পুৰণি অসমত ধনুৰ ব্যৱহাৰ !
নবীন বুঢ়াগোহাঁই

মানৱ ইতিহাসৰ অধিকাংশ সময় মানুহে চিকাৰ কৰিয়েই কটাইছে ৷ যোৱা ন-দহ হেজাৰ বছৰৰ ভিতৰতহে মানুহে শস্যৰ খেতি কৰিবলৈ তথা জীৱ-জন্তুক বশ কৰিবলৈ শিকিছে৷ চিকাৰজীৱী মানুহে পোনতে নিজৰ হাত দুখন আৰু গছৰ ডাল আদি লৈয়েই চিকাৰ কৰিছিল৷
লাহে লাহে তেওঁলোকে শিলৰ শস্ত্ৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল৷ নিশ্চয়কৈ শিলৰ কটাৰী, কুঠাৰ আদিয়েই তাৰ পাতনি আছিল৷ ক্ৰমান্বয়ে আদিম মানৱে যাঠি, বৰচা [javelin], শ্লীংগ [sling] [১]-ৰ দৰে নিক্ষেপক অস্ত্ৰৰ প্ৰয়োগ কৰিবলৈ শিকিছিল৷ নিক্ষেপক অস্ত্ৰৰ ভিতৰত ধনু-কাঁড়ৰ উদ্ভাৱনে মানৱ ইতিহাসৰ ৰেহ-ৰূপ সলনি কৰি পেলাইছিল৷
খাদ্যৰ বাবে অনাই-বনাই ফুৰা বন-মানুহৰ দলে যুদ্ধ-বিগ্ৰহতো ধনুৰ ব্যৱহাৰ ব্যাপক ৰূপত কৰিবলৈ ধৰিছিল৷ প্ৰত্নপ্ৰস্তৰ যুগ [Paleolithic age]-ৰ পৰাই মানুহে শিল বা হাড়ৰ টুকুৰাৰে কাঁড়ৰ জোঙাল টোপ সজাৰ উমান পোৱা যায়৷
তুষাৰ যুগৰ অন্তত পৃথিৱীৰ প্ৰায়বোৰ কোণতে ধনু-কাঁড় বিয়পি পৰিছিল৷ মানুহে ব্ৰঞ্জ, তাম আৰু লোৰ ব্যৱহাৰৰ পূৰ্বেই ধনু-কাঁড়ৰ উদ্ভাৱন কৰি পেলাইছিল৷ অষ্ট্ৰেলিয়া আৰু কেতবোৰ মহাসাগৰীয় দ্বীপপুঞ্জৰ নৃ-গোষ্ঠীসকলক বাদ দি প্ৰায় সমগ্ৰ পৃথিৱীতে মানুহে ধনুৰ ব্যৱহাৰ কৰিছিল৷
১৯৮৩ খ্ৰিষ্টাব্দত দক্ষিণ আফ্ৰিকাৰ ‘চিবিদো’ [Sibudu] নামৰ এটা গুহাত উদ্ধাৰ হোৱা শিলৰ জোঙা অস্ত্ৰ এবিধক প্ৰত্নতত্ত্ববিদসকলে কাঁড়ত ব্যৱহৃত টোপ [arrow point] বুলি ধাৰণা কৰে৷ এয়া মধ্যপ্ৰস্তৰ যুগৰ প্ৰত্নতাত্ত্বিক সম্পদ আৰু আনুমানিক ৬৫-ৰপৰা ৭০ হাজাৰ বছৰৰ পুৰণি৷
আনহাতে, এতিয়ালৈকে উদ্ধাৰ হোৱা পূৰ্ণাংগ ধনুৰ অৱশেষ ডেনমাৰ্কৰ হোলোমগাৰ্ডত পোৱা গৈছে৷ এই ধনুবোৰ ৯০০০ খ্ৰিষ্টপূৰ্বৰ বুলি অনুমান কৰা হয়৷ ইফালে উত্তৰ জাৰ্মানিৰ ষ্টেলমুৰৰ ধনুৰ অংশবোৰ খ্ৰিষ্টপূৰ্ব ৮০০০ বছৰৰ পুৰণি বুলি জনা যায়৷
