নিওকভ
• দিলীপ দৈমাৰী
কৰ’নাৰ প্ৰসৱগৃহত পুনৰ আতংকময় পৰিৱেশ! এইবাৰ এই ভয়াবহ কৰ’নাৰ সবাতোকৈ বিপদজনক স্ট্ৰেইনৰ সন্ধান দিলে চীনৰ উহানৰ গৱেষক – বিজ্ঞানীসকলে। উহানৰ বিজ্ঞানীসকলে দক্ষিণ আফ্ৰিকাত ‘নিওকভ’ নামেৰে কৰ’নাৰ নতুন এক ভয়ংকৰ স্ট্ৰেইনৰ সন্ধান পাইছে। ই অতি ভয়ংকৰ আৰু অত্যাধিক সংক্ৰামক!
কিন্তু এই নিওকভ ( NeoCov) নতুন ভাইৰাছ নহয়। ই মিডল-ইস্ট ৰেচপিৰেটাৰি চিন্দ্ৰোম বা MERS-CoV ভাইৰাছৰ সৈতে যুক্ত। ২০১২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত মধ্যপ্ৰাচ্যৰ দেশবোৰত এই ভাইৰাছৰ সংক্ৰমণ চকুত পৰিছিল। এই ভাইৰাছে সাধাৰণতে মানুহৰ শৰীৰত সংক্ৰমণ নঘটাইছিল, মূলতঃ পশু-পক্ষীৰ ক্ষেত্ৰত হে ইয়াৰ সংক্ৰমণ হৈছিল। প্ৰথমতে এই ভাইৰাছে বাদুলিৰ শৰীৰত সংক্ৰমণ কৰিছিল। কিন্তু bioRxiv জাৰ্ণালত প্ৰকাশিত লেখাত উহানৰ গৱেষকে দাবী কৰিছে যে এই NeoCov আৰু ইয়াৰ নিকটাত্মীয় PDF-2180-CoV’-এ এতিয়া মানুহৰ শৰীৰত আক্ৰমণ আৰম্ভ কৰিছে। বাদুলিৰ পৰা উটৰ শৰীৰ হৈ এই মাৰাত্মক ভাইৰাছে এতিয়া মানুহৰ শৰীৰত সংক্ৰমণ আৰম্ভ কৰিছে।
উহান বিশ্ববিদ্যালয় ( Wuhan University) আৰু চাইনিজ একাডেমী অফ চাইন্সৰ গৱেষক সকলে দাবী কৰিছে যে আৰু মাত্ৰ এবাৰ মিউটেশ্যন হ’লেই এই ভাইৰাছে মানুহৰ শৰীৰত বাহ বান্ধিব পাৰে। সমস্যা হ’ল, এই ভাইৰাছে মানুহৰ শৰীৰত সংক্ৰমণ আৰম্ভ কৰিলে কৰ’নাৰ কোনো এন্টিবডি বা কোনো ভেকচিনে তাৰ গতি ৰুদ্ধ কৰিব নোৱাৰিব। চীনৰ বিজ্ঞানীসকলে কৈছে যে এই নতুন ভাইৰাছ স্ট্ৰেইনৰ মাজত থকা ‘MERS- highCoV’ৰ মাৰণ ক্ষমতা আৰু কৰ’নাৰ দৰে সংক্ৰমণ ক্ষমতা থাকিব। ই অতি ভয়ংকৰ হ’ব। বিজ্ঞানীসকলে দাবী কৰিছে যে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যুৰ হাৰ ৩৫% হ’ব। অৰ্থাৎ, প্ৰতি তিনিজনৰ ভিতৰত এজনৰ মৃত্যু হ’ব। ইয়াৰ উপসৰ্গ কৰ’নাৰ দৰেই হ’ব।