বৃহস্পতিৰ যঁজা গ্ৰহৰ সন্ধান
•তনয় চক্ৰৱৰ্তী
জ্যোতিৰ্বিজ্ঞানী সকলে এটা নতুন গ্ৰহৰ সন্ধান পাইছে। গ্ৰহটো হুবহু বৃহস্পতি গ্ৰহৰ দৰেই। গ্ৰহটোৰ ভৰ বৃহস্পতি গ্ৰহৰ সমানেই। সেইবাবে জ্যোতিৰ্বিজ্ঞানী সকলে নতুনকৈ সন্ধান পোৱা গ্ৰহটোক বৃহস্পতি গ্ৰহৰ ‘যঁজা’ বুলি বৰ্ণনা কৰিছে। এই গ্ৰহটো পৃথিৱীৰ পৰা ১৭০০০ আলোকবৰ্ষ দূৰৈৰ এক নক্ষত্ৰক প্ৰদক্ষিণ কৰি আছে।
এক টেলিভিছন সূত্ৰৰ মতে, আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ ‘কেপলাৰ’ চেটেলাইট টেলিস্কোপৰ মাধ্যমৰ দ্বাৰা প্ৰেৰিত তথ্য গৱেষণা কৰি এই নতুন গ্ৰহটোৰ সন্ধান পোৱা গৈছে। ২০১৬ চনত কেপলাৰ-এ তথ্যবোৰ প্ৰেৰণ কৰিছিল। এইপৰ্যন্ত ‘মিল্কিৱে’ বা আকাশগঙ্গা ছায়াঁপথত ২৭০০ ৰো অধিক গ্ৰহৰ সন্ধান পাইছে টেলিস্কোপটোৱে। কিন্তু এইপৰ্যন্ত কেপলাৰ-এ পঠিওৱা তথ্যৰ ভিত্তিত যিমানবোৰ গ্ৰহ আৱিষ্কাৰ হৈছে, এই গ্ৰহটো সবাতোকৈ দূৰৈৰ।
বৃহস্পতি গ্ৰহৰ সৈতে বিভিন্ন দিশত সাদৃশ্য থকা এই গ্ৰহটোৰ নামাকৰণ কৰা হৈছে – ‘কে২-২০১৬-বি.জে.এল-০০০৫এল.বি.’। গ্ৰহটোৰ ভৰ বৃহস্পতি গ্ৰহৰ তুলনাত মাত্ৰ ১.১ গুণ অধিক। আৰু যিটো নক্ষত্ৰক এই গ্ৰহটোৱে প্ৰদক্ষিণ কৰি আছে, সেই নক্ষত্ৰৰ ভৰ সূৰ্যৰ ভৰৰ প্ৰায় ৬০% ।

আশ্বৰ্যকৰভাৱে মিল আৰু আছে। সূৰ্যৰ পৰা বৃহস্পতিৰ দূৰত্ব ৪৬ কোটি ২০ লাখ মাইল দূৰত। এই নতুন কে ২-২০১৬- বি.জে.এল -০০০৫ এল.বি.’ গ্ৰহটোৱে প্ৰদক্ষিণ কৰা নক্ষত্ৰৰ পৰা দূৰত্ব হ’ল ৪২ কোটি মাইল! নতুন গ্ৰহটোৰ সন্ধানৰ ক্ষেত্ৰত বিজ্ঞানীসকলে আইনষ্টাইনৰ বিখ্যাত তত্ত্ব ‘আপেক্ষিকতাবাদ’ আৰু ‘গ্ৰেভিটেশ্যনেল মাইক্ৰোলেন্সিং’ পদ্ধতিৰ সহায় লৈছে। এই সম্পৰ্কীয় গৱেষণা লন্ডনভিত্তিক জ্যোতিৰ্বিদ্যা বিষয়ক সংস্থা ‘ৰয়েল এষ্ট্ৰোনমিকেল চোছাইটি’ৰ সাময়িকী ‘মান্হলি নোটিচেজ’ত প্ৰকাশৰ বাবে জমা দিয়া হৈছে।
গৱেষণাৰ নেতৃত্ব দিছে মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পি.এইচ.ডি.ৰ ছাত্ৰ ডেভিড স্পেচ্ট-এ। মাইক্ৰোলেন্সিং-অৰ মাধ্যমেৰে গ্ৰহটোৰ সন্ধান লভি ২০১৬ চনৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈ কেপলাৰ-এ পঠিওৱা তথ্যৰ ভিত্তিত গৱেষণা কৰি আছিল তেওঁ। কেপলাৰৰ সক্ষমতাৰ প্ৰশংসা কৰি লন্ডনৰ চৰকাৰী সংস্থা ‘চাইন্স এন্ড টেকনোলজি ফেচিলিটিজ কাউন্সিল’ৰ এয়মন কেৰিন্স-এ কৈছে যে ‘মাইক্ৰোলেন্সিং পদ্ধতি ব্যৱহাৰ কৰি গ্ৰহ আৱিষ্কাৰ কৰিবলৈ কেপলাৰ তৈয়াৰ কৰা হোৱা নাছিল যদিও বিগত তিনি দশক ধৰি টেলিস্কোপটোৰ উন্নতি সাধন কৰা হেতুকে এয়া সম্ভৱপৰ হৈছে।’
ইতিপূৰ্বে ২০২০ চনৰ এপ্ৰিল মাহত সন্ধান পোৱা গৈছিল পৃথিৱীৰ যঁজা গ্ৰহৰ। নতুন এই গ্ৰহটোৰ আয়তন পৃথিৱীৰ প্ৰায় দুগুণ। এই যঁজা গ্ৰহৰ সন্ধান পোৱা গৈছিল অইন এক ‘ষ্টাৰ চিষ্টেম’ৰ দ্বাৰা। সেই চিষ্টেম আছিল ‘৪০ এৰিডানি’। ইউনিভাৰ্ছিটি অফ ফ্লোৰিডাৰ মহাকাশ গৱেষণা কৰা গৱেষক সকলে এৰিজোনাৰ পৰা ১.৩ মিটাৰ টেলিস্কোপৰ সাহায্যৰে পৃথিৱীৰ দৰে একেই গ্ৰহটোৰ সন্ধান পাইছিল। সেই গ্ৰহটোৰ ঘনত্ব পৃথিবীৰ তুলনাত ৮.৫ গুণ অধিক। এই গ্ৰহটোৱে নিজৰ সৌৰবলয়ৰ মূল নক্ষত্ৰক ৪২ দিনত এবাৰ প্ৰদক্ষিণ কৰে আৰু মূল নক্ষত্ৰটো পৃথিৱীৰ পৰা মাত্ৰ ১৬ আলোকবৰ্ষ দূৰত অৱস্থিত।