-মনোজ কুমাৰ ডেকা |
উত্তৰপূব ভাৰতবৰ্ষৰ যি সকলে মাউন্টএভাৰেষ্ট বিজয় কৰিছে তেওঁলোকৰ বাবে চিনাকি নাম এটি হল, টিনে মেনা । অৰুণাচলৰ জীয়ৰী গৰাকীয়ে কৈছিল, কি নাই আমাৰ ! পাহাৰ, নৈ, নিজৰা, নদী, জলপ্ৰপাত, অৰণ্য, সেউজীয়া ।
কি নাই!…তথাপিও আমি পিছপৰা । আমাৰ বহুতৰেই খবৰ নাই, আমাৰ আছে কি ।
…টিনেৰ কথাষাৰে বহু কথাই কৈছিল । মনলৈ বহু কথা আহিছিল । মনত পৰিছিল নিজৰ ৰাজ্যখনলৈ । অসমলৈ । আমাৰো কম নাই ! কেওফালে সেউজীয়া । নৈ জান জুৰি । মাথো আমি খবৰ নেৰাখো । যেন বাৰীৰ ঘাঁহ, গোহালিৰ গৰু !
…প্ৰকৃতি ভালপোৱা একাংশ লোকৰ বাবে অতি চিনাকি নাম, পানীমূৰ । মোৰ মতে পানীমূৰ উত্তৰ পূৱৰ নায়েগ্ৰা । অতি অনন্য সুন্দৰ জলপ্ৰপাত । বহুতেই পানীমূৰৰ বিষয়ে নাজানে । সেয়ে লিখিছোঁ । মানুহে জনা ভাল ।
পানীমূৰ জলপ্ৰপাত অসমৰ অন্যতম সুন্দৰ পাহাৰীয়া জিলা , ডিমাহাছাও পাৰ্বত্য স্বায়ত্ত শাসিত জিলাত অৱস্থিত । গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব প্রায় ২৫০কি মি । গুৱাহাটীৰ পৰা নগাওঁ ৰ লংকা হৈ পানীমূৰলৈ যাব পাৰি । সময় লাগে প্রায় ৩ঘণ্টা । লংকাৰ পৰা পানীমূৰলৈ যোৱাৰ পথত প্রায় ১০ কি মি.ৰ এটি অঞ্চল কাৰ্বি আংলঙৰ । পানীমূৰৰ নিকটবর্তী চহৰ খন হল উমৰাংচো । হাফলঙৰ পৰা পানীমূৰ প্ৰায় ১৫০ কি মি ।
পানীমূৰ আৰক্ষী চকী পাৰ হৈ প্ৰায় ১.৫ কি মি গলেই আপুনি শুনিব পানীমূৰ ৰ উত্তাল অথচ মন হৰি নিয়া সংগীত । চঞ্ছল পানীমূৰ হাফলং চাৰিআলিৰ পৰা প্রায় ৮ কি মি আঁতৰত ।
পানীমূৰ ত ভূপেনদাৰ সেই চঞ্চল কঁপিলীয়ে তিনিটা মূল সুঁতিৰ ৰূপ লৈ তললৈ জঁপিয়াইছে । আকাশনীলা পানীৰে যৌৱনা কঁপিলীয়ে নজনা দিনৰে পৰা বৈ আহিছে । কঁপিলীয়ে লগত লৈছে উমৰাংচো নৈ খনক । দুয়ো একাকাৰ হৈ যি নাচ নাচে সি দুয়ো পাৰ কঁপাই ৰাখে । কঁপিলী জলবিদ্যুৎ প্ৰকল্পত মানুহৰ বাবে নিজৰ প্ৰাণৰ শক্তি দি আকৌ
কঁপিলীয়ে আগুৱাই পানীমূৰলৈ । তাতেই শিলাময় পানীমূৰক কঁপিলীয়ে নিজৰ ৰূপ যৌৱনেৰে উতলা কৰে ।
