• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Monday, August 17, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAM

পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

ASSAMESE SECTION / Education / Opinion

by Anjan Sarma
December 6, 2025
in ASSAM, ASSAMESE SECTION, Education, Opinion
Reading Time: 7 mins read
0
পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 
Share on FacebookShare on TwitterShare on LinkedIn

পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

অঞ্জন শৰ্মা 

Anjan Sarma Pic
অঞ্জন শৰ্মা
পশ্চিম অসমৰ পাঠশালা নগৰত ২০০১ চনত কেইগৰাকীমান বিদ্যোৎসাহী ব্যক্তিৰ প্ৰচেষ্টাত ‘পাঠশালা শিক্ষাপীঠ’ নামেৰে এক টিউশ্যন ভিত্তিক শৈক্ষিক প্ৰতিষ্ঠানে গঁজালি মেলিছিল আৰু সেই প্ৰতিষ্ঠানত শিক্ষাগ্ৰহণ কৰি থকা ছাত্ৰসকলৰ অভিভাৱকসকলৰ উৎসাহ, বিশ্বাস, পৰামৰ্শ আদিক ভিত্তি কৰিয়েই ২০০৫ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে ‘পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুল‘ নাম লৈ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ় লৈ উঠিছিল। পঞ্চম শ্ৰেণীত ২২ গৰাকী আৰু অষ্টম শ্ৰেণীত ২৫ গৰাকী – মুঠ ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হোৱা বিদ্যালয়খনৰ পৰা ২৪ গৰাকী শিক্ষাৰ্থীয়ে ২০০৮ চনত পোনপ্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইগৰাকীয়ে প্ৰথম আৰু দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ পিছত সেই ধাৰা অক্ষুণ্ণ ৰাখি এই পৰ্যন্ত কোনো এজনেও তৃতীয় বিভাগ নোপোৱাকৈয়ে ১০০% উত্তীৰ্ণ হৈ আহিছে তথা সমগ্ৰ অসমৰ ভিতৰতে ২০১৩ চনত ইজাজ আহমেদে প্ৰথম স্থান লাভ কৰি গৌৰৱৰ ধ্বজা সমগ্ৰ অসমতে উৰুৱাই দিছে। ২০১৩ চনতেই বিদ্যালয়খনক উচ্চতৰ মাধ্যমিক শাখালৈ উন্নীত কৰি কলা আৰু বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰি অসমীয়া তথা ই‍ংৰাজী মাধ্যমত শিক্ষাদান কৰিবলৈ আৰম্ভ কৰা হয়। এতিয়া বিদ্যালয় খনত প্ৰায় ১৮০০+ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আছে।
পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

পাঠশালা শিক্ষাপীঠৰ অধ্যক্ষ শ্ৰী উৎপল বৰকাকতিৰ একান্ত আগ্ৰহ আৰু আন্তৰিকতাপূৰ্ণ আমন্ত্ৰণ ৰক্ষা কৰি ২০২৫ চনৰ ৫ ডিচেম্বৰ তাৰিখে বিদ্যালয় খনত উপস্থিত হৈছিলো ২০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত – বিদ্যালয়খনৰ মুখপত্ৰ ‘শিক্ষানীড়’ উন্মোচন কৰিবলৈ। আপাত দৃষ্টিত এয়া এক চিৰাচৰিত নিয়ম বা নিয়মমাফিক পৰম্পৰা। তেনেদৰেই ভাবি আছিলো। কিন্তু এই ক্ষুদ্ৰ লেখা লেখিবলৈ বাধ্য হৈ পৰিলো। কাৰণ হ’ল – শিক্ষানীড়!

