• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, January 31, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

পানীৰাম দাস আৰু তথাকথিত ‘স্বাধীন ভাৰত’ৰ প্ৰথম নিৰ্বাসন দণ্ড

পানীৰাম দাস

by Admin
December 10, 2022
in Politics, History, Justice, Special Report
Reading Time: 2 mins read
0
পানীৰাম দাস আৰু তথাকথিত ‘স্বাধীন ভাৰত’ৰ প্ৰথম নিৰ্বাসন দণ্ড
Share on FacebookShare on TwitterShare on LinkedIn

পানীৰাম দাস আৰু তথাকথিত ‘স্বাধীন ভাৰত‘ৰ প্ৰথম নিৰ্বাসন দণ্ড

অঞ্জন শৰ্মা
পানীৰাম দাস
সংগ্ৰামী পানীৰাম দাস

The Assam Maintenance of public Order Act, 1947 আৰু পানীৰাম দাস

‘অসম আন্দোলনৰ অসম্পূৰ্ণ ইতিহাস‘ গ্ৰন্হৰ পৰা :

অসমৰপৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলক বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত গঢ়ি উঠা শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক গণ-আন্দোলনটি দমন কৰিবলৈ ভাৰত চৰকাৰে বিভিন্ন সন্থা বিচাৰি উলিয়াই অসমত পৰীক্ষামূলক হিচাপে প্ৰয়োগ কৰিছিল।

RelatedPosts

Hate Speech: Turning the tide

Hate Speech: Turning the tide

January 31, 2023
Afghanistan: Humanitarians await guidelines on women’s role in aid operations

Afghanistan: Humanitarians await guidelines on women’s role in aid operations

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023

আৰক্ষী, চিআৰপিএফৰদ্বাৰা আন্দোলনকাৰীক গুলীয়াই হত্যা কৰা, বৰ্বৰভাৱে লাঠীচালনা কৰি আহত কৰা, বিভিন্ন ক’লা আইন প্ৰয়োগ কৰি কাৰাৰুদ্ধ কৰা আনকি চেন্সৰ প্ৰয়োগ কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদপত্ৰৰ স্বাধীনতাও হৰণ কৰিছিল।

এই আন্দোলনটি দমনৰ বাবে চৰকাৰৰ আজ্ঞাবাহী শীৰ্ষ প্ৰশাসনীয় বিষয়াসকল ব্যস্ত হৈ পৰিছিল ব্ৰিটিছ চৰকাৰে স্বাধীনতা আন্দোলন দমনৰ বাবে ৰচনা কৰা কুখ্যাত ক’লা আইনবোৰ বিচাৰি উলিওৱাত।

তেনে এখন ক’লা আইন হৈছে The Assam Maintenance of public Order Act, 1947।

এই আইনখনে ১৯৪৭ চনৰ ২৭ মাৰ্চ তাৰিখে ৰাজ্যপালৰপৰা অনুমোদন লাভ কৰিছিল। স্বাধীনতা সংগ্ৰামৰ সময়ত এই আইনখন কিমানজন স্বাধীনতা সংগ্ৰামীৰ ওপৰত প্ৰয়োগ কৰা হৈছিল, সেয়া নিশ্চিত কৰিবলৈ বিশেষ গৱেষণাৰ প্ৰয়োজন হ’ব।

কিন্তু স্বাধীনতাৰ পিছত অসম চৰকাৰে এই আইনখন প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰে ১৯৮২ চনত। তদানীন্তন দৰং জিলাৰ (তেজপুৰসহ) উপায়ুক্ত তথা এজন কৃতী প্ৰশাসনীয় বিষয়া হিচাপে খ্যাতি অৰ্জন কৰা অশোক কুমাৰ শইকীয়াই (পিছলৈ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ বিশেষ ঘনিষ্ঠ হোৱা) এই আইনখন বিচাৰি উলিয়াই প্ৰয়োগ কৰে তেওঁৰে অসমৰ ঘনিষ্ঠ, স্বাধীনতা সংগ্ৰামী পানীৰাম দাসৰ ওপৰত।

