• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Friday, March 24, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

মনস্বিনী শৰ্মা

by Admin
March 9, 2023
in Inspiration, Nature, Special Report, Women
Reading Time: 3 mins read
0
DR PURNIMA DEVI BARMAN: 2022 CHAMPION OF THE EARTH
Share on FacebookShare on TwitterShare on LinkedIn

পূৰ্ণিমা দেৱী বৰ্মন

মনস্বিনী শৰ্মা

manaswini Sarma
মনস্বিনী শৰ্মা

সৃষ্টিৰ পথাৰখনত যুগে-যুগে নাৰীয়ে অৱদান আগবঢ়াই আহিছে।

বৰ্তমান এনে এক ক্ষেত্ৰ নাই য’ত নাৰীৰ অৱদান নাই। সাহিত্য, সংস্কৃতি, শিক্ষা, ক্ৰীড়া, প্ৰকৃতি ইত্যাদি সকলোতে নাৰীয়ে পুৰুষৰ সমানে ফেৰ মাৰিছে আৰু ইয়াৰ লগতে নাৰী সবলীকৰণৰ দিশটোকো চহকী কৰি তুলিছে।

সাম্প্ৰতিক প্ৰেক্ষাপটত নাৰী সবলীকৰণৰ পটভূমিত থিয় দিয়া এইসময়ৰ এগৰাকী সবল নাৰী হৈছে হাড়গিলা বাইদেউ তথা ড° পূৰ্ণিমা দেৱী বৰ্মন।

তেখেত এগৰাকী প্ৰকৃতিবিদ। মূলতঃ বিলুপ্তপায় হ’ব বিচৰা হাড়গিলা চৰাই সংৰক্ষণ কৰি তেখেতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এই হাৰ্গিলা চৰাই সংৰক্ষণ আৰু সজাগতাৰ ক্ষেত্ৰত তেখেতৰ আছে ৰোমাঞ্চকৰ, প্ৰত্যাহ্বানমূলক এক কাহিনী।

RelatedPosts

london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 23, 2023
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023
Menace of human trafficking in Assam

Menace of human trafficking in Assam

March 23, 2023

গুৱাহাটীৰ পূব মাজিৰ গাঁৱত জন্মগ্ৰহণ কৰা বাইদেৱে প্ৰাণীবিজ্ঞান বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ২০১৯ চনত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০০৭ চনত পি.এইচ.ডি. আৰম্ভ কৰিবলৈ লোৱাৰ সময়তে তেখেতে হাৰ্গিলা চৰাই সংৰক্ষণৰ কামত আগবাঢ়িছিল। বিশেষকৈ সেই সময়ত তেখেতৰ জীৱনত ঘটা এটি ঘটনাই হাৰ্গিলা চৰাই সংৰক্ষণ কৰিবলৈ তেখেতেক অনুপ্ৰাণিত কৰিছিল।


২০০৭ চনত পি.এইচ.ডি. ৰ বাবে হাৰ্গিলা চৰাইৰ তথ্য সংগ্ৰহ কৰিবলৈ বাইদেউ কামৰূপৰ দদৰা নামৰ গাঁওখনলৈ গৈছিল।

সেই গাঁৱৰ এঘৰ মানুহে চোতালৰ এজোপা গছ কাটিবলৈ লওঁতে তেওঁ দেখা পালে যে গছজোপাত নটা হাড়গিলা চৰাই সিঁহতৰ বাঁহৰ সৈতে আছিল। বাইদেৱে গৃহস্থক হাজাৰ কাকুতি-মিনতি কৰি গছজোপা নাকাটিবলৈ অনুৰোধ কৰিছিল যদিও মানুহজনে বাইদেউক তিৰস্কাৰহে কৰিলে। তেতিয়া বাইদেৱে সিদ্ধান্ত ল’লে যে, এই মানুহসকলৰ মাজত সজাগতা আনি তেখেতে এদিন হাৰ্গিলা চৰাইক সংৰক্ষণ কৰিব।

এই প্ৰতিজ্ঞাৰে বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে তেখেতে হাড়গিলা সংৰক্ষণৰ কামত লাগিল। প্ৰথম অৱস্থাত গাঁৱে-ভূঞে গৈ মানুহৰ ঘৰৰ বাৰীত সোমাই হাড়গিলা চৰাই সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। এই ক্ষেত্ৰত তেখেতক সহায় কৰিবলৈ প্ৰথমে মানুহবোৰ আগবাঢ়ি অহা নাছিল।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

সেয়েহে মানুহক সজাগ কৰিবলৈ তেখেতে কিছুমান বিশেষ ব্যৱস্থা হাতত ল’ব লগা হৈছিল। বিশেষকৈ মহিলাসকলক উলিয়াই আনিবৰ বাবে বাইদেৱে মহিলাসকলক আৰ্কষণ কৰিব পৰাকৈ পিঠা-পণাৰ মেলা, ফুড ফেষ্টিভেল, নামঘৰত শৰাই দিয়া আদিৰ আয়োজন কৰিলে আৰু ইয়াৰ মাজেৰে হাড়গিলা চৰাই সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰিলে।

এইসমূহৰ ভিতৰত এটি আৰ্কষণীয় আয়োজন আছিল ‘হাড়গিলাৰ পঞ্চামৃত‘ অনুষ্ঠান। এগৰাকী গৰ্ভৱতী মহিলাৰ বাবে যেনেদৰে পঞ্চামৃত অনুষ্ঠান আয়োজন কৰা হয় তেনেদৰে হাড়গিলাৰ বাবেও পঞ্চামৃত অনুষ্ঠানৰ আয়োজন কৰি সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল। বাইদেৱে গাঁৱৰ মহিলাসকলক সবল কৰাৰ উদ্দেশ্যে আত্মসহায়ক গোট খুলি দি বোৱা-কটা আদি হাতৰ কামৰ দ্বাৰা মহিলাসকলক আৰ্থিকভাৱে স্বচ্ছল হ’বলৈ শিকাইছিল।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

এনেদৰে লাহে-লাহে তেখেতৰ প্ৰচেষ্টাত গাঁৱৰ মানুহবোৰ হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত সজাগ হ’বলৈ ধৰিলে। এই গতিৰে বাইদেৱে ‘হাড়গিলা আৰ্মি’ নামৰ এক সংস্থাও গঠন কৰিলে। এই সংস্থাটোৱে বৰ্তমান বিভিন্ন অঞ্চলত হাড়গিলা চৰাই সংৰক্ষণৰ কামত ব্ৰতী হৈ আছে।

হাড়গিলা চৰাই সংৰক্ষণৰ বাবে বাইদেৱে গাঁৱৰ মহিলাসকলৰ সৈতে লগ লাগি হাড়গিলা চৰাইৰ আৰ্হিৰ মেখেলা-চাদৰ (যি তেখেতে নিজেও পৰিধান কৰে), গামোচা, শিশুসকলৰ বাবে কমিক্‌চ আদি প্ৰস্তুত কৰে। সেইদৰে বিয়াসমূহত কইনাৰ হাতত মেহেন্দীৰে হাড়গিলা চৰাই অংকন কৰে লগতে হাড়গিলাৰ প্ৰতীকি ৰূপে মুখা তৈয়াৰ কৰে। এইধৰণৰ বিভিন্ন কাৰ্যপন্থাৰে তেখেতে হাড়গিলা চৰাই সংৰক্ষণ কৰি আহিছে।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

বহুকেইবছৰ ধৰি কামৰূপ জিলাৰ দদৰা, শিঙিমাৰী আৰু পছৰীয়া নামৰ গাওঁকেইখনত বিপন্নপ্ৰায় হাড়গিলা পদ্ধতিগত সংৰক্ষণৰ হকে তেখেতে কাম কৰি আছে। তেখেতৰ প্ৰচেষ্টাতেই গাঁৱকেইখনৰ লোকসকল আজি এই পক্ষীবিধৰ সংৰক্ষণৰ ওপৰত সজাগ হৈছে। যিসময়ত গাঁৱৰ লোকসকলে গেলা-পচা বস্তু খোৱা হাড়গিলা চৰাইক অশুভ চৰাই আখ্যা দিছিল সেই লোকসকলে এতিয়া গছ-গছনি নাকাটি হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে কাম কৰি গৈছে।

সেইদৰে যিসময়ত পূৰ্ণিমা দেৱী বৰ্মণ বাইদেউক যিসকল লোকে তিৰস্কাৰ, ঠাট্ৰা-মস্কৰা কৰিছিল সেই লোকসকলেই এতিয়া ‘হাড়গিলা বাইদেউ’ আখ্যাৰে তেখেতক সন্মান জনাই তেখেতৰ কাৰ্যপন্থাক অনুকৰণ কৰিছে।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

হাড়গিলা চৰাই সংৰক্ষণ কৰি অহাৰ বাবে ড° পূৰ্ণিমা দেৱী বৰ্মণ বাইদেউক ২০১৭ চনত গ্ৰীণ অস্কাৰ আৰু ২০১৮ চনত নাৰী শক্তি বঁটা প্ৰদান কৰা হয়। দেশী-বিদেশী স্কুলীয়া পাঠ্যক্ৰমত বাইদেউৰ কৰ্মৰাজিয়ে স্থান লাভ কৰিছে। বিভিন্ন বঁটা-বাহনেৰে বিভূষিত হোৱা পূৰ্ণিমা দেৱী বৰ্মণ বাইদেৱে শেহতীয়াকৈ ২০২২ চনত ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সজাগতামূলক সন্মান ‘চেম্পিয়ন অৱ দ্যা আৰ্থ‘ লাভ কৰিছে।

কামৰূপৰ এখন সৰু গাঁৱৰ পৰা হাড়গিলা চৰাই সংৰক্ষণৰ যাত্ৰা আৰম্ভ কৰা পূৰ্ণিমা দেৱী বৰ্মণ বাইদেউ এতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত এগৰাকী প্ৰকৃতিপ্ৰেমী। পূৰ্বে উল্লেখ কৰা হৈছে যে, তেখেতে হাড়গিলা সংৰক্ষণৰ লগতে নাৰী সবলীকৰণতো তেখেতে যথেষ্ট গুৰুত্ব দি আহিছে। হাড়গিলা চৰাই আৰ্হিৰে বয়নশিল্প, মুখাশিল্পক চহকী কৰি গাঁৱৰ মহিলা সকলৰ দ্বাৰা সেইবোৰক দেশ-বিদেশত সমাদৰ লাভ কৰোৱাবলৈ সক্ষম হৈছে।

বিপন্নপ্ৰায় চৰাই এবিধক এনেধৰণৰ আদৰ্শনীয় এক পদক্ষেপেৰে সংৰক্ষণ তথা সজাগতা কৰোৱাৰ ক্ষেত্ৰত এইগৰাকী নাৰীৰ কষ্ট, সাহস, ধৈৰ্য তথা ত্যাগ সঁচাকৈ বহু প্ৰশংসনীয়। তেখেতৰ অনুপ্ৰেৰণাতেই অনুপ্ৰাণিত হৈ বৰ্তমান বহু লোক ওলাই আহিছে তেখেতক সহযোগিতা কৰিবলৈ। বৰ্তমান ‘আৰণ্যক‘ নামৰ বেচৰকাৰী এটি প্ৰকৃতিপ্ৰেমী সংস্থাৰ (NGO) সৈতেও তেখেত জড়িত।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ
পূৰ্ণিমা দেৱী বৰ্মণ

অমি আশা কৰিছোঁ, তেখেতৰ এই আদৰ্শৰে উদ্বুদ্ধ হৈ সকলোৱে এনেধৰণৰ বিপন্নপ্ৰায় জীৱ-জন্তুবোৰক সংৰক্ষণৰ বাবে ওলাই আহক চৰকাৰেও যথোপযুক্ত কাৰ্য ব্যৱস্থাসমূহ গ্ৰহণ কৰি প্ৰকৃতিপ্ৰেমীসকলক সহায় কৰক।

এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে লগতে নাৰী সবলীকৰণ এক জীৱন্ত প্ৰতীক হিচাপে পূৰ্ণিমা দেৱী বৰ্মন তথা আমাৰ সকলোৰে মৰমৰ হাড়গিলা বাইদেউ গৰাকী এনেধৰণৰ নিজস্ব যোগাত্মক কাৰ্যপন্থাৰে আগবাঢ়ি যাওক।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ
পূৰ্ণিমা দেৱী বৰ্মণ

(লেখিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী)

08-03-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Admin

Admin

Related Posts

london eye over the river thames in london england
Music

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

by Admin
March 23, 2023
0

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the...

Read more
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023
Menace of human trafficking in Assam

Menace of human trafficking in Assam

March 23, 2023
From AFGHANISTAN on World Water Day

From AFGHANISTAN on World Water Day

March 22, 2023
close up photography of smartphone icons

তথ্য নিৰুদ্দেশ হোৱা এটা যুগৰ বাসিন্দা আমি

March 22, 2023
যৌনতা আৰু ইৰোটোফোবিয়া

যৌনতা আৰু ইৰোটোফোবিয়া

March 22, 2023
  • Trending
  • Comments
  • Latest
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
লাচিত বৰফুকন

লাচিত বৰফুকন

November 24, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
woman crossing on bridge

ইক’থেৰাপি

March 23, 2023
london eye over the river thames in london england

“I felt like a big monster lived in my head, it’s like a lot of radio stations playing at the same time” : Adam Atkinson

March 23, 2023
Paper Leak in Recruitment Exams in the Country!

Paper Leak in Recruitment Exams in the Country!

March 23, 2023
An eviction of Dreams – will the unity of the people herald in a different tomorrow?

An eviction of Dreams – will the unity of the people herald in a different tomorrow?

March 23, 2023

Popular Stories

  • Dholera: Modi’s Dream Project turns lifeless and barren!

    Dholera: Modi’s Dream Project turns lifeless and barren!

    772 shares
    Share 309 Tweet 193
  • জাহ্নৱী স্বৰ্গীয়াৰী: মাৰ্কিন ভূমিত প্ৰশংসিত অসমীয়া মহিলা উদ্যমী

    857 shares
    Share 90 Tweet 56
  • অটোৰিক্সা চালকৰ পৰা দেশজুৰি সমাদৃত ফটোগ্ৰাফাৰলৈ বৰ্ণময় জীৱন

    120 shares
    Share 48 Tweet 30
  • Captain Jintu Gogoi Vir Chakra Memorial Football Tournament

    203 shares
    Share 81 Tweet 51
  • Udyam 2023 begins at Duliajan

    182 shares
    Share 73 Tweet 46
  • কাব্য-ঋষি নীলমণি ফুকনৰ সশ্ৰদ্ধ সোঁৱৰণত

    157 shares
    Share 63 Tweet 39
  • RAJA RAVI VARMA: FATHER OF MODERN ART IN INDIA

    18 shares
    Share 7 Tweet 5
  • Nature-Writings: New Rising In The World Of Literature

    56 shares
    Share 22 Tweet 14
  • Issues of Northeast and Role of Media

    55 shares
    Share 22 Tweet 14
  • Speak You – How Romania helps Ukrainian refugees: the experience of a team from Sighișoara

    54 shares
    Share 22 Tweet 14
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: