• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Sunday, August 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

পোহৰৰ উৎসৱ আৰু প্রকৃতি

CLIMATE CHANGE

by Manas Pratim Dutta
October 20, 2025
in Climate Change, Nature
Reading Time: 3 mins read
0
Diwali: From Then To Now
Share on FacebookShare on TwitterShare on LinkedIn

পোহৰৰ উৎসৱ আৰু প্রকৃতি

মানস প্রতিম দত্ত

Manas Pratim Dutta
মানস প্রতিম দত্ত

আজিকালি গাঁৱৰ সেই দিন নাই।

গাঁৱৰ টিপচাকি-লেম্পৰ পোহৰত ডাঙৰ হোৱা ল’ৰা আমি। পোহৰ বুলিলে আমাৰ সাধাৰণতে কেৰাচিন তেলৰ চাকিটোৰ কথা, লেম্পটোৰ কথা বুজিছিলোঁ।

সময় আৰু প্রযুক্তিৰ উন্নতিৰ লগে লগে কেৰাচিন তেলৰ চাকি হেৰাই যাবৰ উপক্রম হ’ল । তাৰ ঠাই ল’লে বিজুলী বাতিয়ে। এইয়া সময়ৰ দাৱী।

পোহৰৰ উৎসৱ আৰু প্রকৃতি

এতিয়া চাকি আৰু পোহৰ  বুলিলে নামঘৰত বা কাতি বিহুত বা দীপাৱলীত জ্বলোৱা চাকিগছিলৈ মনত পৰে নহয়নে? এই চাকিয়ে আমাক পোহৰ দিয়ে নহয়নে? চাকিৰ পোহৰে আন্ধাৰ খেদে। কিন্তু এই পোহৰৰ দিনবোৰত বাৰু আমি ফটকা, আটচবাজী ফুটাই প্রকৃতিক দোষ দিয়াৰ কথাবোৰ জানোনে? ভাৱোনে?

আচলতে প্রকৃতিয়ে যে দুখ পায় সেই কথাষাৰ আমাৰ মনলৈয়ে নাহে। প্রকৃতিৰ কথা ভৱাৰ আগতে , ফটকা-আতচবাজীৰ কথাবোৰ একাষৰীয়াকৈ থৈ আমি নিজৰ কথাই ভাবোচোন আহক।

ধৰা হ’ল আপুনি কোনো এডোখৰ স্থানত ঠিয় হৈ আছে। তেনেতে যদি এসোপা পেপাঁ, শব্দ যন্ত্র আনি বজাই থাকে তেন্তে আপুনি অসুবিধাৰ সন্মুখীন নহ’বনে? এই বছৰৰ পোহৰৰ উত্সৱ দীপাৱলীত হোৱা শাব্দিক প্রদূষণে দিল্লীত সৃ্ষ্টি কৰা ভয়াৱহতাৰ কথা আমি সকলোৱে জ্ঞাত ।

গতিকে প্রকৃতি অনুকুল দীপাৱলী উদযাপনৰ বাবে আমি বদ্ধপৰিকৰ হ’বই লাগিব। এই প্রকৃতি অনুকুল দীপাৱলী আমি কেনেকৈ উদযাপন কৰিম- এই কথাষাৰ মনলৈ আহিলেই মোৰ মনতো শৈশৱলৈ উৰা মাৰে।

তেতিয়া আমি চতুর্থ আৰু তৃতীয় শ্রেণীৰ ছাত্র। আমি মানে মই আৰু ভাইটী। দীপাৱলী আৰু মাঘৰ বিহু আহিলে আমাৰ খুব আনন্দ লাগিছিল। আমাৰ ঘৰত দীপাৱলীত কোনোধৰণৰ কলপুলি কাটি অনা হোৱা নাছিল যদিও মাঘৰ বিহুৰ মেজিতো কলপুলি ব্যৱহাৰ কৰাৰ নিয়ম আছিল।

কিন্তু সেইবাৰ দেউতাই কলগছৰ পৰিৱর্তে চাৰিওকাষে শুকান বাঁহ বান্ধি দিছিল। তাকে লৈ ভাইটি আৰু মোৰ মন গোমা। দেউতাক খাটনি ধৰিছো – প্রায় সৱেই দেখোন কলপুলি দিয়ে আমাৰনো কিয় দিব নোৱাৰি।আমাৰো দিব লাগে।

তেতিয়া দেউতা চাৰিআলিলৈ যাবলৈ ওলাইছিল। আমাক ক’লে – তহঁতৰ সকলো প্রশ্নৰ উত্তৰ মই চাৰিআলিৰ পৰা আহি দিমহি।

গধূলি দেউতা চাৰিআলিৰ পৰা আহিল। মা আৰু দেউতাই পাকঘৰত কিবা কথা পাতি আছিল। মায়ে চাহো বনাই আছিল। অলপ পিচতে মা পঢ়া টেবুললৈ আহি ক’লে – চাহ খাহি আহ। আমি পাকঘৰ পালোগৈ।

 দেউতাই তেতিয়া ক’লে- অথনি যে তহঁত দুটাক মই কলগছ কিয় ৰুব নালাগে ক’ম বুলি কৈছিলোঁ এতিয়া কওঁ শুন। এই যে মজিয়াখনৰ খলা-বমাখিনি দেখিছ, তাত এই চাকি থোৱা গছাটো ঠিয় কৰাব পাৰিবিনে? আমি থিয় কৰাবলৈ বহুত চেষ্টা কৰিও গছাটো থিয় কৰাব নোৱাৰিলোঁ।

