পুৰুষহ’বলৈ আৰু বহুযুগ লাগিব আপোনাক..

পুৰুষ হবলৈ আৰু বহুযুগ লাগিব আপোনাক
পুৰুষ হৈ উপজিহে বিচাৰি আহিব মোক……
সেইজনেই পুৰুষ,
যাৰ পৰশত ফুলি উঠে মালিনী বাৰীত কিংশুক,
জৰাটেঙা হৈ গজিব পাৰি বুকুত,
আপুনি ভবাৰ দৰে নাৰী মানেই লতা নহয়,
যাৰ থাকিব আচাৰি পেলোৱা শোকৰ পিচত মহীৰুহ সাৱতাৰ ভোক…..
পুৰুষ হৈ ওপজকচোন প্ৰথমে,
প্ৰকৃত পুৰুষ,
যাৰ বক্ষত প্ৰোথিত কৰি শিপা, নিৰ্বিবাদে চুব পাৰি আকাশৰ সীমা….
যাৰ ভূমিৰপৰা ভুমালৈ বিস্তাৰিত বিশ্বাসৰ স্ৰোত
সেইজন পুৰুষ……
পাহাৰী জুৰি হৈ বিষাদ খান্দি নিব পৰা সেউজীয়া চকুৰ…
অথবা অৱৰুদ্ধ নৈক বোৱাই নিব পৰা পলসুৱা বুকুৰ আলসুৱা প্ৰতিজনেই মদগজ পুৰুষ….
আচলতে কি জানে..!!
আপুনি ভবাৰ দৰে, শালপ্ৰাংশু শৰীৰ বা ঐশ্বৰ্যৰ ৰশ্মিয়ে নাৰীক বিভ্ৰান্ত নকৰে,
সেয়ে কৈছো এবাৰ পুৰুষ হৈ ওপজক,
প্ৰকৃত পুৰুষ….
তেতিয়া বুজিব প্ৰতিগৰাকী নাৰীৰ বিমূৰ্ত কামনাত কেনেদৰে লালিত হৈ থাকে ভাগীৰথী হোৱাৰ স্বপ্নসুখ……

( আচাৰ্য্য/পিতৃ/ভাতৃ/প্ৰেমিক আৰু প্ৰতিগৰাকী সৰল হৃদয়ৰ আত্মজ বন্ধুলৈ শুভাষাৰে)
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)