• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, March 8, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

পানীৰাম দাস আৰু তথাকথিত ‘স্বাধীন ভাৰত’ৰ প্ৰথম নিৰ্বাসন দণ্ড

পানীৰাম দাস

by Anjan Sarma
December 10, 2022
in Politics, History, Justice, Special Report
Reading Time: 2 mins read
0
পানীৰাম দাস আৰু তথাকথিত ‘স্বাধীন ভাৰত’ৰ প্ৰথম নিৰ্বাসন দণ্ড
Share on FacebookShare on TwitterShare on LinkedIn

পানীৰাম দাস আৰু তথাকথিত ‘স্বাধীন ভাৰত‘ৰ প্ৰথম নিৰ্বাসন দণ্ড

অঞ্জন শৰ্মা
পানীৰাম দাস
সংগ্ৰামী পানীৰাম দাস

The Assam Maintenance of public Order Act, 1947 আৰু পানীৰাম দাস

‘অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস‘ গ্ৰন্হৰ পৰা :

অসমৰপৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত গঢ়ি উঠা শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক গণ-আন্দোলনটি দমন কৰিবলৈ ভাৰত চৰকাৰে বিভিন্ন সন্থা বিচাৰি উলিয়াই অসমত পৰীক্ষামূলক হিচাপে প্ৰয়োগ কৰিছিল।

RelatedPosts

Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026

আৰক্ষী, চিআৰপিএফৰদ্বাৰা আন্দোলনকাৰীক গুলীয়াই হত্যা কৰা, বৰ্বৰভাৱে লাঠীচালনা কৰি আহত কৰা, বিভিন্ন ক’লা আইন প্ৰয়োগ কৰি কাৰাৰুদ্ধ কৰা আনকি চেন্সৰ প্ৰয়োগ কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদপত্ৰৰ স্বাধীনতাও হৰণ কৰিছিল।

এই আন্দোলনটি দমনৰ বাবে চৰকাৰৰ আজ্ঞাবাহী শীৰ্ষ প্ৰশাসনীয় বিষয়াসকল ব্যস্ত হৈ পৰিছিল ব্ৰিটিছ চৰকাৰে স্বাধীনতা আন্দোলন দমনৰ বাবে ৰচনা কৰা কুখ্যাত ক’লা আইনবোৰ বিচাৰি উলিওৱাত।

তেনে এখন ক’লা আইন হৈছে The Assam Maintenance of public Order Act, 1947।

এই আইনখনে ১৯৪৭ চনৰ ২৭ মাৰ্চ তাৰিখে ৰাজ্যপালৰপৰা অনুমোদন লাভ কৰিছিল। স্বাধীনতা সংগ্ৰামৰ সময়ত এই আইনখন কিমানজন স্বাধীনতা সংগ্ৰামীৰ ওপৰত প্ৰয়োগ কৰা হৈছিল, সেয়া নিশ্চিত কৰিবলৈ বিশেষ গৱেষণাৰ প্ৰয়োজন হ’ব।

কিন্তু স্বাধীনতাৰ পিছত অসম চৰকাৰে এই আইনখন প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰে ১৯৮২ চনত। তদানীন্তন দৰং জিলাৰ (তেজপুৰসহ) উপায়ুক্ত তথা এজন কৃতী প্ৰশাসনীয় বিষয়া হিচাপে খ্যাতি অৰ্জন কৰা অশোক কুমাৰ শইকীয়াই (পিছলৈ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিশেষ ঘনিষ্ঠ হোৱা) এই আইনখন বিচাৰি উলিয়াই প্ৰয়োগ কৰে তেওঁৰে অসমৰ ঘনিষ্ঠ, স্বাধীনতা সংগ্ৰামী পানীৰাম দাসৰ ওপৰত।

পানীৰাম দাস

এই আইনৰ আধাৰত জিলা দণ্ডাধীশ অশোক কুমাৰ শইকীয়াই জাৰি কৰা এক পৰোৱানা মৰ্মে মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কমলেশ্বৰ দত্তই ১৯৮২ চনৰ ৩ জানুৱাৰী তাৰিখে কলাইগাঁও নিৱাসী পানীৰাম দাসক মঙলদৈ চহৰত আটক কৰে আৰু সিদিনাই অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ভালুকপুঙৰ ঘন জংঘলত ‘নিৰ্বাসন দণ্ডেৰে’ দণ্ডিত কৰি নিশা ১ বজাত এৰি থৈ আহে।

তেতিয়াৰ নিৰ্জন ভালুকপুঙৰ অটব্য অৰণ্যৰ মাজতে নিশাটো কটাবলৈ বাধ্য হৈছিল স্বাধীনতা সংগ্ৰামীজন। পিছদিনা বালিপৰাৰ আৰক্ষী বিষয়া এজনে তেওঁক সাক্ষাৎ কৰি থকা-খোৱা আৰু নিৰাপত্তা ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা ল’ব পৰা নহ’ব বুলি অৱগত কৰে।

তেওঁৰ বৰপুত্ৰ জয়ন্ত কুমাৰ দাসে জনোৱা আৱেদন মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৯৮২ চনৰ ১২ জানুৱাৰী তাৰিখে এক আদেশ যোগে জিলা প্ৰশাসনক তেওঁক ভালুকপুঙৰ পৰ্যটক নিৱাসত থকা-খোৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ৰাজনৈতিক বন্দীৰ মৰ্যাদা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

উচ্চ ন্যায়ালয়ৰ আন এটি নিৰ্দেশ মৰ্মে ২৫ জানুৱাৰী তাৰিখে স্বাধীনতা সংগ্ৰামী পানীৰাম দাসক নিৰ্বাসন দণ্ডৰপৰা মুকলি কৰি দিয়া হয়। মঙলদৈ জিলা গণ সংগ্ৰাম পৰিষদৰ সভাপতিৰ দায়িত্ব বহন কৰা পানীৰাম দাসৰ লগতে বৰ্তমান লোকসভাৰ সদস্য বিজয়া চক্ৰৱৰ্তীকো এই নিৰ্বাসন দণ্ডেৰে দণ্ডিত কৰা হৈছিল।

পানীৰাম দাস
সংগ্ৰামী পানীৰাম দাস

উল্লেখ্য যে, স্বাধীনতা সংগ্ৰামী পানীৰাম দাসে ব্যক্তিগত প্ৰচেষ্টা হাতত লৈ ১৯৭৫ চনৰ ৩০ মে’ তাৰিখে অসমৰপৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত কলাইগাঁও চহৰত ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। বিশিষ্ট স্বাধীনতা সংগ্ৰামী ৰত্নেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাত তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল।

পৰৱৰ্তী পৰ্যায়ত ১৯৭৬ চনত আন এখন সভা আৰু ১৯৭৯ চনৰ ১৭ এপ্ৰিল তাৰিখে মঙলদৈ চহৰৰ গান্ধী ময়দানতো এখন গণ-সমাৱেশ অনুষ্ঠিত কৰিছিল। জাতীয়তাবাদী নেতা গিৰিন বৰুৱা, জনাৰ্দন বেজবৰুৱা, ডঃ কালিনাথ শৰ্মা প্ৰমুখ্যে ব্যক্তিসকলে এই সমাৱেশত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত ১৯৭৯ চনৰেই ৮ জুনৰপৰা সদৌ অসম ছাত্ৰ সন্থাই বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত ঐতিহাসিক গণ-আন্দোলনৰ সূচনা কৰে।

অসম আন্দোলনত অংশগ্ৰহণ কৰাৰ অপৰাধত ১৯৮০ চনৰ ১৯ এপ্ৰিল তাৰিখে পানীৰাম দাসক নিবাৰক নিৰোধ আইন (Preventive Detention Act) অনুসৰি আটক কৰি মঙলদৈ, তেজপুৰ আৰু গুৱাহাটীৰ কাৰাগাৰত ৰাখিছিল। ১৯৪২ চনত দুবছৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত হোৱা পানীৰাম দাসক ১৯৮২ চনৰ ১২ মাৰ্চ তাৰিখে পুনৰ আটক কৰে আৰু ব্যক্তিগত বণ্ডত চহী কৰি মুকলি হ’বলৈ অস্বীকাৰ কৰাত এমাহৰ বাবে পুনৰ কাৰাবন্দী কৰিছিল।

উল্লেখ্য যে, নিবাৰক নিৰোধ আইন অনুসৰি তেজপুৰ জেইলত কাৰাৰুদ্ধ হৈ থকাৰ সময়তেই ১৯৮০ চনৰ ১৫ মে’ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে ‘তাম্ৰ পত্ৰ’ চৰকাৰক ওভতাই দিছিল।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: The Assam Maintenace of Public Act 1947
Anjan Sarma

Anjan Sarma

Related Posts

Why Should Women and Not Men Live With And Serve Their in-laws?
Special Report

Why Should Women and Not Men Live With And Serve Their in-laws?

by Kakali Das
March 8, 2026
0

Why Should Women and Not Men Live With And Serve Their in-laws? KAKALI DAS In India, we are  often told...

Read moreDetails
Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

Escalating War in Lebanon Deepens Civilian Suffering and Raises Fears of Wider Regional Conflict

March 7, 2026
The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
Sanctuary to Prison: Women’s Rights Under Taliban Rule!

Women in Afghanistan: A Squirrel Has More Rights than a Woman in Afghanistan

March 4, 2026
Holi2

Holi in Barpeta, Assam: A Symphony of Colors, Culture, and Devotion

March 4, 2026
“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

“Putin has already shown what kind of ally he is”: why Russia is not saving Iran and what to expect next

March 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

March 8, 2026
WOMEN: BE IN LOVE WITH YOURSELF

WOMEN: BE IN LOVE WITH YOURSELF

March 8, 2026
Why Should Women and Not Men Live With And Serve Their in-laws?

Why Should Women and Not Men Live With And Serve Their in-laws?

March 8, 2026
নাৰীৰ মানসিক স্বাস্থ্য 

নাৰীৰ মানসিক স্বাস্থ্য 

March 8, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    27988 shares
    Share 11195 Tweet 6997
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11053 shares
    Share 4421 Tweet 2763
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    110 shares
    Share 44 Tweet 28
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3506 shares
    Share 1402 Tweet 877
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    104 shares
    Share 42 Tweet 26
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4148 shares
    Share 1659 Tweet 1037
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • মিচিং সমাজ আৰু সংস্কৃতি

    3496 shares
    Share 1398 Tweet 874
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d