পোহৰৰ উৎসৱ আৰু প্রকৃতি
নাহৰ গুটি

তেতিয়া দেউতাই ক’লে – দীপাৱলীৰ সময়ত বা এতিয়া আমি যদি গুৰি চপাই কলগছ এজোপা কাটি আনি ৰোওঁ , তেন্তে গছজোপা পুনৰ জী উঠিব জানো? নিশ্চয় জী নুঠে নহয়নে। সেয়েহে এই কামটো আমি কলগছৰ পৰিৱর্তে অন্য পেলনীয়া বা পুন:ব্যৱহাৰযোগ্য কাঠ বা জেওৰাৰ ওপৰত, অমিতা বা ঔটেঙাৰ বাকলিৰে দেৱালীৰ সময়ত যদি আমি চাকি জ্বলাও , বিহুৰ সময়ত কলগছ নকটাকৈয়ো যদি আমি নিয়ম অনুসৰি বিহু উদযাপন কৰিব পাৰোঁ তেন্তে গছবোৰ কটাৰ প্রয়োজন আছে জানো। এনেকৈ যদি গছবোৰ কাটো , তেন্তে পৃথিৱী আৰু মানুহৰ অৱস্থা গছা আৰু খলা-বমা মাটিৰ দৰেই হ’ব। স্থিৰ হৈ নাথাকিব নহয়নে?

দেউতাৰ কথা বুজাতহে আমাৰ ভুল ভাগিল। মায়েও মাৰ শৈশৱৰ দিনবোৰৰ কথা ক’লে দীপাৱলীত  শুকোৱাই থোৱা নাহৰৰ গুটি জ্বলোৱাৰ কথা। মাৰ কথা শুনি পাছৰ বছৰ আমি খুড়াহঁতৰ ঘৰৰ পদূলিৰপৰা সৰি থকা নাহৰ গুটি আনি শুকোৱাই নাহৰ গুটি জ্বলাইছিলোঁ।

Diwali নাহৰ গুটি

এতিয়া প্রায় ১৫ বছৰৰ পিচতো দীপাৱলীৰ সময়ত এইখিনি কথা মোৰ মনলৈ আহে। অত্যাধিক আতচবাজীৰ শব্দই শব্দ আৰু বায়ু প্রদূষণ কৰাৰ লগতে আমাৰ কাণ আৰু হৃদযন্ত্রটো প্রভাৱ পেলায়।

ধেমালিতে হাড় ভাঙে বুলি কোৱাৰ দৰে ফটকাই বহু সময়ত ঘৰ, ভঁৰাল জ্বলাই নষ্ট কৰাৰ বাতৰি আমি শুনা পাওঁ।গতিকে প্রকৃতি অনুকুল দীপাৱলীহে আমি উদযাপন কৰা উচিত।

Diwali 4

কেনেকৈ উদযাপন কৰিম:

পৰাপক্ষত কলপুলি ব্যৱহাৰ নকৰাৰ চেষ্টা কৰিম। ব্যৱহাৰ কৰিলেও আধাতে কাটি নানি পুনৰ ৰোপণ কৰিব পৰাকৈহে অনা উচিত।

অত্যধিক শব্দযুক্ত আতচবাজী ব্যৱহাৰ নকৰো।

এই সম্পর্কে ভাৰতীয় উচ্চতম ন্যায়ালয়েও ৰায় প্রদান কৰিছে। এই ৰায় অনুসৰি-

দীপাৱলীৰ দিনা কেৱল দুঘণ্টাৰ বাবেহে (নিশা ৮ বজাৰ পৰা ১০ বজালৈ) আতচবাজী ব্যৱহাৰ কৰিব পাৰিব।

ছাত্র-ছাত্রীৰ মাজত বাৰুদৰ ভয়াৱহতা, স্বাস্থ্যৰ ওপৰত প্রভাৱ আদি সম্পর্কে চৰকাৰে সজাগতাৰ ব্যৱস্থা ল’ব।

শিক্ষানুষ্ঠানত শিক্ষকে আতচবাজী আৰু ইয়াৰ ভয়াৱহতা সম্পর্কীয় সজাগতাৰ ব্যৱস্থা কৰিব।

    সম্প্রতি আতচবাজীৰ পৰিৱর্তে সেউজীয়া ফটকা ব্যৱহাৰৰ বাবেও বহুতে পৰামর্শ আগবঢ়াইছে। সেউজীয়া ফটকা হ’ল অন্য ফটকাৰ তুলনাত প্রায় ৪০% কম প্রদূষণ সষ্টি কৰা অপকাৰী পদার্থৰ পৰিৱর্তে পানীৰ ফোৱাৰা ওলাব পৰাকৈ বনোৱা ফটকা।

আমি সকলোৱে পৰিৱেশৰ সুৰক্ষাৰ কথাও দীপাৱলীৰ দিনা উপলব্ধি কৰি পৰিৱেশৰ অনুকূল দীপাৱলী আয়োজন কৰা উচিত।

Diwali

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ
Climate Change

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ

by Jharna Sarma Dev Choudhury
August 16, 2026
0

টুভালু- বিশ্বৰ ইতিহাসৰ পৰা হেৰাই যাব খোজা এখন দেশ ঝৰ্ণা শৰ্মা দেৱচৌধুৰী এনে এখন দেশ, যিখন দেশ হয়তো আৰু কেইবছৰমানৰ...

Read moreDetails
Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

Kaziranga’s Biggest Threat Is No Longer Poachers. It’s Development

August 14, 2026
How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

How Climate Change Is Affecting Insects and Why It Threatens Life on Earth

August 13, 2026
The Air Quality Leadership We Lack

The Air Quality Leadership We Lack

August 13, 2026
A Day with the Brahmaputra’s Climate Refugees

A Day with the Brahmaputra’s Climate Refugees

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d