• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 15, 2025
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

মুনিবা মাজাৰী : পাকিস্তানৰ লৌহ-মহিলা!

ASSAMESE SECTION / Women

by PAHARI BARUAH
February 9, 2023
in World, Inspiration, Women
Reading Time: 3 mins read
0
মুনিবা মাজাৰী : পাকিস্তানৰ লৌহ-মহিলা!
Share on FacebookShare on TwitterShare on LinkedIn

মুনিবা মাজাৰী : পাকিস্তানৰ লৌহ-মহিলা!

মুনিবা মাজাৰী

পাহাৰী বৰুৱা 

Pahari Baruah
পাহাৰী বৰুৱা 

জীৱনে দিয়া তিক্ততাবোৰৰ বিৰুদ্ধে অপৰিসীম ধৈৰ্য্য আৰু সাহসেৰে যুঁজি বিজয়ী হোৱা এগৰাকী নাৰী- পাকিস্তানৰ লৌহ-মহিলা মুনিবা মাজাৰীৰ অফুৰন্ত উদ্দ্যম আৰু মনোবলৰ আশ্চৰ্য্যপূৰ্ণ কাহিনী……..

ছোৱালীজনীৰ জন্ম ৩ মাৰ্চ, ১৯৮৭ চনত পাকিস্তানৰ ৰহিময়াৰ খান নামৰ ঠাইত। এক দূৰ্ভাগ্যজনক দূৰ্ঘটনাত শৰীৰৰ তলৰ অংশ সম্পূৰ্ণৰূপে বিকল হোৱাত হুইলছেয়াৰত জীৱনৰ বাবে আৱদ্ধ হোৱা স্বত্তেও নিজৰ ভৰিত নিজে ঠিয় দিয়া, প্ৰেৰণামূলক কথা আৰু ভাষণেৰে মানুহক আপ্লুত কৰা, এগৰাকী বিখ্যাত বক্তা হিচাপে বিশ্বময় পৰিচিত এইগৰাকী বিস্ময়কৰ নাৰীৰ বিস্ময়কৰ যাত্ৰা তেওঁৰ ভাষাৰে….

“সকলোৱে মোক অক্ষম বুলি কয়, মই কিন্তু নিজকে বিশেষভাৱে সক্ষম বুলিহে কওঁ। আমাৰ জীৱনত কিছুমান এনেকুৱা ঘটনা ঘটে যিবোৰে আমাৰ জীৱনটোৱেই সলনি কৰি দিয়ে।

RelatedPosts

icebergs floating in the water near a body of water

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave

June 13, 2025
শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ বাংলাদেশ সংযোগ

মাধৱদেৱৰ সাহিত্যকৃতি

June 12, 2025
Ngũgĩ’s Ideas on Language: Relevant Here and Now

Ngũgĩ’s Ideas on Language: Relevant Here and Now

June 11, 2025

সেই ঘটনাবোৰে আমাক ভাঙি দিয়ে, দুৰ্বল কৰি দিয়ে আৰু বিকৃত কৰি দিয়ে। এনে ঘটনাবোৰেই কিন্তু লগতে আমাক নিজৰ শ্ৰেষ্ঠতম অৱতাৰলৈ উত্তৰণৰো সুযোগ দিয়ে আৰু ঠিক তেনেকুৱাই হৈছিল মোৰ লগত। মোৰ বিয়াৰ সময়ত মোৰ বয়স আছিল ১৮ বছৰ। ইমান কম বয়সতে বিয়া হ’বলৈ মন নাছিল যদিও কেৱল মাত্ৰ দেউতাই কোৱাৰ বাবেই তেওঁক সুখী কৰিবলৈ বিয়াত বহিছিলো। ….

