপোনাৰ কোনবিধ পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰম(PCOS) হৈ আছে?

 পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰমৰ প্ৰকাৰটো জানিবলৈ বিস্তৃত আৰু পুংখানুপুংখ লেবৰেটৰীৰ পৰীক্ষা অতিকেই আৱশ্যক। কাৰণ সকলো মহিলাৰ অভাৰিত চিষ্ট হোৱাৰ কাৰণ একে নহবও পাৰে। কিন্তু প্ৰায় ১০০ শতাংশ ক্ষেত্ৰতেই দেখা যায় যে ৰোগীৰ পুংখানুপুংখ ভাবে টেষ্ট সমূহ কৰা নাযায়। যাৰ ফলত পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰম থকা সকলো ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আকাংক্ষিত ফল পোৱা নাযায়। আনহাতে কিছুমানে কব খোজে যে ক্ষীণ মহিলাৰ অভাৰিত চিষ্ট নহয়। কিন্তু এইটো সত্য নহয়। কাৰণ পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰম থকা ৪০ শতাংশ মহিলা ক্ষীণ হয়। আনহাতে পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰমত দেখা যোৱা চুলি সৰা বা মুখত শালমন থকা মানেই এইটো নুবুজায় যে মহিলা গৰাকীৰ চিষ্ট টেষ্টষ্টেৰন হৰমনৰ প্ৰভাৱত হৈছে। সাধাৰণতে তলত উল্লেখ কৰা লেবৰেটৰী টেষ্ট সমূহৰ দ্বাৰা গম পোৱা যায় মহিলা গৰাকীৰ অভাৰিত চিষ্ট হোৱাৰ কাৰণ ।যেনে – – –

১) তেজৰ গ্লাইকচাইলেটেড্ হিম’গ্লবিন (HbA1c)

২) তেজৰ ইনচুলিন পৰীক্ষা (খালী পেটত)

৩) তেজৰ শৰ্কৰা বা গ্লুকজ পৰীক্ষা (খালী পেটত)

৪) তেজৰ টেষ্টষ্টেৰনৰ মাত্ৰা পৰীক্ষা

৫) তেজৰ ডিহাইড্ৰএপিএণ্ড্ৰষ্টেৰন ছালফেট পৰীক্ষা (DHEAs)

৬)তেজৰ ডিহাইড্ৰটেষ্টষ্টেৰন পৰীক্ষা (DHT)

৭)তেজৰ প্ৰলেক্টিন হৰমন পৰীক্ষা

৮) তেজৰ এণ্ড্ৰষ্টেনোদিয়ন পৰীক্ষা

৯) তেজৰ থাইৰয়ড পৰীক্ষা

১০) যদি মাহেকীয়া নিয়মিয়াকৈ হৈ থাকে তেন্তে মাহেকীয়াৰ তিনি নম্বৰ দিনত লুটেনাইজিং হৰমন (LH), ফলিকল ষ্টিমুলেটিং হৰমন (FSH), ইষ্ট্ৰাডিয়ল হৰমন পৰীক্ষা ।লগতে মাহেকীয়াৰ ২১ নং দিনত তেজৰ প্ৰজেষ্ট্ৰেৰণ হৰমন পৰীক্ষা ।মাহেকীয়া নিয়মিয়াকৈ নহলে যিকোনো সময়তে ইষ্ট্ৰাডিয়ল হৰমন পৰীক্ষা ।

১১) তল পেটৰ আলট্ৰাচাউণ্ড বা ট্ৰেন্সভেগিনেল আলট্ৰাচাউণ্ড (TVS)