পৃথিৱীৰ প্ৰায়বোৰ প্ৰাচীন উন্নত সভ্যতা ক্ৰমে সিন্ধু, চুমেৰীয়, চীনা, মিচৰীয়, গ্ৰীক-ৰোমান আদিত ধনু-কাঁড়ক বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হয়৷ ভাৰতবৰ্ষৰ ভীমবেটকাৰ গুহাচিত্ৰবোৰত ধনু-কাঁড় লৈ চিকাৰ কৰা চিত্ৰসমূহ প্ৰাগৈতিহাসিক যুগৰ উৎকৃষ্ট নিদৰ্শন৷

ঝীলাম নদীৰ পাৰত আলেকজেণ্ডাৰৰ গ্ৰিক বাহিনীৰ স’তে খ্ৰিষ্টপূৰ্ব ৩২৬ চনৰ মে’ মাহত হোৱা হাইডেচপাছৰ যুদ্ধ [Battle of the Hydaspes]-ত ভাৰতৰ পুৰু ৰজাৰ সৈন্যই বাঁহেৰে নিৰ্মিত এবিধ ধনুৰ প্ৰয়োগ কৰিছিল৷ আনহাতে, নালন্দা বিশ্ববিদ্যালয়ত ধনুৰ্বিদ্যাৰ শিক্ষা প্ৰদান কৰাৰ বিষয়ে জনা যায়৷
উল্লেখযোগ্য যে পৃথিৱীৰ বহু সংস্কৃতিত ধনুবোৰ বিভিন্ন প্ৰকাৰৰ কাঠৰপৰা নিৰ্মাণ কৰিছিল৷ ইউৰোপত প্ৰস্তৰ যুগ আৰু ব্ৰঞ্জ যুগৰ পৰাই লং ব’ [long bow = বৰধনু] প্ৰধানকৈ ‘ইউ’ [yew] গছৰ পৰা বা এই গছ উপলব্ধ নহ’লে ‘ৱাইচ এলম’ [wych elm] গছৰপৰা তৈয়াৰ কৰা হৈছিল৷ ঐতিহাসিক লং ব’বোৰ এডাল কাঠৰ টুকুৰাৰে মানুহে নিৰ্মাণ কৰি লৈছিল৷ কিন্তু আধুনিক লং ব’বোৰ আধুনিক সামগ্ৰীৰে বা বিভিন্ন কাঠ আঠা লগাইও তৈয়াৰ কৰা হয়৷
লং ব’ বা বৰধনুবোৰ একপ্ৰকাৰৰ ওখ বা দীঘলীয়া ধনু৷ ইয়াৰ অংগবোৰ তুলনামূলকভাৱে সংকীৰ্ণ আৰু ভিৰ খোৱা অৱস্থাত বৃত্তাকাৰ বা ইংৰাজী ‘D’ বৰ্ণৰ আকৃতিৰ৷ পোন ধনুবোৰ ঠিক তেনেকুৱাই দীঘল যদিও ভিৰ খোৱা অৱস্থাত অংগবোৰ প্ৰায় আয়তাকাৰ৷

ইতিহাসৰ অন্ধকাৰ যুগৰে পৰা ভাৰতবৰ্ষৰ পূৱ প্ৰান্তৰ প্ৰহৰীস্বৰূপ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধনুৰ ব্যৱহাৰ ব্যাপক ৰূপত হৈছিল৷ অসমৰ ধনুসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি৷ যথা–
১] বৰধনু [long bow] আৰু
২] ফাঁকধনু [Cross bow]৷