পানীৰাম দাস

এই আইনৰ আধাৰত জিলা দণ্ডাধীশ অশোক কুমাৰ শইকীয়াই জাৰি কৰা এক পৰোৱানা মৰ্মে মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কমলেশ্বৰ দত্তই ১৯৮২ চনৰ ৩ জানুৱাৰী তাৰিখে কলাইগাঁও নিৱাসী পানীৰাম দাসক মঙলদৈ চহৰত আটক কৰে আৰু সিদিনাই অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ভালুকপুঙৰ ঘন জংঘলত ‘নিৰ্বাসন দণ্ডেৰে’ দণ্ডিত কৰি নিশা ১ বজাত এৰি থৈ আহে।

তেতিয়াৰ নিৰ্জন ভালুকপুঙৰ অটব্য অৰণ্যৰ মাজতে নিশাটো কটাবলৈ বাধ্য হৈছিল স্বাধীনতা সংগ্ৰামীজন। পিছদিনা বালিপৰাৰ আৰক্ষী বিষয়া এজনে তেওঁক সাক্ষাৎ কৰি থকা-খোৱা আৰু নিৰাপত্তা ব্যৱস্থা প্ৰদানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা ল’ব পৰা নহ’ব বুলি অৱগত কৰে।

তেওঁৰ বৰপুত্ৰ জয়ন্ত কুমাৰ দাসে জনোৱা আৱেদন মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে ১৯৮২ চনৰ ১২ জানুৱাৰী তাৰিখে এক আদেশ যোগে জিলা প্ৰশাসনক তেওঁক ভালুকপুঙৰ পৰ্যটক নিৱাসত থকা-খোৱাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে আৰু ৰাজনৈতিক বন্দীৰ মৰ্যাদা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

উচ্চ ন্যায়ালয়ৰ আন এটি নিৰ্দেশ মৰ্মে ২৫ জানুৱাৰী তাৰিখে স্বাধীনতা সংগ্ৰামী পানীৰাম দাসক নিৰ্বাসন দণ্ডৰপৰা মুকলি কৰি দিয়া হয়। মঙলদৈ জিলা গণ সংগ্ৰাম পৰিষদৰ সভাপতিৰ দায়িত্ব বহন কৰা পানীৰাম দাসৰ লগতে বৰ্তমান লোকসভাৰ সদস্য বিজয়া চক্ৰৱৰ্তীকো এই নিৰ্বাসন দণ্ডেৰে দণ্ডিত কৰা হৈছিল।

পানীৰাম দাস
সংগ্ৰামী পানীৰাম দাস

উল্লেখ্য যে, স্বাধীনতা সংগ্ৰামী পানীৰাম দাসে ব্যক্তিগত প্ৰচেষ্টা হাতত লৈ ১৯৭৫ চনৰ ৩০ মে’ তাৰিখে অসমৰপৰা বিদেশী নাগৰিকৰ বহিষ্কাৰৰ দাবীত কলাইগাঁও চহৰত ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। বিশিষ্ট স্বাধীনতা সংগ্ৰামী ৰত্নেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই ৰাজহুৱা সভাত তিনিটা প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল।

পৰৱৰ্তী পৰ্যায়ত ১৯৭৬ চনত আন এখন সভা আৰু ১৯৭৯ চনৰ ১৭ এপ্ৰিল তাৰিখে মঙলদৈ চহৰৰ গান্ধী ময়দানতো এখন গণ-সমাৱেশ অনুষ্ঠিত কৰিছিল। জাতীয়তাবাদী নেতা গিৰিন বৰুৱা, জনাৰ্দন বেজবৰুৱা, ডঃ কালিনাথ শৰ্মা প্ৰমুখ্যে ব্যক্তিসকলে এই সমাৱেশত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পিছত ১৯৭৯ চনৰেই ৮ জুনৰপৰা সদৌ অসম ছাত্ৰ সন্থাই বিদেশী নাগৰিক বহিষ্কাৰৰ দাবীত ঐতিহাসিক গণ-আন্দোলনৰ সূচনা কৰে।