স্বামীৰ লগত সম্পৰ্ক আৰু বিয়াৰ পিছৰ জীৱন একেবাৰেই সুখৰ নাছিল। বিয়াৰ দুবছৰ পিছত মোৰ জীৱন সলনি কৰি দিয়া সেই মাৰাত্মক দুৰ্ঘটনাটো ঘটিছিল। মই স্বামীৰ লগত গাড়ীত এফালে গৈ থাকোতে গাড়ী চলাই থাকোতেই তেওঁৰ টোপনি আহিছিল আৰু কোন তলকত গাড়ীখন এটা খালত গৈ সোমাল ধৰিবই নোৱাৰিলো।

তেওঁ কোনো প্ৰকাৰে গাড়ীৰ পৰা জাপ মাৰি বেছি দুখ নোপোৱাকৈ ওলাই যাবলৈ সক্ষম হয় যদিও মই আৱদ্ধ হৈ থাকি গ’লো গাড়ীৰ ভিতৰতে। সৌভাগ্য ক্ৰমে মই চিকিৎসালয় পালোগৈ যদিও বহুত আঘাত পাইছিলো আৰু শৰীৰৰ ক্ষত-বিক্ষতৰ তালিকাখন অলপ ভয় লগা ধৰণৰেই আছিল।…

মুনিবা মাজাৰী
মুনিবা মাজাৰী

মোৰ হাতৰ হাড় বেয়াকৈ ভাঙিছিল, বাউসীৰ হাড়ৰ লগতে গোটেই কামিহাড় ভাঙিছিল। কামিহাড়ত দুখ পোৱাৰ বাবে লিভাৰ আৰু হাওফাওঁও প্ৰায় বিকল হৈ গৈছিল । মই নিজে উশাহ ল’ব নোৱাৰা হৈ গ’লো, প্ৰস্ৰাব-পায়খানাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলালো, যাৰ বাবে এতিয়াও লগত অনবৰতে টইলেট বেগটো কঢ়িয়াই ফুৰিব লাগে। ৰাজহাড়ৰ তিনিডাল হাড় সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ হৈ গ’ল, যাৰ বাবে শৰীৰৰ তলৰ অংশ স্থায়ীভাবে পেৰেলাইচিচ হৈ গ’ল। মই  চিকিৎসালয়ত আঢ়ৈ মাহ থাকিব লগা হ’ল, যি সময়ত মোৰ শৰীৰটোৱে অসংখ্য অপাৰেচনৰ কষ্ট ভূগিব লগা হ’ল।…

এদিন ডাক্তৰ আহি মোক ক’লে যে মোৰ বাবে এটা বেয়া খবৰ আছে- মোৰ শিল্পী হোৱাৰ সপোনটো আৰু কেতিয়াও পুৰণ নহ’ব, কাৰণ মোৰ হাতখন ইমান আঘাতপ্ৰাপ্ত হৈছিল যে কলমটো পোনকৈ ধৰিবলৈও মোৰ পক্ষে সম্ভৱ নহয়। পিছদিনা ডাক্তৰ আকৌ আহি মোক ক’লে যে মই ৰাজহাড়ত ইমান দুখ পাইছা যে মই আৰু কেতিয়াও খোজ কাঢ়িব নোৱাৰিম আৰু ৰাজহাড়ত লগোৱা যোৰাবোৰৰ বাবে কেতিয়াও সন্তান জন্ম দিবও নোৱাৰিম। সেইদিনা মই সম্পূৰ্ণৰূপে ভাগি পৰিছিলো। মই মোৰ মাক প্ৰশ্ন কৰিছিলো, মোৰ লগতেই এইবোৰ কিয় হ’ল?

মই মোৰ সমগ্ৰ অস্তিত্বৰ অৰ্থ বিচাৰি প্ৰশ্ন কৰিছিলো, মই নিজকে সুধিছিলো ইমানখিনিৰ পিছতো মই জীয়াই কিয় আছো? অন্ধকাৰে আৱৰা সেই নিৰাশ মূহুৰ্তত মোৰ মায়ে কোৱা কথাকেইটা মোৰ বাবে অমৃতসম আছিল আৰু তেতিয়াই মই উপলব্ধি কৰিছিলো যে মানুহৰ কথাত, শব্দত কিমান শক্তি থাকিব পাৰে।

