• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, May 21, 2022
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

পুঁজিবাদ আৰু পৰিৱেশ

-মনোজ কুমাৰ বৰুৱা

by Admin
June 18, 2021
in Special Report
Reading Time: 1 min read
0
people holding banner

Photo by Vincent M.A. Janssen on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

–মনোজ কুমাৰ বৰুৱা |

“একবিংশ শতিকা ধেমালি নহয়”। সঁচাকৈ, এই একবিংশ শতিকাই আমাক এনেকুৱা এখন পৃথিৱীৰ সৈতে পৰিচয় কৰাই দিছে, যিখন পৃথিৱীত নিজকে শ্ৰেষ্ঠ ৰূপে প্ৰতিষ্ঠা কৰাৰ এক মহাযজ্ঞত আমি ৰত হৈ থাকোঁ। যিখন পৃথিৱীত আমাৰ মূলমন্ত্ৰ হৈ পৰে “লাভৰ অংক”। মানুহৰ কেতিয়াও সন্তুষ্ট নোহোৱা চৰিত্ৰটোৰ বাবেই আমাৰ জীৱনৰ মূল চালিকা শক্তি ‛পৰিবেশ’ক জীয়াই ৰাখিবলৈও নানান সংগঠন গঠন কৰি যুঁজ দিব লগা হৈছে। যি মুষ্টিমেয় মানুহে ৰাজহুৱাকৈ পৰিৱেশৰ হৈ মাত দিয়ে তেওঁলোকৰো বহুখিনি মানুহ কোৱাভাতুৰিৰ দৰেই। মেলে মিটিঙে ৰঙীন গামোচা আৰু শৰাই লৈ ঘৰলৈ আহি ক্লৰ’ফ্লৰ’ কাৰ্বনৰ উৎস শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি বনকৰা মানুহে সজাই থোৱা ফুলনিখনৰ নয়নাভিৰাম দৃশ্য উপভোগ কৰে।

RelatedPosts

Mexico’s 100,000 ‘disappeared’ is a tragedy

Mexico’s 100,000 ‘disappeared’ is a tragedy

May 18, 2022
close up shot of an ocean

প্ৰশান্ত মহাসাগৰত ১০ কোটি বছৰ শুই থকা তেওঁলোক এতিয়া জাগি উঠিছে

May 18, 2022
Human rights must be at heart of solution to Sri Lanka crisis

Human rights must be at heart of solution to Sri Lanka crisis

May 18, 2022

২০২১ চনৰ বিশ্ব পৰিবেশ দিৱসৰ মুলমন্ত্ৰ হৈছে Ecosystem Restoration . ২০২১ বৰ্ষৰ এই দিৱসৰ আয়োজক দেশ হৈছে আমাৰ ওচৰৰ দেশ পাকিস্তান। ৰাষ্ট্ৰসংঘই এই দিনটোতেই পৰিবেশ-তন্ত্ৰৰ পুনঃ সংস্থাপনৰ দশক আৰম্ভ কৰাৰ কথাও কৈছে। কিন্তু সেই ৰাষ্ট্ৰসংঘই গাজা আৰু ইজৰাইলৰ মাজত হোৱা ৰকেট নিক্ষেপৰ সময়ত পৰিবেশৰ ওপৰত পৰা প্ৰভাৱৰ ক্ষেত্ৰত নিৰ্লিপ্ততা গ্ৰহণ কৰিলে। তাকে চাই অনুমান হয় যে মানুহৰ প্ৰয়োজনীয় সামগ্ৰীৰ তালিকা যিমানেই দীঘল হৈছে, সিমানেই পৰিৱেশৰ ওপৰত মাধমাৰ পৰিছে।

