ৰক্তাক্ত কাশ্মীৰ
ৰাঘৱ বসুমতাৰী
পুনৰ ৰক্তাক্ত হৈ পৰিছে ভূ-স্বৰ্গ কাশ্মীৰ। শেহতীয়াকৈ বুধগামত নিজৰ বাসগৃহৰ সন্মুখতেই গুলিবিদ্ধ হৈ প্ৰাণ হেৰুৱালে জনপ্ৰিয় দূৰদৰ্শন অভিনেত্ৰী আমৰিন ভাট ( Amreen Bhat)-এ।
কাশ্মীৰ পুলিচৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়াপৰত অভিনেত্ৰী আমৰিনৰ ঘৰৰ সন্মুখত তেওঁকেই লক্ষ্য কৰি তিনিজন বন্দুকধাৰীয়ে গুলি চলায় আৰু গুৰুতৰ অৱস্থাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়।
কিন্তু জনপ্ৰিয় অভিনেত্ৰী গৰাকী জীয়াই থাকিবলৈ সক্ষম নহ’ল। তেওঁৰ ১০ বছৰীয়া ভাগিন এজনো গুলিৰে আঘাতপ্ৰাপ্ত হৈছে।
দূৰদৰ্শনৰ অভিনেত্ৰী আমৰিন ভাট কাশ্মীৰত অতি জনপ্ৰিয় মুখ। টিকটক আদিকে ধৰি বিভিন্ন চোছিয়েল মেডিয়াতো তেওঁ বাৰুকৈয়ে সক্ৰিয়। ইছলামিক ফটোৱা অমান্য কৰা বাবেই তেওঁক হত্যা কৰা হ’ল বুলি সন্দেহ কৰা হৈছে।
কাশ্মীৰ পুলিচৰ সূত্ৰ অনুসৰি হত্যাকাৰী সকল লস্কৰৰ সদস্য হ’ব পাৰে বুলি প্ৰাথমিকভাৱে অনুমান কৰা হৈছে।


অভিনেত্ৰী আমৰিন ভাটৰ মৃত্যুৰ পিছত কাশ্মীৰৰ ৰাজনৈতিক মহল উত্তপ্ত হৈ পৰিছে। কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই কৈছে, ‘আমৰিনৰ হত্যাকাণ্ডৰ খবৰ পাই মই স্তম্ভিত। কোনোপধ্যেই নিৰপৰাধ মহিলা আৰু শিশুসকলৰ ওপৰত এনে আক্ৰমণ মানি ল’ব নোৱাৰি।’
২৬-০৫-২০২২
Image: Collected
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.