কিন্তু শিক্ষানীড় সম্পৰ্কে সামান্য কোৱাৰ আগতে অলপ বেলেগ কথা ডাঙি ধৰো বুলি ভাবিছো। আমি আজি সকলোৱে প্ৰত্যক্ষ কৰিছো যে দ্ৰুততম গতিৰে এতিয়া সময় সলনি হৈছে। আজি শৈশৱ-কৈশোৰ অতিবাহিত হয় নিউক্লিয়াছ পৰিয়ালৰ ঘৰৰ কোঠাত, পিতৃ-মাতৃৰ লগত, আৰু অনবৰতে তীক্ষ্ণ পৰ্যবেক্ষণৰ মাজত। আজিৰ শিশুৱে খোজকঢ়া, দৌৰা, চাইকেল চলোৱা, ইত্যাদিৰ পৰিৱৰ্তে ‘সু-শৃংখলিত’ প্ৰশিক্ষণ লয়। অৰ্থাৎ মুক্ত জীৱনৰ পৰিৱৰ্তে এক শিকলিৰ বান্ধোনৰ মাজত অতিবাহিত কৰে নিজৰ শৈশৱ-কৈশোৰ।

অভিভাৱকৰ উপায় নাই, ভাল হওক বুলিয়েই সকলো কৰে; কাৰণ বাহিৰৰ জগতখনে অভিভাৱক সকলক বিভিন্ন কাৰণত উদ্বিগ্ন কৰি ৰাখে, যিহেতু পৰিৱেশ দিনে দিনে হৈ পৰিছে ভয়ংকৰ, কলুষিত! ইয়াৰ পটভূমিত পিছে আজি অতিকৈ উদ্বিগ্ন হ’বলগীয়া বিষয় এইটোৱেই হৈ পৰিছে যে আমাৰ দিনৰ বিশাল পথাৰবোৰ, চোতালবোৰ, পুখুৰীবোৰ, গছবোৰ, বাঁহনিবোৰ এতিয়া একেবাৰে সংকুচিত হৈ হৈ এখন সৰু পৰ্দালৈ ৰূপান্তৰিত হৈ পৰিছে আৰু বৰ্তমানৰ শিশু ঘৰৰ কোঠাত বন্দী হৈও পুনৰ বন্দী হৈ পৰিছে স্মাৰ্টফোনৰ তেনেই ক্ষুদ্ৰ এখন পৰ্দাৰ এৰাব নোৱৰা আসক্তিত…!!

দক্ষিণ কোৰিয়াৰ ‘Nori Media Education Center for Prevention of Internet Addiction’ৰ এক প্ৰমোচনেল ভিডিঅ’ত কোৱা হৈছে – “Turn off Media, Turn on Life”! এই কেন্দ্ৰটো পৰিচালনা কৰা Kwon Jang – hee য়ে পাৰ্যমানে চেষ্টা চলাই আছে শিশুসকলক ইন্টাৰনেটৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ, স্মাৰ্ট ফোনৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ, আৰু তেওঁ দৃঢ় মত পোষণ কৰিছে যে শিশুৰ বাবে সবাতোকৈ ভয়ংকৰ বস্তুটোৱেই হ’ল ইন্টাৰনেট আৰু স্মাৰ্টফোন।

এইসম্পৰ্কে তেওঁ আঙুলিয়াই দি কৈছে যে Seoul National Universityৰ মতে কোকেইন সেৱন কৰা সকলৰ মগজুৰ প্ৰতিক্ৰিয়াৰ সৈতে কম্পিউটাৰ-গেমত আসক্তসকলৰো মগজুৰ প্ৰতিক্ৰিয়া একেধৰণৰ! তেওঁৰ মতে গ্ৰেজূৱেশ্যন সম্পূৰ্ণ কৰাৰ পিছত হে স্মাৰ্টফোন হাতত ল’ব লাগে। কাৰণ তেওঁৰ মতে সমগ্ৰ বিশ্বতে এতিয়া ‘overdosing of on-screen’ হৈছে, যাৰ ফলত ‘offline’ জীৱনৰ প্ৰতি স্পৃহাহীন হৈ দিনে গড়ে ৮ ঘন্টাকৈ শিশুসকল online-অত ব্যস্ত হৈ পৰিছে!

