-অঞ্জন শৰ্মা |
সমগ্ৰ পৃথিৱী আজি কোভিড-১৯ ভাইৰাছৰ প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন। প্ৰশ্নৰ উদ্ৰেক হৈছে – মানুহৰ অস্তিত্ব কি বিলুপ্ত হৈ পৰিব নেকি? সমস্ত পৃথিৱীত লক্ষ লক্ষ জীৱ, জন্তু, পোক- পতঙ্গ, বেক্টেৰিয়া, ভাইৰাছ বাস কৰে। আমি নিজেই নিজকে ‘শ্ৰেষ্ঠ’ জীৱ বুলি দাবী কৰি পৃথিৱীৰ কৰ্তৃত্ব নিজৰ হাতলৈ নি পৃথিৱীৰ বক্ষত, আকাশত, সাগৰ-মহাসাগৰত, মহাকাশত অত্যাচাৰ কৰিছিলো, অহংকাৰ কৰিছিলো। কিন্তু অদৃশ্য ক্ষুদ্ৰ এক ভাইৰাছে আজি ‘জীৱশ্ৰেষ্ঠ’ক ভয়ংকৰ আক্ৰমণ কৰিছে আৰু বিপন্ন হৈ পৰিছে মানৱ- সভ্যতা। যিহেতু এতিয়াও প্ৰতিষেধক বাহিৰ হোৱা নাই, গতিকে সাৱধানতা অৱলম্বন কৰাৰ বাহিৰে কোনো উপায় নাই।
যোৱা বুধবাৰে, অৰ্থাৎ ০৮/০৪/২০২০ তাৰিখে হোৱাইট হাউচৰ এক বিবৃতিৰ এঠাইত কোৱা হৈছিল যে এই কঠিন সময় লাহে লাহে পাৰ হৈ যাব আৰু আমিও লাহে লাহে আগৰ অৱস্থা ঘূৰাই পাম। এনে এক বিবৃতিৰ পটভূমিত ‘আল-জাজিৰা’ সংবাদ মাধ্যম ক আমেৰিকাৰ ‘নেশ্যনেল ইন্সটিটিউট অব্ এলাৰ্জি এন্ড ইন্ফেক্চাচ্ ডিজিজ্’ৰ অধিকৰ্তা ডাঃ ফাউচিয়ে কৈছে যে মানুহৰ জীৱন আৰু হয়তো কোনোদিনেই আগৰ দৰে স্বাভাৱিক অৱস্থাত নচলিব। কাৰণ কৰ’না শেষ নহ’ব, আৰু দেখাত ‘শেষ’ হ’লেও পুনৰ প্ৰাণঘাতী ভাইৰাছ কোভিড-১৯ উভতি আহিব। তেওঁ কৈছে যে বৰ্তমানৰ দুঃসহ অৱস্থাৰ পৰা হয়তো কোনোপ্ৰকাৰে সাময়িক সকাহ পোৱা যাব পাৰে, কিন্তু পুনৰ শীঘ্ৰেই মৃত্যুদূত কৰ’না উভতি আহিব।
তেওঁ ব্যক্ত কৰিছে যে কৰ’নাৰ প্ৰতাপ কিছু হ্ৰাস পালে হয়তো আমাৰ জীৱনৰ ছন্দ লাহে ধীৰে দেখাত ‘স্বাভাৱিক’ হৈ আহিব, কিন্তু সেয়া সাময়িক। মানুহে যদি ভাবি লয় যে চিৰদিনৰ বাবে কৰ’না নাইকিয়া হৈ গৈছে – সেয়া হ’ব বিৰাট ভুল। পুনঃ পুনঃ সেই ভাইৰাছ উভতি আহিব। এনে ক্ষেত্ৰত ‘শ্বো- ষ্টপাৰ’ৰ ভূমিকা পালন কৰিব পাৰে একমাত্ৰ প্ৰতিষেধকে। যেতিয়ালৈকে সেই প্ৰতিষেধক আৱিষ্কাৰ নহয়, তেতিয়ালৈকে কৰ’নাৰ পৰা মানৱজাতিৰ পৰিত্ৰাণ নাই। পৃথিৱীৰ প্ৰতিটো প্ৰাণীয়ে যিদিনা কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা মুক্ত হ’ব, তেতিয়াহে পৃথিৱীয়ে আগৰ অৱস্থা ঘূৰাই পাব।
হতাশাৰ সুৰেৰে এন্টনি ফাউচি-এ কৈছে -‘ আক্ষেপেৰে জনাও যে কৰ’নাই আক্ৰমণ কৰাৰ আগতে পৃথিৱীখন যেনে আছিল, পৃথিৱীৰ যিমান সহজ তথা স্বাভাৱিক ছন্দ আছিল, তেনে স্বাভাবিকতা আৰু কেতিয়াও উভতি নাহিব। সংক্ৰামক ৰোগৰ অন্যতম বিশেষজ্ঞ হিচাপে ডাঃ ফাউচিক আমেৰিকাৰ শীৰ্ষস্থানীয় তালিকাত ৰখা হয় আৰু কৰ’নাৰ টিকা বা ভেকচিনৰ গৱেষণাত যিসকল বিজ্ঞানীয়ে গৱেষণা কৰি আছে, ফাউচি তাৰেও এগৰাকী অন্যতম বিশেষজ্ঞ। ডাঃ ফাউচিৰ মতে আমেৰিকাৰ লগতে একেসময়তে চীন, জাৰ্মানী, ইংলেণ্ডতো কৰ’নাৰ একাধিক থেৰাপি আৰু ভেকচিনৰ গৱেষণা চলি আছে তথা চীন বহুত আগবাঢ়ি আছে। ভেকচিনৰ আগতেই থেৰাপিউটিক ড্ৰাগ বজাৰলৈ আহিব বুলি মই আশাবাদী। ডাঃ ফাউচিৰ মতে এই মাহতেই চীনে সকলোৰে মঙ্গল হোৱা ঘোষণাটো কৰিব পাৰে!