তেওঁ কৈছিল, ‘বেয়া সময়বোৰ সদায় নাথাকে, এই নিৰাশ মূহুৰ্তবোৰো এদিন পাৰ হৈ যাব, ভগৱানে তোমাৰ কাৰণ কিবা ডাঙৰ পৰিকল্পনা কৰি থৈছে। মই কি নাজানো, কিন্তু কিবা যে নিশ্চয় আছে সেইটো জানো।’

আৰু সেই অসহ্য দুখৰ সময়চোৱাত মাৰ সেই কথাকেইটা মোৰ বাবে যাদুকৰী আছিল, সেই কথাকেইটাই মোক জীয়াই থাকিবলৈ সাহস দিছিল, ভৱিষ্যতৰ আশা জগাইছিল মনত । মই মোৰ দাদাহতঁক কৈছিলো, ‘মই জানো মোৰ হাতখন অকৰ্মণ্য হৈ গৈছে, কিন্তু মই চিকিৎসালয়ৰ এই বগা পোচাকবোৰ আৰু বগা বেৰকেইখন চাই চাই ভাগৰি গৈছো। কিবা এটা কৰিব বিচাৰো মই, মোক অলপ ৰং আনি দিয়া, মোক এখন কেন্ভাচ আনি দিয়া ,মই আকিব বিচাৰো, জীৱনত অলপ হলেও ৰং বিচাৰো।’ আৰু মই মোৰ প্ৰথম চিত্ৰখন আকিছিলো চিকিৎসালয়ৰ সেই মৃত্যুশয্যাত। সেইখন মোৰ বাবে মাথো এখন পেইণ্টিং নাছিল, আছিল এক সঞ্জীৱনী স্বৰূপ।

muniba1

তাৰ পাছত যেতিয়া হস্পিতালৰ পৰা মোক ঘৰলৈ যাবলৈ অনুমতি দিয়া হ’ল, দীৰ্ঘদিন পৰি থকাৰ বাবে মোৰ গাত বহুত ঘাঁ লাগিছিল আৰু মই বহিবও পৰা নাছিলো। মোৰ শৰীৰটো ইতিমধ্যে বহুত বীজাণু, এলাৰ্জীৰ বাহ হৈ গৈছিল আৰু তাৰ পৰা আৰোগ্য লাভ কৰিবলৈ ডাক্তৰে মোক বিছনাত চিধাকৈ পৰি থকাৰ পৰামৰ্শ দিছিল- ছমাহ অথবা এবছৰলৈ নহয়, সম্পূৰ্ণ দুবছৰলৈ।

মই সূদীৰ্ঘ দুবছৰ শয্যাশয়ী হৈ আছিলো, অকল খিৰিকীৰ বাহিৰলৈ চাই চাই আৰু চৰাই-চিৰিকতিৰ মাতবোৰ শুনি শুনি- এটাই আশাত, এটাই অপেক্ষাত যে কেতিয়াবা মইও নিজৰ ঘৰৰ মানুহৰ লগত প্ৰকৃতিৰ মাজত ওলাই গৈ হাঁহি ধেমালি কৰিব পাৰিম। তেতিয়া মই উপলব্ধি কৰিছিলো যে কিছুমান মানুহ কিমান ভাগ্যৱান।

মই সিদ্ধান্ত লৈছিলো যিদিনাই মই বহিব পাৰিম সেইদিনাই মই মোৰ কাহিনীটো পৃথিৱীৰ সকলোকে শুনাম, তেওঁলোকক উপলব্ধি কৰিবলৈ শিকাম যে তেওঁলোক প্ৰকৃততে কিমান সৌভাগ্যৰ অধিকাৰী, কিন্তু নিজকে ভাগ্যহীন বুলি ভাবি থাকে। তাৰোপৰি মই নিজৰ জীৱনটো অথলে যাব নিদিও বুলিও সিদ্ধান্ত লৈছিলো, মই ঠিক কৰিছিলো যে মই মোৰ ভয়বোৰৰ বিৰুদ্ধে যুঁজিম। আমাৰ সকলোৰে বিভিন্ন ধৰণৰ ভয় থাকে, অজান কিহবাৰ ভয়, নিজৰ আপোন কাৰোবাক হেৰুৱা ভয়, নিজৰ ধন, সম্পত্তি আদি হেৰুৱাৰ ভয়।

