– তনয় চক্ৰৱৰ্তী |
প্ৰায় ৫ বছৰ ৪ মাহৰ বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ দিনতো অসমত ‘শান্তি’ প্ৰতিষ্ঠা হোৱা নাই আৰু এতিয়াও শান্তি-শৃঙ্খলা সম্পৰ্কে অসম চৰকাৰ নিশ্চিত নহয়। সেইবাবেই পুনৰ বাহাল থাকিল ‘আৰ্মড ফোৰ্চেছ ( স্পেচিয়েল পাৱাৰ) এক্ট’ ওৰফে ‘আফস্পা'( AFSPA)! চৰকাৰে এক বিবৃতিৰ জৰিয়তে যোৱা শনিবাৰ, ১১/০৯/২০২১ তাৰিখে সেই কথা সদৰি কৰিছে। অৰ্থাৎ, অসম এতিয়াও ‘উপদ্ৰুত’ অঞ্চল হৈয়েই থাকিল! চৰকাৰে জনাইছে যে ‘আৰ্মড ফোৰ্চেছ ( স্পেচিয়েল পাৱাৰ) এক্ট’ ওৰফে ‘আফস্পা'( AFSPA)ৰ ৩ নম্বৰ ধাৰা অনুসৰি সমগ্ৰ অসমকে উপদ্ৰুত অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে আৰু ২৮ আগষ্টৰ পৰা পুনৰ ৬ মাহৰ বাবে অসম উপদ্ৰুত অঞ্চল হিচাবেই পৰিগণিত হ’ব। কিন্তু কেনেধৰণৰ বিষয়ৰ বাবে অসমত ‘আৰ্মড ফোৰ্চেছ ( স্পেচিয়েল পাৱাৰ) এক্ট’ ওৰফে ‘আফস্পা'( AFSPA) জাৰি কৰি থোৱা হ’ল – সেই সম্পৰ্কে কোনেও মুখ খুলি একো কোৱা নাই। অসমত ১৯৯০ চনত প্ৰথমবাৰৰ বাবে ‘আৰ্মড ফোৰ্চেছ ( স্পেচিয়েল পাৱাৰ) এক্ট’ ওৰফে ‘আফস্পা'( AFSPA) জাৰি হয় আৰু এমাহ সময়ৰ পিছে পিছে পৰিস্থিতি পৰ্যালোচনা কৰি নৱীকৰণ কৰি থকা হয়। ইতিপূৰ্বে ফেব্ৰুৱাৰী মাহত এক বিবৃতি জাৰী কৰি অসমক ‘উপদ্ৰুত’ ( Disturbed Area) অঞ্চল বুলি ঘোষণা কৰা হৈছিল। এতিয়া পুনৰ ৬ মাহৰ বাবে অসমত সেনাবাহিনীৰ বিশেষ ক্ষমতা বাহাল হৈ থাকিব।