বৰধনুবোৰ এচটা বাঁহেৰে নিৰ্মিত৷ ই চাৰিৰপৰা পাঁচ হাত দীঘল৷ হাতেৰে ধনুৰ জোৰ টানি কাঁড় নিক্ষেপ কৰা হয়৷ আনহাতে, ফাঁকধনুখনত কাঠৰ অতিৰিক্ত সঁজুলি এবিধ সংযুক্ত হৈ থাকে৷ ধনুৰ্ধাৰীজনে ধনুৰ গুণ বা জোৰডাল টানি ফাঁকত লগাই এটা কৌশলী লিপলিপি বা ট্ৰিগাৰ হেঁচি কাঁড়ডাল নিক্ষেপ কৰে৷ বৰধনুখনক ইউৰোপৰ লং ব’ [long bow]-ৰ লগত আৰু ফাঁকধনুক চীন দেশীয় ‘নো’ [Nu = cross bow]-ৰ লগত তুলনা কৰিব পাৰি৷

পৃথিৱীৰ যিবোৰ ঠাইত বাঁহ গছ পোৱা গৈছিল সেইবোৰ ঠাইত ধনুবোৰ বাঁহেৰে আৰু আনবোৰ ঠাইত ম’হৰ শিঙৰ লগত কাঠ যোৰা দি নিৰ্মাণ কৰিছিল৷ ম’হৰ শিঙৰ লগত কাঠ জোৰা দি নিৰ্মাণ কৰা ধনুবোৰ মৰুভূমিৰ পাদদেশৰ শুষ্ক অঞ্চলবোৰত অধিক কাৰ্যকৰী আছিল৷ এচিয়াৰ ছিল্ক ৰোড [silk road]-ত দৌৰাত্ম্য কৰি ফুৰা ছিথিয়ান, তুৰ্কী, মংগোল আদিৰ জাতিৰ অশ্বাৰোহী কাঁড়ীসকলে শিং আৰু কাঠৰ টুকুৰাৰে নিৰ্মিত ৰিকাৰ্ভ ব’ [recurve bow]-ৰ ব্যৱহাৰ কৰিছিল৷ কোৰিয়াৰ ম’হৰ শিঙেৰে নিৰ্মিত ‘গাকগোংগ’ [Gak-gung] নামৰ ধনু অতি উৎকৃষ্ট মানৰ বুলি জনা যায়৷
বিশ্বৰ আৰ্দ্ৰ অঞ্চলবোৰত বাঁহৰ ধনুৱেই মানুহৰ বাবে মূল সাৰথি হৈ পৰিছিল৷ বাঁহৰ ধনুসমূহৰ ভিতৰত জাপানৰ ইউমি [yumi] ধনুসমূহ সজাৰ প্ৰক্ৰিয়া অতি জটিল আৰু ব্যয়বহুল৷ ইবিলাক বাঁহৰ কামীৰ লগত কাঠৰ টুকুৰা সংযোগ কৰি সজা হয়৷ একাধিক সামগ্ৰীৰ সংমিশ্ৰণেৰে সজা ধনুসমূহক ইংৰাজীত কম্পজিট ব’ [composite bow] বোলে৷
ভাৰতবৰ্ষৰ গুপ্তযুগত বাঁহৰ ধনু প্ৰচলন হোৱাৰ তথ্য পোৱা যায়৷ কিন্তু মোগলৰ আগ্ৰাসনৰ পিছত ধাতুৰে নিৰ্মিত ৰাজকীয় ধনুৰো প্ৰচলন হৈছিল৷ অসম তথা ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহত বাঁহৰ ধনুৰেই প্ৰাধান্য আছিল বুলি জনা যায়৷ অৰুণাচল প্ৰদেশৰ ইদু-মিচিমি, নগালেণ্ডৰ চেমা নগা, মেঘালয়ৰ গাৰোসকলে আজিও পৰম্পৰাগত ধনুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷

অসমৰ জাতি বাঁহ ধনু সাজিবৰ বাবে উপযুক্ত৷ আধুনিক আৰ্চাৰী খেলৰ বাবে মণিপুৰত জাতিবাঁহৰ কম্পাউণ্ড ব’ [compound bow] সজাৰ কথা জানিবলৈ পোৱা গৈছে৷
অসমত ধনুৰ বাবে জাৰকালি বুঢ়া বাঁহ কাটি ৰাখে৷ কিছু লোকে অমাৱস্যাৰ ৰাতি বাঁহ কাটিলে বাঁহত ঘূণে নধৰে বুলি বিশ্বাস কৰে৷ ধনুৰ বাবে কটা বাঁহবোৰ অসমৰ মানুহে দীৰ্ঘদিন পানীত গোৰাই লৈছিল৷ এনেকৈ পানীত গোৰাই লোৱাৰ ফলত ধনুখনৰ গুণ ভিৰাই টানিলেও ভাগি নগৈছিল আৰু ঘূণে নধৰিছিল৷
ধনুত কাঁড় লগাই হাতেৰে টোঁৱাই বা ছিটিকা পাতিও কাৰ্যক্ষম কৰা হৈছিল৷ বিশেষকৈ বাঘ চিকাৰৰ বাবে ছিটিকাৰ দৰে বাঘধনু পাতিছিল৷ বাঘধনুৰ পৰা এডাল বিষযুক্ত কাঁড় ওলাইছিল৷ এই ধনুখন পূৰঠ ভলুকা বাঁহেৰে নিৰ্মাণ কৰিছিল৷ [২]
অসমত বৰধনুবোৰ চিকাৰ কাৰ্য আৰু যুদ্ধক্ষেত্ৰত ব্যৱহৃত হৈছিল৷ তাৰ কিছু তথ্য মধ্যকালীন আহোম বুৰঞ্জীত পোৱা যায়৷ বুৰঞ্জীবোৰৰ বেছিভাগতে ধনু-কাঁড়ক ‘কাণ্ড-ধনু’ শব্দ-যুগলেৰে উল্লেখ কৰা হৈছে৷ অসমত হোৱা ধনুৰ ব্যৱহাৰ অতিশয় প্ৰাচীন৷ এই ধনু আহোম ৰাজত্বকালৰ আগৰে পৰাই অসমত আছিল৷ আহোমৰ স’তে হোৱা ৰণসমূহত কছাৰী, চুতীয়া, নগা আৰু কোঁচসকলে ধনুৰ ব্যৱহাৰ কৰাৰ তথ্য পোৱা যায়৷
বুৰঞ্জীত থকা তেনে এটা প্ৰসংগ এনেধৰণৰ– “আমাৰ কাৰফাই ধনুহে আছিল, চুটিয়াত চুটিয়াধনু পালে৷ পিঠিয়ে জোৰ দিয়া চাৰিহাত দীঘলে তাক বৰধনু বোলে৷ তাকে মৰাই ৰঙ্গ চাই থাকে৷” [৩] উল্লেখযোগ্য যে শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি লাচিত বৰফুকনেও ধনু ব্যৱহাৰ কৰিছিল৷ [৪]

মধ্যযুগত বৰধনুৰ সমান্তৰালকৈ আন এখন ধনুৰ ব্যৱহাৰ হৈছিল৷ সেয়া হৈছে ‘কাঁৰ্ফাই ধনু’৷ কাঁৰ্ফাই ধনুক ‘ফাঁক ধনু’ও বোলা হয়৷ আহোমসকলে কাঁৰ্ফাই ধনু ব্যৱহাৰ কৰাৰ কথা জনা যায়৷ এই ধনুখনক টাই ভাষাত ‘ক্লাঙ্’ বুলি কোৱা হয়৷ কিন্তু কাঁৰ্ফাই ধনুখন চুতীয়াসকলেও ব্যৱহাৰ কৰিছিল৷
১৮৬৭ খ্ৰিষ্টাব্দত শিৱসাগৰৰপৰা প্ৰকাশিত মাইলছ ব্ৰন্সনৰ ‘অসমীয়া আৰু ই০ৰাজী অভিধান’খনত কাঁৰ্ফাই ধনুখনক ‘চুটিয়া ধেনু’ বুলি অৰ্থ কৰিছে [কাৰ্ফাই, s. ফাঁকেৰে ধেনু, চুটিয়া ধেনু, a cross-bow, a sutia bow.] [৫]৷ আনহাতে, আহোমৰ দ্বিতীয়জন ৰজা ছ্যু-তেউ-ফালৈ নৰা দেশৰ বঙহ ৰজা ছ্যু-খ্ৰান-ফাই সোণ-ৰূপৰ টুপী আৰু দুখন কাঁৰ্ফাই ধনু উপহাৰ দি পঠাইছিল৷ [৬]