আমি নিজৰ কেৰিয়াৰত সফল হ’ব বিচাৰো, জনপ্ৰিয় হ’ব বিচাৰো, পৰ্য্যাপ্ত ধন আৰ্জিব বিচাৰো, আৰু সেইবোৰ মনে বিচৰা ধৰণে কৰিব পাৰিম নে নোৱাৰিম অনবৰতে ভয় খাই থাকো।

মই মোৰ জীৱনৰ সকলো ভয় এটা এটাকৈ লিখিলো আৰু ঠিৰাং কৰিলো যে এটা এটাকৈ প্ৰত্যেকটো ভয় মই অতিক্ৰম কৰিম। সেই সময়ত মোৰ সকলোতকৈ ডাঙৰ ভয়টো আছিল- বিবাহ বিচ্ছেদৰ।

মই এনে এজন মানুহক হেৰুৱাবলৈ ভয় কৰিছিলো, যিজনৰ জীৱনত মোৰ বাবে কোনো ঠায়েই নাছিল আৰু মই আমাৰ সম্পৰ্কটো যেনেতেনে বচাই ৰাখিবলৈ বিফল যত্ন কৰি আছিলো।

Muniba2

কিন্তু যিদিনা মই বুজিলো যে তেওঁক ধৰি ৰাখিব খোজাটো মাথো মোৰ মনৰ ভয় হে, সেইদিনা মই এটা ডাঙৰ বোজাৰ পৰা মুক্ত হ’লো। মই তেওঁকো তেওঁ নিবিচৰা সম্বন্ধ এটাৰ পৰা মুকলি কৰি দিলো। আৰু নিজকে মানসিকভাৱে ইমান শক্তিশালী কৰি তুলিলো যে তেওঁৰ দ্বিতীয় বিবাহৰ দিনা মই দুখ বা খং কৰাৰ সলনি তেওঁলৈ এটা মেছেজ পঠালো, ‘মই তোমাৰ বাবে বহুত সুখী আৰু মোৰ অশেষ শুভকামনা সদায় তোমাৰ লগত থাকিব।’

আৰু তেওঁও জানে যে মোৰ এতিয়াও তেওঁলৈ শুভেচ্ছা সদায়ে থাকিব। মোৰ দ্বিতীয় ভয়টো আছিল হস্পিতালত ডাক্তৰে কোৱা কথাষাৰ যে মই লৰা-ছোৱালী জন্ম দিব পৰা ক্ষমতা হেৰুৱাই পেলাইছো। সেইটো মোৰ কাৰণে এটা বহু দুখৰ কথা আছিল, কিন্তু মই ভাবিলো যে পৃথিৱীখনত কিমান এনেকুৱা অনাথ শিশু আছে যাক অলপ মৰম আৰু আশ্ৰয়ৰ নিতান্তই প্ৰয়োজন। গতিকে নিজৰ অসহায় অৱস্থাক লৈ বেজাৰ কৰি থকাতকৈ তেনে কাৰোবাক তুলি লৈ এটা নতুন জীৱন দিব পাৰি দেখোন। আৰু মই ঠিক সেইটোৱেই কৰিলো।

আমাৰ নিচিনা বিশেষভাৱে সক্ষম লোকসকলে ভয় কৰে যে পৃথিৱীখনে আমাক আদৰি নল’ব, কাৰণ এই ধুনীয়া পৃথিৱীখনত আমাক ঘূনীয়া বুলি ধৰি লোৱা হয়। মই উপলব্ধি কৰিছিলো যে বিশেষভাৱে সক্ষমসকলৰ বাবে বেচৰকাৰী কোনো প্ৰতিষ্ঠান খোলাতকৈ বেছি জৰুৰী সমাজে আমাক বেলেগ দৃষ্টিৰে নাচাই সমাজৰ অংশৰূপে সহজভাৱে আদৰি লোৱাটোহে।