smartphone 5

‘Boot – Camp programme for the Regional Government of Gyeonggi’ৰ পৰিচালক Hong Hyun-joo-ই ইন্টাৰনেটৰ আসক্তসকলৰ শিৱিৰৰ বৰ্ণনা দিছে এনেদৰেঃ “They left  their smartphones when they arrive at the bootcamp and spend 12 days living in dormitories, eating regular meals and engaged in lots of sport and group activities. The aim is to increase their self-esteem and get them to make friends. The claimed “cure” rate (meaning a return to more normal usage) is 70-75%”!

অৰ্থাৎ, পকেটৰ ধন ভাঙি উদ্বিগ্ন অভিভাৱকে নিজৰ সন্তানক আমাৰ শৈশৱৰ-কৈশোৰৰ দিনবোৰলৈ ওভোটাই আনিবলগীয়া হৈছে….!!

Bitkom-ৰ সমীক্ষামতে জাৰ্মানীত ১০-১১ বছৰ বয়সৰ শিশুৰ ৬৭% ৰ হাততেই আজি স্মাৰ্টফোন আছে, আৰু ১২-১৩ বছৰৰ কিশোৰৰ ৮৮% ৰ হাতত স্মাৰ্টফোন আছে। বৃটেইনৰ ১১-১২ বছৰীয়া শিশুৰ ৮৩% ৰ হাতত তথা ১৩-১৪ বছৰৰ কিশোৰৰ ৯৬% ৰ হাতত স্মাৰ্টফোন আছে। এওঁলোকৰ বাবে স্মাৰ্টফোনটো হ’ল – ‘Stuff’! স্নেপচ্যাট, ইন্ষ্টাগ্ৰাম, ফেচবুক, ইউ-টিউব, পাব্জি, ভিডিঅ’, মেচেজ, কথা পতা,… কিমান যে সুবিধাযুক্ত Stuff ! কথা ক’ব পৰাৰ আগতেই শিশুৱে হাতত তুলি লয় ‘টেবলেট’ বা আই-পেড্ বা স্মাৰ্টফোন! গাখীৰ বা ৰসগোল্লা বা সন্দেশ বিচাৰি আজিৰ বেছিভাগ শিশুৱে নাকান্দে, ইউ-টিউবৰ বাবে বা স্মাৰ্টফোনৰ বাবে বা ইন্টাৰনেটৰ বাবেহে কান্দে!

smartphone 2

The American Academy of Paediatricsৰ পৰামৰ্শ হ’ল শিশুসকলক যিমান পাৰি মোবাইলৰ স্ক্ৰীণৰ পৰা আতৰত ৰাখিব লাগে। কিন্তু বৰ্তমানে তেওলোকও কিছু শিথিলতা প্ৰদৰ্শন কৰা দেখা গৈছে। তেওঁলোকে কৈছে যে ২ বছৰৰ পৰা ৫ বছৰ পৰ্যন্ত এঘন্টা ভিডিঅ’ চ্যাট্ কৰিব পাৰে – যদিহে high quality video হয়! San Diego State Universityৰ মনস্তত্ব বিভাগৰ অধ্যাপক Jean Tarenge-এ তেওঁৰ এখন গ্ৰন্হৰ নামাকৰণ কৰিছে এনেদৰে -” iGen : Why Today’s Super – Connected Kids are Growing Up Less Rebellious, More Tolerant, Less Happy — and Completely Unprepared for Adulthood – and What That Means for the Rest of Us”!

