• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

ASSAMESE SECTION/ Inspection

by Monoswini Sarmah
December 11, 2025
in Inspiration, ASSAMESE SECTION, Nature, Special Report, Women
Reading Time: 3 mins read
0
Purnima barman
Share on FacebookShare on TwitterShare on LinkedIn

পূৰ্ণিমা দেৱী বৰ্মন

মনস্বিনী শৰ্মা

manaswini Sarma
মনস্বিনী শৰ্মা

সৃষ্টিৰ পথাৰখনত যুগে-যুগে নাৰীয়ে অৱদান আগবঢ়াই আহিছে।

বৰ্তমান এনে এক ক্ষেত্ৰ নাই য’ত নাৰীৰ অৱদান নাই। সাহিত্য, সংস্কৃতি, শিক্ষা, ক্ৰীড়া, প্ৰকৃতি ইত্যাদি সকলোতে নাৰীয়ে পুৰুষৰ সমানে ফেৰ মাৰিছে আৰু ইয়াৰ লগতে নাৰী সবলীকৰণৰ দিশটোকো চহকী কৰি তুলিছে।

সাম্প্ৰতিক প্ৰেক্ষাপটত নাৰী সবলীকৰণৰ পটভূমিত থিয় দিয়া এইসময়ৰ এগৰাকী সবল নাৰী হৈছে হাড়গিলা বাইদেউ তথা ড° পূৰ্ণিমা দেৱী বৰ্মন।

তেখেত এগৰাকী প্ৰকৃতিবিদ। মূলতঃ বিলুপ্তপায় হ’ব বিচৰা হাড়গিলা চৰাই সংৰক্ষণ কৰি তেখেতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। এই হাৰ্গিলা চৰাই সংৰক্ষণ আৰু সজাগতাৰ ক্ষেত্ৰত তেখেতৰ আছে ৰোমাঞ্চকৰ, প্ৰত্যাহ্বানমূলক এক কাহিনী।

গুৱাহাটীৰ পূব মাজিৰ গাঁৱত জন্মগ্ৰহণ কৰা বাইদেৱে প্ৰাণীবিজ্ঞান বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু ২০১৯ চনত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০০৭ চনত পি.এইচ.ডি. আৰম্ভ কৰিবলৈ লোৱাৰ সময়তে তেখেতে হাৰ্গিলা চৰাই সংৰক্ষণৰ কামত আগবাঢ়িছিল। বিশেষকৈ সেই সময়ত তেখেতৰ জীৱনত ঘটা এটি ঘটনাই হাৰ্গিলা চৰাই সংৰক্ষণ কৰিবলৈ তেখেতেক অনুপ্ৰাণিত কৰিছিল।


২০০৭ চনত পি.এইচ.ডি. ৰ বাবে হাৰ্গিলা চৰাইৰ তথ্য সংগ্ৰহ কৰিবলৈ বাইদেউ কামৰূপৰ দদৰা নামৰ গাঁওখনলৈ গৈছিল।

সেই গাঁৱৰ এঘৰ মানুহে চোতালৰ এজোপা গছ কাটিবলৈ লওঁতে তেওঁ দেখা পালে যে গছজোপাত নটা হাড়গিলা চৰাই সিঁহতৰ বাঁহৰ সৈতে আছিল। বাইদেৱে গৃহস্থক হাজাৰ কাকুতি-মিনতি কৰি গছজোপা নাকাটিবলৈ অনুৰোধ কৰিছিল যদিও মানুহজনে বাইদেউক তিৰস্কাৰহে কৰিলে। তেতিয়া বাইদেৱে সিদ্ধান্ত ল’লে যে, এই মানুহসকলৰ মাজত সজাগতা আনি তেখেতে এদিন হাৰ্গিলা চৰাইক সংৰক্ষণ কৰিব।

এই প্ৰতিজ্ঞাৰে বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে তেখেতে হাড়গিলা সংৰক্ষণৰ কামত লাগিল। প্ৰথম অৱস্থাত গাঁৱে-ভূঞে গৈ মানুহৰ ঘৰৰ বাৰীত সোমাই হাড়গিলা চৰাই সংৰক্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। এই ক্ষেত্ৰত তেখেতক সহায় কৰিবলৈ প্ৰথমে মানুহবোৰ আগবাঢ়ি অহা নাছিল।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

