• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, April 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Entertainment Theater

পাঠশালাত স্থাপন হওক ভ্রাম্যমাণ থিয়েটাৰৰ অত্যাধুনিক সংগ্রহশালা

ASSAMESE SECTION / Theatre / Cultural

by Editor
August 29, 2025
in Theater, ASSAM, ASSAMESE SECTION, Cultural, Drama, News
Reading Time: 4 mins read
0
ভ্ৰাম্যমাণত ভাৰতৰ স্বাধীনতা সংগ্ৰাম : ‍‘কনকলতা’ৰ প্ৰসংগত
Share on FacebookShare on TwitterShare on LinkedIn

পাঠশালাত স্থাপন হওক ভ্রাম্যমাণ থিয়েটাৰৰ অত্যাধুনিক সংগ্রহশালা

পাঠশালাত স্থাপন হওক ভ্রাম্যমাণ থিয়েটাৰৰ অত্যাধুনিক সংগ্রহশালা
অচ্যুত লহকৰ

ড. প্ৰদ্যুম্ন শৰ্মা

Praduinmo Sarma
ড. প্ৰদ্যুম্ন শৰ্মা

অসমৰ সাংস্কৃতিক ক্ষেত্রৰ অন্যতম সৌধ ভ্রাম্যমাণ থিয়েটাৰৰ সুদীর্ঘ ইতিহাসৰ সুপৰিকল্পিত সংৰক্ষণৰ বাবে এটা আধুনিক প্রযুক্তিৰে সমৃদ্ধ সংগ্ৰহালয় স্থাপন হোৱাতো আমাৰ বহুদিনীয়া সপোন আৰু সেই সংগ্ৰহালয় ভ্রাম্যমাণৰ জন্মভূমি পাঠশালাত প্রতিস্থা হোৱাতো সেই সপোনৰে নিৰ্দ্ধাৰিত অনুসর্গ।

১৯৬৩ চনত অচ্যুত লহকৰ নামৰ এজন স্বপ্নদ্রষ্টাৰ হাতৰ পৰশত প্রাণ পাই উঠিছিল নটৰাজ থিয়েটাৰ নামৰ এক নব্য শিল্প প্রতিস্থানে। সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই মৰমেৰে এই শিল্পক আখ্যা দিছিল ‘ভ্রাম্যমাণ থিয়েটাৰ’ ।
পাঠশালাত স্থাপন হওক ভ্রাম্যমাণ থিয়েটাৰৰ অত্যাধুনিক সংগ্রহশালা

সদা লহকৰ, ধৰণীধৰ গোস্বামী, নাট্যসম্রাট চন্দ্ৰ চৌধুৰী আদি কৃতবিদ্যৰ আন্তৰিক আপদাল আৰু অলেখ নামী-অনামী শিল্পীৰ একান্ত সহযোগত নটৰাজ থিয়েটাৰে অসমৰ সাংস্কৃতিক পথাৰত সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছিল।

নটৰাজে কাটি দিয়া বাটেৰে বাট বুলিবলৈ আগুৱাই আহিছিল সুৰদেৱী, পূর্বজ্যোতি, অসম স্টাৰ, ভাগ্যদেৱী, আৰাধনা, কহিনুৰ, আৱাহন আদিৰ দৰে ভ্রাম্যমাণ নাট্যদল সমূহ। প্রায় তিনিকুৰি বছৰীয়া নানা ঘাত-প্রতিঘাতৰ ইতিহাসেৰে সমৃদ্ধ ভ্রাম্যমাণ থিয়েটাৰ আজি অসমীয়া ৰাইজৰ হিয়াৰ আমঠু।

RelatedPosts

The Brahmaputra River: Asia’s Mighty Lifeline Driving Climate Change, Ecology, and Geopolitical Tensions

Mising Indigenous Governance and Hydrological Resilience in the Brahmaputra Basin

April 18, 2026
First Conference on Transitioning Away from Fossil Fuels

First Conference on Transitioning Away from Fossil Fuels

April 17, 2026
What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026

জন্ম মুহুর্তৰ পৰা বর্তমান সময়লৈ অসমৰ ভ্রম্যমাণ নাট্যদল সমূহে অলেখ কালজয়ী নাটক দর্শকক উপহাৰ দিছে। দেশী-বিদেশী সাহিত্যৰ সফল মঞ্চায়নেৰে ভ্রাম্যমাণ নাট্যদল সমূহে বছৰি নতুন নতুন অভিলেখ গঢ়িছে। আটলান্টিক মহাসাগৰৰ অটলান্তত নিখোজ হোৱা টাইটানিক ৰাইজৰ হেঁপাহ আৰু মৰমতে পুনৰ ভাঁহি উঠিছে ভ্রাম্যমাণৰ মঞ্চত।

ৰামায়ন-মহাভাৰতৰ যুদ্ধ, পম্পেইৰ আগ্নেয়গিৰিৰ প্ৰলয়, টুইন টাৱাৰৰ পতন আদি অজস্ৰ কাৰিকৰী চমৎকাৰিত্বৰে ভ্রাম্যমাণে সৃজনীশীলতাৰ অক্ষয় কীর্তি ৰচনা কৰিছে। এই কীর্ত্তিৰ সুবাদতে ভ্রাম্যমাণ জগতৰ দুই বৰ-সেনাপতি কহিনুৰ আৰু আৱাহন থিয়েটাৰৰ কর্ণধাৰ ক্ৰমে ৰতন লহকৰ আৰু কৃষ্ণ ৰয়ে বহিঃৰাজ্যত সফলতাৰে নাট প্রদর্শন কৰি ভ্রাম্যমাণৰ পিতামহ অচ্যুৎ লহকৰৰ বিশ্ব-দর্শনৰ সপোনক যেন সফলতাৰ দিশত আৰু এখোজ আগুৱাই নিছে।

ইমানৰ পিছতো কিন্তু এই আপুৰুগীয়া শিল্পৰ বিৰল ইতিহাসক সংৰক্ষণ কৰাৰ বাবে ৰজাঘৰে-প্রজাঘৰে কতো কোনো উদ্যোগ দেখা যোৱা নাই। ভ্রাম্যমাণ সম্পর্কে আগ্ৰহী পেচাদাৰী বা অপেচাদাৰী গৱেষক সকল প্রায়ে তথ্যৰ অভাৱত বিভ্রান্ত হয়। যি কেইখন আঙুলিমূৰত লেখিব পৰা গ্ৰন্থ ইতিমধ্যে প্ৰকাশ পাইছে, তাতো বহুলাংশে চর্বিত চর্বন।

ভ্রাম্যমাণ শিল্পৰ জন্মৰ লগত ওতঃপ্ৰোত ভাৱে জৰিত ব্যক্তি সকলৰ সৰহভাগেই ইতিমধ্যে ঢুকাইছে। পৰিস্থিতি এনেদৰে চলি থাকিলে অহা দহ পোন্ধৰ বছৰৰ ভিতৰত ভ্রাম্যমাণ থিয়েটাৰৰ যি গৌৰৱগাথা সি ৰাজহুৱা স্মৃতি (Public Memory)ৰ পৰা নিঃচিহ্ন হব। এনে পৰিপ্ৰেক্ষিততে ভ্রাম্যমাণ থিয়েটাৰৰ অতীত ইতিহাসৰ সু-পৰিকল্পিত সংৰক্ষণৰ বাবে এটা আধুনিক প্রযুক্তি সমৃদ্ধ সংগ্ৰহশালাৰ প্রয়োজন।

ইতিমধ্যে ভ্রাম্যমাণৰ ইতিহাসৰ বহু মূল্যবান পৃষ্ঠা সময়ৰ সোঁতত হেৰাই গৈছে। কালজয়ী নাট সমূহৰ পান্ডুলিপি অথবা স্থিৰচিত্ৰ বেছিভাগ প্রযোজকৰ হাতত নাই। এতিয়াৰ দৰে ভিডিঅগ্ৰাফী কৰাৰ ব্যবস্থা তেতিয়া সুলভ নাছিল। তেনেক্ষেত্ৰত ভ্রাম্যমাণৰ বাবে সংগ্ৰহালয়ৰ প্রস্তাৱ নিসন্দেহে প্রত্যাহ্বানমূলক, কিন্তু অবাস্তৱ অথবা অসম্ভব নহয়।

পাঠশালাত স্থাপন হওক ভ্রাম্যমাণ থিয়েটাৰৰ অত্যাধুনিক সংগ্রহশালা

ভ্রাম্যমাণ থিয়েটাৰৰ দৰে জনপ্রিয় সাংস্কৃতিক মাধ্যম এটাৰ গৌৰৱ গাথাক যথাযথ ৰূপত সংৰক্ষণ কৰাক যদি চৰকাৰে জাতীয় দ্বায়িত্ব বুলি গ্রহণ কৰে আৰু প্রযোজক সমন্বিতে কলা-কূশলী, দর্শক সকলোৱে এই জাতীয় দ্বায়িত্বৰ অংশীদাৰ হয় তেন্তে এই প্রকল্পই ভ্রাম্যমাণৰ লগত জৰিত পুৰোধা ব্যক্তিসকলৰ নাট্যকলাৰ প্রতি জীৱন সমর্পণৰ মান ৰাখিব।