তেওঁৰ মতে স্মাৰ্টফোনৰ প্ৰভাৱত আমেৰিকাৰ ১৯৯৫ – ২০১২ চনৰ ভিতৰত জন্মা প্ৰজন্ম গুণগতভাৱে সলনি হৈ পৰিছে — অত্যধিক ইন্টাৰনেট/মেডিয়া/স্মাৰ্টফোনৰ প্ৰভাৱত। ইয়াৰ লগে লগে বাঢ়িছে একাকিত্ব, তেওঁলোক হৈ পৰিছে বিষণ্ণ, দৈহিকভাৱে নিশকতীয়া, মানসিকভাবে দুৰ্বল, আৰু তাৰে কিছুমানৰ জীৱনৰ প্ৰতি বিতৃষ্ণা হোৱাত আত্মহননেই শ্ৰেয় বুলি কৰা ধাৰণাই এক নতুন ধৰণৰ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে।

এটা সময়ত দূৰদৰ্শনৰ প্ৰভাৱত ছাত্ৰ-ছাত্ৰী ধ্বংস হ’ব বুলি যিসকল অভিভাৱকৰ শংকা হৈছিল, সেইসকলেই এতিয়া স্মাৰ্টফোন-ইন্টাৰনেটৰ ভয়ংকৰ আগ্ৰাসনৰ পটভূমিত এতিয়া ঘৰৰ সকলোৱে একেলগে বহি দূৰদৰ্শন উপভোগ কৰাটো মূল্যবান পাৰিবাৰিক কৰ্ম বুলি কবলৈ বাধ্য হৈছে! কিন্তু স্মাৰ্টফোন যাৰ হাতত আছে – তেওঁ দূৰদৰ্শনৰ সন্মুখত বহি থাকিবই বা কিয়? মাতৃগৰ্ভত থাকোতেই প্ৰথমবাৰৰ বাবে ‘স্কেন’ৰ অভিজ্ঞতাৰে পুষ্ট নতুন প্ৰজন্মৰ হাতত স্মাৰ্টফোন আৰু ইন্টাৰনেটৰ মণিকাঞ্চণ সংযোগ হিচাপেও গণ্য কৰিব পাৰি।

smartphone 3

Innocenti Research Office of Unicef ( United Nations’ Children Agencyৰ শাখা)ৰ Daniel Kardefelt – Winther-এ বহুদিনৰ অনুসন্ধানৰ অন্তত ব্যক্ত কৰিছে যে ডিজিটেল টেকনোলজীয়ে শিশুসকলক মানসিকভাবে নি:স্ব কৰি তুলিছে, তেওঁলোকৰ দৈহিক ক্ষমতা হ্ৰাস কৰি পেলাইছে, স্বাভাৱিক বিকাশৰ ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি কৰিছে।

তেওঁ কৈছে যে ১৯৯০ – ২০০০ চনৰ ভিতৰত ইন্টাৰনেটৰ সৈতে ব্যস্ত হোৱাসকল নি:সংগ হৈ পৰিছিল; কিন্তু এতিয়া ‘নি:সংগ’ শব্দটো খাপ নাখায়, কাৰণ এতিয়া সকলোৱে ব্যস্ত ইন্টাৰনেটৰ সৈতে, আনকি ইন্টাৰনেটৰ পৰা সন্তানক আতৰি থাকিবলৈ কোৱা পিতৃ – মাতৃও ব্যস্ত ইন্টাৰনেট আৰু স্মাৰ্টফোনত!!….

