-সমুদ্ৰগুপ্ত কাশ্যপ |
আমাৰ কিছুমান মানুহে অসমীয়া ভাষাত “এক” বোলা শব্দ এটা য’তে ত’তে ব্যৱহাৰ কৰা দেখা যায়। আচলতে আমাৰ অসমীয়া ভাষাত “এক” বোলা শব্দটো কেৱল অংকৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়।
“এক” শব্দটো বঙালী, হিন্দী আদি ভাষাতহে অকলে ব্যৱহাৰ হয়। আমাৰ অসমীয়া ভাষাত নহয়।
আমাৰ অসমীয়া ভাষাত এটা শিয়াল, এখন পথাৰ, এখিলা পাত, এজোপা গছ, এজনী গাইগৰু, এগৰাকী মহিলা, এচলু পানী, এজোলোকা ঊৰুলি, এসোঁতা কান্দোন, একাঁঠু পানী, এডৰা শাকনি, এবুকু মৰম, এযোৰ কাপোৰ, এযোৰা হুঁচৰি, এচিকুট মাটি, এজেবা নিমখ, এমোকোৰা হাঁহি, এজাক বৰষুণ, এচেৰেঙা ৰ’দ, এহাল কপৌ, এঘৰ মানুহ, এশাৰী বাক্য, একাঁহী ভাত, এপাক নাচ, এলানি প্ৰৱন্ধ, এজাপ কিতাপ, এগাড়ী মানুহ, এটোপাল চকুপানী, এঠেঙীয়া বগলী, এজাউৰি হাতচাপৰি, এডাল লাঠি, এটুকুৰা ৰুটি, এবটল বীয়েৰ, এবাতি জলপান, এগিলাচ গাখীৰ, এবেগেত কাপোৰ, এচমকা বিজুলী, এঘড়ী যুঁজ, এহাত কাপোৰ, এখন দেশ, এটা জাতি, এপাট কাঁৰ, এলেপা ৰং, একঁকাল পানী, এফাকি কবিতা, একোঠলীয়া ঘৰ, এডলা বগৰী, এখুবলি ধান, এখন সভা, এবস্তা চিমেন্ট, এটা/এটি আহবান, এটা আন্দোলন, এটি আবেদন…. এনেকৈহে লিখিব লাগে। (কিছুমান ইংৰাজী শব্দৰ লগতো অৱশ্যে ব্যৱহাৰ নোহোৱা নহয়; যেনে — এক ট্ৰাক বালি, এক ইঞ্চি তাঁৰ…)
ওপৰত মন কৰিব, ক’তো “এক” বোলা শব্দটো ব্যৱহাৰ হোৱা নাই। এইটোৱেই আমাৰ অসমীয়া ভাষাৰ বৈশিষ্ট্য, যিটো, মই জনাত আন ভাৰতীয় ভাষাত এনেকুৱা বৈশিষ্ট্য নাই। সেইগুণেই আমি গাঁও — পৃথিৱীৰ ক’তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত …. (এই দৰকাৰী কথাটো আঙুলিয়াই দিয়াত কোনেও যেন দায়-দোষ নধৰে।)