পুলক গগৈ
কুমাৰ দীপক দাস
এসময়ত মুম্বাইৰ জাহাঙ্গীৰ আৰ্ট গেলাৰী, ৱাশ্বিংটন আদি কৰি বিভিন্ন ঠাইত চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰিবলৈ সমৰ্থবান হোৱা অসমৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক , বৰেণ্য কাৰ্টুনিষ্ট পুলক গগৈদেৱে তথা আমাৰ অতি শ্ৰদ্ধাৰ আদৰৰ পুলকদাই আজি আমাৰ মাজৰ পৰা চিৰ দিনৰ বাবে বিদায় ললে ।
তেখেতে মুম্বাইৰ বান্দ্ৰা স্কুল অৱ আৰ্টচ আৰু বষ্টন মিউজিয়াম অৱ ফাইন আৰ্টছত আনুষ্ঠানিকভাৱে ছবি অঁকা শিকিছিল। পিচলৈ তেখেত পেন্ছিলভানিয়া একাডেমী অব্ ফাইন আৰ্টছলৈও গৈছিল।
এগৰাকী প্ৰাত:স্মৰনীয় চিত্ৰশিল্পী পুলক গগৈদেৱে অসংখ্য মনোমুগ্ধকৰ ছবি আঁকি আমাৰ চিত্ৰশৈলীক নতুন মাত্ৰা প্ৰদান কৰাৰ উপৰিও অসমীয়া কথাছবি পৰিচালক নিৰ্মাতা হিচাবে তেওঁ মুঠ নখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া কথাছবি নিৰ্মাণ কৰি চিনেমা জগতৰ বাবে এক অনবদ্য অবদান আগবঢ়াই থৈ গৈছে ।
ইয়াৰে ছখনৰ প্ৰযোজনা আছিল নিজৰ। তেওঁৰ দ্বিতীয় ছবি শ্ৰীমতী মহিমাময়ীয়ে ‘৮০ৰ দশকৰ এখন আলোড়নকাৰী কথাছবি ।
সেন্দূৰ আৰু সূৰুয এই দুখন সেই সময়ৰ চুপাৰহিট ছবি আছিল।
ৰেলৰ আলিৰ দূবৰি বন এই কথাছবি খনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় বঁটা পাইছিল।
পুলক গগৈদেৱৰ মৃত্যুত অসমৰ জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি হ’ল ।
তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো ।
12-11-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)