ভ্রাম্যমাণ থিয়েটাৰৰ ইতিহাসৰ সংগ্রহশালা কেনে হোৱা উচিত, ইয়াত কি থাকিব আৰু কি নাথাকিব সেয়া সংগ্রহালয় বিদ্যাত পটু সকলে উপযুক্ত সময়ত বিবেচনা কৰিব। কিন্তু ভ্রাম্যমাণ সংস্কৃতিৰ প্রতি নিবেদিত প্ৰাণ দর্শক হিচাপে আমি বিচাৰো যে এই সংগ্রহশালা সর্বাঙ্গসুন্দৰ হওক আৰু ইয়াৰ জৰিয়তেই অদ্যপি ইষৎ অৱহেলিত ভ্রাম্যমাণ শিল্পই বিদ্যায়তনিক গৱেষণাৰ মূলমঞ্চত স্ব-মহিমাৰে প্রতিস্থাপিত হওক।

পাঠশালাত স্থাপন হওক ভ্রাম্যমাণ থিয়েটাৰৰ অত্যাধুনিক সংগ্রহশালা

নিয়মিত সংগ্ৰহবোৰৰ উপৰিও ভ্রাম্যমাণ থিয়েটাৰৰ যাদুঘৰত সংৰক্ষিত হওক কালানুক্ৰমে সজোৱা ভ্রাম্যমাণ নাট্য আন্দোলনৰ বর্ণময় ইতিহাস। তাৰ মাজে মাজে থাকক এই আন্দোলনৰ বাটকটীয়া সকলৰ ছবি (চমু পৰিচয়ৰে সৈতে) আৰু ভ্রাম্যমাণ সম্পর্কীয় বিবিধ তথ্য। নটৰাজকে ধৰি ভ্রাম্যমাণৰ আগ চোৱাৰ নাট্যদল সমূহৰ হেন্ডবিল, হাতেৰে অঁকা বেনাৰ, ব্লেক এণ্ড হোৱাইট ফটো ইত্যাদিৰ চিত্ৰৰ যথানুগ সংস্থাপনে সংগ্ৰহালয়ৰ ঐতিহাসিক চেতনাৰ জেউতি চৰাব।

পাঠশালাত স্থাপন হওক ভ্রাম্যমাণ থিয়েটাৰৰ অত্যাধুনিক সংগ্রহশালা

মনঃচক্ষুৰে যেন দেখা পাইছো কেন্দ্রীয়ভাৱে শীত-তাপ নিয়ন্ত্রিত এই বিশাল সংগ্ৰহালয়ত অনুচ্ছ স্বৰত বাজি থকা ‘থিয়েটাৰী কনচার্ট’ৰ তালে তালে অগ্রহী দর্শক এইবাৰ আগবাঢ়িছে এই যাদুঘৰৰ আটাইতকৈ মনোগ্রাহী অংশৰ পিনে য’ত অবস্থিত Digital Section. (যি ভ্রাম্যমাণ থিয়েটাৰ জন্মৰ দিনৰে পৰাই কাৰিকৰী প্রযুক্তিৰ প্ৰতি আগ্রহশীল, তেনে সাংস্কৃতিক পৰম্পৰাৰ সংগ্রহশালা প্রযুক্তিবিহীন ভাবে কল্পনা কৰাও পাপ।) এই ডিজিটেল ভাগত থাকিব কেবাটাও মনিটৰৰ সৈতে হেড ফোন।

আগ্ৰহী দর্শকে ইয়াত পূর্বতে সংস্থাপন কৰি ৰখা ভ্রাম্যমাণ সম্পৰ্কীয় বিবিধ তথ্যৰ দৃশ্য আৰু শ্রব্য অভিজ্ঞতা আহৰণ কৰিব পাৰিব।ইয়াৰোপৰি সংগ্ৰহালয় পৰিসৰতে যদি সৰুকৈ এটি ডিজিটেল লাইব্রেৰীৰ ব্যৱস্থা কৰা হয়, য’ত ভ্রাম্যমাণ সম্পর্কে আজি পর্যন্ত প্রকাশিত সমস্ত গ্ৰন্থ আৰু প্রবন্ধ উপলব্ধ থাকিব। ইয়ে ভ্রাম্যমাণৰ ইতিহাসৰ গৱেষক সকলক যথেষ্ট সকাহ দিয়াৰ লগতে ভ্রাম্যমাণ সংস্কৃতি সম্পর্কে যি বিদ্যায়তনিক বাগধাৰাৰ ক্ষীণ উন্মেষ ঘটিছে তাক সবল কৰিব।