সেয়েহে মানুহক সজাগ কৰিবলৈ তেখেতে কিছুমান বিশেষ ব্যৱস্থা হাতত ল’ব লগা হৈছিল। বিশেষকৈ মহিলাসকলক উলিয়াই আনিবৰ বাবে বাইদেৱে মহিলাসকলক আৰ্কষণ কৰিব পৰাকৈ পিঠা-পণাৰ মেলা, ফুড ফেষ্টিভেল, নামঘৰত শৰাই দিয়া আদিৰ আয়োজন কৰিলে আৰু ইয়াৰ মাজেৰে হাড়গিলা চৰাই সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰিলে।

এইসমূহৰ ভিতৰত এটি আৰ্কষণীয় আয়োজন আছিল ‘হাড়গিলাৰ পঞ্চামৃত‘ অনুষ্ঠান। এগৰাকী গৰ্ভৱতী মহিলাৰ বাবে যেনেদৰে পঞ্চামৃত অনুষ্ঠান আয়োজন কৰা হয় তেনেদৰে হাড়গিলাৰ বাবেও পঞ্চামৃত অনুষ্ঠানৰ আয়োজন কৰি সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল। বাইদেৱে গাঁৱৰ মহিলাসকলক সবল কৰাৰ উদ্দেশ্যে আত্মসহায়ক গোট খুলি দি বোৱা-কটা আদি হাতৰ কামৰ দ্বাৰা মহিলাসকলক আৰ্থিকভাৱে স্বচ্ছল হ’বলৈ শিকাইছিল।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

এনেদৰে লাহে-লাহে তেখেতৰ প্ৰচেষ্টাত গাঁৱৰ মানুহবোৰ হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত সজাগ হ’বলৈ ধৰিলে। এই গতিৰে বাইদেৱে ‘হাড়গিলা আৰ্মি’ নামৰ এক সংস্থাও গঠন কৰিলে। এই সংস্থাটোৱে বৰ্তমান বিভিন্ন অঞ্চলত হাড়গিলা চৰাই সংৰক্ষণৰ কামত ব্ৰতী হৈ আছে।

হাড়গিলা চৰাই সংৰক্ষণৰ বাবে বাইদেৱে গাঁৱৰ মহিলাসকলৰ সৈতে লগ লাগি হাড়গিলা চৰাইৰ আৰ্হিৰ মেখেলা-চাদৰ (যি তেখেতে নিজেও পৰিধান কৰে), গামোচা, শিশুসকলৰ বাবে কমিক্‌চ আদি প্ৰস্তুত কৰে। সেইদৰে বিয়াসমূহত কইনাৰ হাতত মেহেন্দীৰে হাড়গিলা চৰাই অংকন কৰে লগতে হাড়গিলাৰ প্ৰতীকি ৰূপে মুখা তৈয়াৰ কৰে। এইধৰণৰ বিভিন্ন কাৰ্যপন্থাৰে তেখেতে হাড়গিলা চৰাই সংৰক্ষণ কৰি আহিছে।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

বহুকেইবছৰ ধৰি কামৰূপ জিলাৰ দদৰা, শিঙিমাৰী আৰু পছৰীয়া নামৰ গাওঁকেইখনত বিপন্নপ্ৰায় হাড়গিলা পদ্ধতিগত সংৰক্ষণৰ হকে তেখেতে কাম কৰি আছে। তেখেতৰ প্ৰচেষ্টাতেই গাঁৱকেইখনৰ লোকসকল আজি এই পক্ষীবিধৰ সংৰক্ষণৰ ওপৰত সজাগ হৈছে। যিসময়ত গাঁৱৰ লোকসকলে গেলা-পচা বস্তু খোৱা হাড়গিলা চৰাইক অশুভ চৰাই আখ্যা দিছিল সেই লোকসকলে এতিয়া গছ-গছনি নাকাটি হাড়গিলা চৰাইৰ সংৰক্ষণৰ বাবে কাম কৰি গৈছে।

সেইদৰে যিসময়ত পূৰ্ণিমা দেৱী বৰ্মণ বাইদেউক যিসকল লোকে তিৰস্কাৰ, ঠাট্ৰা-মস্কৰা কৰিছিল সেই লোকসকলেই এতিয়া ‘হাড়গিলা বাইদেউ’ আখ্যাৰে তেখেতক সন্মান জনাই তেখেতৰ কাৰ্যপন্থাক অনুকৰণ কৰিছে।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ

হাড়গিলা চৰাই সংৰক্ষণ কৰি অহাৰ বাবে ড° পূৰ্ণিমা দেৱী বৰ্মণ বাইদেউক ২০১৭ চনত গ্ৰীণ অস্কাৰ আৰু ২০১৮ চনত নাৰী শক্তি বঁটা প্ৰদান কৰা হয়। দেশী-বিদেশী স্কুলীয়া পাঠ্যক্ৰমত বাইদেউৰ কৰ্মৰাজিয়ে স্থান লাভ কৰিছে। বিভিন্ন বঁটা-বাহনেৰে বিভূষিত হোৱা পূৰ্ণিমা দেৱী বৰ্মণ বাইদেৱে শেহতীয়াকৈ ২০২২ চনত ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ পৰিৱেশ সজাগতামূলক সন্মান ‘চেম্পিয়ন অৱ দ্যা আৰ্থ‘ লাভ কৰিছে।

কামৰূপৰ এখন সৰু গাঁৱৰ পৰা হাড়গিলা চৰাই সংৰক্ষণৰ যাত্ৰা আৰম্ভ কৰা পূৰ্ণিমা দেৱী বৰ্মণ বাইদেউ এতিয়া বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত এগৰাকী প্ৰকৃতিপ্ৰেমী। পূৰ্বে উল্লেখ কৰা হৈছে যে, তেখেতে হাড়গিলা সংৰক্ষণৰ লগতে নাৰী সবলীকৰণতো তেখেতে যথেষ্ট গুৰুত্ব দি আহিছে। হাড়গিলা চৰাই আৰ্হিৰে বয়নশিল্প, মুখাশিল্পক চহকী কৰি গাঁৱৰ মহিলা সকলৰ দ্বাৰা সেইবোৰক দেশ-বিদেশত সমাদৰ লাভ কৰোৱাবলৈ সক্ষম হৈছে।

বিপন্নপ্ৰায় চৰাই এবিধক এনেধৰণৰ আদৰ্শনীয় এক পদক্ষেপেৰে সংৰক্ষণ তথা সজাগতা কৰোৱাৰ ক্ষেত্ৰত এইগৰাকী নাৰীৰ কষ্ট, সাহস, ধৈৰ্য তথা ত্যাগ সঁচাকৈ বহু প্ৰশংসনীয়। তেখেতৰ অনুপ্ৰেৰণাতেই অনুপ্ৰাণিত হৈ বৰ্তমান বহু লোক ওলাই আহিছে তেখেতক সহযোগিতা কৰিবলৈ। বৰ্তমান ‘আৰণ্যক‘ নামৰ বেচৰকাৰী এটি প্ৰকৃতিপ্ৰেমী সংস্থাৰ (NGO) সৈতেও তেখেত জড়িত।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ
পূৰ্ণিমা দেৱী বৰ্মণ

অমি আশা কৰিছোঁ, তেখেতৰ এই আদৰ্শৰে উদ্বুদ্ধ হৈ সকলোৱে এনেধৰণৰ বিপন্নপ্ৰায় জীৱ-জন্তুবোৰক সংৰক্ষণৰ বাবে ওলাই আহক চৰকাৰেও যথোপযুক্ত কাৰ্য ব্যৱস্থাসমূহ গ্ৰহণ কৰি প্ৰকৃতিপ্ৰেমীসকলক সহায় কৰক।

এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে লগতে নাৰী সবলীকৰণ এক জীৱন্ত প্ৰতীক হিচাপে পূৰ্ণিমা দেৱী বৰ্মন তথা আমাৰ সকলোৰে মৰমৰ হাড়গিলা বাইদেউ গৰাকী এনেধৰণৰ নিজস্ব যোগাত্মক কাৰ্যপন্থাৰে আগবাঢ়ি যাওক।

পূৰ্ণিমা দেৱী বৰ্মন: হাড়গিলা বাইদেউ
পূৰ্ণিমা দেৱী বৰ্মণ

(লেখিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী)

08-03-2023

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Monoswini Sarmah

Monoswini Sarmah

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

Men vs Women Is the Wrong Debate: Understanding Gender Violence Beyond Viral Crime Cases

July 14, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d