• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, October 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Nature

পাহৰণিৰ বুকুত বৰ্হমথুৰি

by Anjan Sarma
April 8, 2024
in Nature, Special Report
Reading Time: 3 mins read
0
পাহৰণিৰ বুকুত বৰ্হমথুৰি
Share on FacebookShare on TwitterShare on LinkedIn

পাহৰণিৰ বুকুত বৰ্হমথুৰি

সুমিত দাস

Sumit Das 1
সুমিত দাস

‘ ব্ৰহ্মপুত্ৰৰ পাৰৰে বৰ্হমথুৰি এজুপি

               আমিনো খৰি লুৰা ঠাই

  ব্ৰহ্মপুত্ৰ দেৱতা উটুৱাই নিনিবা

                তামোল দি মাতোতা নাই।’

পাহৰণিৰ বুকুত বৰ্হমথুৰি

         বিহুনামবোৰত উল্লেখ থকা গছবোৰৰ ভিতৰত বৰ্হমথুৰি এবিধ অন্যতম আপুৰুগীয়া উদ্ভিদ প্ৰজাতি। বৰ্হমথুৰি অসমীয়া সমাজ-সংস্কৃতিৰ সৈতে নিবিড়ভাৱে সম্পৰ্কিত।এসময়ত এই উদ্ভিদ প্ৰজাতি অসম মুলুকৰ হাবি-বননিবোৰত সুলভ আছিল।

সম্প্ৰতি অসমৰ কিছু হাবি-বননিত বৰ্হমথুৰি কম পৰিমানে বিস্তাৰিত হৈ আছে।বৰ্তমান সময়ত উজনি অসমৰ কিছু ঠাইত বৰ্হমথুৰিৰ উপস্থিতি পৰিলক্ষিত হৈছে। তিনিচুকীয়া জিলাৰ হাঁহখাটী,কুমচাং,কাকজান সংৰক্ষিত বনাঞ্চল,আপাৰ-দিহিং বনাঞ্চল আৰু দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বৰ্হমথুৰি গছ দেখিবলৈ পোৱা যায়।

     বৰ্হমথুৰি বিচিত্ৰ উদ্ভিদ জগতৰ মেগ্ন’লিয়েছি (Magnoliaceae) গোত্ৰৰ অন্তৰ্ভুক্ত।এই গোত্ৰৰ উদ্ভিদ প্ৰজাতিবোৰক উদ্ভিদবিজ্ঞানীসকলে প্ৰাচীন উদ্ভিদ বুলি গণ্য কৰিছে। উদ্ভিদৰ বৰ্গীকৰণ তত্ত্বৰ পথিকৃৎ বিজ্ঞানীসকলৰ অন্যতম আৰ্মেন তাক্তাজানে(Armen Takhtajan)এই গোত্ৰৰ উদ্ভিদক প্ৰাচীন গণ্য কৰি কেতবোৰ বৈশিষ্ট্য আগবঢ়াইছে।

জীৱাশ্মভিত্তিক সাক্ষ্যৰ ভিত্তিত ইহঁতৰ পৰাগৰেণু ,আভ্যন্তৰীণ গঠন আৰু পুষ্পৰ আকাৰ আৰু সজ্জা আদি চৰিত্ৰবোৰত প্ৰাচীন উদ্ভিদ শ্ৰেণীৰ সৈতে সাদৃশ্য বিদ্যমান।এই শ্ৰেণীৰ উদ্ভিদৰ পুষ্পবোৰ সাধাৰণতে অকলশৰীয়াকৈ সজ্জিত হৈ থাকে।

ফুলৰ পাহিৰ সংখ্যা সাধাৰণতে ৯ পৰা আৰম্ভ হয়। বৰ্হমথুৰিৰ পাহিবোৰ ৩ টা চক্ৰত সজ্জিত হৈ থাকে।ফুলত অসংখ্য পুংকেশৰ আৰু স্ত্ৰীকেশৰ থাকে।ফুলৰ বৰণ বগা আৰু তীব্ৰ সুঘ্ৰাণযুক্ত। পৰাগসংযোগ কাৰ্য মূলতঃ পতঙ্গৰ দ্বাৰাই সম্পন্ন হয়।

