(চুটি গল্প)
-পল্লৱী কৌশিক শৰ্মা |
কপালত আঁকি লোৱা ৰক্তিম সুৰুজক.. চিৰদিনলৈ..অস্তাচালত বিদায় দিয়াৰে পৰা.. আন্ধাৰৰ আৱৰণ পিন্ধি লোৱা অনুপ্ৰভাৰ জীৱনৰ.. সপোনবোৰ.. হাঁহি-ধেমালিবোৰ.. বালি ঘৰ খহা দি যেন খহি পৰিল ক’ৰবাত…। সেন্দুৰীয়া অলিটোৱে… শুভ্ৰতাৰ সাজযোৰ পিন্ধাৰ লগে লগে.. এনেকৈ সলনি হয় নে কথাবোৰ..?
কিয় এনে অনুভৱ হৈছে আজি তেওঁৰ… কাৰবাবে নো লৈ আছে এই উশাহটো..? কিয় নো মৰি মৰি জীয়াই আছে..?
শৰীৰটো আছে যদিও.. তেওঁৰ উশাহৰ ঠিকনাই দেখোন হেৰাই গৈছে..। এই যেন উশাহতো ল’ব লাগে বাবেই লৈছে.. খোজটো দিব লাগে বাবেই দিছে..।
দৃষ্টিয়ে পৰিধি চুমিব পৰালৈকে… অনবৰতে কিয় দুচকুৰে চলাথ কৰি ফুৰিছে.. তেওঁৰ জীয়াই থকাৰ প্ৰধান কাৰণটো..? তেওঁতো ইমান অবুজ নহয়..ইমান অজ্ঞ নহয়.. যে বুজি নাপায়.. অনন্ত ধামলৈ গতি কৰা কোনোবা এজন..হাজাৰ বিচাৰিলেও যে কোনোদিন উলটি নাহে..।
কিয় পাহৰি গৈছে তেওঁ.. তেওঁৰ মুখলৈ চাইয়েই.. আজি তেওঁৰ অংশ এটা ও জীয়াই আছে তেওঁৰ লগতে..! কথাবোৰ মানি ল’ব বিচাৰি ও কিয় মানি ল’ব পৰা নাই ..? প্ৰতি নিয়ত..প্ৰতি পল তেওঁৰ আশে-পাশে কিয় অনুভৱ হৈছে..এক অশৰীৰি সত্বাৰ.. যি তেওঁক.. কুটি কুটি খাই থকা কলিজাটোৰ.. যন্ত্ৰণাবোৰৰ পৰা মুক্ত কৰিব বিচৰা নাই..। কিমান নিশা তেওঁ প্ৰলাপ বকি.. অসংযত অৱস্থাৰে মনৰ মানুহজনক বিচাৰি বাহিৰলৈ ওলাই গৈছে..! হেৰুৱাৰ বেদনা ইমান গধুৰ নে..?
নীৰৱ..নিস্তেজ হৈ পৰা ঘৰখনৰ এটা চুকত.. প্ৰচণ্ড ধুমুহা এজাকত ও.. দৃঢ়তাৰে ঠিয় হৈ থাকিবলৈ..ইমান বছৰে সাহস দি.. খামোচ মাৰি ধৰি থকা হাতখন.. হঠাৎ এৰাই যোৱাৰ দুখত.. দুচকুৰ সপোনটোক হত্যা কৰি.. বহি আছে অনুপ্ৰভাৰ একমাত্ৰ পুত্ৰ কৌশিক..। এফালে.. পিতৃক হেৰুৱাৰ বেদনাৰে জৰ্জৰিত..আনফালে মাতৃৰ উদাসী দুচকু আৰু মৃতপ্ৰায় অৱস্থাটো..!
কি কৰে এতিয়া সি..? দেউতাকে এৰি যোৱা মাত্ৰ ডেৰ মাহ হৈছে..। অহা মাহত তাৰ এ. পি.এচ. চি ৰ লিখিত পৰীক্ষা..। ইমান বছৰে আলফুলে মনতে সজাই ৰখা সপোনটোক.. সঁচা কৰাৰ সময় এইয়া..। কিন্তু সি মাককেই চাই নে এতিয়া পৰীক্ষাৰ বাবে সাজু হয়..!!
