–প্ৰণৱ বড়া |
আপুনি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ৰাতিপুৱা চাহৰ লগত খোৱা বিস্কুটখনৰ পৰা আৰম্ভ কৰি, চাবোন-চেম্পু, প্ৰসাধন সামগ্ৰী, চকলেট, আইচক্ৰীম, টুথপেষ্টটোৰ লগতে আপুনি বজাৰৰপৰা কিনি অনা প্ৰায় ৫০% পেকেট খাদ্যত পাম তেল ব্যৱহাৰ কৰা হয় । আপুনি ব্যৱহাৰ কৰি ভাল পোৱা, L’Oreal ৰ লিপষ্টিকতো বা ক্ৰীমটোত পাম তেলৰ প্ৰধান উপাদান palmitic acid থাকে । গতিকে পাম তেলৰ চাহিদা আমিয়েই বৃদ্ধি কৰিছোঁ। সেই চাহিদা পূৰণৰ বাবে পাম তেলৰ খেতি কৰিবই লাগিব । যিহেতু মই বা আপুনি উপৰোক্ত সামগ্ৰীবোৰ দৈনন্দিন জীৱনৰপৰা বিয়োগ কৰিব নোৱাৰোঁ । এক তথ্য অনুসৰি, ভাৰত, চীন, ইণ্ডোনেছিয়া আৰু ইউৰোপৰ দেশসমূহেই পাম তেলৰ প্ৰধান উপভোক্তা । এজন ফ্ৰান্সৰ নাগৰিকে এবছৰত গড়ে ২ কেজি পাম তেল ব্যৱহাৰ কৰে যিটো এজন মানুহে ১৮ ৰপৰা ৭২ বছৰৰ জীৱনকালত ব্যৱহাৰ কৰিব লগা মুঠ চৰ্বিৰ ৬% ।
১৯৮০ ৰপৰা ২০১৪ চনলৈকে পাম তেলৰ উৎপাদন ৪.৫ মিলিয়ন টন ৰপৰা ৭০ মিলিয়ন টনলৈকে বৃদ্ধি হৈছে । ২০১৭ চনৰ অক্টোবৰ মাহলৈকে, এক তথ্যমতে কেৱলমাত্ৰ উদ্যোগিক খণ্ডৰ অধীনতে বিশ্বব্যাপী মুঠ ১৮.৭ মিলিয়ন হেক্টৰ ভূমি খণ্ডত পাম তেলৰ খেতি কৰা হৈছে ।
বিশ্বৰ মুঠ ৮৫% পাম তেলৰ যোগান ধৰা ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ হাবি-বননি আজি ধ্বংসৰ গৰাহঁত । কেৱলমাত্ৰ ২০০৫-২০১৫ চনৰ এই সময়ছোৱাত বিশ্বৰ ভিতৰতে তৃতীয় আৰু এছিয়াৰ সৰ্ববৃহৎ দ্বীপ বোৰ্নিঅ (Borneo) ৰ মুঠ বনাঞ্চলৰ প্ৰায় ৫০% সম্পূৰ্ণৰূপে ধ্বংস হৈ যোৱাৰ মূল কাৰণ হল পাম তেলৰ খেতি ।
জৈৱবৈচিত্ৰ্যত চহকী ক্ৰান্তীয় অঞ্চলসমূহ পাম তেলৰ খেতিৰ বাবে উপযোগী । আৰু এইবাবেই পাম তেলৰ খেতিয়ে জৈৱবৈচিত্ৰ্যৰ ওপৰত পোনপটীয়াকৈ বিয়োগাত্মক প্ৰভাৱ পেলাইছে । IUCN ৰ এক সমীক্ষামতে ১৯৩ টা প্ৰজাতিৰ Red List ত অন্তৰ্ভুক্ত হৈছে, আৰু ইয়াৰে ৫৪% স্তন্যপায়ী প্ৰাণী আৰু ৬৪% চৰাই । অকল সেইয়াই নহয়, সেই অঞ্চলৰ বনাঞ্চলসমূহ ধ্বংস কৰাৰ ফলত বৃহৎ পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আমাৰ পৰিৱেশত যোগ হৈছে ।
ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকৰদ্বাৰা Journal of Geophysical Research: Biogeosciences ত প্ৰকাশ পোৱা এক গৱেষণাত দাবী কৰিছে কৰিছে যে পাম খেতিৰ ফলত সেইঅঞ্চলৰ মানুহে অতি কমদিনৰ ভিতৰত খোৱাপানীৰ সংকটত পৰিব । পাম খেতি কৰিবৰ বাবে বছৰি ১৩০০ মিলিমিটাৰ বৰষুণৰ প্ৰয়োজন হয় । এজোপা প্ৰাপ্তবয়স্ক পাম গছক অকলেই দৈনিক ৩০০-৩৫০ লিটাৰ পানী প্ৰয়োজন হয় । গতিকে অনাগত দিনবোৰত পাম খেতিয়ে কেনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিব পাৰে আপুনি নিশ্চয় অনুধাৱন কৰিব পাৰিছে !!
