• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, March 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Literature

পাৰিজাত হৰণ আৰু নৰকাসুৰ বধ

অনন্ত কন্দলি

by Anjan Sarma
May 21, 2022
in Literature
Reading Time: 19 mins read
0
পাৰিজাত হৰণ আৰু নৰকাসুৰ বধ
Share on FacebookShare on TwitterShare on LinkedIn

পাৰিজাত হৰণ আৰু নৰকাসুৰ বধ

লেখক: অনন্ত কন্দলি

পাৰিজাত-হৰণ

                 ও

RelatedPosts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics

A Historical Inquiry into Climate and Environment in Assam

March 5, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026

          নৰকাসুৰ বধ ||

•অনন্ত কন্দলি দ্বাৰা ভণিত

শ্ৰীশিৱনাথ ভট্টাচাৰ্য্য দ্বাৰা

প্ৰকাশিত ৷

          ••••••••••••   •••••••••••

           ।শ্ৰীকৃষ্ণায় নমঃ।

             ।নৰকাসুৰ বধ।

 নমো ভাগবতে বাসুদেবায়।

কৃষ্ণৰ চৰিত্ৰ চয়, সাক্ষাতে অমৃত ময়,

 শুনা মহাৰাজা পৰিক্ষিত।

পুনঃ কৃতাঞ্জলি ধৰি, চৰণে প্ৰণাম কৰি,

 শুদ্ধ ভাৱে পুছিলা ঋষিত॥

যেন মতে নৰকক, বৰিলন্ত নাৰায়ণ,

 বিহা কৰিলন্ত কন্যাগণ।

ইটো কথা গুৰু মোত, কহিওক শুনিবাক,

 পৰম আনন্দ কৰে মন॥ ১॥

শুকমুনি নিগদতি, শুনিয়োক কুৰুপতি,

 দেবে সমে আসি পুৰন্দৰ।

হৰিৰ চৰণে পৰি, প্ৰণামি কাতৰ কৰি,

 কৃতাঞ্জলি কৰিলা বিস্তৰ॥

শুনিয়োক যদুৰাজ, কহিবাক লাগে লাজ,

 কেন মতে আছো জীব ধৰি।

অদিতী মাতৃৰ মোৰ, কৰ্ণৰ কুণ্ডল দুই,

 দাৰুণ নৰকে নিলে হৰি॥ ২॥

বৰুণৰ ছত্ৰধৰ, হৰি নিলে দুৰাচাৰ,

 আৰে মণি পৰ্ব্বত দেৱৰ।

যতেক সুন্দৰি নাৰী, সবে নিয়া আছে হৰি,

 প্ৰতিকাৰ কৰা দামোদৰ॥

তুমিসে দেৱৰ প্ৰাণ, বাৰে বাৰে কৰে ত্ৰাণ,

 তুমি বিনে নাথ নাহি আৰ।

হেন শুনি নাৰায়ণে, বাসৱক বুলিলন্ত,

 যাওক কৰিব প্ৰতিকাৰ॥ ৩ ॥

কৃষ্ণক প্ৰণাম কৰি,  পুৰন্দৰ গৈলা লৰি,

 কৃষ্ণৰ চৰণে ৰঙ্গমনে।

সত্যভামা সমন্বিতে, নৰক ৰধিবে প্ৰতি,

 পাছে চলি গৈলা নাৰায়ণে॥

শুনা শুদ্ধ বুধ জন, দেৱ দেৱ জনাৰ্দ্দন,

 ভকতৰ হেতু অৱতাৰ।

ছিণ্ডোক পাতক জৰি, ডাকি বোলা হৰি হৰি,

 অনন্ত কন্দলি কহে সাৰ॥ ৪॥

।পদ।

সত্যভামা সমে আৰোহিলা গৰুড়ক।

চলিল মাধৱ প্ৰাগ্‌জ্যোতিষ পুৰক॥

গোচৰিলে ইন্দ্ৰে সত্যভামাৰ মন্দিৰে।

এতেকে কৌতুকে তাঙ্ক নেন্ত দামোদৰে॥৫

আৰু হেন ইতিহাস কথা আছি শুনি।

যৈসানি বৰাহে তুলি আনিলা ধৰণী॥

সিকালত অশুচি আছিল বসুন্ধৰী।

তাহান পৰশে কামাতুৰ ভৈল হৰি॥ ৬॥

তেখনে বৰাহে তাঙ্ক কৰিলা শৃঙ্গাৰ।

কৃষ্ণৰ বীৰ্য্যে পৃথিবীৰ ভৈলেক কুমাৰ॥

সেহিটো নৰকাসুৰ ভৈলেক দুৰ্জ্জয়।

সেহি বেলা বসুমতি বুলিলা বিনয়॥ ৭ ॥

ৰজস্বলা কালে প্ৰভু কৰিলা শৃঙ্গাৰ।

এহি দোষে পুত্ৰ প্ৰভু হৈবে দুৰাচাৰ॥

তথাপিতো তাক নবধিবা নাৰায়ণ।

মোক যেবে দয়া আছে কমল নয়ন॥ ৮॥

হেন শুনি হাঁসি হৰি বুলিলা বচন।

নবধিবো ইটো যদি ৰাখে সাধুজন॥