ইয়াৰ পৰা বুজা যায় যে কাঁৰ্ফাই ধনু অসমৰ জনগোষ্ঠীসকলৰ উপৰি দাঁতিকাষৰীয়া বা পাটকাইৰ সিপাৰৰ ৰাজ্যবোৰতো ব্যৱহাৰ কৰা হৈছিল৷ প্ৰণিধানযোগ্য যে জনগোষ্ঠীভিত্তিক কাঁৰ্ফাই ধনুৰ লিপলিপি বা ট্ৰিগাৰ সংযোগৰ কৌশলৰ পাৰ্থক্য থাকিব পাৰে৷ অনুৰূপভাৱে বৰধনুসমূহতো সুকীয়া বৈশিষ্ট্য থকাটো সম্ভৱপৰ৷

উল্লেখযোগ্য যে প্ৰাচীন অসমত বসবাস কৰা জনগোষ্ঠীসমূহৰ মাজত চিকাৰ কাৰ্য আৰু ৰণক্ষেত্ৰত ধনুৰ ব্যৱহাৰ হৈছিল৷ এই ধনু অসমৰ কোনো কোনো জনগোষ্ঠীৰ লোক-সংস্কৃতিৰো ভিতৰুৱা অংগ৷ বিশেষকৈ চুতীয়াসকলৰ পৰম্পৰাত বৰ্তমান কালতো পুত্ৰ সন্তান উপজিলে বাজ ওলোৱাৰ দিনা সন্তানৰ কাষত অন্যান্য বস্তুৰ লগতে ধনু-কাঁড় দিয়াটো নিয়ম৷ এই ধনুখন ল’ৰাৰ বাপেক বা মোমায়েকে সাজি দিব লাগে৷
এনেকৈ ধনু দিয়াৰ পৰম্পৰাৰ অৰ্থ হ’ল ডাঙৰ হৈ সন্তানটোৱে চিকাৰ কৰি খুঁটি খাব পাৰিব আৰু সি আত্মৰক্ষা কৰিব৷ তাৰ বিপৰীতে কন্যা সন্তান জন্ম হ’লে কপাহ আৰু মাকো এটা দিয়ে৷ [৭] ছোৱালীজনীয়ে ডাঙৰ হৈ বৈ-কাটি নিজৰ লগতে পৰিয়ালৰ লাজ ঢাকিব পৰা হ’বলৈ মাক-দেউতাকে এনেদৰেই কামনা কৰে৷ অসমৰ প্ৰাচীন সমাজ এখনত এনেদৰে ধনু-কাঁড় আৰু মাকো দিয়াৰ পৰম্পৰাটোৰ বিশেষ তাৎপৰ্য আছিল৷
প্ৰকৃতিৰ সন্তানক প্ৰকৃতিৰ লগত যুঁজি জীয়াই থাকিবলৈ দিয়া প্ৰেৰণাৰ পৰাই এনেধৰণৰ পৰম্পৰাবোৰৰ উৎপত্তি৷ এনে পৰম্পৰাৰ মাজত অতীতত প্ৰতিকূল পৰিস্থিতিত কাম কৰি জীৱন নিৰ্বাহ কৰা সমাজ এখনৰ ছবিও প্ৰচ্চন্ন হৈ আছে৷

সি যি নহওক, অসমত আহোম ৰাজত্বকালত বৰধনু আৰু কাঁৰ্ফাই ধনুৰ উপৰি অন্যান্য বহুতো ধনু ব্যৱহৃত হৈছিল৷ সেই ধনুসমূহৰ কেতবোৰৰ নাম এনেধৰণৰ– ইন্দ্ৰ ধনু, চুঙা ধনু, চুতীয়া ধনু, জুইকাঁড় ধনু, তাই ধনু, তিলিকাঁড় ধনু, দেও ধনু, নগা ধনু, নৰা ধনু, ফাঁক ধনু, বৰাহী ধনু, বাঘধনু, বাটলুগুটি ধনু, বিহকাঁড় ধনু, মৰাণ ধনু, হাত ধনু আদি৷