•তেন্তে বিকল্প কি
জনসংখ্যা বিস্ফোৰণৰ ফলত ঠাইৰ অভাৱত খেতিৰ বাবে যে নিতৌ বনাঞ্চল ধ্বংস কৰিছে , সেইটো পুনৰবাৰ দোহৰাৰ প্ৰয়োজন নাই । কিন্তু ভাৰতৰ কেইখনমান ৰাজ্যৰ লগতে অসমতো বিশেষকৈ সৰিয়হ খেতিৰ বাবে বৰ উপযোগী । নদী কাষৰীয়া অঞ্চলসমূহৰ লগতে বাম ঠাই সমূহত সৰিয়হ ভাল উৎপাদন হয় । চৰকাৰৰ লগতে সমাজৰ আৰ্থিক ভাৱে সবল ব্যক্তিসকলে এইক্ষেত্ৰত পৰিকল্পনা কৰিলে অন্ততঃ পাম তেল মিহলি নকৰা খোৱা তেলখিনি যোগাৰ কৰিব পৰা যাব । পামতেলৰ মুঠ উপাদানৰ প্ৰায় ৫০% ই সংপৃক্ত চৰ্বী (যত ৪৪% পালমিতিক এচিড, ৫% ষ্টেৰিক এচিড আৰু কিছু পৰিমাণে মাইৰিষ্টিক এচিড) আৰু ৪০% একক অসংপৃক্ত চৰ্বী (Monounsaturated fat) অলিক এচিড, আৰু ১০% বহুঅসংপৃক্ত চৰ্বী (Polyunsaturated fat) লিন’লিক এচিড পোৱা যায় । চিকিৎসা বিজ্ঞানৰ তথ্যঅনুসৰি প্ৰয়োজনতকৈ বেছি সংপৃক্ত চৰ্বীয়ে হৃদৰোগজনীত সমস্যাৰ লগতে ষ্ট্ৰোক ঘটাব পাৰে । মেদবহুলতাও সংপৃক্ত চৰ্বীৰে দান । European Food Safety Authority চমুকৈ EFSA ৰ মতে উচ্চ উষ্ণতাত পাম তেল কৰ্কট সৃষ্টিকাৰী পদাৰ্থলৈ (Carcinogen) লৈ ৰূপান্তৰ হব পাৰে ।
এটা কথা নিশ্চিত যে, হঠাৎ পামখেতিৰ বিকল্প ব্যৱস্থা আমাৰ হাতত নাই । আন উদ্ভিদজাত তেলসমূহৰ তুলনাত পাম খেতি কৰি কম ঠাইত সৰহকৈ উৎপাদন পাব পাৰোঁ। দীৰ্ঘম্যাদী পৰিকল্পনা, দূৰদৰ্শী চিন্তাইহে আমাৰ বহনক্ষম উন্নয়নৰ পোখা মেলাত সহায় কৰিব ।
বিশিষ্ট জাৰ্মান মনোবিজ্ঞানী, দাৰ্শনিক Thomas Fuchs ৰ কথাৰে, “Humans are the only beings who can take responsibility for the world, there are no others.”