• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, September 9, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
    • September 2026 – Vol-III
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি 

KASHMIR / WAR / Operation Sindoor / India / Pakistan / Hell

by Anjan Sarma
May 13, 2025
in News
Reading Time: 4 mins read
0
Wars created HELL on Earth

Wars created HELL on Earth

Share on FacebookShare on TwitterShare on LinkedIn

পৃথিৱীৰ নৰকৰ জুই: যুদ্ধৰ ছায়া, ভাৰত–পাকিস্তান, ইত্যাদি 

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি

অঞ্জন শৰ্মা 

Anjan Pic 1
অঞ্জন শৰ্মা 

মানৱ ইতিহাসৰ পৃষ্ঠাবোৰৰ বহু পৃষ্ঠা যুদ্ধৰ তেজেৰে লিখা, প্ৰতিটো সংঘৰ্ষই সভ্যতাত অমলিন ক্ষতৰ চিন ৰাখি পৃথিৱীক বাৰম্বাৰ সুকীয়া ৰূপ দিয়ে আৰু প্ৰকৃততে প্ৰকৃতিৰ সৃষ্টিক ‘জীৱশ্ৰেষ্ঠ’ হোৱাৰ ফোপজহী গৌৰৱেৰে ক্ষত-বিক্ষত কৰি ভৱিষ্যতৰ পৃথিৱীৰ প্ৰজন্মৰ বাবে অকল্পনীয় সংকটৰ সৃষ্টি কৰে।

নৰক আমি দেখা নাই, স্বৰ্গও আমি দেখা নাই; কিন্তু শৈশৱৰ পৰাই শুনি শুনি বা পঢ়ি পঢ়ি যি ধাৰণা তৰপে তৰপে জমা হৈছে তাৰে পটভূমিত সেই নৰক আজি আমি আমাৰ সন্মুখতেই প্ৰত্যক্ষ কৰিবলৈ কৰিছো, হয়তো আমাৰ পৃথিৱীকেই ‘অসীম’ মহাশূণ্যত ওপঙি থকা আৰু মানৱ সভ্যতাৰ বিজ্ঞানে এতিয়াও সম্ভেদ নোপোৱা গ্ৰহৰ কোনো উন্নততৰ জীৱৰ উন্নততম সভ্যতাই ‘নৰক’ বুলি নামাকৰণ কৰি থৈছে। 

 প্ৰাচীন সাম্ৰাজ্যৰ বিধ্বংসী সংঘৰ্ষৰ পৰা আধুনিক পাৰমাণৱিক সংকটৰ যুগলৈ, যুদ্ধই বিশ্বৰ বিভিন্ন প্ৰান্তত নৰক সদৃশ পৰিস্থিতি সৃষ্টি কৰিছে – ধ্বংস, স্থানচ্যুতি, অনাকাংক্ষিত প্ৰব্ৰজন আৰু হতাশাৰ অন্ধকাৰ ছায়া বিস্তাৰ কৰি।

Hirosima1

২০২৫ চনত চাৰিটা অভূতপূৰ্ব সংকট—ভাৰত-পাকিস্তানৰ কাশ্মীৰ উত্তেজনা, ৰাছিয়াৰ অবিৰত ইউক্ৰেইন আক্ৰমণ, ইজৰাইল-গাজাৰ যুদ্ধ, আৰু চীন-তাইৱান সংঘাত—বিশ্বক বিপৰ্যয়ৰ দুৱাৰদলিত থিয় কৰাইছে। 

যুদ্ধ মানৱতাৰ পৰীক্ষাগাৰ, ই সাম্ৰাজ্য আৰু ভিন্ন ভিন্ন মতাদৰ্শ গঢ়ি তুলিছে আৰু একে সময়তে জীৱন আৰু সংস্কৃতিক ধোঁৱাময় কৰি পেলাইছে। এথেন্স আৰু স্পাৰ্টাৰ মাজৰ পেলোপনেছিয়ান যুদ্ধই (৪৩১–৪০৪ খ্ৰীষ্টপূৰ্ব), থুচিডাইডিছৰ কলমত অমৰ হৈ, গ্ৰীক বিশ্বক বিশ্বাসঘাতকতা আৰু ধ্বংসৰ অবাঞ্চিত অধ্যায়ত পৰিণত কৰিছিল। ৰোমৰ পিউনিক যুদ্ধই (২৬৪–১৪৬ খ্ৰীষ্টপূৰ্ব) কাৰ্থেজৰ নগৰ ধ্বংস কৰি কটা ঘাঁত নিমখ ছটিয়াইছিল।

