–অৰবিন্দ ৰাভা
তালিবানে শাসনভাৰ লোৱাৰ পাছত আফগানিস্তানত মহিলাসকলৰ অৱস্থা দিনে দিনে বেয়াৰ ফালে গৈ আছে। দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পিছত মহিলাসকলক আশ্বস্ত কৰি তালিবানে কৈছিল যে মহিলাসকলৰ শিক্ষাৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈ – সকলোফালেই কোনো অসুবিধা যাতে নহয়, ব্যৱস্থা কৰা হ’ব। কিন্তু ইতিমধ্যে মহিলাক নৰকযন্ত্ৰণাৰ সোৱাদ দি থকা তালিবানে, যোৱাকালি দেওবাৰে, ২৬/১২/২০২১ তাৰিখে জাৰি কৰা নতুন এক ফটোৱাৰ দ্বাৰা ঘোষণা কৰিছে যে পুৰুষ সঙ্গী লগত নথকাকৈ মহিলাসকলে বাহিৰলৈ ভ্ৰমণ কৰিবলৈ যাব নোৱাৰিব। বাছ আৰু অইন গাড়ীৰ চালকসকলক কঠোৰ নিৰ্দেশ দিয়া হৈছে যাতে কোনো হিজাব নিপিন্ধা মহিলাক গাড়ীত উঠিবলৈ নিদিয়ে।
দেওবাৰে জাৰি কৰা ফটোৱাৰ দ্বাৰা তালিবান চৰকাৰে ঘোষণা কৰিছে যে এজনী আফগান মহিলাই ৭২ কিলোমিটাৰৰ বেছি ভ্ৰমণ কৰিবলৈ হ’লে তেওঁৰ লগত এজন নিকট আত্মীয় পুৰুষ সঙ্গী থাকিবই লাগিব। অন্যথাই ভ্ৰমণ কৰিব নোৱাৰিব। দেওবাৰে সংবাদ সংস্থাক এই ফটোৱাৰ বিষয়ে সদৰি কৰিছে তালিবান চৰকাৰৰ অন্যতম মুখপাত্ৰ আকিফ মুহাজিৰ’-এ। ইয়াৰোপৰি এই ফটোৱা ইতিমধ্যে চোছিয়েল মেডিয়াৰ দ্বাৰাও প্ৰচাৰ কৰা হৈছে।
এসপ্তাহ পূৰ্বে আফগানিস্তানৰ চেনেলবোৰৰ সেই ধাৰাবাহিকবোৰৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ কোৱা হৈছে – যিবোৰত অভিনেত্ৰীয়ে অভিনয় কৰিছে। তাৰোপৰি, মহিলা সাংবাদিক সকলক হিজাব পৰিধান কৰি বাতৰি পৰিৱেশন কৰিবলৈ কোৱা হৈছে। গাড়ীবোৰত সঙ্গীত বজোৱা নিষিদ্ধ কৰা হৈছে।