নুহি যেবে মহন্তক কৰে অপকাৰ।

তোমাক কহিয়া তেবে কৰিবো সংহাৰ॥ ৯ ॥

সেহি বৰ ছিদ্ৰ আসি ভৈলা উপসন্ন।

নৰকক বধিবাক কৰিল যতন॥

পৃথিবীৰ অংশে সত্যভামা উতপতি।

এতেকেসে লগে লৈয়া গৈলা লক্ষ্মীপতি॥ ১০॥

আৰু হৰি বংশে হেন কথা আছে শুনি।

পাৰিজাত পুষ্প গোট আনি দেৱ মুনি॥

কৃষ্ণক দিলা আনি পৰম উৎসৱে।

সেহি পুষ্প ৰুক্মিণীক পিন্ধাইলা মাধৱে॥ ১১ ॥

হেন শুনি সত্যভামা ভৈল ৰুষ্ট মন।

মাধৱত ৰোষে অতি কৰিল ক্ৰন্দন॥

সেহি বেলা প্ৰবোধ বুলিলা চক্ৰপাণি।

নাকান্দিবা পাৰিজাত গছ দিবো আনি॥ ১২॥

সেহি অঙ্গীকাৰ পালিবাক দেৱ হৰি।

তাতে সত্যভামাক নিলন্ত সঙ্গে কৰি॥

নৰকৰ গঢ় অতিশয় বৰ টান।

তাতেসে গৰুড়ে চড়ি কৰিল প্ৰয়াণ॥ ১৩॥

গৰুড়ৰ স্কন্ধে প্ৰকাশন্ত দেৱ হৰি।

বামে সত্যভামা দেবী পৰমা সুন্দৰী॥

পাঞ্চ জন্য শঙ্খক ফুঙ্কিলন্ত নাৰায়ণে।

আকাশত জয় জয় কৰে দেৱগণে॥ ১৪॥

নৰকৰ ৰাজ্য যাই পাইল দামোদৰ।

পৰম সঙ্কট তাৰ দুৰ্গম নগৰ॥

পৰ্ব্বতৰ গঢ়ে আছে চতুষ্পাশে বেড়ি।

তাহাৰ ভিতৰে অস্ত্ৰ গবে আছে যুৰি॥ ১৫॥

বায়ুক ছৰাই আৰু আছে এক গৰ।

ছয় পাশে জালা গান্ঠি আছে দৃঢ়তৰ॥

তাহাৰ ভিতৰে আছে নৰক দুৰ্জ্জয়।

দেখি সত্যভামাক বুলিলা কৃপাময়॥ ১৬॥

দেখিয়ে সুন্দৰী কেন নৰকৰ গৰ।

আতে থাকি পাপী কাকো নকৰয় ডৰ॥

অদিতী মাতৃৰ কাঢ়ি আনিল কুণ্ডল।

জগতৰে অপকাৰ কৰিল নিস্খল॥ ১৭॥

মাতৃৰ কুণ্ডল নিবো বধিয়া ইহাক।

পাৰিজাত পুষ্প আনি দিবোহো তোমাক॥

হেন শুনি সত্যভামা বুলিলা বচন।

বধিয়ো দুষ্টক সত্য কৰিও ৰক্ষণ॥ ১৮॥

সাম্ফলিলা হৰি পৃথিবীৰ বচনক।

তযু আজ্ঞাতেসে বধিবোহো নৰকক।

ভকত-বৎসল প্রভু দেৱ নাৰায়ণ।

কোন কালে নাসাধায় ভক্তৰ বচন॥ ১৯॥

সত্যভামা বসুমতি দিলা অনুমতি।

গদাধৰি যুদ্ধক সম্মুখ যদুপতি॥

গদাৰ প্রহাৰে ভাঙ্গি পৰ্ব্বতৰ গৰ।

অস্ত্ৰৰ যন্ত্রক অস্ত্রে নিল যম-ঘৰ॥ ২০ ॥

চক্র হানি বায়ু জল অগ্নিক শুষিলা।

খড়্গৰ প্ৰহাৰে ছয় পাশক ছেদিলা॥

পাঞ্চজন্য শঙ্খ ধ্বনি কৰি অতিশয়।

ভেদিলা সকল আনাে গৰ অস্ত্ৰচয়॥ ২১॥

গদাৰ প্ৰথাৰে ভাগিলন্ত গৰদ্বাৰ।

শঙ্খৰ ধ্বনিতে চিত্ত কাম্পিল সবাৰ॥

যুগান্ত কালৰ যেন বজ্ৰৰ আস্ফাল

শুনি মুৰ দানবৰ লড়িল কম্পাল ॥ ২২॥

পৰিখা জলত সিটো আছিলেক শুই ৷

চক্‌খায়া উঠি বসিলন্ত গিড়িশাই॥

কোনে জগাইলেক বুলি গর্জ্জয় অপাৰ।

তাহাক মাৰিয়া মই কৰিবো সংহাৰ॥ ২৩॥

প্রলয় কালৰ সূৰ্য্য অগনি পৰায় ।

শুলপাত ধৰি আছে চাহন নাযায়॥

পঞ্চ গােটা শিৰ তাৰ অনল পৰায়৷

তিনিও লােকক যেন গিলে সমুদায়॥ ২৪॥

গর্জন্তে খেদিয়া আসি পায়া মাধৱক।

যেন সর্প গােটে আসি ধাইল গৰুড়ক॥

গৰুড়ক লাগি কোপে প্ৰহাৰিল শূলে।

পাঞ্চ মুখে আটাসেক দিলা কৌতুহল॥ ২৫॥

দশে দিশ বসুমতি আকাশ পুৰিল।

চণ্ড নাদে ব্ৰহ্মাণ্ডৰ কটাহ লড়িল॥

জগত কম্পিল তাৰ শুনি মহানাদ।

বিস্ময়ে বোলন্ত কিনো মিলিল প্ৰমাদ॥ ২৬॥

মাধৱে দেখন্ত খেদি আসে তাৰ শূল।

প্ৰণয়ৰ বহ্ণি যেন জ্বলে আগ মূল॥

গৰুড়ত পড়ে হেন দেখি আথে বেথে।