মই মোৰ পৰিস্থিতি, অক্ষমতাবোৰ নেওচি সমাজৰ মাজত নিজেই ওলাই যোৱা আৰম্ভ কৰিলো। হুইলছেয়াৰখনে মোক মোৰ শাৰিৰীক অসহায়তাৰ কথা প্ৰতি মুহুৰ্ততে উপলব্ধি কৰাইছিল যদিও মোৰ মনটোক বান্ধি ৰাখিব পৰা নাছিল।

পাকিস্তানৰ লৌহ-মহিলা ‘মুনিবা মাজাৰী’
পাকিস্তানৰ লৌহ-মহিলা ‘মুনিবা মাজাৰী’

মই পেইণ্টিং কৰা আৰম্ভ কৰিলো, মই পাকিস্তানৰ ৰাষ্ট্ৰীয় টি.ভি. ত এংকৰ হিচাপে যোগদান কৰি বহুত অনুষ্ঠান কৰিলো, বহুকেইটা মডেলিংৰ কামো কৰিলো।

যোৱা তিনিবছৰ ধৰি মই ৰাষ্ট্ৰসংঘৰ নাৰী অধিকাৰ আৰু সুৰক্ষাৰ ৰাষ্ট্ৰদূত হিচাপে পাকিস্তানক প্ৰতিনিধিত্ব কৰি আহিছো (National Ambassador for United nations, Women from Pakistan)।

মই ২০১৫ চনৰ  BBC ৰ ১০০ গৰাকী মহিলাৰ ভিতৰত স্থান পাইছিলো আৰু FORBESৰ ৩০ গৰাকী ৩০ৰ অনুৰ্দ্ধৰ মহিলাৰ তালিকাখনত আছিলো। আমাৰ সকলোৰে বিভিন্ন খুট থাকে, কিন্তু আমি যেতিয়া নিজকে আমি যেনেকুৱা – তেনেকেই আকোৱালি লওঁ, পৃথিৱীখনেও আমাক তেনেকৈয়ে স্বীকৃতি দিয়ে।

আমাৰ সকলোৰে নিজৰ জীৱনটোক লৈ এটা সপোন থাকে, পৰিকল্পনা থাকে, কিন্তু দুখৰ বিষয় যে আমি ভবা ধৰণে সদায় সকলো নহয়। মই কেতিয়াও সপোনতো ভবা নাছিলো যে মই এদিন হুইলছেয়াৰত আৱদ্ধ হৈ যাম, কিন্তু জীৱনৰ তিক্ততাবোৰ পৰীক্ষা হিচাপে লৈ মই সাহসেৰে সন্মুখীন হ’লো।

এনে পৰিস্থিতিবোৰত আমি হতাশ হোৱাটো স্বাভাৱিক, কান্দোনত ভাগি পৰাতোও স্বাভাৱিক, কিন্তু আশা এৰি হাৰ মানি লোৱাটো কেতিয়াও বিকল্প হ’ব নোৱাৰে। আজিকালি যেতিয়াই মই মানুহৰ মাজলৈ যাওঁ মোৰ মুখত হাঁহিতো সদায়ে থাকে।

মানুহে মোক প্ৰশ্ন কৰে, যে মোৰ অনবৰতে হাঁহি থাকি ভাগৰ নালাগে নে?

ইমান হাঁহি থাকিব পৰাৰ ৰহস্য কি সোধে আৰু মই তেওঁলোকক তেতিয়া উত্তৰ দিওঁ, যে মই জীৱনটোত হেৰুওৱা বস্তুবোৰ, মানুহবোৰৰ কথা চিন্তা কৰি থকা একেবাৰেই বাদ দিছো। যিবোৰ বস্তু, যিসকল মানুহ মোৰ লগত থাকিব লগা আছিল, তেওঁলোক এতিয়াও মোৰ লগতে আছে, আগলৈও থাকিব।

muniba4
লৌহ-মহিলা ‘মুনিবা মাজাৰী’