সাধাৰণ অৰ্থত পুঁজিবাদ বুলিলে আমি কি বুজো। পুঁজি সৰ্বস্ব এখন উদাসীন সমাজ। পুঁজি আহৰণৰ নিৰলস প্ৰচেষ্টাৰ ধামখুমীয়াত পুজিপতিসকলে পাহৰি যায় পৰিবেশৰ প্ৰয়োজনীয়তাৰ কথা। পৰিবেশৰ সৈতে পুঁজিবাদৰ সম্পৰ্ক এটা বেংক অথবা ব্যক্তিগত প্ৰতিষ্ঠানৰ দৰে। যি ব্যক্তিগত প্ৰতিষ্ঠানে প্ৰথমে গ্ৰাহকক গাড়ী কিনিবলৈ টকা দি পাছত সূতৰূপে পাবলগীয়া মুনাফাখিনিৰ আশাত ৰৈ থাকে। মুঠতে অৱধাৰিতভাৱে পুঁজিবাদ এনে এখন জুৱাৰ খেল , য’ত প্ৰতিটো বাজীৰ অন্তৰালত নিহিত হৈ থাকে মুনাফা ঘটাৰ অংক। পৰিৱেশবিদ Richard Levin ৰ এষাৰি কথা এইখিনিতে উল্লেখনীয় , ” Agriculture is not about producing food but about profit. Food is a side effect…… Health service is a commodity , health a byproduct.”

 পুঁজিবাদৰ জৰিয়তে প্ৰকৃতি আৰু পৰিৱেশতন্ত্ৰৰ ক্ষয় ক্ষতিৰ তালিকাখন লক্ষ্য কৰিলে পোন প্ৰথমেই আমাৰ দৃষ্টি নিৱদ্ধ হয় ১৮ আৰু ১৯ শতিকাৰ ঔদ্যোগিক বিপ্লৱৰ সময়ত। এনেসময়তে মূলতঃ ১/ সৰ্বোচ্চ লাভ ( Maximization of profit ) আৰু ২/ মালিক পক্ষৰ সুখ স্বাচ্ছন্দ্যৰ জীৱন, এইবোৰ কাৰণক ভিত্তি কৰিয়েই পৰিৱেশৰ সাংঘাতিক অত্যাচাৰ আৰম্ভ হয়। দুখনকৈ বিশ্বধ্বংসী যুদ্ধৰ সমসাময়িক কালছোৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুঁজিবাদী চৰিত্ৰ, যুদ্ধোত্তৰ সময়ৰ পশ্চিম ইউৰোপ ( জাৰ্মানী, ফ্ৰান্স, ইটালী)ৰ অৰ্থনৈতিক নীতি আদিসমূহৰ মাজেৰেও সাম্প্ৰতিক পুঁজিবাদৰ জৰিয়তে পৰিৱেশৰ ওপৰত বিভিন্ন প্ৰভাৱ পৰিলক্ষিত হয়। আমাজানৰ ঘন অৰণ্যত জ্বলি উঠা জুই সমূহ আৰু ব্ৰাজিলৰ সোঁপন্থী নেতা জে’ৰ বলজ’নাৰুয়েই হওঁক, পৰিৱেশৰ ক্ষতিৰ বাবে এই সমূহো এটা কাৰক। সঘন জলবায়ু পৰিৱৰ্তন আৰু লোভৰ লালসাত মত্ত হোৱাৰ বাবেই ছাইবেৰিয়া, আফ্ৰিকা আদিত সঘনে দেখা পোৱা বনজুইসমূহো প্ৰকৃতি বিনষ্ট কৰাৰ মূল, যাৰ আঁৰত নিহিত হৈ থাকে পুঁজিবাদ। এনেদৰে পুঁজিবাদৰ এনেধৰণৰ আক্ৰমণে মিলিয়ন বছৰীয়া প্ৰাকৃতিক সম্পদসমূহৰ ধ্বংস কৰাৰ লগতে মেটাবলিজম (কাৰ্ল মাৰ্ক্সৰ মতে, মানুহৰ শ্ৰমৰ জৰিয়তে মানুহ আৰু প্ৰকৃতিৰ মাজত হোৱা জটিল আভ্যন্তৰীণ পৰিৱৰ্তন)ক পূৰ্ণৰূপে ভাঙি পেলাইছে। প্ৰকৃততে মূল সমস্যা, মানুহৰ কৰ্মকাণ্ডৰ সৈতে নহয়। তাৰ পৰিৱৰ্তে সমস্যাটো হৈছে পুঁজিবাদী নীতি সম্বলিত উৎপাদনৰ ধাৰা।