অসম আন্দোলনত অংশগ্ৰহণ কৰাৰ অপৰাধত ১৯৮০ চনৰ ১৯ এপ্ৰিল তাৰিখে পানীৰাম দাসক নিবাৰক নিৰোধ আইন (Preventive Detention Act) অনুসৰি আটক কৰি মঙলদৈ, তেজপুৰ আৰু গুৱাহাটীৰ কাৰাগাৰত ৰাখিছিল। ১৯৪২ চনত দুবছৰ সশ্ৰম কাৰাদণ্ডেৰে দণ্ডিত হোৱা পানীৰাম দাসক ১৯৮২ চনৰ ১২ মাৰ্চ তাৰিখে পুনৰ আটক কৰে আৰু ব্যক্তিগত বণ্ডত চহী কৰি মুকলি হ’বলৈ অস্বীকাৰ কৰাত এমাহৰ বাবে পুনৰ কাৰাবন্দী কৰিছিল।

উল্লেখ্য যে, নিবাৰক নিৰোধ আইন অনুসৰি তেজপুৰ জেইলত কাৰাৰুদ্ধ হৈ থকাৰ সময়তেই ১৯৮০ চনৰ ১৫ মে’ তাৰিখে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কাৰাগাৰ কৰ্তৃপক্ষৰ জৰিয়তে ‘তাম্ৰ পত্ৰ’ চৰকাৰক ওভতাই দিছিল।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: The Assam Maintenace of Public Act 1947
Admin

Admin

Related Posts

Hate Speech: Turning the tide
Special Report

Hate Speech: Turning the tide

by Admin
January 31, 2023
0

Hate Speech UN Online hate speech might seem like an unstoppable tide, but strategies are being employed by governments, civil...

Read more
Afghanistan: Humanitarians await guidelines on women’s role in aid operations

Afghanistan: Humanitarians await guidelines on women’s role in aid operations

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
চিলাৰায় ক’ত?

চিলাৰায় ক’ত?

January 31, 2023
selective focus photography of magazines

Ignorance is the real drug!

January 30, 2023
Indian Spirituality: Why is the West fond of it?

Indian Spirituality: Why is the West fond of it?

January 30, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Hate Speech: Turning the tide

Hate Speech: Turning the tide

January 31, 2023
Afghanistan: Humanitarians await guidelines on women’s role in aid operations

Afghanistan: Humanitarians await guidelines on women’s role in aid operations

January 31, 2023
Two years on from Myanmar military coup!

Two years on from Myanmar military coup!

January 31, 2023
“মে ডাম মে ফী “– এটি দৃষ্টি …

“মে ডাম মে ফী “– এটি দৃষ্টি …

January 31, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    411 shares
    Share 164 Tweet 103
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    235 shares
    Share 94 Tweet 59
  • লৈঙ্গিক অসমতা আৰু উত্তৰ আধুনিক সমাজৰ প্ৰতিক্ৰিয়া

    57 shares
    Share 23 Tweet 14
  • Russian authorities have begun the procedure for the denunciation of international treaties!

    57 shares
    Share 23 Tweet 14
  • তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

    84 shares
    Share 34 Tweet 21
  • অভিশপ্ত দুলীয়াজান: লিখিবলৈ ভাষা নাই

    74 shares
    Share 30 Tweet 19
  • The outsider and the Assamese language: Reflections on Baptist missionaries and baseball bats for bhaona

    40 shares
    Share 16 Tweet 10
  • ইংৰাজী-প্ৰীতিয়ে কঢ়িয়াই অনা মাতৃভাষাৰ সংকট

    87 shares
    Share 35 Tweet 22
  • কোচবিহাৰকো কিদৰে কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

    26 shares
    Share 10 Tweet 7
  • Hell on Earth: Russia is creating an ecological catastrophe in Ukraine

    88 shares
    Share 35 Tweet 22
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: