• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, September 15, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

ASSAMESE SECTION / Nature

by Manas Pratim Dutta
May 11, 2026
in ASSAMESE SECTION, Nature
Reading Time: 4 mins read
0
পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব
Share on FacebookShare on TwitterShare on LinkedIn

 

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় অনন্য বটল গছঃ বাওবাব

Baobab Tree

মানস প্ৰতিম দত্ত

Manas Pratim Dutta
মানস প্ৰতিম দত্ত

আমাৰ পৃথিৱীখন যে কিমান বিস্ময়কৰ জীৱৰ বাসভূমি সেইকথা ভাবিলে সঁচাই বৰ আচৰিত লাগে। আপুনি বাৰু কেতিয়াবা এনেকুৱা এবিধ গছৰ কল্পনা কৰি পাইছেনে যি বটলৰ দৰে পানী সংৰক্ষণ কৰিব পাৰে। হয়; ঠিকেই ধৰিছে, আজি আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ এনে এজোপা গছৰ কথা, যিজোপা হৈছে বটল গছ নামেৰে অধিক পৰিচিত বাওবাব গছ।

পৃথিৱীৰ অন্যতম আকৰ্ষণীয় আৰু অনন্য গছবোৰৰ ভিতৰত এবিধ অন্যতম গছ হ’ল বাওবাব গছ। এই গছজোপাক Tree of Life নামেৰেও জনা যায়।

Baobab

বাওবাব গছ এডানচোনিয়া (Adansonia) গণৰ অন্তৰ্ভুক্ত। এই গণত মুঠ নটা প্ৰজাতি আছে। ইয়াৰ ভিতৰত আটাইতকৈ বেছি পৰিচিত প্ৰজাতিবিধ হ’ল এডানচোনিয়া ডিজিটাটা (Adansonia digitata)। ইয়াক আফ্ৰিকান বাওবাব গছ বুলি কোৱা হয়।

এই প্ৰজাতিবিধ আফ্ৰিকা মহাদেশৰ চাভানা অঞ্চলত ব্যাপকভাৱে দেখা পোৱা যায়। এই গণৰ আন দুবিধ প্ৰজাতি হৈছে মাদাগাস্কাৰৰ থলুৱা প্ৰজাতি এডানচোনিয়া মাদাগাস্কাৰিয়েনচিচ্ (Adansonia madagascariensis) আৰু এডানচোনিয়া পেৰ্ৰিয়েৰি (Adansonia perrieri)।

আনহাতে, বটল গছ (বটল ট্ৰি) নামেৰে পৰিচিত ইয়াৰ আন এটা প্ৰজাতি এডানচোনিয়া গ্ৰেগ’ৰি (Adansonia gregorii) পোৱা যায়। এডানচোনিয়া কিলিমা (Adansonia kilima) নামৰ প্ৰজাতিবিধ অলপতে পূব আফ্ৰিকাৰ পাহাৰীয়া অঞ্চলত নতুনকৈ চিনাক্ত কৰা হৈছে।
বাওবাব গছবোৰ মূলতঃ আফ্ৰিকা, মাদাগাস্কাৰ, অষ্ট্ৰেলিয়া আৰু আৰব উপদ্বীপৰ মৰু আৰু অৰ্দ্ধ-মৰু অঞ্চল সমূহত দেখা পোৱা যায়।

কেনে আছে বুৰে পতি শেলুক ?

CLICK THE LINK ABOVE

আজিৰপৰা প্ৰায় ২০ কোটিৰো অধিক বছৰৰ আগতে উৎপত্তি হোৱা বাওবাব গছৰ সবাতোকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ’ল ইয়াৰ অস্বাভাৱিক গঠন। সাধাৰণতে গছজোপা “উল্টা গছ” নামেৰে স্থানীয় লোকৰ মাজত অধিক পৰিচিত। এই নামৰ আঁৰৰ কাৰণ কি জানেনে? কাৰণ হ’ল – ইয়াৰ ডালবোৰ দেখাত শিপাৰ দৰে। গছজোপা দেখিলে এনে লাগে যেন গছজোপা উল্টাকৈ ৰোপণ কৰা হৈছে আৰু তেনেকৈয়ে বৃদ্ধি পাইছে।

বাওবাব গছৰ এক ঐতিহাসিক গুৰুত্ব আছে। প্ৰাচীন কালত এই গছজোপাক ইয়াৰ জীৱনধাৰণকাৰী গুণৰ বাবে শ্ৰদ্ধা কৰিছিল। বহু আফ্ৰিকান সম্প্ৰদায়ে বাওবাব গছক সামাজিক অনুষ্ঠান আয়োজন, আলাপ আলোচনা আৰু সিদ্ধান্ত গ্ৰহণৰ বাবে এক মিলনস্থান হিচাপে ব্যৱহাৰ কৰে।

আৰ্দ্ৰভূমি আৰু মানৱ কল্যাণ

CLICK THE LINK ABOVE

শুকান বতৰত গছজোপাই পানী সংৰক্ষণৰ বাবে পাতবোৰ সৰাই পেলায়। ইয়াৰ ফুলবোৰ ডাঙৰ, সাধাৰণতে বগা হয় আৰু ৰাতিভাগতহে ফুলে। ফুলবোৰৰ পৰাগযোগত বাদুলি আৰু অন্যান্য নিশাচৰ প্ৰাণীয়ে সহায় কৰে।

এই গছৰ আয়ুস অবিশ্বাস্য। এই গছৰ আয়ুসকাল ১,০০০ বছৰতকৈ অধিক হোৱা দেখা যায়। ৩০ মিটাৰ (৯৮ ফুট) উচ্চতা আৰু ১১ মিটাৰ (৩৬ ফুট)তকৈ অধিক ব্যাসৰ হয়। এই প্ৰকাণ্ড কাণ্ডত গছজোপাই ১,০০,০০০ লিটাৰ পৰ্যন্ত বিপুল পৰিমাণৰ পানী সঞ্চয় কৰি ৰাখিব পাৰে। এই ক্ষমতাই মৰু অঞ্চলত গছজোপাক জীয়াই থাকিবলৈ সহায় কৰে। তদুপৰি স্থানীয় আদিবাসী আৰু খেতিয়ক সকলে প্ৰয়োজন সাপেক্ষে সংকটৰ সময়ত ইয়াৰ গা-গছ আৰু শিপা কাটি তাত জমা হৈ থকা পানী খাই পিয়াহ দূৰ কৰাৰ কথা জানিবলৈ পোৱা যায়।

অসমীয়া গীত-মাতত পখিলাৰ ৰহস্যময় জগতখন

CLICK THE LINK ABOVE

বাওবাব গছৰ ডালবোৰ বাহিৰলৈ প্ৰসাৰিত হৈ থকা শিপাৰ দৰে, যাৰ ফলত ইয়াক ওলোটা হৈ থকা যেন দেখা যায়। কিছুমান বাওবাব গছ ৬,০০০ বছৰতকৈও অধিক বয়সৰ বুলি বিশ্বাস কৰা হয়, যাৰ ফলত ইহঁত গ্ৰহৰ কিছুমান প্রাচীনতম জীৱিত জীৱ।

বাওবাবে ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু অন্যান্য পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এক অনন্য ফল উৎপন্ন কৰে। ইয়াক বান্দৰে খুব খাই বাবে “মাংকি ব্ৰেড” বুলি কোৱা হয়। এই গছবোৰ সাধাৰণতে একগোট হৈ থাকে। এক বা একাধিক বয়সীয়াল গছক ইয়াৰ পুলি কিছুমানে আগুৰি এনে গোট বা থূপ হৈ থাকে।

Baobab Fruit: Zimbabwe’s Lifeline Amid Climate-Induced Droughts !

CLICK THE LINK ABOVE

বাওবাব গছ মৰু অঞ্চলৰ পৰিৱেশ তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংশ। হাতী আৰু অন্যান্য প্ৰাণীয়ে কাণ্ডৰ বাকলি খাই পানী আৰু পুষ্টি লাভ কৰে। ইয়াৰ উপৰিও গছৰ ফেৰেঙণিবোৰ চৰাই, বাদুলি আৰু অন্যান্য সৰু প্ৰাণীৰ বাবে সু-বাসস্থান।

মানস প্ৰতিম দত্তৰ প্ৰকৃতি সাহিত্যঃ এক অৱলোকন

CLICK THE LINK ABOVE

আফ্ৰিকা আৰু মাদাগাস্কাৰৰ স্থানীয় সম্প্ৰদায়ৰ বাবে বাওবাব গছৰ সাংস্কৃতিক আৰু আধ্যাত্মিক গুৰুত্ব অপৰিসীম। বহু সম্প্ৰদায় এই গছক পবিত্ৰ বুলি গণ্য কৰে আৰু ইয়াক ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ কেন্দ্ৰবিন্দু হিচাপে ব্যৱহাৰ কৰে। কিছুমান সংস্কৃতিত বাওবাবক পূৰ্বপুৰুষৰ আত্মাৰ আশ্ৰয়স্থল বুলি বিশ্বাস কৰা হয়। আফ্ৰিকান লোককথা আৰু কাহিনীত বাওবাব গছক জ্ঞান, শক্তি আৰু স্থিতিস্থাপকতাৰ প্ৰতীক হিচাপে গণ্য কৰাৰ উল্লেখ পোৱা যায়।কিছুমান প্ৰাচীন বাওবাব গছ আফ্ৰিকাৰ ঐতিহাসিক পৰিচয় দিবলৈ সক্ষম হৈছে।

Baobab 2

উদাহৰণস্বৰূপে, কেপ্টাউনত জেল হিচাপে ব্যৱহাৰ কৰা “বাওবাব জেল”ৰ কথা ক’ব পাৰি। বোটচোৱানাৰ “কুবলৰ বাওবাব”ৰ ভিতৰত ৪০ জন মানুহে একগোট হৈ থাকিব পাৰে।

কিতনে আদমী থেঃ শগুনৰ সংৰক্ষণ আৰু এখন অভয়াৰণ্য

CLICK THE LINK ABOVE

ঔষধি গুণৰ বাবে বাওবাব প্ৰাচীন কালৰ পৰাই ব্যৱহাৰ হৈ আহিছে। ইয়াৰ ফল আৰু পাত জ্বৰ, ডায়েৰিয়া, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু পুষ্টিহীনতাৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। আধুনিক গৱেষণাই দেখুৱাইছে যে বাওবাবৰ ফলত থকা উচ্চ এন্টিঅক্সিডেণ্টে প্ৰদাহ হ্ৰাস কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

বাওবাব গছ কেৱল এবিধ উদ্ভিদ নহয়; ই জীৱন, সংস্কৃতি আৰু প্ৰকৃতিৰ এক জীৱন্ত প্ৰতীক। ইয়াৰ অসাধাৰণ গঠন, দীৰ্ঘায়ু আৰু বহুমুখী উপযোগিতাই পৃথিৱীৰ অন্যতম আশ্চৰ্যজনক গছ হিচাপে পৰিচিত কৰি তুলিছে। বাওবাব গছবোৰে পৰিৱেশ তন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইহঁতৰ বিস্তৃত শিপাৰ ব্যৱস্থাই মাটিৰ ক্ষয় ৰোধ কৰাত সহায় কৰে, আৰু পানী সংৰক্ষণৰ ক্ষমতাই স্থানীয় পানীৰ স্তৰ বজাই ৰখাত সহায় কৰে।

অসমৰ জাতীয় মাছৰ প্ৰয়োজনীয়তা

CLICK THE LINK ABOVE

জলবায়ু পৰিৱৰ্তনৰ সন্মুখত এই স্থিতিস্থাপকতা বিশেষভাৱে গুৰুত্বপূৰ্ণ। পৰিৱেশগত সুবিধাৰ উপৰিও, বাওবাবে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি ইহঁতে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ্ৰাস কৰাত সহায় কৰে। এজোপা পূৰ্ণবয়স্ক বাওবাব গছে বছৰি ১০ টন পৰ্যন্ত কাৰ্বন ডাই অক্সাইড সংৰক্ষণ কৰিব পাৰে, যাৰ ফলত গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজত ই মানৱ সমাজৰ এক মূল্যৱান সহযোগী হ’বলৈ সক্ষম হৈছে।

Mahabahu Climate Logo
Mahabahu Climate Forum

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…
Health

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

by Sanghamitra Kashyap
September 14, 2026
0

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা সংঘমিত্ৰা কাশ্যপ আমাৰ সমাজখন বিজ্ঞান প্ৰযুক্তি আৰু স্বাস্থ্য সম্বন্ধীয় বহু ক্ষেত্ৰত আজি আগবাঢ়ি গৈছে।...

Read moreDetails
ভাৰতৰ বুৰঞ্জী আমাৰ দেশৰ বুৰঞ্জী নহয়

চিলাৰায় ! চিলাৰায় নাছিল কি!!

September 13, 2026
Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

Artificial Intelligence’s Growing Water Footprint Amid a Global Water Crisis

September 13, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 13, 2026
স্বাৱলম্বিতাৰ লক্ষ্যৰে অৰ্থনৈতিক আন্দোলন আৰু সদৌ অসম ছাত্ৰ সন্থা

When Livelihoods Knew Nature : The Ecological Wisdom Embedded in Assam’s Changing Traditional Occupations

September 12, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

September 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
“Once Upon a Time”- Revisiting Oral Traditions of Assam

“Once Upon a Time”- Revisiting Oral Traditions of Assam

September 14, 2026
নাৰী দিৱসত সমতাৰ নতুন চিন্তাঃ পুৰুষৰ নীৰৱ সংগ্ৰামৰ কাহিনী সুঁৱৰি একলম…

মানসিক ৰোগ: হতাশা আৰু ইয়াৰ ধাৰণা

September 14, 2026
The Indigenous Guardians of the Death Zone

The Indigenous Guardians of the Death Zone

September 14, 2026
Tofu: The Humble Champion of Protein

Tofu: The Humble Champion of Protein

September 14, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40937 shares
    Share 16374 Tweet 10234
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    19186 shares
    Share 7674 Tweet 4797
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4303 shares
    Share 1721 Tweet 1076
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    955 shares
    Share 382 Tweet 239
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    155 shares
    Share 62 Tweet 39
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4118 shares
    Share 1647 Tweet 1030
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    398 shares
    Share 159 Tweet 100
  • Attending RAI’S Class

    101 shares
    Share 40 Tweet 25
  • Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

    95 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d