                  মেগ্ন’লিয়েছি(Magnoliaceae) গোত্ৰটো সপুষ্পক বা পুষ্পধাৰী উদ্ভিদৰ এটা ডাঙৰ গোট।গোলকীয় ভাৱে এই গোত্ৰৰ উদ্ভিদপ্ৰজাতিবোৰ পূৱ আমেৰিকাৰ ক্ৰান্তীয় অঞ্চলৰ পৰা নাতিশীতোষ্ণ অঞ্চল,পূৱ এছিয়া আৰু দক্ষিণ আমেৰিকাত বিস্তাৰিত হৈ আছে।

                           ভাৰতবৰ্ষ হৈছে প্ৰাকৃতিক সম্পদেৰে চহকী অঞ্চল। ইয়াত নানা তৰহৰ থলুৱা ( Endemic) আৰু বিপদাপন্ন (Threatened) জীৱপ্ৰজাতি পোৱা যায় ।

চীন, বাংলাদেশ, নেপাল, ভুটান, ম্যানমাৰ, মালয়েছিয়া, থাইলেণ্ড,ভাৰতৰ পূৱ হিমালয় অংশৰ পশ্চিম বংগ(দাৰ্জিলিং),ছিকিম আৰু উত্তৰ-পূৱ ভাৰতৰ অসম, অৰুনাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু মেঘালয়ত মেগ্ন’লিয়েছি (Magnoliaceae) গোত্ৰৰ অন্তৰ্ভুক্ত উদ্ভিদ প্ৰজাতিবোৰ বিস্তাৰিত হৈ আছে। এই গোত্ৰৰ উদ্ভিদবোৰ মূলতঃ গুল্ম আৰু বৃক্ষজাতীয়। এই গোত্ৰত লতাজাতীয় কিম্বা তৃণজাতীয় উদ্ভিদ প্ৰজাতি পোৱা নাযায়। 

পাহৰণিৰ বুকুত বৰ্হমথুৰি
Talauma Hodgsoni (syn. Magnolia Hodgsonii) from Illustrations of Himalayan plants (1855) by W. H. (Walter Hood) Fitch (1817-1892).

                                   Magnoliaceae গোত্ৰৰ অন্তৰ্ভুক্ত বৰ্হমথুৰি এবিধ মজলীয়া আকাৰৰ বৃক্ষ। এই আপুৰুগীয়া উদ্ভিদবিধক ইংৰাজীত হ’জ-চন মেগ্ন’লিয়া (Hodgson Magnolia) আৰু উদ্ভিদ বিজ্ঞানৰ পৰিভাষাত Magnolia hodgsonii(Hook.f.and Thomson)H.Keng বা Talauma hodgsonii Hook.f.and Thomson নামেৰে জনা যায়।

Barhamthuri বৰ্হমথুৰি4

বৰ্হমথুৰিক খাচীসকলে ডিং-চপ-ডেম (Dieng-soh-pydem), মণিপুৰীসকলে ওথুম আৰু মিকিৰ সকলে বৰমাথাৰি-আৰং বুলি কয়।মজলীয়া আকাৰৰ বৃক্ষবিধ সাধাৰণতে ১৫ মিটাৰ পৰ্য্যন্ত ওখ হোৱা দেখা যায়। বৰ্হমথুৰি চিৰহৰিৎ বনভূমিবোৰত পোৱা এবিধ গুৰুত্বপূৰ্ণ উদ্ভিদ।বৰ্হমথুৰিৰ ফুলবোৰ সুগন্ধি।

বৰ্হমথুৰিৰ পাতবোৰ দীঘলীয়া আৰু ডিম্ব-আকৃতিৰ।পাতৰ দৈৰ্ঘ্য ২০-৫০ চে:মি: আৰু প্ৰস্থ ১০-১৩ চে:মি পৰ্য্যন্ত হোৱা দেখা যায়।বৰ্হমথুৰি গছে এপ্ৰিল-মে’ মাহত পুষ্পধাৰণ কৰে।ফলবোৰ ১৩-১৫ চে:মি দীঘল।জুন-অক্টোবৰ মাহত ই বীজ ধাৰণ কৰি বীজ বিস্তাৰণ ক্ষমতা লাভ কৰে।