এইবোৰৰ বিপৰীতে, আমাৰ শৈশৱৰ দিনবোৰ একেবাৰে সুকীয়া আছিল। আমি যেতিয়া শিশু আছিলো, কিশোৰ আছিলো — ভাত খোৱা, পঢ়া-শোৱা সময়খিনিৰ বাহিৰে দিনটোৰ সৰহভাগ সময় আমি ঘৰৰ বাহিৰতেই আছিলো। আমি টাংগুটি, ৰবাব টেঙাৰ বল, ফুটবল, ক্ৰিকেট, কেৰম, লুডু, ‘কেপষ্টান’/’লেক্স’/’পানামা’ আদি চিগাৰেটৰ খালী পেকেট যোগাৰ কৰি সেইবোৰ ‘সাতৰজাৰ ধন’ৰ দৰে বিনিময় কৰা এবিধ খেল, লাটুম, চিলা উৰুওৱা, ৰেললাইনৰ দুয়োটা চিৰিৰে হাতে হাতে হাত ধৰি খোজ কঢ়া(মিটাৰ গজ), ৰেলৰ চান্টিং চোৱা, চিনেমাহলৰ নতুন চিনেমাৰ ৰীলভৰ্তি বাকচবোৰ বুধবাৰে আহি পাইছে নে নাই চাবলৈ যোৱা, গছ বগোৱা, সুধীৰহতৰ পুখুৰীত সাতোৰা, ফুৰা, বাহঁৰ বাৰীত লুকা-চুৰি খেলা, তাচ খেলা, মাছ ধৰা, মেটেকা টনা, খেৰৰ পুজিত উঠি জপিওৱা, গৰু গাড়ী নিজে চলাই নি ভেলাঘৰৰ বাবে নিশা পেট্ৰোমাক্স লাইটৰ পোহৰত দলে বলে কেইবাদিনো পথাৰত নৰা কটা, জাউৰৰ মাছ ধৰিবলৈ যোৱা, জোৰাকটা, মৰণা মাৰোতে অংশ লোৱা, মৈত উঠা, ঘৰৰ গৰু দৰখ দিয়া, বজাৰ কৰা, কবি-আলু ৰোৱা, ইত্যাদি বিভিন্ন কামত লিপ্ত আছিলো। প্ৰায় প্ৰতিটো পৰিয়ালৰ চোতাল-ঘৰ আমাৰ সকলোৰে বাবে উন্মুক্ত আছিল।

Childhood

আমি ফেন্টমৰ-মেনড্ৰেকৰ কমিক, পা-ফু চিৰিজ/ দস্যু ভাস্কৰৰ চিৰিজ, বিভিন্ন সাধুকথাৰ কিতাপ, হেম বৰুৱাৰ ভ্ৰমণ কাহিনী, ভূপেন হাজৰিকাৰ প্ৰতিধ্বনি, আব্দুল মালিকৰ উপন্যাস, বিভিন্ন প্ৰৱন্ধ-পাতি গো-গ্ৰাসে গিলিছিলো। আমাৰ গাঁওৰ ভৱেশ শৰ্মা আৰু মই বাহিৰা কিতাপ অজস্ৰ পঢ়িছিলো। কিতাপবোৰ প্ৰগতি সংঘৰ পুথিভঁৰাল, বন্ধু-বান্ধৱৰ ঘৰৰ পৰাই বেছিকৈ যোগাৰ কৰিছিলো। দেউতাৰো সংগ্ৰহত যথেষ্ট কিতাপ আছিল (তেখেতে কলিকতাত পঢ়াকালত বহু কিতাপ যোগাৰ কৰিছিল আৰু আমাৰ ঘৰত দেউতাৰ বাবে নিয়মীয়াকৈ The Readers Digest, The Illustrated Weekly of India, দেশ, সাপ্তাহিক নীলাচল, অসম বাণী, দৈনিক অসম, The Assam Tribune, প্ৰতিধ্বনি আদি হকাৰে যোগান ধৰিছিল।

childhood

আমি ৰেডিঅ’ শুনিছিলো (‘সুৰংগৰ শেষত’, কল্পতৰু, বিবিধ ভাৰতী,..), আম-জাম-কৰ্দৈ-কঠালেৰে পেটপূজা কৰিছিলো, বিশাল বিশাল পথাৰ আছিল আমাৰ বিচৰণভূমি,… এইদৰেই আমাৰ দিনবোৰ অতিবাহিত হৈছিল, আমি সঁচাই সুখী আছিলো, আনন্দময় আছিল আমাৰ জীৱন। ভাত খোৱা আৰু শোৱা সময়খিনিত হে আমাক আমাৰ মা-দেউতাই দেখা পাইছিল। আমাক লৈ, আমাৰ পঢ়া-শুনা আদিক লৈ তেওঁলোকে কাহানিও উদ্বিগ্ন নাছিল।