আৰু কেতিয়াবা কাৰোবাৰ অনুপস্থিতি আমাৰ জীৱনত আশীৰ্বাদ হিচাপে কাম কৰি আমাৰ জীৱনটোক এটা নতুন উদ্দেশ্য দিয়ে, এজন ভাল মানুহ হোৱাৰ সুযোগ দিয়ে। আমি আমাৰ জীৱনটো হাঁহিৰে উদ্‌যাপন কৰিব লাগে, জীৱনৰ সৰু সৰু আনন্দবোৰ উপভোগ কৰি জীয়াই থকা প্ৰতিটো মূহুৰ্ত্ত সজীৱ কৰি তুলিব লাগে।আমাৰ সকলোৰে জীৱনৰ মূল্য আছে, মৃত্যুৰ আগতেই যেন কোনো মৰাশ হৈ জীয়াই নাথাকে।’

এয়া আছিল এগৰাকী সাহসী লৌহ-মহিলাৰ জীৱন কাহিনী, যাৰ কাহিনীটো উদাহৰণ হওঁক সকলোৰে বাবে, প্ৰেৰণাৰ উৎস হওঁক সেই প্ৰতিজন যোদ্ধাৰ বাবে যি জীৱনযুঁজত যুঁজি যুঁজি হতাশ হৈ পৰিছে।

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to print (Opens in new window) Print
  • Click to email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: মুনিবা মাজাৰী
PAHARI BARUAH

PAHARI BARUAH

Related Posts

icebergs floating in the water near a body of water
Climate Change

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave

by Nilim Kashyap Barthakur
June 13, 2025
0

Greenland Ice Sheet Melted 17 Times Faster During May Heatwave Nilim Kashyap Barthakur Nilim Kashyap Barthakur Greenland’s ice sheet is...

Read moreDetails
শংকৰদেৱৰ বৈষ্ণৱ আন্দোলনৰ বাংলাদেশ সংযোগ

মাধৱদেৱৰ সাহিত্যকৃতি

June 12, 2025
Ngũgĩ’s Ideas on Language: Relevant Here and Now

Ngũgĩ’s Ideas on Language: Relevant Here and Now

June 11, 2025
UN Forum on Forests: 5 things you need to know

Van Saheli: Forest Friends in Uttarakhand

June 11, 2025
Sea Levels Rise: Will the movie ‘Waterworld’ become a reality soon?

Vanishing Shores, Shifting Borders: The Global Warming Reshaping India, Bangladesh, and Assam

June 10, 2025
Why Are Big Companies Failing To Keep Their Net Zero Promises?

Why Are Big Companies Failing To Keep Their Net Zero Promises?

June 9, 2025
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 15, 2024
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
close up of disassembled electronic circuit boards

Environmental Impacts of Electronic Waste & Potential Pathways for its Management

June 15, 2025
How Ethical Design Can Propel Assam into the Future While Honoring Its Roots

How Ethical Design Can Propel Assam into the Future While Honoring Its Roots

June 15, 2025
পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য

পইতা পালমৰা নহয়, বৰং পুষ্টিকৰ খাদ্য

June 15, 2025
How AI Can Empower Assam’s Flood-Prone Communities for a Resilient Future

How AI Can Empower Assam’s Flood-Prone Communities for a Resilient Future

June 14, 2025

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    11906 shares
    Share 4762 Tweet 2976
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    1377 shares
    Share 551 Tweet 344
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    2859 shares
    Share 1144 Tweet 715
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    7218 shares
    Share 2887 Tweet 1805
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    5507 shares
    Share 2203 Tweet 1377
  • ড্ৰাগছ : এক সামাজিক ব্যাধি

    3058 shares
    Share 1223 Tweet 765
  • দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

    867 shares
    Share 347 Tweet 217
  • ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

    177 shares
    Share 71 Tweet 44
  • Guwahati Is Sinking: 70 Years of Floods, No Lessons Learned!

    170 shares
    Share 68 Tweet 43
  • আঞ্চলিকতাবাদ- কি, কিয় আৰু কেনেকৈ?

    3150 shares
    Share 1260 Tweet 788
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges—From Climate Change and Gender Equality to Economic Upliftment.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d