পানীমূৰত থকাৰ সুব্যৱস্থা নাই এতিয়াও । পানীমূৰ ৰ গাতে লাগি থকা বন বিভাগৰ অতিথি ভৱনতেই থাকিব লাগে । পানীমূৰৰ পৰা উমৰাংচো প্রায় 30 কি মি । তাত থাকিবলৈ হোটেল আদি আছে । দুখৰ কথা হল প্ৰয়োজনীয় প্রচাৰৰ অভাৱ, আন্তঃ গাথঁনিৰ অভাৱ আদিৰ বাবে হেঁপাহ থাকিলেও বহু মানুহ বা পৰ্যটকে পানীমূৰলৈ নেযায় । পানীমূৰৰ ২০১১ চনৰ জনগণনাৰ আঞ্চলিক নম্বৰ হৈছে ১২৯৮৩১৯ । পানীমূৰ ডিমাহাছাউৰ উমৰাংচো টেহছিলৰ অন্তৰ্গত । পানীমূৰ গাঁও খনৰ মুঠ জনসংখ্যা প্রায় ৫০০ । মুঠ ঘৰ প্রায় ৮০ । পানীমূৰৰ কেওফালে মাদাইহাৰী, জাৰ্মাদিছা, কেলেমু, ফেলাইপাহাৰ, কিমথাও, ৰাজবাৰী আদি গাওঁবোৰ সিঁচৰতি হৈ আছে ।
প্ৰকৃতিয়ে সকলো দিয়াৰ পিছতো আমি ইয়াৰ সুযোগ লব নেজানো । প্ৰকৃতিৰ সৌন্দৰ্যৰ প্ৰশংসা আমি নকৰো । নেচাও । অথচ, প্ৰকৃতিয়ে আমাক সকলো দিছে উপাৰ্জনৰ বাবে, আত্ম নিয়োজনৰ বাবে । নিজৰ পোছাক, খাদ্য, ৰীতিনীতিক, লোক বিশ্বাসক হেজাৰজনৰ মনৰ চোতালালৈ নিবলৈ পৰ্যটন এক সুবৰ্ণ সুযোগ । অবিৰত ভাবে যোগ যোগ ধৰি বৈ অহা পানীমূৰে আজিও আমাক চিঞৰি কয়, আহা আহা… খেলা । লগ লগৰীক লৈ আহা । শান্তি লোৱা । শান্ত হোৱা । পানীমূৰেও আমাৰ বাবে আনন্দ আৰু উপাৰ্জন কৰাৰ পথ উন্মুক্ত কৰি ৰাখিছে ।
আমাৰ মনপ্ৰাণ সৌন্দৰ্যৰে নোৱাই ধুৱাই ৰাখিবলৈ কঁপিলীয়ে সজোৱা পানীমূৰ শিৱ পাৰে আমাৰ জীৱন গঢ়াৰ আমোঘ উপায় । সেয়ে বহু বছৰ আগেয়ে ভূপেনদাই লিখিছিল সেই প্ৰখ্যাত গীতটো, –
“কঁপিলী কঁপিলী ৰাংঢালি ছোৱালী
মহিমা বুজাকে টান
কঁপিলী কঁপিলী তই হৈ বাউলি
বাৰিষাত মাৰিলি ধান…
কঁপিলী কঁপিলী গাভৰু ছোৱালী
চঞ্চলা নাই তোৰ মান
কঁপিলী কঁপিলী দেহৰ ভাঁজে ভাঁজে
মিঠা যৌৱনৰে গান…
কঁপিলী কঁপিলী তইতো নেজানো
তোৰ গাত কিমান শকটি
তইতো নেজান ত’তেই লুকাই আছে
হেজাৰ সুৰুজৰে জ্যোতি
এ বিজ্ঞানী ডেকাটি সাজি কাঁচি ওলালে
লগত ওলালে হেজাৰ
মৃত্যুক নেওচি শ্রমিকো ওলালে
সাৱটি তোৰ দুয়ো পাৰ…
কঁপিলী কঁপিলী পাগলী ছোৱালী
মানুহক কৰিবি ত্ৰাণ
উমৰাংচোজনিও তোৰে লগে লাগি
হব চিৰজ্যোতিষ্মান …” -ভূপেনদাৰ অনুভৱত জিলিকা কঁপিলী বুজিবলৈ ওলাওক এদিন, পানীমূৰলৈ ।