টিফিন নামৰ শব্দৰ সৈতে, নানা ধৰণৰ চোলা-পটলুঙৰ সৈতে আমাৰ সম্পৰ্ক নাছিল(এযোৰ বা দুযোৰ কাপোৰেৰেই আমি সন্তুষ্ট আছিলো), চামৰাৰ জোতাও আছিল একপ্ৰকাৰৰ বিলাসিতা! আমাৰ দিনবোৰ আছিল ৰোমাঞ্চকৰ, প্ৰত্যাহ্বানমূলক (যেনে হাঁহ চুৰ কৰি খানা খোৱা/ পথাৰত মনে মনে কুকুৰা ৰান্ধি খোৱা,..)!

Sishapeeth 8

২০২৫ চনৰ ডিচেম্বৰ মাহৰ ৫ তাৰিখে পাঠশালাৰ পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় উন্মোচন কৰি আজিৰ এই ডিজিটেল যুগৰ মকৰাজালত বন্দী হৈও শিক্ষানীড়ৰ পৃষ্ঠাসমূহৰ মাজত হেৰাই যোৱা অতীতৰ, আমাৰ শিপাৰ যেন কিঞ্চিৎ সন্ধান পালো। আমি আজি যি শিপাহীনতাৰ পটভূমিত ছিন্নমূল হৈ নিজৰ মাতৃভূমিত শৰণাৰ্থী সদৃশ হৈ পৰিছো আৰু প্ৰায় সকলো ক্ষেত্ৰতে পৰমুখাপেক্ষী হৈ পৰিছো – তেনে এক পটভূমিত থাকিও অতি আন্তৰিকতাৰে শিক্ষাৰ্থীসকলক পাঠশালা শিক্ষাপীঠে যিদৰে শিপা চিনাক্ত কৰাবলৈ নীৰৱে প্ৰয়াস কৰি আছে – বিস্ময়াবিভূত নহৈ উপায় নাই। 

Sishapeeth 10

হয়, শিক্ষানীড় উন্মোচন কৰি দেখিলো- ১৭ টা নিটোল প্ৰৱন্ধ, য’ত আছে শব্দ প্ৰদূষণৰ পৰা বৃন্দাবনী বস্ত্ৰলৈ, ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়ৰ পৰা গোয়েৰ্নিকালৈ, অসমীয়া জাতীয় জীৱনৰ প্ৰমূল্যবোধৰ পৰা ছ’চিয়েল মিডিয়ালৈ, অসমীয়া ভাষা -সংস্কৃতি আৰু নৱ প্ৰজন্মৰ পৰা সৌজন্য আৰু শিষ্টাচাৰলৈ; ৫ খন ভ্ৰমণ কাহিনী; ২৮ টা গল্প আৰু সাধু; ১০ টা প্ৰতিভা সম্পৰ্কীয় লেখা; অনুভৱ সম্পৰ্কীয় ৮ টা লেখা; ৩১ টা ইংৰাজী ভাষাত লেখা ৰচনা; আৰু অন্যান্য কিছুমান বিষয়ৰ উপৰিও আমাক স্তম্ভিত কৰিব পৰাকৈ ১৪২ কৰা কবিতা….!

এটা উদাহৰণ ডাঙি ধৰিলো:

তৃতীয় শ্ৰেণীৰ ছাত্ৰ ৰাজদ্বীপ কলিতাই ‘মা‘ নামৰ কবিতা লেখিছে…

মা

মা এটি শব্দ নহয়
এটি আখৰেৰে হোৱা 
এটা শব্দ হ’ল মা।
ভাষাৰে বুজাব নোৱাৰিম 
কিজানি মা-ৰ বৰ্ণনা….
মাথোঁ ভাল লাগে,
মাৰ মুখত এটি —
সুকোমল মিঠা হাঁহি।
অনুভৱ কৰিব পাৰো
সেই হাঁহিৰ আঁৰৰ প্ৰতিচ্ছবি 
তোমাৰ মৰম ভালপোৱাবোৰ…।
কিজানি শেষেই নহ’ব 
তোমাৰ বৰ্ণনা…..মোৰ ভাষাৰে

তুমি অনন্যা মা!

Sishapeeth 6

শিক্ষানীড় নামৰ মুখপত্ৰখনৰ ভিতৰত দেখি হতভম্ব হৈ পৰিলো- ২০২৪/২০২৫ বৰ্ষৰ হাইস্কুল শাখাৰ বাৰ্ষিক খেল-ধেমালি প্ৰতিযোগিতাৰ ফলাফলৰ পৃষ্ঠাবোৰ লুটিয়াই লুটিয়াই….. এক অসম্ভৱ কাৰ্য সম্ভৱ কৰি তুলিছে পাঠশালা শিক্ষাপীঠৰ কৰ্তৃপক্ষই! ১৭১ বিধ প্ৰতিযোগিতা!! কি নাই সেই প্ৰতিযোগিতাত! মনোযোগ প্ৰতিযোগিতা, টেকেলী ভঙা প্ৰতিযোগিতা, সাধু কোৱা প্ৰতিযোগিতা, শিশুগীত প্ৰতিযোগিতা , স্মৃতি পৰীক্ষা প্ৰতিযোগিতা , বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতা , নৃত্য প্ৰতিযোগিতা , চিত্ৰাংকন প্ৰতিযোগিতা, গল্প লেখা প্ৰতিযোগিতা , কবিতা লেখা প্ৰতিযোগিতা , ৰচনা লেখা প্ৰতিযোগিতা , কবিতা আবৃত্তি প্ৰতিযোগিতা , আকস্মিক বক্তৃতা প্ৰতিযোগিতা, আধুনিক গীত গোৱা প্ৰতিযোগিতা , জ্যোতি সংগীত প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা , ল’ৰাৰ বোকোচাত লৈ দৌৰ প্ৰতিযোগিতা, ছোৱালীৰ বোকোচাত লৈ দৌৰ প্ৰতিযোগিতা, ওজন দলিওৱা প্ৰতিযোগিতা , কেৰম প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, ডবা খেল প্ৰতিযোগিতা, অসমীয়া কবিতা আবৃত্তি প্ৰতিযোগিতা, ইংৰাজী কবিতা আবৃত্তি প্ৰতিযোগিতা, শ্ৰীশ্ৰী মাধৱদেৱ বিষয়ক ৰচনা প্ৰতিযোগিতা, ধপাত বিৰোধী দিৱস উপলক্ষে ৰচনা প্ৰতিযোগিতা , বাতৰি পঢ়া প্ৰতিযোগিতা , ভেশচন প্ৰতিযোগিতা,…..

Sishapeeth 2
Sishapeeth 3

অনুষ্ঠানটোৰ মাজতে সেই প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা বিতৰণ কৰা হৈছিল আৰু দেখিবলৈ পাইছিলো তেওঁলোকৰ বিজয়ৰ জ্যোতিৰে উদ্ভাসিত হোৱা মুখমণ্ডল – য’ত নিহিত হৈ আছিল দৃঢ় প্ৰত্যয়। 