চেঙ্গিছ খানৰ নেতৃত্বত ত্ৰয়োদশ শতিকাৰ মঙ্গোলসকলৰ নৃশংস আক্ৰমণে এছিয়া আৰু ইউৰোপৰ কোটি কোটি জীৱনবন্তি নুমুৱাই নৰক সৃষ্টি কৰিছিল। পিছলৈ, আধুনিক যুগেও যুদ্ধৰ ভয়াবহতাক নতুন উচ্চতালৈ লৈ গৈছিল। ত্ৰিশ বছৰীয়া যুদ্ধৰ (১৬১৮–১৬৪৮) ধৰ্মীয় উন্মাদনা আৰু ৰাজনৈতিক উচ্চাকাংক্ষাৰ মিশ্ৰণে জাৰ্মানীৰ লাখ লাখ মানুহৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল । নেপোলিয়নৰ সময়ৰ যুদ্ধই (১৮০৩–১৮১৫) ইউৰোপক বিচলিত কৰি মানচিত্ৰ পুনৰ অংকন কৰিছিল।

বিংশ শতিকাই যুদ্ধই নৰকৰ নতুন মাত্ৰা উন্মোচন কৰিছিল। প্ৰথম বিশ্বযুদ্ধ (১৯১৪–১৯১৮) ১৬০ লাখ মানুহৰ মৃত্যুৰ কাৰণ হৈছিল আৰু সাম্ৰাজ্যসমূহ ভাঙি পেলাইছিল। দ্বিতীয় বিশ্বযুদ্ধই (১৯৩৯–১৯৪৫) আমেৰিকাৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ লগতে সমগ্ৰ বিশ্বযুদ্ধত ৭০০ লাখ মৃত্যুৰ সৈতে পৃথিৱীত নৰকৰ প্ৰতিচ্ছবি অংকন কৰিছিল।

শীতল যুদ্ধৰ সংঘাতে—কোৰিয়া, ভিয়েটনাম, আফগানিস্তান আদিত—অধিক দুৰ্দশাৰ সৃষ্টি কৰিছিল। ভিয়েটনামৰ অৰণ্যত হাজাৰ হাজাৰ মৃত্যুতো ক্ষান্ত নহৈ ‘এজেণ্ট অৰেঞ্জ’ ( ভিয়েটনামৰ কৃষি ধ্বংস কৰিবলৈ ‘সুসভ্য’ আমেৰিকাই ছটিওৱা ৰাসায়নিক দ্ৰব্য)ৰ দ্বাৰা পৰিৱেশ বিষাক্ত কৰি তুলিছিল । 

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি
‘এজেণ্ট অৰেঞ্জ

আফগানিস্তানত ছোভিয়েট আক্ৰমণে (১৯৭৯–১৯৮৯) লাখ লাখ মানুহক স্থানচ্যুত কৰি দশক দশক ধৰি সংঘাতৰ বীজ সিঁচিছিল। আফ্ৰিকাৰ বিভিন্ন প্ৰান্তত দুৰ্ভিক্ষৰ কাৰণ হোৱা বিভিন্ন যুদ্ধ, ৰুৱাণ্ডাত গণহত্যা, আৰু ২০০৩ৰ পিছত ইৰাকত সম্প্ৰদায়গত হিংসাই নৰকৰ স্থানীয় ছৱি অংকন কৰিছিল। এই সংঘাতসমূহে মানৱতাৰ হত্যাৰ নতুন অজুহাত উদ্ভাৱনকেই প্ৰমাণ কৰে।

ভাৰত-পাকিস্তান সংঘাত: ১৯৪৭ৰ বিভাজনৰ তিক্ত উত্তৰাধিকাৰে ভাৰত আৰু পাকিস্তানক কাশ্মীৰকেন্দ্ৰিক চিৰস্থায়ী শত্ৰু হিচাপে চিহ্নিত কৰিছে। ৰেডক্লিফৰ স্বেচ্ছাচাৰী সীমা-অংকনে ১৫০ লাখ মানুহৰ স্থানচ্যুতি আৰু হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ কাৰণ হৈছিল ছিল।

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি

চাৰিখন প্ৰধান যুদ্ধ—১৯৪৭–৪৯, ১৯৬৫, ১৯৭১, আৰু ১৯৯৯ৰ কাৰ্গিল—আৰু অগণন সংঘৰ্ষৰ পিছত, ২০২৫ৰ এপ্ৰিলত কাশ্মীৰৰ পাহালগামত ২৬ জনৰ মৃত্যুৰ সৈতে এক সন্ত্ৰাসবাদী আক্ৰমণে নতুন উত্তেজনা সৃষ্টি কৰিছে।

ইতিমধ্যে ভাৰতে পাকিস্তানত বিমান আক্ৰমণ চলাইছে, আৰু পাকিস্তানে ভাৰতীয় জেট ধ্বংসৰ দাবীৰ সৈতে প্ৰতিশোধৰ শংখ ফুৱাইছে।

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি

পাৰমাণৱিক অস্ত্ৰধাৰী দুয়োখন দেশৰ মাজত আৰম্ভ হোৱা এনে এক পটভূমিত আমেৰিকাৰ সম্পূৰ্ণ নিষ্ক্ৰিয়তা আৰু ১৯৭২ৰ শিমলা চুক্তিৰ ব্যৰ্থতাই কূটনীতিক জটিল কৰিছে। আন দিশে আকৌ কাশ্মীৰীসকলে সামৰিকীকৰণ আৰু হিংসাৰ মাজত জীয়াই আছে, আৰু পৰিস্থিতি ভালকৈ অনুধাৱন নকৰি দুয়ো দেশৰ সংবাদ মাধ্যমে উত্তেজনা বৃদ্ধি কৰিছে।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ২০২২ৰ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে ইউৰোপত ৭০ বছৰৰ ভিতৰত সৰ্বাধিক মাৰাত্মক যুদ্ধৰ সূচনা কৰিছে। ১৯৯১ত ইউক্ৰেইনৰ স্বাধীনতাৰ পিছৰে পৰা ২০১৪ত ক্ৰিমিয়া দখলৰ জৰিয়তে ৰাছিয়াৰ কৰা হস্তক্ষেপে এই সংঘাতৰ ভিত্তি স্থাপন কৰিছিল। ২০২৫ৰ মে’ মাহতো ৰাছিয়াই কিয়েভত ড্ৰ’ন আৰু মিছাইল আক্ৰমণ তীব্ৰতৰ কৰিছে, নৱজাত শিশুসহ ৯ জনৰ মৃত্যু ঘটাইছে।

ইউক্ৰেইনৰ প্ৰতিৰক্ষা শক্তিশালী, কিন্তু পশ্চিমীয়া সাহায্যৰ ওপৰত অত্যাধিক নিৰ্ভৰশীলতা আৰু গাজা সংঘাতে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰাত ইউক্ৰেইনৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিছে। পুটিনৰ “মাল্টিপোলাৰ” বিশ্বৰ দৃষ্টিভংগী আৰু ইউক্ৰেইনৰ অস্তিত্ব অস্বীকাৰে শান্তিৰ সম্ভাৱনা ক্ষীণ কৰিছে। জেলেনস্কিৰ শান্তি প্ৰচেষ্টা, যেনে ছৌদি আৰৱত হোৱা আলোচনা আদিয়ে পুটিনৰ অসহযোগিতাৰ সন্মুখীন হৈছে।

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি

ইজৰাইল-গাজা সংঘাত: ২০২৩ৰ ৭ অক্টোবৰত হামাছৰ অভাৱনীয় আক্ৰমণে (১,২০০ ইজৰাইলীৰ মৃত্যু, ২৫১ জন অপহৰণ) ইজৰাইলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সূচনা কৰিছিল, যিয়ে ইতিমধ্যে গাজাত ৫০,০০০ৰো অধিক পেলেষ্টাইনীৰ মৃত্যু ঘটাইছে। ২০২৫ৰ মে’ মাহতো ইজৰাইলে গাজাত সম্পূৰ্ণ অৱৰোধ আৰু বিমান আক্ৰমণ তীব্ৰ কৰিছে, ৭০% অঞ্চলৰ পৰা পেলেষ্টাইনীক স্থানচ্যুত কৰি। ৰাষ্ট্ৰসংঘই ইয়াক “অমানৱীয়” আৰু “আইনবিৰোধী” বুলি নিন্দা কৰিছে, কিন্তু সেই সিমানেই!

হামাছৰ কৱলত থকা ইজৰাইলী বন্দী মুক্তিৰ বাবে চাপ সৃষ্টিৰ উদ্দেশ্যে ইজৰাইলে সকলো সাহায্য বন্ধ কৰিছে, যাৰ ফলত খাদ্য আৰু ঔষধৰ অভাৱে গাজাবাসীক মৃত্যুৰ মুখলৈ ঠেলি দিছে। ইতিমধ্যে ২০২৪ৰ জুনৰ জাতিসংঘৰ শান্তি প্ৰস্তাৱ ব্যৰ্থ হৈছে। আমেৰিকাৰ নীতি, বিশেষকৈ ট্ৰাম্পৰ ক্ষমতালাভৰ পিছত গাজাৰ পেলেষ্টাইনীসকলক মিচৰ আৰু জৰ্ডানলৈ স্থানান্তৰৰ প্ৰস্তাৱে, আঞ্চলিক উত্তেজনা বৃদ্ধি কৰিছে।

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি

চীন-টাইৱান সংঘাত: চীন আৰু টাইৱানৰ মাজৰ উত্তেজনা ১৯৪৯ৰ চীনৰ গৃহযুদ্ধৰ পৰা উদ্ভৱ হৈছে, যেতিয়া কমিউনিষ্ট সকলৰ বিজয়ৰ পিছত জাতীয়তাবাদীসকল টাইৱানলৈ পলায়ন কৰিছিল। চীনে টাইৱানক নিজৰ অংশ বুলি দাবী কৰি আহিছে, যুদ্ধ কৰি টাইৱান দখলৰ কৰাৰ ভাবুকি দি আছে, আনহাতে টাইৱানেও নিজৰ স্বাধীনতাৰ ক্ষেত্ৰত অলৰ-অচৰ হৈ আছে।

২০২৫ত চীনৰ সামৰিক অনুশীলন টাইৱান ষ্ট্ৰেইটত তীব্ৰতৰ হৈছে, আৰু শি জিনপিঙে “একীকৰণ”ৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে, প্ৰয়োজন হ’লে বলপ্ৰয়োগৰ জৰিয়তে। এনে পটভূমিত আমেৰিকাৰ টাইৱানলৈ প্ৰেৰণ কৰা অস্ত্ৰ সাহায্য আৰু সমীপৱৰ্তী সাগৰত নৌসেনাৰ উপস্থিতিয়ে উত্তেজনা বৃদ্ধি কৰিছে।

টাইৱানৰ ২৩০ লাখ জনসাধাৰণ যুদ্ধৰ আশংকা লৈ লৈ জীয়াই আছে, আৰু চীনৰ অৰ্থনৈতিক আৰু সামৰিক শক্তিয়ে এই সংকটক এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে এক ভয়ংকৰ আশংকা হিচাপে গঢ়ি তুলিছে।

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি

ইতিহাসে শিকাইছে যে যুদ্ধ, যদিও নৰকীয়, এতিয়াও শাসকসকলে পৰিৱৰ্তনৰ সূত্ৰপাত কৰিব পাৰে। ১৮১৫ৰ ভিয়েনাৰ কংগ্ৰেছে ইউৰোপক স্থিতিশীল কৰিছিল; ১৯৪৫ৰ ৰাষ্ট্ৰসংঘৰ গঠনে বিশ্ব শান্তিৰ লক্ষ্য লৈ আগবাঢ়িব ধৰিছিল। তথাপি, এই সংকটসমূহ প্ৰতিশোধৰ মকৰাজালত আৱদ্ধ। এফালে ভাৰত আৰু পাকিস্তানৰ নেতাসকলে ৰাজনৈতিক মূলধনক প্ৰাধান্য দিয়ে, আনফালে পুটিনৰ আগ্ৰাসন আৰু জেলেনস্কিৰ পশ্চিমীয়া নিৰ্ভৰতাই আলোচনাক জটিল কৰে।

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি

এফালে ইজৰাইলৰ অৱৰোধ আৰু হামাছৰ সন্ত্ৰাসবাদে গাজাক ধ্বংসৰ দিশে ঠেলি দিছে, আনফালে চীনৰ সামৰিক শক্তি আৰু টাইৱানৰ স্বাধীনতাৰ দাবীয়ে শান্তিৰ সম্ভাৱনা ক্ষীণ কৰিছে। আমেৰিকাৰ দ্বিমুখী নীতি—ইউক্ৰেইন আৰু টাইৱানক সমৰ্থন, কিন্তু গাজা আৰু কাশ্মীৰত নিষ্ক্ৰিয়তা— এইবোৰে আন্তৰ্জাতিক বিশ্বাসযোগ্যতা হ্ৰাস কৰিছে।

বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন সৎবুদ্ধিসম্পন্ন লোকসকলে এতিয়া শ্বাসৰুদ্ধময় পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিছে, কাৰণ যেতিয়াই তেতিয়াই পাৰমাণৱিক শক্তি, জাতীয়তাবাদী উত্তেজনা, আৰু সামৰিক আগ্ৰাসনে পুনৰ এখন মহাভয়ংকৰ নৰকৰ দুৱাৰ মুকলি কৰিব পাৰে। জৰুৰী কূটনীতি—ৰাষ্ট্ৰসংঘৰ মধ্যস্থতা, দ্বিপাক্ষিক আলোচনা, বা আমেৰিকাৰ ১৯৯৯ৰ কাৰ্গিল-জাতীয় ঐতিহাসিক হস্তক্ষেপে—অধিক বিপৰ্যয় ৰোধ কৰিব পাৰে।

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি

তথাপি, ইতিহাসৰ গুৰুত্বপূৰ্ণ সকিয়নী এয়ে যে নৰক আমি নিজৰ হাতেৰে নিৰ্মাণ কৰো। কাশ্মীৰৰ পৰ্বত, ইউক্ৰেইনৰ সমতল, গাজাৰ ধ্বংসস্তূপ, আৰু টাইৱানৰ উপকূল এতিয়া মানৱতাৰ জয়গান গোৱা শক্তিশালী আন্তৰ্জাতিক নেতাৰ হস্তক্ষেপ আৰু সুভৱিষ্যত গঢ়ি তুলিব পৰা দীৰ্ঘম্যাদী পৰিকল্পনাৰ অপেক্ষাত।

এতিয়া জীৱশ্ৰেষ্ঠৰ নিৰ্বাচিত নেতা বা শাসকসকলে শান্তিৰ পথ বিচাৰিব নে নৰকৰ ধ্বংসস্তূপত সোমাই পৰিব, সেয়া সেইসকল নেতাৰ হাতত।

পৃথিৱীৰ নৰকৰ জুই : যুদ্ধৰ ছায়া, ভাৰত-পাকিস্তান, ইত্যাদি

08-05-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy
Opinion

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

by Kakali Das
September 9, 2026
0

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy KAKALI DAS Is India’s economy in...

Read moreDetails
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Soliloquy of a Song: The birth of Buku hom hom kore…

ভূপেন হাজৰিকা: মই বিধানসভাৰ সদস্য কিয় হৈছিলো ?

September 6, 2026
ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

ডিজিটেল সাম্ৰাজ্যবাদীয়ে আমাৰ জীৱনযাত্ৰা কিদৰে পৰিচালনা কৰে ?

September 6, 2026
shallow focus of letter paper

When Words Had a Journey: Letters in a Digital Age

September 4, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

কামতাপুৰ আন্দোলন

September 3, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
COP 29 – Baku’s Role in Global Climate Action: A Model for the Future

COP 29 IN AZERBAIJAN

1
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

ক্ষত্ৰিয় ৰাজবংশী আৰু ক্ষত্ৰিয় আন্দোলন

1
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

Is India’s Economy in Trouble? What Rising Prices Are Telling Us About the Economy

September 9, 2026
কোচবিহাৰকো কিদৰে  কৰা হৈছিল প্ৰচন্ড প্ৰতাৰণা!!

শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

September 9, 2026
Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

Bhutan Food Systems Summit Puts Consciousness on Global Policy Map as Countries Move Towards Implementation

September 7, 2026
Heat, Hunger, and Survival: Why India’s Climate Cooling Summit Cannot Wait?

What ‘natural’ calamities in 2026 indicate about Climate Change

September 7, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    40643 shares
    Share 16257 Tweet 10161
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18912 shares
    Share 7565 Tweet 4728
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    4039 shares
    Share 1616 Tweet 1010
  • সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ব্যক্তিত্ব

    951 shares
    Share 380 Tweet 238
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    319 shares
    Share 128 Tweet 80
  • Kaziranga’s Eco-Sensitive Zone Debate: The Real Question Is Not 1 Kilometre or 10

    152 shares
    Share 61 Tweet 38
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    129 shares
    Share 52 Tweet 32
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    4087 shares
    Share 1635 Tweet 1022
  • Attending RAI’S Class

    100 shares
    Share 40 Tweet 25
  • Neeb Karori Baba : An Avadhuta of the Highest Order

    384 shares
    Share 154 Tweet 96
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d