এই ধনুসমূহৰ নামৰ লগত প্ৰাচীন অসমৰ বা ইয়াৰ দাঁতিকাষৰীয়া চুতীয়া, তাই, নগা, নৰা, বৰাহী আৰু মৰাণ জনগোষ্ঠীকেইটাৰ নাম সাঙোৰ খাই আছে৷ ইয়াৰপৰা বুজিব পাৰি যে এই জনগোষ্ঠীসমূহেও দৈনন্দিন জীৱনত নিজাকৈ ধনু ব্যৱহাৰ কৰিছিল৷ তেওঁলোকে ব্যৱহাৰ কৰা ধনুবোৰে জনগোষ্ঠীসমূহকো প্ৰতিনিধিত্ব কৰে৷ এই ধনুসমূহৰ নাম ভিন্ন ভিন্ন হ’লেও ধনুৰ মূল প্ৰকৃতিটো একেধৰণৰেই আছিল৷
সকলো জনগোষ্ঠীৰ ধনুসমূহ পিছলৈ আহোম ৰাজত্বকালত একাকাৰ হৈ পৰিছিল৷ আহোমসকলে জনগোষ্ঠীসমূহৰ মাজত সমন্বয়-সংমিশ্ৰণ ঘটোৱাৰ সমান্তৰালভাৱে তেওঁলোকে ব্যৱহাৰ কৰা যুদ্ধাস্ত্ৰ আৰু সাংস্কৃতিক বৈশিষ্ট্যসমূহৰো সংমিশ্ৰণ ঘটাইছিল৷ এসময়ত কোনো এটা জনগোষ্ঠীয়ে ব্যৱহাৰ কৰা ধনুসমূহ আহোম ৰাজত্বকালত সেই জনগোষ্ঠীটোৰ হৈ থকা নাছিল৷ সকলোবোৰ উমৈহতীয়া স্বাৰ্থত ব্যৱহাৰ হৈছিল৷
ফলস্বৰূপে প্ৰত্যেকে প্ৰত্যেকৰ অস্ত্ৰ আৰু যুদ্ধবিদ্যাৰ প্ৰসাৰ আন জনগোষ্ঠীসকলৰ মাজতো বিলীয়মান কৰি দিবলৈ সুযোগ লাভ কৰিছিল৷ তথাপি মূল জনগোষ্ঠীটোৰ লোকসকলে নিজৰ পৰম্পৰাগত অস্ত্ৰ-শস্ত্ৰৰ ব্যৱহাৰ আনতকৈ ভালদৰে জানিছিল৷

উদাহৰণ স্বৰূপে, চুতীয়াসকল ধনু-কাঁড় মৰাৰ বিদ্যাত অতিকৈ পাকৈত আছিল বাবেই আহোম ৰজাই তেওঁলোকৰ বহুতকে কাঁড়ী খেলত অন্তৰ্ভুক্ত কৰি ‘চুতীয়া কাঁড়ী’ নামৰ কেবাখনো গাঁও পাতি দিছিল৷ এই চুতীয়া কাঁড়ীসকলে ৰণক্ষেত্ৰতো অংশগ্ৰহণ কৰিছিল৷
চুতীয়াসকলে কাঁৰ্ফাই ধনুৰ উপৰি বৰধনুৰ ব্যাপক ৰূপত ব্যৱহাৰ কৰিছিল৷ বহুতে বৰধনু ভূঞাসকলৰপৰা আহৰিত বুলি ক’ব খোজে যদিও বাস্তৱত তেনে প্ৰমাণ পাবলৈ জটিল৷ এই বৰধনুখন একোজন কাঁড়ী সৈন্যৰ মূৰৰ ওপৰৰপৰা কলাফুলৰ তললৈকে জুৰি থাকে৷ এইখন চাৰিৰপৰা পাঁচ হাত দীঘল৷ ইয়াৰ গুণডাল ৰিহা গছৰ আঁহ বা মূগাৰ সূতাৰপৰা তৈয়াৰ কৰা হৈছিল৷

