• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, June 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়

ASSAMESE SECTION / Opinion

by Jharna Sarma Dev Choudhury
February 9, 2026
in ASSAMESE SECTION, Opinion
Reading Time: 3 mins read
0
silhouette photography of group of people jumping during golden time

Photo by Belle Co on Pexels.com

Share on FacebookShare on TwitterShare on LinkedIn

পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়

ঝৰ্ণা শৰ্মা দেৱচৌধুৰী

Jharna Sarma 1
ঝৰ্ণা শৰ্মা দেৱচৌধুৰী

৩৬৫ দিনৰ অন্তত হেৰাই যোৱা প্ৰতিটো বর্ষত লোৱাৰ দৰে ২০২৫ ৰ শেষত লোৱা নাই এটাও নতুন পৰিকল্পনা,হাতত নাই বিশ্ব জিনাৰ কোনো নতুন আঁচনি। অলীক কল্পনাৰ কান্ধত হেঁচা দি পৃথিৱীৰ শেষ প্ৰান্তত থিয় হৈ সূৰ্য্য চোৱাৰ হেঁপাহত তিৰবিৰাই নুঠে এতিয়া কাজল ঘঁহা কজলা চকু। কিছু নিৰাশাবাদ আৰু কিছু বিষাদ গধুৰ হুমুনিয়াহৰ বোকোচাত উঠি থকা স্বত্বেও হঠাৎ দূৰ আকাশত চমকি উঠে সামান্য আশা আৰু সুখেৰে পৰিপূৰ্ণ এখন সৰু নাও।

এনাও মান সুখ বা এমুঠি দুখ কোনোটোৱেই এতিয়া প্ৰচণ্ড বেগত হৃদয় আলোড়িত কৰিব নোৱাৰে।আনৰ স্বাছন্দ্যতাই কেতিয়াও হৃদয় জ্বলোৱা নাছিল,এতিয়া জ্বলাবলৈ প্ৰয়োজন হোৱা এধানিমান কাথিটোৰো মোৰ অভাৱ। সুখৰ লহৰত ভাঁহি গৈ সাগৰত বিলীন হোৱাৰ উচ্ছলতা আৰু দুখৰ লোতকেৰে সৰোবৰ সৃষ্টিৰ শক্তি,দুয়োটাই সময়ৰ এক নিৰ্দিষ্ট বিন্দুত উপনীত হৈ অবান্তৰ হৈ পৰে। এয়া বছৰৰ শেষৰ হতাশগ্ৰস্ততা নহয়, নতুন বছৰৰ জন্মলগ্নত আহৰণ কৰা পৰিপক্কতাহে।

পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়

অস্থায়ী জীৱনত মানুহে প্ৰতিক্ষণ সম্বন্ধ,প্ৰেম, বন্ধুত্ব প্ৰতিটো পাৰ্থিৱ বস্তুৰ স্থায়িত্ব বিচাৰি হাবাথুৰি খায়। এপাহি গোলাপৰ সুগন্ধ উজাই লৈ আৱেগত চকু মুদি দিয়া সুন্দৰীৰ হৰিনী নয়নেৰে কাঁইটৰ বিন্ধাত লুণীয়া লোতক বাগৰিবলৈ কতপৰ?সকলোতে মাথোঁ সহ্যৰ ৰহস্য!কিছু অভিনয়ো অৱশ্যে আৱশ্যক।অধিক সহ্য মানেই অধিক পৰিপক্কতাৰ মান্যতা পোৱা।তাৰ পিছতো জানো কোনোবা সুখী হৈছে?

টকা, পইচা, মান, যশস্যাই যদি সুখৰ আধাৰ, তেন্তে পৃথিৱীত ইমানবোৰ অভিনেতা কিয়? জীৱন যিমান বেছি বেৰঙী,সামাজিক মাধ্যমত সিমানেই বেছি ৰঙীন ফটো। অন্তৰ যিমান কলীয়া ডাৱৰে ঘেৰা, ওঁঠত সিমানেই ডাঠৰঙী প্ৰলেপ।অভিনয় নিজৰ সন্মুখত নে সমাজৰ সন্মুখত? ফাঁকিয়ে আপোনাক দহে নে আপোনক?

প্ৰশ্নৰ সৌধত থিয় দি মাথোঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ চাব পাৰি, উত্তৰ পাব নোৱাৰি। উত্তৰ বুকুৰ খলাবমাতে থাকে। কেতিয়াবা উত্তৰ শুদ্ধ হয়,কেতিয়াবা ভুল। মন প্ৰশমিত কৰিবলৈ মাজে মাজে ভুল উত্তৰ বুলি জানিও তাকেই সাৱটি লৈ শুদ্ধক নেদেখা ভাও ধৰিব লাগে। আনক ফাঁকি দিয়াতকৈ নিজক ফাঁকি দিয়া কষ্টকৰ তথা কঠিনো। পিছে জীৱনক কিছু সুস্থ আৰু বলিষ্ঠ ভাৱে আগবঢ়াই নিবলৈ মাজে মাজে নিজক ফাঁকি দিয়াৰো প্ৰয়োজন হয়।যেয়ে পাৰিছে তেওঁৰ বাবে জীৱন কোনোবাখিনিত সহজ হৈ পৰিছে।

আপোন বুলি ভাবি থকা বহুলোক চকুৰ সন্মুখতে কেনেকৈ অচিনাকি হৈ পৰে,ভাবি আচৰিত নালাগেনে? প্ৰেম বুলি ভাবি থকা জীৱনৰ বহু পৃষ্ঠা যেতিয়া মুহূৰ্ততে বৃথা বুলি প্ৰমাণিত হয়,তেতিয়া হৃদয়ে নাকান্দেনে ? সাৰ কথাবোৰ এটা সময়ত মাথোঁ সুন্দৰ শব্দৰ মায়াজালহে আছিল বুলি পতিয়ন গৈ হৃদয়ৰ নিভৃতত সমাধি সজাৰ সময়ত আকাশ কঁপেনে, সাগৰত ঢৌ বাগৰে? নিশব্দ নিশাবোৰত আহঁত হৃদয়ৰ উচুপনিয়ে যেতিয়া একেখন শেতেলিৰ সিটোপাৰে নিদ্ৰামগ্ন সংগীৰ টোপনিত সমান্যতমো ব্যাঘাত জন্মাব নোৱাৰে,তেন্তে ক্ষোভ,অভিমান,ক্ৰোধেৰে ভৰা মোনাখন বহিৰাগতৰ বাবে কিয় আগবঢ়াই দিওঁ?

‘পানীত পৰা মানুহৰ বাবে খেৰকুটা দালেই সাৰথী’ বোলা বাক্যষাৰেই হয়তো ইয়াৰ শুদ্ধ উত্তৰ। জীৱনৰ ইমানবোৰ কেয়ামতালিৰ পিছতো জীৱন চলি যায়, বছৰ বাগৰি যায়। নতুন বছৰৰ আগৰাতি বোমা ফটকাৰে উদযাপন হয়, মাঘবিহুৰ উৰুকাৰ চৰুত হাঁহৰ গোটা ভজাই ৰঙা জিভাবোৰ তিয়াই যায়। সুখবোৰ লাগে অভিনয়েই হওক, বাদ দিয়া ইমান সহজ জানো? জীৱনক উপেক্ষা কৰিব পাৰিলেও দায়িত্বৰ পৰা গা এৰা দি শান্তিৰ উশাহ ঘূৰাব পাৰি জানো?

নিজৰ চকুপানীক প্ৰশ্ৰয় নিদিয়া সাহসী যেন লগা লোকো আপোনজনৰ চকুৰ জলৰাশিত ভাগি চিগি চুৰ্মাৰ হোৱা কাহিনী চৌদিশে সিঁচৰতি হৈ থাকে।মাথোঁ অনুভৱৰ অপেক্ষা। জীৱন সহজ নহয় বাবেইতো ইমান আকৰ্ষণীয়। পথ ওখোৰা মোখোৰা বাবেইতো অভিযানৰ সফল সমাপ্তিত বিশ্বই নতশিৰ কৰে সামান্য যেন লগা অসাধাৰণ প্ৰতিভাৰ সন্মুখত।

পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়

২৫ এ বহু কথা কৈ গ’ল। জীৱনত কোনো বস্তুৰ স্থায়িত্ব নাই। সময়ৰ গতিত নিজক এৰি দিলে জীৱন কিছু সহজ হৈ পৰে। কালক প্ৰত্যাহ্বান জনাব পৰা ক্ষমতা সাধাৰণ মনুষ্যৰ বাবে অসম্ভৱ। সেয়া লাগে জুবিন গাৰ্গৰ দৰে ঈশ্বৰপ্ৰদত্ত প্ৰতিভাই হওক বা তেনেই নিমাখিত কোনোবা জীৱই হওক,নিয়তিক স্বীকাৰ কৰাৰ বাহিৰে গত্যন্তৰ নাই। মানুহৰ ৰং সাতৰঙী ৰামধেনুতকৈয়ো বিচিত্ৰ। চকুৰ পতা এবাৰ জপাওঁতেই সন্মুখৰ পৰা অদৃশ্য হৈ যাব পাৰে বহু মনোৰম দৃশ্য।

আশাই দুখৰ মূল কাৰণ।কেৱল আনৰ পৰাই নহয়, নিজৰ পৰাও অধিক আশা কৰাটো বিপদজনক। সকলো উত্তৰ সময়ৰ গৰ্ভত প্ৰৱাহমান। দুহাত মেলি সময়লৈ আস্থাৰে অপেক্ষা কৰা উচিত। উত্তৰ নিজেই আহি দুৱাৰ দলিত উপস্থিত হ’ব। ভ্ৰমনে দিয়া সুখ, অভিজ্ঞতা আৰু জ্ঞান আন একো বস্তুৱে দিব নোৱাৰে। মন বহল হ’লে পৃথিৱীখন আনতকৈ কিছু পৃথক দেখি।

মন বহল হোৱাটো সকলোৰে জন্মগত নহব পাৰে।কিন্তু অভ্যাসেৰে বহল কৰি লব পাৰি। অভিমান এৰি হেৰাবলৈ ধৰা সম্পৰ্কবোৰ পুনৰ মেৰামতি কৰিবলৈ কৰা চেষ্টাত মানুহ সৰু নহয়, বৰং আকাশ চুব পৰাকৈ ওখ হয়।

এষাৰ মিঠা মাত আৰু আশ্বাসৰ এখন কুমলীয়া হাত আপুনিয়েই প্ৰথম আগবঢ়াওকচোন। মানুহ ইমান পাশান নহয়। নিশ্চয় প্ৰমাণ হ’ব। পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়। মাথোঁ প্ৰথম কদম নিজৰ ফালৰ পৰা আগবঢ়াব লাগিব।কি ঠিক,সময় থাকোতেই হাতখন আগ নবঢ়ালে সময়ে পুনৰ সেই সুযোগ দিয়ে বা নিদিয়ে?

Mahabahu Climate Logo
 
Mahabahu Climate Forum

ঝৰ্ণা শৰ্মা দেৱচৌধুৰী, দুলিয়াজান

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Jharna Sarma Dev Choudhury

Jharna Sarma Dev Choudhury

Related Posts

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power
Climate Change

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

by Kakali Das
June 11, 2026
0

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power KAKALI DAS A young student in Guwahati...

Read moreDetails
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

June 9, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

June 9, 2026
The Illusion of Freedom: How Modern Society Controls Your Mind, Attention, and Choices

The Illusion of Freedom: How Modern Society Controls Your Mind, Attention, and Choices

June 9, 2026
From universities to influence networks: Russia’s long-term strategy for India

From universities to influence networks: Russia’s long-term strategy for India

June 7, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

June 6, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

Voices from Herat: What the Recent Protests Reveal About the Lives of Afghan Women

June 12, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    34367 shares
    Share 13746 Tweet 8592
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15402 shares
    Share 6161 Tweet 3851
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    736 shares
    Share 294 Tweet 184
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    661 shares
    Share 264 Tweet 165
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3519 shares
    Share 1408 Tweet 880
  • মাধৱদেৱৰ সাহিত্যকৃতি

    705 shares
    Share 282 Tweet 176
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1040 shares
    Share 416 Tweet 260
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3822 shares
    Share 1529 Tweet 956
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6615 shares
    Share 2646 Tweet 1654
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4391 shares
    Share 1756 Tweet 1098
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d