দেউতাকৰ বৰ ইচ্ছা আছিল.. পুতেক প্ৰসাশনিক বিষয়া হ’ব..।
এজন সৎ নাগৰিক হ’ব..। মাক দেউতাকৰ নাম উজ্জলাব..। কিমান যে যত্ন নকৰিছিল তেওঁ কৌশিকৰ সপোনটোক বাস্তৱ কৰিবলৈ..। কিমান যে হেঁপাহ আছিল পুতেকক এদিন সেই ৰূপত চাবলৈ..।
কৌশিকে ও দেউতাকৰ সেই আশাবোৰক… সাৰ পানী দি.. ইমান দিনে জীয়ন দি আহিছে…। সপোনটোক হত্যা কৰিবও মনে নকয়..। মাকেও কৈছে.. তুমি পৰীক্ষা দিয়া বেটা..।
কিন্তু কিতাপ খন চকুৰ আগত লবলৈ.. মাকক যে সি অলপ পৰৰ বাবে হ’লেও চকুৰ আঁৰ কৰিব লাগিব ..। চকুৰ আঁৰত বা মাকজনীয়ে কি কৰি পেলাই..!!
কথাবোৰ ভাবিলে..বুকুখনত দেখোন অসহনীয় বিষ এটাই উক দিয়ে তাৰ.। বিষটোয়ে যেন..উশাহটো ও চেপি ধৰিব বিচাৰে.. । মাকজনীয়ে নো কি দৰে সহে বাৰু.. ছাঁটোৰ দৰে অনবৰতে লগতে থকা তেওঁৰ প্ৰিয়তম পুৰুষ জনৰ অনুপস্থিতি..।
সময়ে এদিন সকলো স্বাভাৱিক কৰি তুলিব বুলি গভীৰ বিশ্বাস ৰখা কৌশিকৰ পিছে হাতত সময় নাই বুলিয়েই ক’ব পাৰি এতিয়া..। অনুপ্ৰভাই তাক লিখা পঢ়াত মন দিব কৈছে যদিও.. কৌশিকে অনুভৱ কৰে.. মাকে ক’ব লাগে বাবে হে কৈছে কথা কেইটা..। সি পৰীক্ষা দিয়ে নিদিয়ে..তাক লৈ চিন্তিত হ’ব পৰাকৈ মাক বৰ্তমান মানসিক ভাবে সুস্থ নহয় ।
টেবুলৰ কিতাপ বহীবোৰৰ ওপৰত পৰি থকা ধূলিৰ চামনিটো.. কাপোৰ এখনেৰে সযতনে মুচি.. ৱাল অলমাৰীটোৰ এটা খাপত পৰিপাটিকৈ জাপি জাপি ভৰাই থ’লে কৌশিকে..।
দেউতাকক হেৰুৱালে.. মাকজনীৰো যদি নহব ল’গা কিবা এটা হয়.. সহিব নোৱাৰিব সি.. । বুকুখন কঁপি উঠে তাৰ..। ভয় কৰে সি.. অকলশৰীয়া হৈ পৰিব বুলি..।
ঘৰৰ কামবোৰ কৌশিকেই কৰে আজিকালি..। পানী এগিলাচ ও কোনোদিন নিজেই লৈ নোখোৱা ল’ৰাটোৱে.. পাকঘৰত ৰন্ধা-বঢ়া কৰে..। মাকক যত্নেৰে খোৱাই দিয়ে..। সৰুতে মাকে তাক কোলাত লৈ.. নিচুকনি গীত গাই গাই, উমলোৱাৰ দৰে..