এই ধনুৰ গুণ লগোৱাটো বৰ কঠিন আৰু এইখনৰপৰা কাঁড় নিক্ষেপ কৰোতেও যথেষ্ট শক্তি খৰচ হয়৷ এইখন ধনুৰ কাঁড়বোৰ বিভিন্ন প্ৰকাৰৰ৷ কাঁড়ডালৰ আগত বহু সময়ত অতিশয় জোঙা আৰু চেপেটা লোৰ পাত লাগি থাকে৷ পাতবোৰ বিষযুক্ত কৰি লোৱা হয়৷ মূল কাঁড়ডালৰ গা অংশটো চাঁচি লোৱা বাঁহৰ৷ কাঁড়ৰ গুৰিৰ ফালে ফালি ৰাজহাঁহৰ পাখি লগাই বান্ধি থোৱা হয়৷
এই পাখিডালেই কাঁড়ডালক লক্ষ্যস্থানত আঘাত কৰালৈকে নিয়ন্ত্ৰণ কৰে৷ লোৰ পাট লগোৱা কাঁড়ৰ উপৰি কাঁড়ডাল নিৰ্মাণ কৰোঁতে বাঁহডালতে এটা ফালে আঁকোৰা কৰি জোঙা কৰা হয়৷ এইবোৰৰ উপৰি বৰধনুৰে টোপাকাঁড়, শিঙিমূৰী কাঁড় আদিও নিক্ষেপ কৰা হৈছিল৷ টোপাকাঁড় মাৰিলে কোনো জন্তু বা মানুহ নমৰে, কিন্তু আঘাতপ্ৰাপ্ত হৈ ঠাইতে ঢলি পৰে৷ শিঙিমূৰী কাঁড়ত বিহ প্ৰয়োগ কৰিছিল৷ তাৰ ভিতৰত কণীবিহ অন্যতম আছিল৷

আনহাতে, মুগা চোমনিত মুগা চুমীয়াই কাউৰী জাতীয় মুগাৰ অনিষ্টকাৰী চৰাই, কেৰ্কেটুৱা আদি খেদিবলৈ ‘বাটলুগুটি ধনু’ ব্যৱহাৰ কৰিছিল৷ এনে ধনুৰ গুণডালৰ মধ্য অংশত কেটেপাৰ গুটিটো লগাব পৰা অংশৰ নিচিনা একোটা অংশ থাকে৷ সেই অংশটো বাঁহ আৰু বেতৰ ৰচীৰে তৈয়াৰী৷
ধনুখনৰ গোটেই গুণডালো ভলুকা বাঁহেৰে তৈয়াৰ কৰি লৈছিল৷ ইফালে লেকেটীয়া মাটিৰ সৰু সৰু গোলাকাৰ বড়ি তৈয়াৰ কৰি সেইবোৰ ৰ’দত শুকুৱাই এই ধনুৰে চৰাই-চিৰিকটি খেদোৱা হৈছিল৷ মাটিৰ সেই বড়িবোৰক ‘বাটলুগুটি’ বুলি কোৱা হয়৷ পিছলৈ বাটলুগুটিৰ ঠাইত মাৰ্বল গুটিৰো প্ৰয়োগ হৈছিল৷

বৰ্তমান সময়ত বৰধনুকে ধৰি প্ৰায়বোৰ ধনুৰ ব্যাৱহাৰিক প্ৰয়োজন নোহোৱা হৈ পৰিল৷ এনে ধনুৰ বিষয়ে বিস্তৃত তথ্যও বিচাৰি পোৱাটো দুষ্কৰ৷ মধ্যযুগত এনে এখন ধনুৱেই সকলোপ্ৰকাৰৰ প্ৰতিৰক্ষাৰ কাম সম্ভৱ কৰি তুলিছিল৷ মানুহৰ দৈনন্দিন জীৱন-যাত্ৰা আৰু যুদ্ধ-বিগ্ৰহ আদিবোৰত ধনু প্ৰধান আৰু মূল সম্বল আছিল৷