পঢ়া-শুনা, খেল-ধেমালি আদিৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীক ‘লেখক’ তথা ‘চিন্তাশীল’ নাগৰিক হিচাপে গঢ়ি তুলিবলৈ পাঠশালা শিক্ষাপীঠৰ কৰ্তৃপক্ষই যিদৰে চেষ্টা কৰিছিল, কৰি আছে আৰু কৰিব – সেই সমূহ সযতনে সজাই পৰাই ছপা কৰি প্ৰকাশ কৰা বাবে সম্পাদকদ্বয় দেবাংগ ভৰদ্বাজ আৰু জোনাক আকাশ দেৱ শৰ্মাক জনালো অলেখ অভিনন্দন তথা পাঠশালা শিক্ষাপীঠৰ নন্দ দুলাল চৌধুৰী ( তত্ত্বাৱধায়ক – শিক্ষা নীড়)সহস্ৰ প্ৰণাম। শিক্ষানীড় উন্মোচন কৰাৰ দৰে মহৎ প্ৰচেষ্টাত এক সামান্য বৰঙণি আগবঢ়াবলৈ পাই নিজেও ধন্য মানিছো।

Sishapeeth 1

শিক্ষাপীঠৰ অনুষ্ঠানটোত সোণত সুৱগা চৰাইছিল কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° সঞ্জীৱ কুমাৰ গোস্বামীয়ে। তেওঁ ছাত্ৰ -ছাত্ৰীসকলৰে মুখ্য অতিথি হিচাপে মঞ্চৰ পৰাই বক্তৃতাৰ মাজেৰেই যোগাযোগ কৰি যিদৰে এক জ্ঞানগৰ্ভ বক্তৃতা প্ৰদান কৰিলে – শ্ৰোতা হিচাপে সেই কথাবোৰো শুনি শুনি আপ্লুত হৈ পৰিলো। ছাত্ৰ-ছাত্ৰীসকলো ধন্য হ’ল ড° সঞ্জীৱ কুমাৰ গোস্বামীৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিবলৈ পাই….

পাঠশালা শিক্ষাপীঠৰ শিক্ষানীড় 

শিক্ষানীড় আৰু আজিৰ এনে এক পৰিৱেশ পৰিস্থিতিৰ মাজতো ভৱিষ্যতৰ প্ৰজন্মক অনুপ্ৰাণিত তথা উৎসাহিত কৰা কাৰ্যৰ দ্বাৰা শিপাৰ সন্ধান আৰু মূল শিপাৰ সৈতে একাত্মতাৰ প্ৰচেষ্টাৰ বাবে পাঠশালা শিক্ষাপীঠৰ সৈতে আৰম্ভণিৰে পৰাই প্ৰতিষ্ঠাপক সভাপতি হিচাপে জড়িত শ্ৰীমনমোহন শৰ্মা, অধ্যক্ষ উৎপল বৰকাকতি, উপাধ্যক্ষ জগদীশ চন্দ্ৰ ৰয় আদিকে ধৰি  সকলোকে আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিলো তথা সমূহ শিক্ষাৰ্থীক জনালো আন্তৰিক শুভকামনা।

Mahabahu Climate Logo
MAHABAHU CLIMATE FORUM

05-12-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast
Social Media

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

by ANUP SALOI
August 17, 2026
0

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds ANUP SALOI Have you ever witnessed a person always...

Read moreDetails
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

August 14, 2026
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

August 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Can Technology Truly Preserve Our Heritage? Unearthing the Soul of Northeast

Social Media Addiction Among Youth: The Invisible Parasite Hijacking Young Minds

August 17, 2026
Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

Hakama Beel: A Community’s Effort to Protect a Changing Wetland 

August 17, 2026
প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

প্ৰকৃতিৰ বাণিজ্যিকীকৰণৰ পৰা ব্যক্তিগতকৰণলৈ: সংকট আৰু দুৰ্ভাৱনা

August 16, 2026
টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

August 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39758 shares
    Share 15903 Tweet 9939
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18619 shares
    Share 7448 Tweet 4655
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3766 shares
    Share 1506 Tweet 942
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    275 shares
    Share 110 Tweet 69
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4185 shares
    Share 1674 Tweet 1046
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5107 shares
    Share 2043 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    108 shares
    Share 43 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    92 shares
    Share 37 Tweet 23
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d