দুই শৰে তিনি খণ্ড কৰিলা বাটতে॥ ২৭॥

পাঞ্চ গোট মুখ মেলি আসে দুৰাচাৰ।

এক শত শৰ হৰি কৰিল প্ৰহাৰ॥

কুৰি কুৰি শৰে তাড়িলন্ত প্ৰতি মুখে।

পাছে মুৰ গদা মাৰিলন্ত বড় দুঃখে॥ ২৮॥

থেদি আসে গদা দেখিলন্ত গদাধৰে।

নিজ গদা ধৰি তাৰিলন্ত দৃঢ়তৰে॥

সহস্ৰেক খণ্ড হুয়া গদা চুৰ ভৈলা।

দেখি মূৰ দানৱ ক্ৰোধতে জ্বলি গৈল॥ ২৯॥

চায়ে আগ পাছ কিছু অস্ত্ৰ শস্ত্ৰ নাই।

দশখান হাত মেলি ধৰিবাক যায়॥

খেদি আসে দেখি চক্ৰ মাৰিল মুৰাৰি।

পাঞ্চ গোট শিৰ ছেদিলন্ত লীলাকৰি॥ ৩০ ॥

গিৰি শৃঙ্গ ভাঙ্গিলেক বজ্ৰে যেন মতে।

গৈল প্ৰাণ ছাৰি, বীৰ পৰিল জলতে॥

পৰ্ব্বত আকাৰ দেহা পৰিল নিঢালে।

হুল স্থুল লাগি গৈলা পৃথিবী পাতালে॥ ৩১

কৃষ্ণত চক্ৰত মুৰ পড়িলেক যেবে।

সাত গোট পুত্ৰে তাৰ শুনিলেক তেবে॥

পিতৃ বধ শুনি শোকে শালিল হৃদয়।

কৃষ্ণক যুজিবে সবে কৰিল নিশ্চয়॥ ৩২॥

তাম্ৰ, অন্তৰীক্ষ, বসু, নভস্মান, শ্ৰবণ।

বিভাবসু, বৰুন অসুৰ সাতোজন॥

পিঠ নামে সেনাপতি তাক আগকৰি।

নৰকৰ আদেশে লড়িল দড়দড়ি॥ ৩৩॥

অস্ত্ৰধৰি যুদ্ধত ভৈলেক অগ্ৰসৰ।

কৃষ্ণক বেড়িয়া কৰে শৰৰ প্ৰহাৰ॥

মহা ক্ৰোধে দৃষ্টি বেড়ি কৰে শৰ বৃষ্টি।

শূল শক্তি গদা জাঠি হানে ক্ৰোধ দৃষ্টি ॥ ৩৪॥

ঢাকিলেক শৰে নাদেখিয়া নিৰন্তৰ।

দেখিয়া সাৰঙ্গ ধৰি ধাইলা দামোদৰ॥

নিজ শৰে ঢাকি অসুৰৰ শৰ মানে।

তিল সম কৰি কাটিলন্ত তেতিক্ষণে ॥ ৩৫॥

পিঠ আদি কৰি যত যুঝে বীৰগণে।

একে বাৰে সবাকো তাৰিল নাৰায়ণে॥

হাত পাৱ শিৰ কন্ধ ছেদিল শৰীৰ।

সবেও মৰিয়া গৈল যমৰ মন্দিৰ॥ ৩৬।।

নৰকে দেখিলা মোৰ সেনাপতি মানে।

মাধৱৰ শৰে সব গৈল যম থানে॥

কোপে অপমানে তাৰ নসহে শৰীৰ।

কৃষ্ণক যুঝিবে চলি গৈল মহা বীৰ॥ ৩৭॥

ঐৰাৱত হস্তীৰ বীৰ্য্যত ভৈলা জাত।

চন্দ্ৰসম শুক্লবৰ্ণ পৰ্ব্বত সাক্ষাত॥

সবে চতুৰ্দ্দন্ত হৃষ্ট পুষ্ট মহাবলী॥

চাৰিধিক ষষ্টি গোট হস্তী গৈল চলি॥ ৩৮॥

সবে মদমত্ত, মদ জলে নদী বহে।

চলিল নৰকাসুৰ যুদ্ধক উৎসাহে॥

আনো অসংখ্যাত হয় হস্তী সেনা ৰথ।

নৰকক বেড়ি সবে চলিল আগত॥ ৩৯॥

মাধৱক যাই সবে দেখিল ৰণত।

চৰিয়া আছয় হেমময় গৰুড়ত॥

বামে সত্যভামা সতী কৰন্ত প্ৰকাশ৷

হাতত সাৰঙ্গ গদা মুখে অল্প হাস॥ ৪০॥

সূৰ্য্যসম কৰে যেন দেখিয়া শোভন।

থিৰ বিদ্যুতিকা সমে যেন মেঘগণ॥

ত্ৰৈলোক্য মোহন হৰি মূৰতি মধুৰ।

দেখি ক্ৰোধে কাম্পে অতি অধিকে অসুৰ॥ ৪১॥

দান্ত কামুড়িয়া মহা গজ-স্কন্ধে চৰি।

মাধৱক শকতি হানিল দৃঢ় কৰি॥

তাৰ লগে বাৰ যত আহল সুঝিবাক।

সবে এক জোপে মাৰিলেক শৰ ঝাক॥ ৪২॥

দেখিয়া ঈষৎ কৰে দেৱ দামোদৰে।

সমস্তে অস্ত্ৰক ছেদিলন্ত নিৰন্তৰে॥

নৰকৰ লগে সেনা আসি আছে মানে।

একেবাৰে সবাকো ভেদিলা নাৰায়ণে॥ ৪৩ ॥

চিত্ৰ বিচিত্ৰ সব মাধৱৰ শৰ।

বিচিত্ৰ পখাই ছাই আছে মনোহৰ॥

ক্ষুৰতো অধিক শৰ বায়ুবেগে ছুটি।

উৰু শিৰ কাটি কাটি ফুটে চট ছটি॥ ৪৪॥

হাত পাৱ গাৱ সব পেলাইলেক ছেদি।

সেনাৰ শোণিতে যেন বহি যায় নদী॥

তিলেকতে হয় হস্তী ৰথ সেনা যত।

চুৰ্ণাকৃত ভৈলা সবে কৃষ্ণৰ শৰত॥ ৪৫॥

যত অস্ত্ৰ শস্ত্ৰ প্ৰহাৰয় বীৰ গণে।

আপোনাৰ তীক্ষ্ণশৰ হানি নাৰায়ণে॥

একো একো শৰক কৰিল তিনি খান।

নৰকৰ দেখি আতি কম্পি গৈল প্ৰাণ॥ ৪৬॥

চাৰি ধিক বাটি গোটা হস্তী মদমত্ত।

নৰকক ঢাকি সবে যুঝয় আগত॥

খেদি গৈলা গৰুড়ে দিলন্ত পখা ছাত।

ৰতিহত হুয়া বাজু ভাঙ্গিদিলে ফাট॥ ৪৭॥

মুণ্ডে তুণ্ডে তীক্ষ্ণ নখে কৰিল বিদাৰ।

চিৱৰিয়া হস্তী গণে দেখি অন্ধকাৰ॥

মাহুতক পেলাই সবে পশিলা নগৰ।

যুদ্ধত নৰক থাকি গৈলা একেশ্বৰ॥ ৪৮॥

আপোনাৰ সেনা যত পলাইল সকল।

গৰুড়ৰ ছোটে হস্তী তেখনে পলাইল॥

দেখি নৰকৰ ক্ৰোধ জ্বলি গৈলা অতি।

গৰুডক মাৰিলেক প্ৰচণ্ড শকতি॥ ৪৯ ॥

ইন্দ্ৰৰ বজ্ৰকো যিটো কৰি আছে হত।

হেনয় শকতি পড়ি গৈল গৰুড়ত॥

কৃষ্ণৰ বাহন পক্ষী ততো নকম্পিল।

প্ৰমত্ত হস্তীক যেন হানিলেক সাল॥ ৫০॥

কিছুয়ে নভৈল দেখি নৰক আকুল।

ক্ৰোধে মাধৱক লাগি হানিলেক শূল॥

নতু শূল প্ৰহাৰন্তে প্ৰভু নাৰায়ণে।

চক্ৰ হানি শিৰ ছেদিলন্ত তেতিক্ষণে॥ ৫১॥

কিৰীটী কুণ্ডলে সুমণ্ডিত সিটো শিৰ।

পৃথিবীত পড়ি অতি পকাশে ৰুচিব॥

হাহাকাৰ শবদে উঠিল নিজ পুৰে।

দেবগণে আনন্দ কৰন্ত স্বৰ্গ পূৰে॥ ৫২॥

মৃদঙ্গ দুন্দুভি শঙ্খ শবদ তুমুল॥

জয় কৃষ্ণ বলিয়া সিঞ্চয়ে দেৱে ফুল॥

ইন্দ্ৰ আদি দেৱগণে কৰিলন্ত স্তুতি।

তোমাৰ প্ৰসাদে প্ৰভু গুচিল দুৰ্গতি॥ ৫৩॥

পুত্ৰৰ মৰণ পাছে দেখিয়া ধৰণী।

নকৰিল শোক মাধৱৰ ইচ্ছা জানি॥

ভগদত্ত নামে তান আছে নাতি খানি।

কৃষ্ণক ভেণ্টাইতে তান আসিল আপুনি॥ ৫৪

অদিতীৰ দুতয় কুণ্ডল লৈলা শান্তি।

মহাৰত্নে জ্বলিলন্ত কৰি অতি কান্তি॥

মাধৱক লাগি লৈলা দিব্য বনমালা।

নাতি আগ কৰি ধীৰে ধীৰে চলিগৈলা॥৫৫॥

কতোদুৰে কৃষ্ণক দেখিয়া মহাসতী।

দণ্ডৱতে পৰি অতি কৰিল কাকুতি॥

ধীৰে ধীৰে কৃষ্ণৰ পাশক গৈলা চলি।

দিলন্ত কুণ্ডল দুই কৰি কৃতাঞ্জলি॥ ৫৬॥

পুনঃ প্ৰণামিয়া ভেন্টিলেক বনমালা।

অনন্তৰে বৰুণৰ ছত্ৰ নিবেদিলা॥

দেৱৰ ক্ৰীড়াৰ থান মন্দৰ শিখৰ।

নিবেদিলা আৰু মহামণি মনোহৰ॥ ৫৭॥

মাধৱক দেখি সঙ্কোচিত কৰি কায়।

আৰম্ভিলা স্তুতি মাধৱৰ পদ চাই॥

একান্ত ভকতি ভাৱে মন কৰি থিৰ।

আঞ্জলি কৰিয়া বিনাৱন্ত ধীৰে ধীৰে॥ ৫৮॥

শুনা সভাসদ মহা ভাগৱত পদ।

এৰা মদ গব্ব সবে হোৱা নিশবদ॥

কৃষ্ণৰ চৰিত্ৰ শুনিওক সাৱধানে।

দুষ্ট ভৈলে পুত্ৰকো মাৰন্ত নাৰায়ণে॥ ৫৯॥

হেন জানি দুষ্টক নকৰা ভয় মন৷

দুষ্টৰ ওপৰে জানা আছে নাৰায়ণ॥

কৃষ্ণৰ চৰণে মাত্ৰ কৰিও ভকতি।

কৃষ্ণ বিনে আছে কোন অগতিৰ গতি॥৬০॥

পৰমাত্মা কৃষ্ণ আছা সবাৰো হৃদিত।

কৃষ্ণ বিনে আন কেহো নপাৰে খণ্ডিত॥

অনন্ত কন্দলি ভনে তেজা সবে ভয়।

ডাকি ৰাম হৰি বোলা পাপ হৌক ক্ষয় ॥ ৬১॥

পৃথিবী বদতি দেৱ, দেৱে যাক কৰে সেৱ,

 নমো শঙ্খ চক্র গদা ধৰ।

প্রণামো পঙ্কজ-নাভ, জগত কাৰণ প্ৰভু,

 সংসাৰৰ তাপ ভয় হৰ।

প্ৰনামো পঙ্কজ নেত্র, প্রনামো পঙ্কজ সম,

 চৰণ যুগল ৰুচিকৰ৷

প্রনামো পৰমানন্দ, জগত কাৰণ প্ৰভু,

 প্রনামো পঙ্কজ-মালা ধৰ॥ ৬২॥

নমাে দেৱ ভগৱন্ত, সমস্ত ঐশ্বৰ্য্যমন্ত,

 নমো বাসুদেৱ সৰ্ব্বাশ্ৰয়।

নমাে বিষ্ণু পুৰুষাৰ, আদি অন্ত নাই যাৰ,

 নমাে পূর্ণ বােধ সত্য ময়॥

নমো অজ নিৰঞ্জন, জনক জগতাত্মন,

 নমাে ব্রহ্মা অনন্ত শকতি।

কাৰ্য্য কাৰণত মন, অন্তর্য্যামী নিৰঞ্জন,

 নমাে ভকতৰ মুখ্য গতি॥৬৩॥

তুমিসে ঈশ্বৰ কাল, প্রকৃতি পুৰুষ ৰূপ,

 ৰজোগুণ ধৰাহা সৃজিত।

সংহৰিতে তমো গুণ, ধৰা তুমি বাৰে বাৰ,

 সত্ব ধৰা জগত পালিত॥

মই মহীজন জ্যোতি, অনিল আকাশ আতি,

 ইন্দ্ৰৰো দেৱতা মাত্ৰ গুণ॥

অহঙ্কাৰ মহতত্ব, এহি চৰাচৰ যত,

 তোমাতেসে দেখি ভ্ৰমগণ॥৬৪॥

একে ব্ৰহ্ম মাত্ৰ তুমি, ভকত জনৰ স্বামী,

 অনাথৰ নাথ নাৰায়ণ।

নাজানে ভকতি স্তুতি, কেৱল কৰোহোনতি,

 জানি মোক দিওক শৰণ॥

পুত্ৰকো বধিলা হৰি, সিতো দুষ্ট গৈলা মৰি,

 তাত কিছু নাহি মোৰ শোক।

তাৰে এহি পুত্ৰ খানি, তোমাতে ভেণ্টাইলো আনি,

 প্ৰভু আবে আক পালিওক॥ ৬৫॥

চৰণ পঙ্কজে পৰি, হেৰা প্ৰাণ নাথ হৰি,

 নাতি এৱে পশিলো শৰণ।

নকৰিও বুদ্ধি ভেদ, গুচাওক হৃদি খেদ,

 পালিওক কমল নয়ন॥

ইহাৰ শিৰত নাথ, দিওক পঙ্কজ হাত,

 তেবেসে বুড়ায় মোৰ প্ৰাণ।

কটাক্ষ নয়নে চায়া, কৰিও অপৰ দয়া,

 গুচোক ইহাৰ দুখ মন॥৬৬॥

শুক নিগদতি, সুভদ্ৰাৰ নাতি,

 শুকনিওক পৰিক্ষিত।

পৃথিবী হেন, কৰুণা শুনিয়া,

 কৃষ্ণৰ দ্ৰবিল চিত্ত॥

নাহি ভয় বুলি, হাসি বনমালি,

 কৰিল বহু আশ্বাষ।

ভগদত্ত মাথে, নিয় নিজ হাতে,

 আশ্বাসি জগ নিবাস॥৬৭॥

ভূমিক অভয়, দিলা কৃপাময়,

 পশিলা অন্তষ পুৰ।

নৰক ৰাজাৰ, গৃহ জাতিষ্কাৰ,

 প্ৰকাশে ৰত্ন প্ৰচুৰ॥

দেৱা সুৰ সিদ্ধ, গন্ধৰ্ব্ব ৰাজাৰ,

 নবীন দিব্য কুমাৰী।

শতধিক ষোল, হাজাৰ কুমাৰী,

 নৰকে আনিছে হৰি॥ ৬৮॥

অন্তেষ পুৰত, থৈয়া আছে তাক,

 অনেক অতি যতনে।

সিতো কন্যাগণে, কৃষ্ণকেসে চিন্তি,

 বৰি আছে স্বামী মনে॥

তাসম্বৰ এক, ভকতি জানিয়া,

 ভকত বৎসল হৰি।

নিজ কৃপাগুণে, প্ৰবেশ ভৈলন্ত,

 মধুৰ মুৰুতি ধৰি॥ ৬৯॥

দেখি কন্যাগণ, চকিত নয়ন,

 উঠিলন্ত তাৱক্ষণে।

দণ্ডৱতে পৰি, নমস্কাৰ কৰি,

 চাহি আছে ৰঙ্গ মনে॥

সজল জলদ, তনু মনোহৰ,

 শোভে চাৰু পীত বাস।

কমল নয়ন, প্ৰসন্ন বদন,

 প্ৰকাশে ঈশত হাস॥ ৭০॥

কিৰীটি কুণ্ডল, কৰে ঝল মল,

 চৰণে নুপুৰ ঘোষ।

জগত-মোহন, ভুবন বন্দন,

 দেখন্তে মিলে সন্তোষ।

কৃষ্ণৰ স্বৰূপ, চৰিত্ৰ দেখিয়া,

 মনে গুণে কন্যাগণে॥

কিনো পূণ্য হেন, আমাৰ মিলিল,

 আসিল কৃষ্ণ আপুনে॥ ৭১॥

পৰম অৰিষ্ট, প্ৰাণ দেৱ কৃষ্ণ,

 মিলাইল বিধি আনিয়া।

হেন কৃষ্ণ আবে, স্বামী হোৱন্তোক,

 কৰিওক আবে দয়া॥

স্বপ্নে জ্ঞানে যেবে, ইহাঙ্কেসে আমি,

 বৰি আছো স্বামী কৰি।

তেবে দাসি কৰি, আমাক এখনে,

 নেহন্তোক প্ৰাণ হৰি॥৭২॥

কৃষ্ণ হৈবা স্বামী, কৃষ্ণ হৈবা স্বামী,

 এহি বুলি গাৱে গাৱে।

সকল সুন্দৰী, হৃদয়ত ধৰি,

 বুলিলন্ত ভাৱে ভাৱে॥

তাসম্বাৰ হেন, বিনয় দেখিয়া,

 তুষ্ট ভৈল শ্ৰীনিবাস।

কটাক্ষ নয়নে, হাসিত বদনে,

 কৰিল প্ৰভু আশ্বাস॥ ৭৩॥

নানা দিব্য বস্ত্ৰ, অলঙ্কাৰ যত,

 দিলন্ত কৃষ্ণে সবাক।

মহা চতুৰ্দ্দোলে, মাধৱে সবাক,

 পঠাইলন্ত দ্বাৰকাক॥

শতাধিক ষোল, হাজাৰ কুমাৰী,

 চলি গৈল চতুৰ্দ্দোলে৷

দিব্য অলঙ্কাৰ, তনু জাতিষ্কাৰ,

 তাৰাগণ যেন চলে॥ ৭৪॥

মহাৰত্ন যত, ধন অসংখ্যাত,

 ভণ্ডাৰৰ ভাল চাই।

ৰথ গজ বাজী, দ্বাৰকাক লাগি,

 দিলন্ত কৃষ্ণে পঠাই॥

ঐৰাৱত বংশে, উপজিল যিতো,

 সব শুৰু চতুৰ্দ্দন্ত।

চাৰি ধিক যাঠি, ময়মত্ত হস্তী,

 তাকো কৃষ্ণে পঠাইলন্ত॥

অনন্তৰে দেৱ হৰি, গৰুড় স্কন্ধত চৰি,

 সত্যভামা দেবী সমম্বিতে।

কুণ্ডল দিবাক প্ৰতি, চলি গৈলা অম্ৰাৱতী,

 ইন্দ্ৰৰ মন্দিৰে উপস্থিত॥

হেম দেখি দেৱগণ, ইন্দ্ৰ সমে আসি তথা,

 কৃষ্ণক পুজিলা বিধিৱতে।

কৰিলা অনেক স্তুতি, নিস্তাৰিলা যদুপতি,

 চৰণত পৰি দণ্ডৱতে॥ ৭৬॥

ইন্দ্ৰক আশ্বাষি হৰি, অদিতীৰ গৃহে চলি,

 গৈলা দেৱগণ সমন্বিতে।

মাতৃক প্ৰণাম কৰি, কুণ্ডল দিলন্ত হৰি,

 দেখি দেৱ ভৈলা সচকিত॥

আতি আথ বেথ কৰি, কৃষ্ণক সাবতি ধৰি,

 প্ৰেমে আকুলিত হুৱা মন।

নয়নৰ বহে নীৰ, মাতিলন্ত ধীৰে ধীৰ,

 মহা স্নেহে স্ৰজে দুই স্তন॥ ৭৭॥

কিনো তুমি কৃপা সিন্ধু, অনাথ জনৰ বন্ধু,

 কোনেনো সুজিব তযুগুণ।

নৰক দৈত্যক বধি, কুণ্ডল দিলেক আনি,

 এনে মোৰ পুত্ৰ সদগুণ॥

তোমাৰ প্ৰসাদে প্ৰভু, দুনাই কুণ্ডল পাইলোঁ,

 দেৱে সমে তাৰিলা ইন্দ্ৰক।

দেখি তযু পদ্ম মুখ, খণ্ডিল সকল দুঃখ,

 আজি সে লভিলোঁ আনন্দক॥ ৭৮॥

এহি মতে প্ৰেমভাৱে, শচীসমে অদিতীয়ে,

 কৰি সত্যভামাক আদৰ।

স্বৰ্গৰ বিচিত্ৰ পুষ্প, দিব্য বস্ত্ৰ অলঙ্কাৰ,

 মাধৱক দিলা নিৰন্তৰ॥

মাতৃক অশ্বাস কৰি, গৰুৰ স্কন্ধত চৰি,

 দ্বাৰকাক চলিল মুৰাৰী।

দেৱতাৰ যত নাৰী, বেঢ়ি চাৱে সাৰি সাৰি,

 যতেক সুন্দৰী অপেসৰী ॥ ৭৯॥

কিনো ৰুপ কিনো গুণ, হেন দেখি আছে কোন,

 কৃষ্ণৰ সমান মনোহৰ।

অমাবতী পুৰ চানি, কৰে জয় কৃষ্ণ ধ্বনি,

 বাৱে শঙ্খ দুন্দুভি বিস্তৰ॥

সত্যভামা সমন্বিতি, আসি যেবে যদুপতি,

 ইন্দ্ৰৰ ফুলনি সীমা পাইলা।

সেহি বেলা সত্যভামা, প্ৰণামি স্বামীৰ পাৱে,

 পূব্বৰ বচন সুৱৰাইলা॥ ৮০॥

দেখা প্ৰাণ নাথ, পুষ্প পাৰিজাত,

 ইন্দ্ৰৰ শোভে ফুলবাৰী।

দিবো বুলি মোক, আনি আছা প্ৰভু,

 পাসৰিলা কেনে কৰি॥

তোমাৰ কিঙ্কৰী, ইন্দ্ৰৰ ঘৰিণী,

 পিন্ধে ইটো পাৰিজাত।

মই তযু প্ৰিয়া, দিবো বুলি আছা

 তুলি লোৱা প্ৰাণ নাথ॥ ৮১॥

পৃথিবীৰ লোকে, নতু দেখে আৰু,

 মহা পুষ্প পাৰিজাত।

তযু প্ৰসাদত, পুৰো মনৰথ,

 থাপোনিয়া দ্বাৰকাত॥

ভায্যাৰ বচনে, কমল নয়নে,

 লৈলন্ত পুষ্প উভাৰি।

গৰুৰৰ স্কন্ধে, থেয়া আথে বেথে,

 চলি গৈলা লীলা কৰি॥ ৮২॥

শুনি শচী সতী, ইন্দ্ৰক নিন্দিলা,

 ধিক তুমি দেৱ ৰাজ॥

মোৰ পাৰিজাত, নেয় যদুনাথ,

 যুদ্ধক নাহিকে সাজ।

শচীৰ বচনে, সহস্ৰ লোচনে,

 পৰম লৰ্জ্জাক পাহ॥

ক্ৰোধে মোহ হুয়া, দেৱগণ সমে,

 কৃষ্ণক ভেটিলে যাই॥ ৮৩॥

ঐৰাৱতে চাৰ, হাতে বজ্ৰ ধৰি,

 কৰয় অতি গৰ্জ্জন।

ৰহ ৰহ কৃষ্ণ, মোৰ পাৰিজাত,

 নেস তুমি কি কাৰণ॥

স্বামীৰ বল্লভ, থাকি সত্যভামা,

 ইন্দ্ৰক বুলিলা হাসি।

কেন মতে তুমি, মোৰ পুষ্প বুলি,

 কৃষ্ণক বোলাইলা আসি॥ ৮৪॥

সমুদ্ৰত জাত, ইতো পাৰিজাত,

 আমাৰো আছয় ভাগ।

এক তীল তোৰা, পিন্ধিতে আছয়,

 নকৰিবা আতবাদ॥

হেন শুনি শচী, লগতে আছয়ে,

 মাতিলেক বৰ ৰাগে।

শুনৰে মানুষী, মিচা ধসমসি,

 কৰ আসি কাৰ আগে॥ ৮৫॥

সকল দেৱৰ, স্বামী পুৰন্দৰ

 তাহান মই সুন্দৰী।

মোৰ পাৰিজাত, পিন্ধিবাক চাস,

 তই মানুষৰ নাৰী।

শুনি সত্যভামা, হাসিয়া বোলন্ত,

 মুখতো নালাগে লাজ।

মোহোৰ স্বামীৰ, চৰণ নাপাৱে,

 তোৰ স্বামী দেৱৰাজ॥৮৬॥

বাৰে বাৰে দৈত্যে, স্বৰ্গৰ নিকালে

 ফুৰস মাগিনী হুহ।

কৃষ্ণে সে পালন্ত, কৃষ্ণে সে ৰাখন্ত,

 গৰ্ব্ব কৰে কোন মুই॥

ব্ৰহ্মা মহাদেৱে, যাৰ পদ চিন্তে,

 তাহাৰ মই কামিনী।

তই ভৈলি দেবী, মই ভৈয়লা মানুষী,

 হাসি উঠে এই শুনি॥ ৮৭॥

সত্যভামা হেন, বোলন্তে আছয়,

 ইন্দ্ৰৰ উঠিল কোপ।

মাৰো কৃষ্ণ বুলি, হাতে বজ্ৰ ধৰি,

 কৰয় অতি আটোপ।

ইন্দ্ৰৰ আদেশে, দেৱতা নিঃশেষ,

 কৰে সবে শৰ বৃষ্টি॥

দেখি নাৰায়ণে, সাৰঙ্গ ধৰিয়া,

 টঙ্কাৰিল দৃঢ় মুঠি॥ ৮৮॥

অসংখ্যা প্ৰমাণ, প্ৰহাৰিল বান,

 লঘু হাতে অল্প কৰি।

হাৰি দেৱগণে, পশিল শৰণ,

 ত্ৰাহি কৃষ্ণ ৰাৱ পাৰি॥

লাজে শচীপতি,  শচী সমন্বিতে,

 কৃষ্ণক কৰিল স্তুতি।

কৰিলো দোষ, ক্ষমিওঁক ৰোষ

 আমি মহা মুঢ়মতি॥ ৮৯॥

পাছে দেৱ হৰি, ইন্দ্ৰক আশ্বাসি

 সত্যভামা সমন্বিতে।

পাৰিজাত লৈয়া, দ্বাৰকাত গৈয়া

 ভৈলা প্ৰভু উপস্থিত॥

দ্বাৰকাত মহা, উৎসব মিলিল,

 আসিলন্ত যদু নাথ।

ইন্দ্ৰক জিনিয়া, মাধবে স্বৰ্গৰ

 আনিলন্ত পাৰিজাত॥ ৯০ ॥

শুনা অভিমন্যু সুত, দেখা কেনে অদভুত,

 ইন্দ্ৰ আদি দেৱৰ অন্যায়।

কিৰীটিৰ আগে যাৰ, চৰণ পৰশি আসি,

 গোচৰ কৰন্ত সৰ্ব্বদায়॥

হেন দেৱ যদুৰাই, ইন্দ্ৰৰো সাধন্ত কাৰ্য্য,

 দেৱকো ৰাখন্ত দিনে ৰাতি।

যাত হন্তে জীবে খাই, তাহাক মনত নাই,

 দেবতাত দেখিও সম্প্ৰতি॥ ৯১॥

শুনা শুদ্ধ বুদ্ধ জন, নিজ বন্ধু নাৰায়ণ,

 ভজিওক তাহান চৰণে।

ধনগৰ্ব্বে মত্ত হুয়া, মহন্ত জনৰ দয়া,

 দেখিও নেদেখে মুঢ় জনে॥

মহন্তৰ মুখে যাত, শুনয় পৰম তত্ত্ব,

 ভুকুতি মুকুতি যাত পাই।

তথাপিতো মহন্তক, প্ৰসন্ন বদন কৰি,

 সাদৰে নামাতে মুখ চায়॥ ৯২॥

হেন জানি নৰ লোক, অহঙ্কাৰ এৰিওক,

 ইটো গৰ্ব্বে নকৰে কল্যাণ।

অনন্ত কন্দলি ভনে, হৰিবোলা সৰ্ব্বজনে,

 কেতিক্ষণে পৰে ইটো প্ৰাণ॥

                      ••••••

                       ।অন্ত।

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Tags: পাৰিজাত হৰণ আৰু নৰকাসুৰ বধ
Anjan Sarma

Anjan Sarma

Related Posts

The Brahmaputra River: A Transboundary Titan of Geomorphology, Ecology, and Geopolitics
Climate Change

A Historical Inquiry into Climate and Environment in Assam

by Anjan Sarma
March 5, 2026
0