উল্লেখযোগ্য যে পুৰণি কালৰ ধনুৰ্বিদ্যা এক সাধনা আছিল৷ অৱশ্যে ভাৰত চৰকাৰে ধনুৰ্বিদ্যাক এক উচ্ছ পৰ্যায়ৰ খেল হিচাপে স্থান দি মানুহে পাৰ হৈ অহা সমাজ এখনৰ বিস্মৃত হৈ পৰিব খোজা স্মৃতি সজীৱ কৰি ৰাখিছে৷ মধ্যযুগৰ অসমত ব্যৱহৃত ধনুবোৰৰ অধ্যয়নে আমাক এখন কৰ্মকুশলী সমাজ-ব্যৱস্থালৈ লৈ যায় আৰু সেই সমাজৰ গভীৰ কৰ্ম-প্ৰেৰণাৰে ভৱিষ্যতৰ বাটত কাম কৰিবলৈ উৎসাহিত কৰি তোলে৷

প্ৰসংগ-টীকাঃ
১. শ্লীংগঃ তৰাৰ ফৰ্মূটিৰ দৰে ৰচীৰ সহায়ত হাতেৰে দূৰলৈ নিক্ষেপ কৰিব পৰা শিল, মাটি বা সীহৰ বুলেটক ‘শ্লীংগ’ বোলা হয়৷ শ্লীংগ নিক্ষেপ কৰা লোকক ‘শ্লীংগাৰ’ বোলে৷
২. চৌধুৰী, প্ৰসন্নলাল, ‘শিকাৰ-নিকাৰ’, পৃ. ২১, আমাৰ ওচৰত থকা গ্ৰন্থত প্ৰকাশক আৰু প্ৰকাশৰ চন-তাৰিখ উল্লেখ নাই, মুখবন্ধ লিখাৰ তাৰিখঃ ১ জুন, ১৯৮৭
৩. ভূঞা, সূৰ্য্যকুমাৰ, সম্পা., ‘সাতসৰী অসম বুৰঞ্জী’, লয়াৰ্ছ বুক ষ্টল, তৃতীয় প্ৰকাশ, ১৯৯৯, পৃ. ১৪
৪. ভূঞা, সূৰ্য্যকুমাৰ, ‘লাচিত বৰফুকন’, অসম প্ৰকাশন পৰিষদ, সপ্তম প্ৰকাশ, ডিচেম্বৰ, ২০১০, পৃ. ৩৯
৫. Bronson, M., Compiled., ‘A Dictionary in Assamese and English, অসমীয়া আৰু ই০ৰাজী অভিধান’, America Baptist Mission Press, Sibsagar, First Edition, 1867, P. 104
৬. বৰবৰুৱা, হিতেশ্বৰ, ‘আহোমৰ দিন’, অসম প্ৰকাশন পৰিষদ, ষষ্ঠ প্ৰকাশ, ২০১৩, পৃ. ২৯
৭. বৰুৱা, স্বৰ্ণলতা; নাথ, ডম্বৰুধৰ, সম্পা., ‘চুতীয়া জাতিৰ বুৰঞ্জী’, চুতীয়া জাতিৰ বুৰঞ্জী প্ৰণয়ন সমিতি, প্ৰথম প্ৰকাশ, এপ্ৰিল, ২০০৭, পৃ. ৩৩৮-৩৩৯
■ ফোন/হোৱাটছ এপঃ ৮০১১৬-১২৫৩৫
■ E-mail: nobinburagohain24@gmail.com
■ Facebook: https://www.facebook.com/nobin.buragohain1?mibextid=ZbWKwL
■ YouTube: Nobin Buragohain History & Culture
■ মধ্যযুগৰ অসমত ব্যৱহৃত ধনু সম্পৰ্কীয় গৱেষণামূলক ভিডিঅ’ৰ লিংক : https://youtu.be/7Qv8ZNuhcdY?si=n9zvowV8tsF6QU4n

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.