• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Tuesday, July 14, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

প্রকৃতিৰ অদ্ভুত আশ্চর্য: লাইকেন

ASSAMESE SECTION / NATURE / Climate

by Editor
October 6, 2025
in ASSAMESE SECTION, Climate Change, Nature, News
Reading Time: 2 mins read
0
প্রকৃতিৰ অদ্ভুত আশ্চর্য: লাইকেন
Share on FacebookShare on TwitterShare on LinkedIn

প্রকৃতিৰ অদ্ভুত আশ্চর্য: লাইকেন

তপন পায়েং

Tapan Payeng
তপন পায়েং

প্ৰকৃতিত পোৱ‍া সকলো উপাদানৰে পৰিস্থিতি তন্ত্ৰত মহত্বপূৰ্ণ ভূমিকা আছে ,সেইয়া আকাৰত ডাঙৰেই হওঁক বা সৰুই হওঁক। তেনেস্থলত প্ৰকৃতিত লাইকেনৰো গুৰুত্ব অধিক। সাধাৰণতে লাইকেন হৈছে শেলাই আৰু ভেঁকুৰৰ মাজত গঢ়ি উঠা এক সহজীৱিতা ।

লাইকেনৰ সহজীৱিতাত ভেঁকুৰ ৯৫ শতাংশ আৰু  ৫ শতাংশ শেলাইৰে গঢ়ি উঠা এটা সমষ্টি বুলি গণ্য কৰিব পাৰি। লাইকেন শব্দটো উদ্ভিদ বিজ্ঞানত প্ৰথম বাৰৰ বাবে টিঅপ্ৰাষ্টে ব্যৱহাৰ কৰিছিল।

প্রকৃতিৰ অদ্ভুত আশ্চর্য: লাইকেন

যেতিয়া কোনো এটা উদ্ভিদ বা গছৰ পৰাগৰেণু মাটি বা শিলত পৰে আৰু তাত ভেকুৰৰ লগত ক্ৰমান্নয়ে সম্পৰ্কৰ গঢ়ি উঠে আৰু ই’য়ে পিছলৈ লাইকেন সহজীৱিতালৈ ৰূপান্তৰ হ’য়। ভেঁকুৰে মাটি বা শিল অথবা কোনো এটা পদাৰ্থ গছ-গছনি আদি সমূহত খামুচি ধৰি ৰখাত সহায় কৰে আনহাতে শেলাইয়ে সালোসংশ্লেষণ কৰি খাদ্যৰ যোগান ধৰে,এইসহজীৱিতাৰ জৰিয়তে শেলাই আৰু ভেঁকুৰে দুটাই ইটোৱে ইটোৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে ।

লাইকেন সহজীৱিতাক স্থান আৰু গঠন আকাৰ আকৃতি অনুসৰি তিনি ভাগত ভগাব পাৰি,যেনে ফলিহজ দেখাত পাতৰ আকৃতিৰ দৰে ,ফ্ৰুক্টিকজ সৰু ডালযুক্ত জোপোহা যেনে ক্ষুদ্ৰ পাতবিহীন গছৰ দৰে। দেখাত জোপোহা প্ৰবালৰ দৰে। ই শিল, গছ, মাটিত গজে।এই শব্দটোৰ লেটিনৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে জোপোহা। ক্ৰোষ্টজ হৈছে যি পদাৰ্থৰ ওপৰতেই গজি উঠিছে তাত ঠানকৈ খামুচি ধৰি থাকিব পৰা লাইকেন ,নামটোৱেই কোৱাৰ দৰে ই খোলাযুক্ত আৰু আনকি  গছ বা শিলত খোলা গঠন কৰিব পাৰে । এই খোলাটো আঁতৰোৱাটো কঠিন। 

       লাইকেনে আমাৰ পৰিৱেশত কেনেদৰে সজীৱ কৰি ৰাখিছে,তেনে দিশত মনোযোগ দিলে পাওঁ যে , লাইকেনে আমাৰ  চৌপাশে থকা পাহাৰ -পৰ্বত ,শিল আদি কঠিন পদাৰ্থসমূহক মাটিলৈ ৰূপান্তৰ কৰিব পাৰি,এই ক্ষেত্ৰত লাইকেনৰ প্ৰথম পৰ্যায়ৰ কোনো গছ বা উদ্ভিদৰ পৰাগৰেণু কঠিন শিল বা পাহাৰত পৰিব ক্ৰমে তাত থকা ভেঁকুৰে পৰাগৰেণুক খামুচি ধৰি তাৰ পৰা পানী শোষণ কৰাত সহায় কৰি লাহে লাহে  সালোক সংশ্লেষন ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে ।

বহু সময় ধৰি পানী শোষণ কাৰ্যৰ পৰা ঠান হৈ থকা পদাৰ্থটো শিথিল হ’বলৈ আৰম্ভ কৰি পূৰ্ণ পৰ্যায়ৰ মাটিলৈ ৰূপান্তৰ হ’য় আৰু লাহে লাহে শিথিল হৈ থকা ঠাইটো ঘাহঁনি-বনানীলৈ পৰিৱৰ্তিত হ’য়। আনহাতে লাইকেনে পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা আছে।

এই ক্ষেত্ৰত উদ্যোগ বা কল-কাৰখানা ,গাড়ী-মটৰে নিৰ্গত কৰা কাৰ্বন ডাই অক্সাইড গেছক সালোক সংশ্লেষণৰ জৰিয়তে কাৰ্বন ডাই অক্সাইডৰ পৰা অক্সিজেন নিঃসৰণ কৰে য’ত বায়ুৰ গুণাগুন বা অক্সিজেনৰ সংখ্যা উন্নত কৰে তদুপৰিওঁ লাইকেনে বায়ুপ্ৰদূষক সূচক হিচাপে মহত্বপূৰ্ণ ভূমিকা পালন কৰে ।

লাইকেন অতিকৈ প্ৰদূষণ সংবেদনশীলতা ,যদি বায়ুত ছালফাৰ-ডাই-অক্সাইড,নাইট্ৰেজন অক্সাইড আৰু ধূৱা-ধুলিৰ সংস্পৰ্শত লাইকেন সহজে ক্ষতি হ’য় আৰু এইবোৰ পৰিঘটনাবোৰ চাইয়েই লাইকেনক প্ৰদূষণ সূচক বুলি ধৰা হ’য় ,মন কৰিবলগীয়া কথা যে য’ত বেছি প্ৰদূষণ দেখা যায়,এই অঞ্চলত লাইকেন দেখা নাযায়। উদাহৰণস্বৰূপে বনাঞ্চলসমূহত লাইকেন প্ৰচুৰ বাবে পোৱা যায় আৰু নগৰাঞ্চলত খূউব কমকৈ দেখা পোৱা যায়।

আনহাতে বিজ্ঞানীসকলে লাইকেনক পৰীক্ষাগাৰত প্ৰদূষণৰ পৰিমান উলিয়াবলৈ ব্যৱহাৰ কৰা হয় । আনহাতে লাইকেন পৰিস্থিতি তন্ত্ৰত  ভাৰসাম্যতা ৰক্ষাতো সহায় কৰে শীতলীয় ঠাই যেনে ছাইবেৰিয়া,আৰ্কাটিক ,আলাস্কা আদিত বেছি পোৱা যায় ,এই অঞ্চলৰ জীৱ-জন্তুবোৰৰ প্ৰধান খাদ্যৰ উৎস হৈছে লাইকেন। ইয়াৰ দ্বাৰা খাদ্য শৃংখল আৰু খাদ্যজাল অটুত থাকে। লগতে  মাটি ক্ষয় হোৱাত বাধা প্ৰদান কৰে ।

প্রকৃতিৰ অদ্ভুত আশ্চর্য: লাইকেন

    তাৰোপৰি লাইকেনে মানৱ তথা জীৱ-জন্তুৰ বাবে প্ৰাকৃতিক ঔষদালয় ,যেনে লাইকেনত Usnic Acid নামৰ এছিড থাকে, এই এছিডে ছালৰ ৰোগ আদি সংক্ৰমণত বাধা প্ৰদান কৰিবলৈয়ো ব্যৱহাৰ কৰে  তাৰোপৰি এই এছিড বিধৰ জৰিয়তে কৰ্কট ৰোগ নিৰাময় কৰিব পাৰে যাতে তাৰ ওপৰত  বিজ্ঞানীসকলে গৱেষণা কৰি আহিছে ।

আনহাতে কিছুমান লাইকেনত “lichenin” আৰু “isolicenin” নামৰ পদাৰ্থ থাকে। এই পদাৰ্থদুটাৰ দ্বাৰা কাশি, শ্বাসকষ্ট, ব্রঙ্কাইটিছ আদি ৰোগ কমাবলৈ পশুচিকিৎসাত ব্যৱহাৰ কৰা হয়। আনহাতে গৰু-গাহৰি আদি জন্তুৰ ডায়েৰিয়া বা পেটৰ অসুখ  নিৰাময় কৰিবলৈয়ো লাইকেন  ব্যৱহাৰ কৰা হয়। দেহৰ শক্তি বঢ়াবলৈয়ো টনিক হিচাপে ব্যৱহাৰ কৰা  হ’য়॥

    প্ৰকৃতিৰ ৰঙীন কোলাহলৰ মাজত লাইকেন যেন এক নীৰৱ অথচ গুৰুত্বপূৰ্ণ । আকাৰত সৰু হলেও ইয়াৰ অবদান ডাঙৰ—বায়ু গুণমান পৰিমাপ কৰা পৰা আৰম্ভ কৰি মাটি গঠন, উৰ্বৰা শক্তি বৃদ্ধি, প্ৰাণীৰ খাদ্য যোগান আৰু প্ৰদূষণৰ বিপদ সংকেত দিবলৈকে লাইকেন এক অমূল্য উপাদান ।

তপন পায়েং,৬০০২০৭৬৮৮৬

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Editor

Editor

Related Posts

A Day with the Brahmaputra’s Climate Refugees
Climate Change

A Day with the Brahmaputra’s Climate Refugees

by HIYANDRITA DAS
July 14, 2026
0

A Day with the Brahmaputra’s Climate Refugees HIYANDRITA DAS The first sign of impending loss is rarely the sudden disappearance...

Read moreDetails
 All the military experience of the last century is simply irrelevant!

 All the military experience of the last century is simply irrelevant!

July 13, 2026
Mahabahu Climate Forum Experience: Seven Days of Climate Learning

Bhattadev University-Where Learning Met Purpose : ‘CLIMATE JUSTICE 101’ Internship Ends, A Responsibility Begins

July 13, 2026
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 13, 2026
Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

Life beyond Earth is the next big question: Nobel laureate Didier Queloz on exoplanets, AI and the future of science

July 12, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 12, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d