পাঠশালাত স্থাপন হওক ভ্রাম্যমাণ থিয়েটাৰৰ অত্যাধুনিক সংগ্রহশালা

ভ্রাম্যমাণ থিয়েটাৰৰ প্রস্তাৱিত যাদুঘৰৰ স্থান হিচাপে স্থান-মাহাত্ম‍্যৰ জোৰতে পাঠশালা অপ্রতিদ্বন্দ্বী। তদুপৰি এটা যাদুঘৰৰ প্রতিস্থাৰ বাবে প্রাথমিক ভাৱে প্রয়োজনীয় বৌদ্ধিক আৰু বিদ্যায়তনিক পৰিকাঠামোৰ ব‍্যবস্থা কৰিবলৈ পাঠশালাৰ প্রাণ কেন্দ্রত আছে অধুনালুপ্ত বজালী মহাবিদ্যালয়ৰ বুকুত জন্ম হোৱা বজালীৰ গৌৰৱ ভট্টদেৱ বিশ্ববিদ্যালয়।

Digital

শেষত গীতি-কবি পার্বতি-প্রসাদ বৰুৱাৰ ‘বীণ-বৰাগী’ কবিতাৰ দুটি আশাৰ স্তৱকেৰে সামৰিব ওলাইছো:

‘হয়তো সপোন সম্ফল হব, মায়াৰ কুঁৱলী যাব,
সপোনত যাক বিচাৰি ফুৰিছে দিঠকত দেখা পাব…’

পাঠশালাত স্থাপন হওক ভ্রাম্যমাণ থিয়েটাৰৰ অত্যাধুনিক সংগ্রহশালা

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Editor

Editor

Related Posts

The Brahmaputra River: Asia’s Mighty Lifeline Driving Climate Change, Ecology, and Geopolitical Tensions
News

Mising Indigenous Governance and Hydrological Resilience in the Brahmaputra Basin

by PAHARI BARUAH
April 18, 2026
0

Mising Indigenous Governance and Hydrological Resilience in the Brahmaputra Basin Living with the Brahmaputra: Mising Indigenous Wisdom for Flood Resilience...

Read moreDetails
First Conference on Transitioning Away from Fossil Fuels

First Conference on Transitioning Away from Fossil Fuels

April 17, 2026
What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
Kuala Lumpur Declaration on Climate Justice

Kuala Lumpur Declaration on Climate Justice

April 16, 2026
Explosive Defiance in Tamil Nadu: CM MK Stalin Burns Delimitation Bill, Vows to Crush BJP’s ‘Black Law’

Explosive Defiance in Tamil Nadu: CM MK Stalin Burns Delimitation Bill, Vows to Crush BJP’s ‘Black Law’

April 16, 2026
Why Hitler Hated Jews: Origins of the Holocaust

Why Hitler Hated Jews: Origins of the Holocaust

April 16, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Brahmaputra River: Asia’s Mighty Lifeline Driving Climate Change, Ecology, and Geopolitical Tensions

Mising Indigenous Governance and Hydrological Resilience in the Brahmaputra Basin

April 18, 2026
First Conference on Transitioning Away from Fossil Fuels

First Conference on Transitioning Away from Fossil Fuels

April 17, 2026
What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

What Is Area 51? America’s Truth behind UFOs, Roswell, and Alien Sightings

April 17, 2026
Kuala Lumpur Declaration on Climate Justice

Kuala Lumpur Declaration on Climate Justice

April 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    30297 shares
    Share 12118 Tweet 7574
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12662 shares
    Share 5065 Tweet 3166
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    229 shares
    Share 92 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    136 shares
    Share 54 Tweet 34
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4267 shares
    Share 1707 Tweet 1067
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3607 shares
    Share 1443 Tweet 902
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    88 shares
    Share 35 Tweet 22
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    919 shares
    Share 368 Tweet 230
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    846 shares
    Share 338 Tweet 212
  • দেশে দেশে ফুটবল

    238 shares
    Share 95 Tweet 60
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d