Barhamthuri বৰ্হমথুৰি5

 তাহানিৰ অসমীয়া সমাজ-জীৱনত বৰ্হমথুৰিৰ বিশেষ আদৰ আছিল। আজিৰ প্ৰজন্মৰ বহুতেই হয়তো বৰ্হমথুৰিৰ নাম শুনা নাই বা দেখাও নাই। আধুনিক প্ৰসাধন সামগ্ৰীৰ পয়োভৰ নঘটা তাহানিতেই জীয়ৰী-বোৱাৰীহতে ওঁঠত বৰ্হমথুৰিৰ থুৰ বা কুঁহিপাতৰ ৰসৰ ৰঙা বোল সানি লৈছিল।

অবাঞ্চিত হাৰত বনভূমি টুটি অহাৰ ফলত বৰ্হমথুৰিয়ে বিলুপ্তিৰ দিশে খোজ দিছে। প্ৰাকৃতিক অৱস্থাত বৰ্হমথুৰি গছবোৰক জীয়াই ৰাখিব পাৰিলেই ইয়াৰ সংৰক্ষণ সম্ভৱ হ’ব।

সুমিত দাস, ছাত্ৰ, উদ্ভিদ বিজ্ঞান বিভাগ।অৰুণাচল বিশ্ববিদ্যালয়।ফ’ন-৬০০০৫৭০১৬৩

Images from different sources

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Religion, Humanity, and the Search for Meaning
Religion

Religion, Humanity, and the Search for Meaning

by Kakali Das
October 17, 2026
0

Religion, Humanity, and the Search for Meaning KAKALI DAS Religion has shaped human civilization for thousands of years. It has...

Read moreDetails
The Forgotten Buffer: How foothill mining is fueling floods in North East India

The Forgotten Buffer: How foothill mining is fueling floods in North East India

October 16, 2026
Mahabahu Mirror: A Bold New Chapter in Climate Journalism

From the Brahmaputra to the Air We Breathe: Mahabahu Mirror and the Stories of a Changing Planet

October 15, 2026
How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?

How Neha Bora and a Disillusioned Generation Are Reimagining Indian Democracy?

October 15, 2026
Frankfurt Bookfair shows interesting trend: People Buy Stories and the Opportunity to Rediscover Themselves

Frankfurt Bookfair shows interesting trend: People Buy Stories and the Opportunity to Rediscover Themselves

October 15, 2026
The Age of the Influencers!

The Age of the Influencers!

October 13, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

MATERIAL CULTURE AND DISASTER PREPAREDNESS: PERSPECTIVES FROM ASSAM

October 17, 2026
Religion, Humanity, and the Search for Meaning

Religion, Humanity, and the Search for Meaning

October 17, 2026
Durga: As the Goddess of the East

Durga: As the Goddess of the East

October 17, 2026
পৰাশক্তিয়ে যেতিয়া মন্ত্রেৰে আত্ম প্রকাশ কৰে—ঋষিকা ৱাকদেৱীৰ “দেৱী সুক্তম্”

The Durga Story : Metaphors and Confusions

October 17, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    41847 shares
    Share 16738 Tweet 10462
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    5043 shares
    Share 2017 Tweet 1261
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19891 shares
    Share 7956 Tweet 4973
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4215 shares
    Share 1686 Tweet 1054
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4307 shares
    Share 1723 Tweet 1077
  • দুৰ্গা পূজা পালনৰ ইতিবৃত্ত

    735 shares
    Share 294 Tweet 184
  • NGT’s international conference: Climate Justice Must Move from the Courtroom to the Catchment

    75 shares
    Share 30 Tweet 19
  • Zubeen Garg : Radical Romanticism of an Irreverent Icon

    1232 shares
    Share 493 Tweet 308
  • World ‘at a crossroad’ as droughts increase nearly a third

    205 shares
    Share 82 Tweet 51
  • From Tradition to Transformation: Science Finds a New Home at Nagaon University

    66 shares
    Share 26 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
    • October 2026 – Vol-IV
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d