A Historical Inquiry into Climate and Environment in Assam ANJAN SARMA Assam’s environmental history is inseparable from the life of...

Read moreDetails
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

February 24, 2026
The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

The Treaty of Yandaboo (1826): Two Centuries of Assam’s Changing Identity

February 24, 2026
বুৰঞ্জীবোধ

অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

February 24, 2026
নাম শুনিলেই যাৰ….

Yandabo to 2026 Crossroads : Lost Sovereignty, Broken Accords, and Fading Regional Dreams!

February 24, 2026
Brahmaputra -The never-ending metaphor as Media of the valley

Brahmaputra -The never-ending metaphor as Media of the valley

February 22, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

Air Quality Management System Handed Over to Bajali HS School by Forest Department, Bajali District Administration & Mahabahu Climate Forum

March 10, 2026
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘বায়ুৰ গুণমান ব্যৱস্থাপনা প্ৰণালী’ অৰ্পণ 

March 10, 2026
Musk

মগজু, ইলন মাস্ক, নিউৰালিংকঃ সাৱধান!!

March 10, 2026
How is this Middle-East War 2026 different?

How is this Middle-East War 2026 different?

March 9, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    28401 shares
    Share 11360 Tweet 7100
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    11381 shares
    Share 4552 Tweet 2845
  • অসমদেশৰ স্বাধীনতা লুপ্ত কৰা চক্ৰান্তমূলক ইয়াণ্ডাবু সন্ধিপত্ৰখন!!

    139 shares
    Share 56 Tweet 35
  • Khring Khring Baitho Puja: Faith, Folklore and Identity of the Sonowal Kacharis

    119 shares
    Share 48 Tweet 30
  • ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধিঃ অসমীয়াই নীৰৱে স্বাধীনতা হেৰুওৱা দিনটো

    110 shares
    Share 44 Tweet 28
  • Mahabahu and HCI in Shillong: NEHU Geography Students Rise to the Challenge of Climate Action

    105 shares
    Share 42 Tweet 26
  • Manipur Sees Fresh Ethnic Tensions: Prohibitory Orders in Ukhrul’s Litan

    91 shares
    Share 36 Tweet 23
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3521 shares
    Share 1408 Tweet 880
  • From the Brahmaputra to the Himalayas: How a Youth Climate Handbook Launched in Pune Carries the Voice of ASSAM

    81 shares
    Share 32 Tweet 20
  • WSDS 2026 Concludes in New Delhi: Urgent Call for Energy Justice, Climate Finance Reform

    68 shares
    Share 27 Tweet 17
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d