#পলিচিস্টিক অ’ভাৰিয়ান চিনড্ৰমৰ বাবে হোৱা বন্ধ্যাত্বৰ বাবে IVF ৰ বিকল্প :-

১) উচ্চ এণ্ড্ৰজেন যুক্ত PCOS ৰ ক্ষেত্ৰত :- এই ধৰণৰ PCOS ত তেজত এণ্ড্ৰষ্টেনোদিয়ন বা /আৰু DHEAs আৰু /বা টেষ্টষ্টেৰন আৰু/বা DHT ৰ মাত্ৰা বেছি থাকে। বিভিন্ন প্ৰকাৰৰ  PCOS ৰ ভিতৰত এইবিধ বেছিকৈ দেখা যায় আৰু এইবিধ PCOS ত সাধাৰণতে তেজৰ শৰ্কৰা আৰু ইনচুলিনৰ মাত্ৰা বৃদ্ধি পায়। বৃদ্ধি হোৱা ইনচুলিনৰ প্ৰভাৱত এণ্ড্ৰিনেল বা ডিম্বাশয়ত অত্যধিক এণ্ড্ৰজেন হৰমন উৎপন্ন হয়। সেয়েহে এনে PCOS ৰোগীৰ ক্ষেত্ৰত কম গ্লাইচেমিক ইন্ডেক্সযুক্ত (ডায়েবেটিছ ৰোগীৰ খাদ্য), ব্যায়াম আদি কৰিবলৈ পৰামৰ্শ দিয়া হয় আৰু লগতে মানসিক চাপমুক্ত হবলৈ পৰামৰ্শ দিয়া হয়। এনেকুৱা PCOS ৰোগীৰ ক্ষেত্ৰত শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে ব্যৱহৃত ঔষধ সেৱনৰ পৰামৰ্শ দিয়া হয়। আমি চিকিৎসা কৰা বহুতো PCOS ৰোগীয়ে আমাক প্ৰশ্ন কৰে যে ডায়েবেটিছৰ ঔষধ তেখেতসকলক কিয় দিয়া হৈছে? তেখেত সকলক ওপৰৰ কথাখিনি মনোযোগ দিয়া উচিত।

২)প্ৰলেক্টিন হৰমন বৃদ্ধিৰ ফলত হোৱা PCOS ৰ ক্ষেত্ৰত :- অত্যধিক মানসিক চাপৰ ফলত বৃদ্ধি হোৱা প্ৰলেক্টিন হৰমনৰ প্ৰভাৱত সৃষ্টি হোৱা PCOS ৰ ক্ষেত্ৰত মানসিক চাপ বা অৱসাদ দূৰ কৰিবলৈ পৰামৰ্শ দিয়া হয়। লগতে মানসিক চাপ কমিবলৈ কিছুমান ব্যায়াম, যোগা, ধ্যান ইত্যাদিৰ পৰামৰ্শ দিয়া হয়। আনহাতে পিটুইটেৰী গ্ৰন্থিত হোৱা প্ৰলেক্টিনোমা নামৰ টিউমাৰৰ বাবে বৃদ্ধি হোৱা প্ৰলেক্টিন মাত্ৰা কম কৰিবলৈ পচতীয়া (vitex) নামৰ এবিধ বনৌষধি ব্যৱহাৰ কৰা হয় আৰু ভিটামিন বি ৬ সেৱন কৰিব দিয়া হয়।

৩)ইষ্ট্ৰজেন কমি যোৱাৰ ফলত সৃষ্টি হোৱা PCOS ৰ ক্ষেত্ৰত – তেজত এণ্ড্ৰজেন হৰমনৰ মাত্ৰা বাঢ়ি গ’লে ইষ্ট্ৰজেন হৰমনৰ মাত্ৰা কমি যাব পাৰে। এনেকুৱা ক্ষেত্ৰত এণ্ড্ৰজেন হৰমন কমোৱাৰ ব্যৱস্থা কৰা উচিত। থাইৰয়ড আৰু এড্ৰিনেল গ্ৰন্থিৰ কাৰ্য্যকৰিতা হ্ৰাস পোৱাৰ ফলতো ইষ্ট্ৰজেন হৰমনৰ মাত্ৰা কম হব পাৰে। এনেকুৱা ক্ষেত্ৰত দুইটা গ্ৰন্থিৰেই কাৰ্য্যকাৰিতা হ্ৰাস পোৱাৰ কাৰণটো নিৰ্ধাৰণ কৰি সেই হিচাপে ব্যৱস্থা গ্ৰহণ কৰা উচিত।

 সাধাৰণতে auto immune disease, শৰীৰত আয়ডিন, জিংক, ছেলেনিয়াম, কপাৰ ইত্যাদি পোষকতত্বৰ অভাৱতো বা শৰীৰৰ এণ্ডক্ৰাইন তন্ত্ৰৰ বিজুতিৰ বাবেও থাইৰয়ড হৰমন সথিক ভাবে উৎপন্ন নহব পাৰে।

 আনহাতে এড্ৰিনেল গ্ৰন্থিয়ে DHEAs আৰু টেষ্টষ্টেৰন হৰমন ডিম্বাশয়ত ইষ্ট্ৰজেন হৰমন উৎপাদনত সহায় কৰে। সেয়েহে এড্ৰিনেল গ্ৰন্থিয়ে যদি এই হৰমন বিলাক ডিম্বাশয়লৈ যোগান ধৰাত অসমৰ্থ হয় সথিক ভাবে ইষ্ট্ৰজেন হৰমন উৎপন্ন নহয়। আনহাতে এড্ৰিনেল গ্ৰন্থিক ” ষ্ট্ৰেচ গ্লেণ্ড ”  (stress gland) বুলিও কোৱা হয়। অত্যধিক মানসিক চাপ থাকিলেও এড্ৰিনেল গ্ৰন্থিয়ে থিকমতে কাম কৰিবলৈ অসমৰ্থ হয়। তদুপৰি সথিকভাৱে কাম কৰিবলৈ এড্ৰিনেল গ্ৰন্থিক ভিটামিন চি, বি ৫, বি৬, মেগনেছিয়াম, জিংক ইত্যাদিৰ দৰকাৰ হয়। গতিকে এড্ৰিনেল গ্ৰন্থিয়ে সুচাৰুৰূপে নিজৰ কাৰ্য্য সম্পাদন কৰিবলৈ এই পোষকতত্ব সমূহৰ দৰকাৰ হয়।

#IVF ৰ এই বিকল্প চিকিৎসা কিমান দূৰ কাৰ্যকৰি হয়?

  যদি মহিলা এগৰাকীৰ PCOS ৰ ফলত হোৱা বন্ধ্যাত্বৰ সথিক কাৰণটো নিৰ্ধাৰণ কৰি চিকিৎসা কৰা হয় তেন্তে যোগাত্মক ফলাফল পোৱাটো খাটাং। কিন্তু প্ৰায় ভাগ IVF ক্লিনিকত PCOS ৰ সথিক কাৰণটো নিৰ্ধাৰণ নকৰি সকলো ৰোগীৰ ক্ষেত্ৰতেই এটা নিৰ্দিষ্ট গাইডলাইন বা  নিৰ্দেশনাৰ মাধ্যমেৰে চিকিৎসা কৰাৰ ফলত IVF ৰ সফলতাৰ হাৰ বহুত কম।

#PCOS ৰ ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসা কিমান ফলপ্ৰসূ?

 একে আসাৰতে কবলৈ গ’লে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত PCOS ৰ ৰোগীৰ ক্ষেত্ৰত ৰোগৰ কাৰণ অনুসৰি চিকিৎসা আগবঢ়োৱা হয়। গতিকে এই চিকিৎসা পদ্ধতিত সফলতাৰ হাৰো অধিক।