আজিকালি মাকক ও সি বুকুৰ মাজতে সোমোৱাই লৈ.. শুৱাব চেষ্টা কৰে..।
মাকে মাথোঁ গোঁসাই ঘৰ খনতে..লেপেটা খাই বহি.. থাপনাৰ মূৰ্তি কেইটালৈকে.. চাই চাই..অস্পষ্ট শব্দ কিছুমানেৰে কিবা কিবি খন বকি থাকে..।
আজি অনুপ্ৰভাৰ গিৰিয়েকৰ.. মৃত্যুৰ দুমহীয়া তিথি..। দেউ এজন আনি গীতা পাঠ কৰাইছে কৌশিকে..। মাহ প্ৰসাদ কেইটাৰ যোগাৰ ও সিয়েই কৰিছে..। আমন-জিমনকৈ অনুপ্ৰভাই ও পুতেকৰ লগতে ইটো সিটো কৰি দিছে..।
এপাকত বাহিৰৰ ফুলনী ড’ৰাৰ পৰা.. বগা গোলাপ কেইপাহমান ছিঙি আনি.. শোৱা কোঠাৰ সৰুটেবুলখনত গিৰিয়েকৰ ফটোখন..চাকি ধূপ সহ সজাব ধৰিলে অনুপ্ৰভাই..। থোপা থোপকৈ ফুলা শুভ্ৰ গোলাপবোৰ বৰ প্ৰিয় আছিল মানুহজনৰ..। পুৱা গধূলি.. গোলাপৰ সৌন্দৰ্য্যত ডুবি যাবলৈকে বাৰাণ্ডাত বহি চাহৰ জুতি লোৱাটো অভ্যাস হৈ পৰিছিল তেওঁৰ..। দীঘলীয়া ঘৰটোৰ আনটো মূৰত থকা পাকঘৰটোৰ পৰা… এচোৱা বাট চাহ কাপ কঢ়িয়াই আনিব লগা হোৱাৰ বাবেই কিমান যে কথা নুশুনাইছিল অনুপ্ৰভাই তেওঁক..।
কথাবোৰ সোঁৱৰি ভাৱগধূৰ হৈ পৰা অনুপ্ৰভাই, উথলি উঠা দুখবোৰক বাধা দি ৰাখিব নোৱাৰিলে..। চকুপানীৰ ঢল এটাই ধূসৰ কৰি পেলালে সন্মুখৰ ফটোখন..শুভ্ৰ গোলাপ কেইপাহ..।
দিয়াচলাইটো উঠাই লৈ.. কাঠি এটা জ্বলাই..চাকি গচৰ শালিতা ডালত লগাই দিলে তেওঁ..। চাকি গচ নজ্বলিল..। নুমাই গ’ল..। বাৰে বাৰে একেটা কামকে কৰি থাকিল অনুপ্ৰভাই..। বাৰে বাৰে বিফল হ’ল..। এপাকত মন কৰিলে… চাকি গচত তেলক’ণ দিবলৈকে পাহৰি আছে দেখোন তেওঁ..। চকুপানীখিনি মুচি.. কাষতে থকা বটলতোৰ পৰা তেল অলপ ঢালি.. চাকি গচ জ্বলাই.. লৰালৰিকৈ কৌশিকৰ ওচৰ পালেগৈ অনুপ্ৰভা..।
:- বেটা.. আজি দেউতাই আমাক এৰি যোৱা দুমাহ হ’ল..। হেৰুৱাৰ বেদনা সহজে পাহৰিব নোৱাৰি..। দেউতা আমাৰ মাজত সো-শৰীৰে নাথাকিলেও.. আমাৰ মনত কিন্তু সদায় জীয়াই থাকিব..।
দেউতা গুচি গ’ল বাবেই.. তুমি যদি তোমাৰ সপোনবোৰ আধৰুৱা কৰি ৰাখা.. তেওঁৰ আত্মাই বহুত কষ্ট পাব..। যোৱা বেটা.. এতিয়াৰ পৰা পুনৰ নতুন উদ্যমেৰে নিজকে সাজু কৰা..। দুচকুৰ সপোনবোৰক পাখি মেলি উৰিব দিয়া..। কিতাপ বহীবোৰ উলিয়াই.. সকলো নতুনকৈ আৰম্ভ কৰা..। এইবাৰ তোমাৰ সপোনৰ সহযাত্ৰী তোমাৰ মা হ’ব..। দেউতাৰ অবিহনে.. তোমাৰ সপোন পুৰোৱাৰ দায়িত্ব মোৰ..।
কৌশিকৰ কোঠালৈ গৈ.. অলমাৰীৰ পৰা কিতাপবোৰ উলিয়াই.. টেবুলখন নিজ হাতেৰে সুন্দৰকৈ সজাই পৰাই দিলে তেওঁ…।
অৱশেষত উপলব্ধি কৰিব পাৰিলে অনুপ্ৰভাই.. কৌশিকে জ্বলাব বিচৰা আশাৰ চাকি গচৰ শলিতা ডাল.. নুমাব দিব নোৱাৰি..। চাকি গচ জ্বলিবলৈ প্ৰয়োজন হোৱা তেলখিনিৰ দৰে.. মাকে ও তাক সাহস দিব লাগিব..। সময়ত তাৰ প্ৰেৰণা হ’ব লাগিব..। তাৰ সপোনটোক নিৰাপত্তা দিব লাগিব..। চাকিৰ পোহৰে.. অনুপ্ৰভাৰ মনৰ আন্ধাৰবোৰ ও যেন আঁতৰাই দিলে..।
তাকেইতো ইমান দিনে মনে প্ৰাণে বিচাৰি আছিল কৌশিকে..। ফৰকাল হৈ পৰিল কৌশিকৰ ডাৱৰ ডাৱৰ মনটো..। মাকক সি আৱেগেৰে সাৱটি ধৰিলে..।