-অৰবিন্দ ৰাভা |
এটা গুৰুত্বপূৰ্ণ তথ্য লাভ কৰি আপোনাসৱকো তাৰে ভাগ দিবলৈ আগবাঢ়িছো।
‘পি-পি-ই’ ! ‘পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেন্ট’ ! সাম্প্ৰতিক সময়ছোৱাত ই হৈ পৰিছে কবচ-কাপোৰ বা বৰ্ম-বস্ত্ৰ। এই ‘পি-পি-ই’ শৰীৰত ধাৰণ কৰি কৰ’নাক্ৰান্ত সকলৰ চিকিৎসা কৰি আছে চিকিৎসক সকলে। ভাৰত উপমহাদেশত কৰ’না ব্যাপক হৈ পৰাৰ লগে লগে ‘পি-পি-ই’ৰ ব্যৱহাৰো ব্যাপক হৈ পৰিছে আৰু চিকিৎসক- নাৰ্চ- স্বাস্থ্যকৰ্মীসকলৰ বাবে ই হৈ পৰিছে শৰীৰৰ চাল বা চামৰা সদৃশ। সমগ্ৰ বিশ্বত ‘পি-পি-ই’ পৰিধান কৰি চিকিৎসা কৰাটো অলিখিত ভাবে বাধ্যতামূলক। কাৰণ প্ৰাণৰ সংশয় নাই কাৰ!
কিন্তু এনে এক পৰিস্থিতিত দিল্লীৰ এগৰাকী চিকিৎসক একেবাৰে ব্যতিক্ৰম হিচাপে পৰিগণিত হৈছে। তেওঁ হ’ল ডা° অজিত জৈন। তেওঁ দিল্লীৰ ৰাজীৱ গান্ধী চুপাৰ স্পেচিয়েলিটি হস্পিতেলৰ চিকিৎসক। বিগত জুন মাহৰ পৰাই তেওঁ কৰ’না বা কোভিড ৰোগী চিকিৎসা কৰি আছে, কিন্তু এদিনৰ বাবেও তেওঁ ‘পি-পি-ই কিট’ৰ সহায় লোৱা নাই। বৰ্মবস্ত্ৰ বা কবচ-কাপোৰ নোহোৱাকৈ কিদৰে কৰি আছে চিকিৎসা তেওঁ ! দুই সপ্তাহ আগতে তেওঁৰ নাম শিৰোনামলৈ আহে। কাৰণ একেৰাহে ১৭৫ দিনৰ ‘ডিউটি’ কৰাৰ পিছত ছুটি পাই তেওঁ দিল্লীৰ কমলানগৰৰ নিজৰ ঘৰলৈ গৈছিল আৰু পৰিয়ালৰ সদস্যসকলে ১৭৫ দিন পিছত তেওঁ ঘৰত উপস্হিত হোৱাত শঙ্খধ্বনিৰে আদৰিছিল।
এনে এক কঠিন সময়ত একেৰাহে ইমান দিন চিকিৎসা কৰি থকা কঠিনতম তথা মহত্বপূৰ্ণ কাৰ্য। কিন্তু ‘পি-পি-ই’ পৰিধান নকৰাকৈ তেওঁ কৰ’নাক্ৰান্ত সকলৰ কাষলৈ যাবলৈ সাহস কৰিছে কিদৰে? চিকিৎসক গৰাকীয়ে যুক্তি দিছে যে তেওঁ অতি ভাবনা-চিন্তা কৰিয়েই তেনে সিদ্ধান্ত লৈছে। কাৰণ, তেওঁৰ ভাষাত, ‘ এতিয়ালৈ কৰ’না ভাইৰাছ সম্পৰ্কত যিখিনি জানিব পৰা গৈছে – সেয়া হ’ল কৰ’না ভাইৰাছ আমাৰ শৰীৰত প্ৰৱেশ কৰে কেৱল মুখ আৰু নাকেৰে। ফলত শৰীৰৰ সেই দুই স্থান ঢাকি ৰাখিব পাৰিলেই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায় বুলি মোৰ ক্ষুদ্ৰ জ্ঞানেৰে ভাব হৈছে।’ তেওঁ ইয়াকো কৈছে যে কৰ’না ৰোগীসকলৰ চিকিৎসা কৰাৰ পিছত তেওঁ নিজৰ শৰীৰৰ উন্মুক্ত অংশবোৰ ভালদৰে জীৱাণুমুক্ত কৰে। ডা° জৈনে জনাইছে যে তেওঁৰ অইন সহকৰ্মীসকলে চিকিৎসা কৰা সময়ত ‘পি-পি-ই’ কিট, ছাৰ্জিকেল কেপ, ফেচশ্বিল্ড, এন-৯৫ মাস্ক, জোতাৰ কভাৰ, গ্লাভচ্ – সকলোবোৰ ব্যৱহাৰ কৰে। গতিকে তেওঁলোকৰ পৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা অতিকৈ কম। কিন্তু ডা° জৈনে ইমানবোৰ পিন্ধিব নোৱাৰে। তেওঁ মাথো ছাৰ্জিকেল মাস্ক, ফেচ শ্বিল্ড আৰু ছাৰ্জিকেল কেপ পৰিধান কৰে। তেওঁ এইবোৰ ব্যৱহাৰ কৰা বাবে তেওঁৰ পৰাও অইনলৈ সংক্ৰমণ নহয় বা হোৱাৰ সম্ভাৱনা অতি কম হয়। এই ব্যৱস্থা তেওঁৰ সহকৰ্মী সকলৰ সৈতে বুজা-পৰাৰ মাজেৰেহে তেওঁ গ্ৰহণ কৰিছে। বিগত ১৬ জুন তাৰিখৰ পৰাই তেওঁ ‘পি-পি-ই’ কিটৰ সহায় নোলোৱাকৈ ৰোগীৰ শুশ্ৰূষা কৰি আছে। নিজে সুৰক্ষিত হৈ আছে নে নাই সেয়া জানিবলৈ তেওঁ নিজৰ শৰীৰৰ ৫ বাৰ পৰীক্ষাও কৰাইছে। প্ৰত্যেক বাৰেই ‘নিগেটিভ’ ৰিপোৰ্ট আহিছে। ডাক্তৰ জৈনৰ মতে তেওঁৰ নাক-মুখ বন্ধ হৈ থকা হেতুকে কৰ’না ভাইৰাছে তেওঁক আক্ৰমণ কৰিব পৰা নাই। তেওঁৰ সুস্থতাই তেওঁৰ সতৰ্কতাক স্বীকৃতি দিয়ে। তেওঁ কৈছে যে মই পৰিমাপ কৰি সতৰ্কতা অৱলম্বন কৰিছো, যিমানখিনি দৰকাৰ হয় – সিমানখিনি। ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৱে এনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগে। কোনোৱেই তেওঁক অনুসৰণ কৰাৰ প্ৰয়োজন নাই বুলিও তেওঁ কৈছে, আৰু ইয়াকো কৈছে যে ‘পি-পি-ই’ পৰিধান কৰি কৰি মই অতিশয় ক্লান্ত হৈ পৰিছিলো, আৰু সেইবাবে সেই সিদ্ধান্ত লৈছিলো; মোৰ ক্ষেত্ৰত সেয়া সঠিক হৈছে।
ডা° জৈনৰ পৰিয়ালৰ সূত্ৰৰ মতে পৰিয়ালৰ মূৰব্বী জনৰ এনে আচৰণৰ বাবে তেওঁলোকে যোৱা কেইমাহমান ভীতিবিহ্বল হৈ আছিল, কাৰণ বহু চিকিৎসকৰ মৃত্যুও হৈছে। একেৰাহে ১৭৫ দিন চিকিৎসা কৰা ডা° জৈনে দিনে হয়তো খুব বেছি ফোনত ৫ মিনিট সময় হে পৰিয়ালৰ সৈতে কথা পাতিছিল, তাকো গভীৰ নিশা পৰ্যন্ত অপেক্ষা কৰিব লগীয়া হৈছিল। দিল্লীৰ কেজৰিৱাল চৰকাৰে কোভিড কেয়াৰৰ সৈতে যুক্ত চিকিৎসক সকলৰ বাবে হোটেলৰ ব্যৱস্থা কৰিছিল আৰু যোৱা ৬ মাহ সেই হোটেলতে আছিল ডা° জৈন।
ডা° জৈনক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। তেওঁৰ পৰা আমি শিকিলো যে নাক-মুখ ভালদৰে ঢাকি থলে ভয়ৰ কাৰণ নাই, আৰু আমাৰ চিকিৎসক সকলেও ডা° জৈনৰ আৰ্হিৰে আগবাঢ়িব পাৰে তথা সকলো প্ৰকাৰৰ ৰোগীক চিকিৎসা আগবঢ়াব পাৰে।
অভিনন্দন ডা° জৈন।