মূলতঃ উদ্যোগসমূহৰ অঘোষিত প্ৰতিযোগিতাই বিশ্বৰ পৰিৱেশত সামগ্ৰীকভাৱে তিনিটা দিশত প্ৰভাৱান্বিত কৰিছে- সাগৰীয় পানীৰ এছিডীয়কৰণ, জৈৱ বৈচিত্ৰ্য নোহোৱা হোৱাৰ ত্বৰান্বিত গতি, উদ্যোগৰ ৰাসায়নিক আৱৰ্জনৰ বাবে পানী আৰু মাটিৰ প্ৰদূষণ। Intergovernmental Panel on Climate Change (IPCC) ৰ তথ্যমতে আহিবলগীয়া দোষকসমূহত মাটিৰ উপৰিভাগৰ উষ্ণতা আৰু বৃদ্ধি পাব। এই সংস্থাটোৱে সাগৰীয় ভূ ভাগৰ বৰ্দ্ধিত উচ্চতাৰ কথাও কৈছে। পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ শতিকা ধৰি চলি অহা পুঁজিপতি সকলৰ সুখ স্বাচ্ছন্দ্যৰ জীৱনৰ পৰা নিৰ্গত সেউজগৃহ গেছসমূহে সহস্ৰাব্দ ধৰি পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

এইখিনিতে এটা কথা উল্লেখযোগ্য যে, কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা, ৰাসায়নিক পদাৰ্থ আদিৰ হৈ চিন্তা কৰাৰ আগ্ৰহো বহু পুঁজিবাদী চৰিত্ৰৰ দেশে নেদেখুওৱা নহয়। তাৰ বাবে এই বিশেষ পুঁজিবাদী শ্ৰেণীটোৱে আশ্রয় লোৱা পদ্ধতিটো হৈছে সেউজীয়া অথবা বহনক্ষম পুঁজিবাদ। অজৈৱিক ‛inexhaustible’ আৱৰ্জনাৰে এওঁ দেশ, সংস্থা অথবা দলসমূহে আগবাঢ়ি অহা দেখা যায়। এফালে ৰিপাব্লিকান পাৰ্টি, টি পাৰ্টি অথবা ব্ৰাজিলৰ বলজ’নাৰু। আনফালে আকৌ সেউজ পুঁজিবাদৰ প্ৰৱক্তা ডেমক্ৰেটিক পাৰ্টি, ৰাজনৈতিক নেতা যেনে- এঞ্জেলো মাৰ্কেল, ইমানুৱেল মেক্ৰন অথবা পেদ্ৰ’ চেঙ্কেজ। এই তালিকাত বহুতো পৰিৱেশৰ প্ৰতি সচেতন NGO, আন্তঃৰাষ্ট্ৰীয় পুঁজিবাদী সংস্থা জড়িত হৈ আছে। এই প্ৰৱক্তাসকলে প্ৰায়ে নব্য উদাৰবাদী নীতিৰ সৈতে সেউজ অৰ্থনীতিক একত্ৰিত কৰি নিজৰ মতসমূহ উপস্থাপন কৰে যদিও বিপৰীত ক্ষেত্ৰত ইয়াৰ বহুতো ঋণাত্মক ফলো পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে জাৰ্মানীৰ গ্ৰীণ পাৰ্টিয়ে ব্যৱহাৰ কৰা আৰু সমৰ্থন কৰা মিলিটেৰাইজেচন প্ৰক্ৰিয়াত সাংঘাতিক স্ব-বিৰোধিতা দেখা যায়। বহুতো সমালোচকে ইয়াকে সেউজীয়া ঔপনিৱেশিকতাও বুলিছে। পৰৱৰ্তী এঞ্জেলা মাৰ্কেলৰ দৰে ইউৰোপৰ নেতা – নেত্ৰীসকলৰ প্ৰত্যক্ষ হস্তক্ষেপত কাৰ্বন ডাই অক্সাইড আদিৰ দৰে গেছৰ নিৰ্গমনৰ বাবে কৰৰ ব্যৱস্থা কৰা হয়। তদুপৰি গেছ’লিন, মাত্ৰাধিক জীৱ-জন্তুৰ মাংস আদিৰ ওপৰতো কৰৰ ব্যৱস্থা কৰা হয়। ভবা হৈছিল যে কৰৰ অধিক প্ৰয়োগে এইসমূহৰ ব্যৱহাৰক অনুৎসাহিত কৰিব। কিন্তু তাৰ বিপৰীতে এই অধিক কৰৰ বাবে আৰ্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ ক্ৰয় ক্ষমতাহে অত্যাধিক পৰিমাণে কমি আহে। তাৰ পৰিৱৰ্তে এই সেউজ গৃহ গেছসমূহৰ নিৰ্গমনো প্ৰায় আগৰদৰেই থাকিল। আমেৰিকা ইউৰোপ আদিৰ দৰে ৰাষ্ট্ৰ ব্যৱস্থাই তেল অথবা অস্ত্ৰৰ বজাৰৰ বাবে মধ্য প্ৰাচ্যত দেখুওৱা কুৎসিত স্বৰূপৰ বিষয়েও আমি সকলো জ্ঞাত। গতিকে সেউজ পুঁজিবাদেও বহুক্ষেত্ৰত পৰিৱেশৰ ক্ষতি কৰাৰ ক্ষেত্ৰত সুপ্ত দস্যু হিচাপে কাম কৰিছে।

আমাৰ ভাৰতবৰ্ষত স্বাধীনোত্তৰ কালৰে পৰা অনেক নিঃস্বাৰ্থ প্ৰকৃতিপ্ৰেমীৰ নিদৰ্শন পোৱা যায়। অলপতে কৰ’ণা ভাইৰাছৰ আক্ৰমণৰ বাবে মৃত্যুমুখত পৰা সুন্দৰলাল বহুগুণাৰ যুঁজখনো লেখত ল’বলগীয়া। অসম গৌৰৱ যাদৱ পায়েঙৰ মুলাই কাঠনিও এইক্ষেত্ৰত অন্যতম। ভাৰতবৰ্ষতো বহু ক্ষেত্ৰত পুঁজিবাদী চৰিত্ৰই পৰিৱেশক কৰা আক্ৰমণৰ বহুখিনি দিশ লক্ষ্য কৰা যায়। উদাহৰণস্বৰূপে ২০২০ চনত ভাৰত পৰিৱেশ, অৰণ্য আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEFCC) ৰ পৰা প্ৰকাশিত EIA২০২০ খনক লৈও জনসাধাৰণ বহুখিনি সোচ্চাৰ হৈছে আৰু বহু অঞ্চলত ইয়াৰে বিৰুদ্ধে জনমত গঠন কৰিছে। সংবিধানৰ প্ৰাথমিক অধিকাৰৰ অনুচ্ছেদ ২১ য়ে ব্যক্তিৰ জীয়াই থকাৰ অধিকাৰৰ কথা কয়। গতিকে পুঁজিবাদী চৰিত্ৰই কৰা প্ৰকৃতিৰ ক্ষয় ক্ষতিয়ে এই প্ৰাথমিক অধিকাৰ খণ্ডন কৰাটো আমাৰ কাম্য নহয়।

বিশ্ব পৰিৱেশ দিৱস প্ৰতিবছৰেই আহে আৰু যায়। কিন্তু যি বিশ্ব পৰিৱেশ দিৱসো এক উৎসৱলৈহে ৰূপান্তৰিত হয়গৈ অথবা ৰাজনীতিবিদককলৰ নিজকে প্ৰকৃতিপ্ৰেমী হিচাপে প্ৰমাণ কৰাৰ দিন হিচাপে উদযাপিত হয়, সেই বিশ্ব পৰিৱেশ দিৱসে সমাজলৈ কেতিয়াও শুভবার্তা কঢ়িয়াব নোৱাৰে। এটা কথা নিশ্চিত যে, উত্তৰ পূৰ্বাঞ্চলৰ বহু জনগোষ্ঠীয়ে জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ কথা ভাবিবলৈ অথবা বহুগুণা আৰু যাদৱ পায়েঙক এজন প্ৰকৃতিবিদ হ’বলৈ একোটা বিশ্ব পৰিৱেশ দিৱসৰ প্ৰয়োজন হোৱা নাছিল।

প্ৰগতিশীল মানৱজাতি হিচাপে নিজৰ সা সুবিধাৰ সকলো ব্যৱস্থা কৰি লোৱাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু তাৰ বাবে আমি ভৱিষ্যত প্ৰজন্মৰ প্ৰাথমিক অধিকাৰ, জীয়াই থকাৰ অধিকাৰক খৰ্ব কৰাৰ যুক্তিযুক্ততা নাই। শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ দৌৰত আমি অৱতীৰ্ণ হোৱাটোৱেও বহু সময়ত সময়ৰ দাবী হিচাপে ন্যায্যতা পায়, তথাপি এই দৌৰত জলবায়ু, পৰিৱেশতন্ত্ৰক ভৰিৰে মোহাৰি আগুৱাই যোৱাটো কিমান সমীচীন সেয়া সময়েহে ক’ব। আশা এটাই , এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে যাতে কোনো এখন দেশৰ সংসদৰ সন্মুখত Skolstrejk för Klimatet বুলি ধৰ্ণা দিবলগীয়া নহয়।

