পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়
ঝৰ্ণা শৰ্মা দেৱচৌধুৰী
৩৬৫ দিনৰ অন্তত হেৰাই যোৱা প্ৰতিটো বর্ষত লোৱাৰ দৰে ২০২৫ ৰ শেষত লোৱা নাই এটাও নতুন পৰিকল্পনা,হাতত নাই বিশ্ব জিনাৰ কোনো নতুন আঁচনি। অলীক কল্পনাৰ কান্ধত হেঁচা দি পৃথিৱীৰ শেষ প্ৰান্তত থিয় হৈ সূৰ্য্য চোৱাৰ হেঁপাহত তিৰবিৰাই নুঠে এতিয়া কাজল ঘঁহা কজলা চকু। কিছু নিৰাশাবাদ আৰু কিছু বিষাদ গধুৰ হুমুনিয়াহৰ বোকোচাত উঠি থকা স্বত্বেও হঠাৎ দূৰ আকাশত চমকি উঠে সামান্য আশা আৰু সুখেৰে পৰিপূৰ্ণ এখন সৰু নাও।
এনাও মান সুখ বা এমুঠি দুখ কোনোটোৱেই এতিয়া প্ৰচণ্ড বেগত হৃদয় আলোড়িত কৰিব নোৱাৰে।আনৰ স্বাছন্দ্যতাই কেতিয়াও হৃদয় জ্বলোৱা নাছিল,এতিয়া জ্বলাবলৈ প্ৰয়োজন হোৱা এধানিমান কাথিটোৰো মোৰ অভাৱ। সুখৰ লহৰত ভাঁহি গৈ সাগৰত বিলীন হোৱাৰ উচ্ছলতা আৰু দুখৰ লোতকেৰে সৰোবৰ সৃষ্টিৰ শক্তি,দুয়োটাই সময়ৰ এক নিৰ্দিষ্ট বিন্দুত উপনীত হৈ অবান্তৰ হৈ পৰে। এয়া বছৰৰ শেষৰ হতাশগ্ৰস্ততা নহয়, নতুন বছৰৰ জন্মলগ্নত আহৰণ কৰা পৰিপক্কতাহে।

অস্থায়ী জীৱনত মানুহে প্ৰতিক্ষণ সম্বন্ধ,প্ৰেম, বন্ধুত্ব প্ৰতিটো পাৰ্থিৱ বস্তুৰ স্থায়িত্ব বিচাৰি হাবাথুৰি খায়। এপাহি গোলাপৰ সুগন্ধ উজাই লৈ আৱেগত চকু মুদি দিয়া সুন্দৰীৰ হৰিনী নয়নেৰে কাঁইটৰ বিন্ধাত লুণীয়া লোতক বাগৰিবলৈ কতপৰ?সকলোতে মাথোঁ সহ্যৰ ৰহস্য!কিছু অভিনয়ো অৱশ্যে আৱশ্যক।অধিক সহ্য মানেই অধিক পৰিপক্কতাৰ মান্যতা পোৱা।তাৰ পিছতো জানো কোনোবা সুখী হৈছে?
টকা, পইচা, মান, যশস্যাই যদি সুখৰ আধাৰ, তেন্তে পৃথিৱীত ইমানবোৰ অভিনেতা কিয়? জীৱন যিমান বেছি বেৰঙী,সামাজিক মাধ্যমত সিমানেই বেছি ৰঙীন ফটো। অন্তৰ যিমান কলীয়া ডাৱৰে ঘেৰা, ওঁঠত সিমানেই ডাঠৰঙী প্ৰলেপ।অভিনয় নিজৰ সন্মুখত নে সমাজৰ সন্মুখত? ফাঁকিয়ে আপোনাক দহে নে আপোনক?
প্ৰশ্নৰ সৌধত থিয় দি মাথোঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ চাব পাৰি, উত্তৰ পাব নোৱাৰি। উত্তৰ বুকুৰ খলাবমাতে থাকে। কেতিয়াবা উত্তৰ শুদ্ধ হয়,কেতিয়াবা ভুল। মন প্ৰশমিত কৰিবলৈ মাজে মাজে ভুল উত্তৰ বুলি জানিও তাকেই সাৱটি লৈ শুদ্ধক নেদেখা ভাও ধৰিব লাগে। আনক ফাঁকি দিয়াতকৈ নিজক ফাঁকি দিয়া কষ্টকৰ তথা কঠিনো। পিছে জীৱনক কিছু সুস্থ আৰু বলিষ্ঠ ভাৱে আগবঢ়াই নিবলৈ মাজে মাজে নিজক ফাঁকি দিয়াৰো প্ৰয়োজন হয়।যেয়ে পাৰিছে তেওঁৰ বাবে জীৱন কোনোবাখিনিত সহজ হৈ পৰিছে।
আপোন বুলি ভাবি থকা বহুলোক চকুৰ সন্মুখতে কেনেকৈ অচিনাকি হৈ পৰে,ভাবি আচৰিত নালাগেনে? প্ৰেম বুলি ভাবি থকা জীৱনৰ বহু পৃষ্ঠা যেতিয়া মুহূৰ্ততে বৃথা বুলি প্ৰমাণিত হয়,তেতিয়া হৃদয়ে নাকান্দেনে ? সাৰ কথাবোৰ এটা সময়ত মাথোঁ সুন্দৰ শব্দৰ মায়াজালহে আছিল বুলি পতিয়ন গৈ হৃদয়ৰ নিভৃতত সমাধি সজাৰ সময়ত আকাশ কঁপেনে, সাগৰত ঢৌ বাগৰে? নিশব্দ নিশাবোৰত আহঁত হৃদয়ৰ উচুপনিয়ে যেতিয়া একেখন শেতেলিৰ সিটোপাৰে নিদ্ৰামগ্ন সংগীৰ টোপনিত সমান্যতমো ব্যাঘাত জন্মাব নোৱাৰে,তেন্তে ক্ষোভ,অভিমান,ক্ৰোধেৰে ভৰা মোনাখন বহিৰাগতৰ বাবে কিয় আগবঢ়াই দিওঁ?
‘পানীত পৰা মানুহৰ বাবে খেৰকুটা দালেই সাৰথী’ বোলা বাক্যষাৰেই হয়তো ইয়াৰ শুদ্ধ উত্তৰ। জীৱনৰ ইমানবোৰ কেয়ামতালিৰ পিছতো জীৱন চলি যায়, বছৰ বাগৰি যায়। নতুন বছৰৰ আগৰাতি বোমা ফটকাৰে উদযাপন হয়, মাঘবিহুৰ উৰুকাৰ চৰুত হাঁহৰ গোটা ভজাই ৰঙা জিভাবোৰ তিয়াই যায়। সুখবোৰ লাগে অভিনয়েই হওক, বাদ দিয়া ইমান সহজ জানো? জীৱনক উপেক্ষা কৰিব পাৰিলেও দায়িত্বৰ পৰা গা এৰা দি শান্তিৰ উশাহ ঘূৰাব পাৰি জানো?
নিজৰ চকুপানীক প্ৰশ্ৰয় নিদিয়া সাহসী যেন লগা লোকো আপোনজনৰ চকুৰ জলৰাশিত ভাগি চিগি চুৰ্মাৰ হোৱা কাহিনী চৌদিশে সিঁচৰতি হৈ থাকে।মাথোঁ অনুভৱৰ অপেক্ষা। জীৱন সহজ নহয় বাবেইতো ইমান আকৰ্ষণীয়। পথ ওখোৰা মোখোৰা বাবেইতো অভিযানৰ সফল সমাপ্তিত বিশ্বই নতশিৰ কৰে সামান্য যেন লগা অসাধাৰণ প্ৰতিভাৰ সন্মুখত।

২৫ এ বহু কথা কৈ গ’ল। জীৱনত কোনো বস্তুৰ স্থায়িত্ব নাই। সময়ৰ গতিত নিজক এৰি দিলে জীৱন কিছু সহজ হৈ পৰে। কালক প্ৰত্যাহ্বান জনাব পৰা ক্ষমতা সাধাৰণ মনুষ্যৰ বাবে অসম্ভৱ। সেয়া লাগে জুবিন গাৰ্গৰ দৰে ঈশ্বৰপ্ৰদত্ত প্ৰতিভাই হওক বা তেনেই নিমাখিত কোনোবা জীৱই হওক,নিয়তিক স্বীকাৰ কৰাৰ বাহিৰে গত্যন্তৰ নাই। মানুহৰ ৰং সাতৰঙী ৰামধেনুতকৈয়ো বিচিত্ৰ। চকুৰ পতা এবাৰ জপাওঁতেই সন্মুখৰ পৰা অদৃশ্য হৈ যাব পাৰে বহু মনোৰম দৃশ্য।
আশাই দুখৰ মূল কাৰণ।কেৱল আনৰ পৰাই নহয়, নিজৰ পৰাও অধিক আশা কৰাটো বিপদজনক। সকলো উত্তৰ সময়ৰ গৰ্ভত প্ৰৱাহমান। দুহাত মেলি সময়লৈ আস্থাৰে অপেক্ষা কৰা উচিত। উত্তৰ নিজেই আহি দুৱাৰ দলিত উপস্থিত হ’ব। ভ্ৰমনে দিয়া সুখ, অভিজ্ঞতা আৰু জ্ঞান আন একো বস্তুৱে দিব নোৱাৰে। মন বহল হ’লে পৃথিৱীখন আনতকৈ কিছু পৃথক দেখি।
মন বহল হোৱাটো সকলোৰে জন্মগত নহব পাৰে।কিন্তু অভ্যাসেৰে বহল কৰি লব পাৰি। অভিমান এৰি হেৰাবলৈ ধৰা সম্পৰ্কবোৰ পুনৰ মেৰামতি কৰিবলৈ কৰা চেষ্টাত মানুহ সৰু নহয়, বৰং আকাশ চুব পৰাকৈ ওখ হয়।
এষাৰ মিঠা মাত আৰু আশ্বাসৰ এখন কুমলীয়া হাত আপুনিয়েই প্ৰথম আগবঢ়াওকচোন। মানুহ ইমান পাশান নহয়। নিশ্চয় প্ৰমাণ হ’ব। পৃথিৱীখন ভবাৰ দৰে জটিলো নহয়। মাথোঁ প্ৰথম কদম নিজৰ ফালৰ পৰা আগবঢ়াব লাগিব।কি ঠিক,সময় থাকোতেই হাতখন আগ নবঢ়ালে সময়ে পুনৰ সেই সুযোগ দিয়ে বা নিদিয়ে?
ঝৰ্ণা শৰ্মা দেৱচৌধুৰী, দুলিয়াজান
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.


