 আয়ুৰ্বেদিকত PCOS ৰ চিকিৎসাৰ ক্ষেত্ৰত বহুতো ফলপ্ৰসূত ঔষধী যেনে- কাঞ্চনাৰ, গুগ্গুল, অশোক, লোধ্ৰ, গক্ষৰু ইত্যাদি লগতে কিছুমান শাস্ত্ৰক্তো যোগিক ঔষধী,  সথিক খাদ্যাভ্যাস, জীৱনশৈলী আৰু যোগাসনৰ জড়িয়তে এই সমস্যাটো সমাধান কৰা হয়। PCOS ৰ বাবে তলত কেইটামান যোগাসনৰ নাম উল্লেখ কৰা হ’ল। এই আসন সমূহ এজন যোগ পৰামৰ্শদাতাৰ তত্বাৱধানত নিজৰ শাৰিৰীক ক্ষমতা অনুযায়ী কৰা উচিত। যেনে-সৰ্বাংগাসন, মৎস্যাসন, পশ্চিমোত্তানাসন, অৰ্ধমৎসেন্দ্ৰিয়াসন, সূৰ্য্য নমস্কাৰ, উষ্ট্ৰাসন, ভূজংগাসন, ধনুৰাসন, বদ্ধ কোনাসন ইত্যাদি।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: পলিচিস্টিক অ'ভাৰিয়ান চিনড্ৰম
Anjan Sarma

Anjan Sarma

Related Posts

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন
ASSAMESE SECTION

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন

by Sanghamitra Kashyap
July 6, 2025
0

ঋতুস্ৰাৱ আৰু এগৰাকী মহিলাৰ জীৱন সংঘমিত্ৰা কাশ্যপ সংঘমিত্ৰা  কাশ্যপ  প্রতি বছৰে আমি ২৮ মে ' ৰ দিনটো ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা দিৱস...

Read moreDetails
person running near street between tall trees

Nearly 50 per cent of Indian population is physically inactive!

July 6, 2025
সুগন্ধি পদিনা (Mint) এবিধ মহৌষধ

সুগন্ধি পদিনা (Mint) এবিধ মহৌষধ

June 22, 2025
স্তন-পৰীক্ষা

স্তন-পৰীক্ষা

June 21, 2025
Senior Fitness

Senior Fitness

June 21, 2025
Bhakti Yoga: What Is It?

Bhakti Yoga: What Is It?

June 21, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Rapid Arctic Ice Meltdown: New Research Predicts Ice-Free Summers by 2030s !

বৰফবিহীন পৃথিৱী: সুমেৰু, কুমেৰু, তৃতীয় মেৰু, অসম আৰু হ’ব পৰা সংকট !

July 9, 2025
A Violent and Broken World!

The Unseen Cost: Wrestling with a World Not of Our Design

July 9, 2025
বিৱর্তনৰ ধামখুমীয়াত বিয়া

বিৱর্তনৰ ধামখুমীয়াত বিয়া

July 9, 2025
নাৰী: শাৰী, জিনচ  অথবা  বিকিনিৰ কাহিনী 

ARE WOMEN REALLY EMPOWERED IN INDIA?

July 9, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    12710 shares
    Share 5084 Tweet 3177
  • Sikhna Jwhwlao Puts Assam Second in Protected Areas Race

    590 shares
    Share 236 Tweet 148
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1574 shares
    Share 630 Tweet 394
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3218 shares
    Share 1287 Tweet 805
  • ইতিহাস প্ৰসিদ্ধ কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলা

    1271 shares
    Share 508 Tweet 318
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5642 shares
    Share 2257 Tweet 1411
  • জ্যোতিপ্ৰসাদৰ সাংস্কৃতিক,সাহিত্যিক আৰু ৰাজনৈতিক অৱদানসমূহ

    2231 shares
    Share 892 Tweet 558
  • Global Outcry Over Iran’s Attack on Israel: The Escalating Middle East Tensions

    165 shares
    Share 66 Tweet 41
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    993 shares
    Share 397 Tweet 248
  • ব্ৰিটিছ ৰাজঃ ১৯০৫ চনৰ বংগ বিভাজনত অসমৰ ভূমিপুত্ৰ সকলৰ মহৎ ভূমিকা

    205 shares
    Share 82 Tweet 51
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d