(মনোজ কুমাৰ বৰুৱা, দৰং মহাবিদ্যালয়)

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: Ecosystem Restoration
Admin

Admin

Related Posts

Mexico’s 100,000 ‘disappeared’ is a tragedy
World

Mexico’s 100,000 ‘disappeared’ is a tragedy

by Admin
May 18, 2022
0

Mexico’s 100,000 disappeared!! UN The news that more than 100,000 people in Mexico are now officially registered as “disappeared” is...

Read more
close up shot of an ocean

প্ৰশান্ত মহাসাগৰত ১০ কোটি বছৰ শুই থকা তেওঁলোক এতিয়া জাগি উঠিছে

May 18, 2022
Human rights must be at heart of solution to Sri Lanka crisis

Human rights must be at heart of solution to Sri Lanka crisis

May 18, 2022
ধৰ্মীয় অসহিষ্ণুতা

ধৰ্মীয় অসহিষ্ণুতা

May 18, 2022
NEIPF : Interest of the indigenous people of NE must be protected

জনগোষ্ঠীয় সমন্বয়

May 15, 2022
photo of elephants on grass

ANALYSING THE MYSTERIOUS DEATHS OF 18 ELEPHANTS AT KANDOLI HILLS

May 12, 2022
  • Trending
  • Comments
  • Latest
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

May 12, 2022
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

December 5, 2021
নাগালেণ্ডত পুনৰ ভাৰতীয় সৈন্যৰ নৃশংস হত্যালীলা !!

Indian Army’s Civilian Killings in Nagaland Again!

December 5, 2021
বিদায় অনিমেষ, বিদায় !

বিদায় অনিমেষ, বিদায় !

November 30, 2021
girls with signs on protest against russian war on ukraine

UKRAINE DIARY: Today is the 3rd day of war

1

The Chainsmokers Actually Make a Great Nickelback Cover Band

0

Obama Wants To Visit Ubud On Low-key Bali Vacation: Bali Official

0
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
 Assamese women nominated in Crain’s New York Business Awards

 Assamese women nominated in Crain’s New York Business Awards

May 21, 2022
ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ

May 21, 2022
কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

কিংবদন্তি বড়তালা আৰু ইতিহাসে কথা কয়

May 21, 2022
Why should Afghan girls suffer?

Why should Afghan girls suffer?

May 21, 2022

Popular Stories

  •  Assamese women nominated in Crain’s New York Business Awards

     Assamese women nominated in Crain’s New York Business Awards

    32 shares
    Share 13 Tweet 8
  • Emergence Of The KNF In Chittagong Hill Tracts

    306 shares
    Share 122 Tweet 77
  • RISHIRAJ ADHIKARY, AN ASSAMESE SCHOLAR BAGS FULLBRIGHT-NEHRU FELLOWSHIP  

    16 shares
    Share 6 Tweet 4
  • The Heaven on Earth: KASHMIR

    18 shares
    Share 7 Tweet 5
  • সংগীত : এক চিকিৎসা পদ্ধতি

    9 shares
    Share 4 Tweet 2
  • AFGHAN WOMEN: ‘My life was never easy as everyone’s life’

    7 shares
    Share 3 Tweet 2
  • Women under Islamic Emirate of Taliban

    7 shares
    Share 3 Tweet 2
  • An Interview of Indrani Baruah by Jahnavi Gogoi

    34 shares
    Share 14 Tweet 9
  • ভাৰতত ‘চিঙ্গল ইউজ’ প্লাস্টিক নিষিদ্ধ হ’বঃ ১ জুলাইৰ পৰা 

    6 shares
    Share 2 Tweet 2
  • NEIPF’s ‘Diphupar Declaration’

    80 shares
    Share 32 Tweet 20
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
loading Cancel
Post was not sent - check your email addresses!
Email check failed, please try again
Sorry, your blog cannot share posts by email.
%d bloggers like this: