পুণ্যস্নান

প্রথম ছবি: আকাশৰ গ্রহ-তৰাই অমৃত বৰষিছে। তলত গঙ্গা-যমুনা-সৰস্বতীৰ পৱিত্র সঙ্গম। পৱিত্র মুহূর্ত। দেশৰ আগশাৰীৰ নেতাই ত্রিৱেণী সঙ্গমত স্নান কৰিছে। সোঁৱে-বাঁৱে সংগ দিছে বিখ্যাত সাধু-সন্ন্যাসীয়ে। জলকেলী। হাঁহি। আনন্দমুখৰ পৰিবেশ।
পুণ্যবান নেতাই নিশ্চয় আৰু পুণ্য ঘটিব, আৰু আৰু পুণ্যবান হ’ব। ফলত তেওঁ ভৱিষ্যতে সকলোকে সমান চকুৰে চাব, গীতাত ভগৱান কৃষ্ণই বর্ণনা কৰাৰ দৰে সমত্বযোগী হৈ পৰিব তেওঁ, স্থিতপ্রজ্ঞ হ’ব। সভাই-সমিটিয়ে তেওঁ কাকো টান কথা নক’ব।

তেওঁ ৱাক-শুদ্ধিৰ পৰাকাষ্ঠাত উপনীত হ’ব। সত্য ক’ব, আনে দুখ নোপোৱাকৈ ক’ব। কাকো শত্রু জ্ঞান নকৰিব, কাৰো প্রতি প্রতিশোধৰ ভাৱনা নাৰাখিব। শক্তিশালী, কিন্তু সান্ত, সৌম্য, ভদ্র, সহৃদয় এজন নেতা। আৰুনো কি লাগে জনতাক?
দ্বিতীয় ছবি: আকাশৰ গ্রহ-তৰাই অমৃত বৰষিছে। তলত গঙ্গা-যমুনা-সৰস্বতীৰ পৱিত্র সঙ্গম। পৱিত্র মুহূর্ত। উৰা জাহাজেৰে, ৰেলগাড়ীৰে, বাছেৰে, সৰু গাড়ীৰে, দেশী গাড়ীৰে, বিদেশী গাড়ীৰে, অট-ৰিক্সাৰে, খোজ কাঢ়ি, হেজাৰ, লাখ, কোটি জন আহিছে।
সাধু-সন্ন্যাসী আহিছে, বেপাৰী আহিছে, বিজ্ঞানী আহিছে, নগৰৰ নাগৰিক, গাঁৱৰ গঁঞা, ধনী, দুখীয়া, বিজ্ঞ, অজ্ঞ সকলো আহিছে। মাইকত কোৱা হৈছে কিদৰে যাব লাগে, কোন ফালে যাব লাগে। কিন্তু সেই বিৰাট ভীৰত সোমাই নিজকে হেৰুৱা যেনো লাগিছে কোনোজনৰ। ভয়ো হৈছে, মনে মনে প্রাথর্না কৰিছে, “হে প্রভূ, ভালদৰে যেন গৈ মা গংগাত এটা জোবোৰা মাৰি আহিব পাৰোঁ। ইমান মানুহ….”
আৰু হঠাৎ যেন এটা ত্রাসৰ ধুমুহাই সেই ভীৰৰ একাংশক কোবাই গ’ল। দৌৰা-দৌৰি, চিঞৰ, আর্তনাদ, মৰণ-কাতৰ গেঙনি….পিঠিত খুণ্ডা, পেটত আঘাত….মাটিৰ ওপৰত পৰি যোৱা মানুহৰ ওপৰেৰে মানুহ….উশাহ বন্ধ হৈছে কাৰোবাৰ, হৃৎপিণ্ড স্তব্ধ হৈছে কাৰোবাৰ, কাৰোবাৰ ভৰি ভাগিছে, কাৰোবাৰ হাত….
অতি সুন্দৰকৈ ব্যৱস্থা কৰি বা: বা: লোৱা সকলে দেখি থাকোতেই বা তেওঁলোকৰ দৃষ্টিৰ পৰা দূৰত মৰা শ বোৰ পৰি থাকিল। আহতসকলৰ চিঞৰ; নিহতসকলৰ নীৰৱতা।

টেলিভিজনৰ এঙ্কৰে কয় যে ব্যৱস্থা অত্যন্ত ভাল হৈছে, কোনো নেতাৰ বাবে সাধাৰণ লোকৰ অসুবিধা হোৱা নাই। আহতসকলৰ চিকিৎসাৰ সুব্যৱস্থা কৰা হৈছে, নিহতসকলৰ পৰিয়ালক চৰকাৰে সমবেদনা জনাইছে, সাহার্য আগ বঢ়াইছে।
ইউট্যুবাৰে কয় যে নেতাসকলৰ অহা-যোৱা, স্নান, জলকেলি, পুণ্যার্জনৰ বাবে কৰা ব্যৱস্থাৰ বাবে সাধাৰণ লোকৰ অহা-যোৱা বাট বন্ধ হৈ গৈছিল, সেই বাবেই এই দুর্ঘটনা।
কোনে জানে কি হৈছিল? কিন্তু এইটো ঠিক যে কোনোৱে তাত গছক খাবলৈ, পংগু হ’বলৈ, বা মৰিবলৈ যোৱা নাছিল; প্রত্যেকেই গৈছিল পুণ্যার্জনৰ আশাত।

ৰামকৃষ্ণৰ সাধু: ঠাকুৰ শ্রীৰামকৃষ্ণ পৰমহংস দেৱে কোৱা অজস্র সাধুৰ মাজৰ এটা ক্ষুদ্র সাধু—এজন মানুহে পাপ-মোচনৰ বাবে গংগাত পুণ্যস্নান কৰিবলৈ গ’ল। ভালদৰে ঈশ্বৰক চিন্তি, মন্ত্রাদি আওৰাই, গংগাত নামি, সুন্দৰকৈ স্নান কৰিলে তেওঁ।
সেই পুণ্য-স্নানৰ প্রতাপত তেওঁৰ সঞ্চিত পাপ সোপাই তেওঁক মুহূর্ততে ত্যাগ কৰি গংগাৰ পাৰৰ এজোপা গছত বহিলগৈ। স্নানৰ অন্তত ভদ্রলোকে পাৰলৈ আহি ভালদৰে গামোছাৰে গা মুছি, শুকুৱাই নতুন কাপোৰ পিন্ধিলে। আৰু সেই গছ জোপাৰ ওপৰৰ পৰা তেওঁৰ পাপ সোপা নামি আহি তেওঁৰ মূৰত বহি ল’লেহি।
“স্নান”ৰ এক সংজ্ঞা: মহাভাৰতৰ বন পর্বৰ যক্ষ-যুধিষ্ঠিৰ সংবাদত যক্ষৰ এটা প্রশ্নৰ উত্তৰত যুধিষ্ঠিৰে প্রকৃত পুণ্যস্নানৰ এটা সংজ্ঞা দিছে—“স্নানম মনোমলত্যাগ:”—মনৰ কলুষ ত্যাগ কৰাই স্নান।

(Sanjeev Kumar Nath, sanjeevnath21@gmail.com)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.