• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, July 16, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

ASSAMESE SECTION / Lord JAGANNATH

by Sanjeev Kumar Nath
June 29, 2025
in ASSAMESE SECTION, Special Report, Spirituality, Spirituality
Reading Time: 4 mins read
0
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ
Share on FacebookShare on TwitterShare on LinkedIn

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

সঞ্জীৱ কুমাৰ নাথ

Sanjiv Kumar Nath
সঞ্জীৱ কুমাৰ নাথ

ভাৰতবর্ষৰ ভক্তি আন্দোলনে বিভিন্ন সময়ত, বিভিন্ন ঠাইত সমানতাৰ জোৱাৰ আনে, আৰু বানপানীয়ে পুখুৰী, বিল, নদ, নদী সকলো একাকাৰ কৰি পেলোৱাৰ দৰে উচ্চ-নীচ, জাতি-অজাতি, ধনী-দুখীয়া আদি বিভেদবোৰ ভক্তিৰ ধৌৱে মচি পেলায়।

অৱশ্যে এই বিভেদবোৰ সমূলি নাশ নহয়, সিহঁতৰো যেন কিবা অবিনাশী সত্তা আছে; কাৰণ ইতিহাসৰ আন সকলো ঘটনাৰ দৰে ভক্তি আন্দোলনৰ জোৱাৰৰো বেগ এদিন কমিবলৈ ধৰে, আৰু পুৰণি বিভেদবোৰে পুনৰ মূৰ দাঙি উঠে।

কেতিয়াবা আকৌ সময়ৰ লগে লগে বিভেদবোৰৰ প্রকাৰ সলনি হয় আৰু নতুন কিছুমান বিভাজনত বিভাজিত হৈ পৰে মানুহ।
প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

কেতিয়াবা কোনো চতুৰ ৰাজনৈতিক নেতাই, কেতিয়া কোনো ধর্মান্ধ বলিয়াই নতুন নতুন বিভাজনৰ বীজ সিঁচে, বা পুৰণি বিভাজনৰ বীজত সাৰ-পানী যোগায়। কিন্তু ভক্তি আন্দোলনে প্রতিষ্ঠা কৰা সমতা, মানৱতাৰ বার্তাৰো সমূলি নাশ নহয়।

সাম্প্রতিক সময়ৰ হেজাৰটা বিভ্রান্তিক আওকাণ কৰি ভক্তি আৰু ভক্তিয়ে প্রচাৰ কৰা সমতা আৰু আশাৰ বার্তাও সমাজত জীয়াই আছে। জনগণৰ জীৱন্ত ভক্তিৰ এক জ্বলন্ত উদাহৰণ হ’ল ভাৰতবর্ষৰ বৃহৎ ধর্মীয় অনুষ্ঠান সমূহ, আৰু সেই সমূহৰ অন্যতম হ’ল আহাৰ মাহৰ শুক্ল পক্ষত অনুষ্ঠিত, ভাৰতৰ প্রাচীনতম আৰু সর্ববৃহৎ ৰথ মহোৎসৱ–পুৰীৰ জগন্নাথ ৰথ যাত্রা। 

মুছলমান ভক্ত কবি সালবেগৰ প্রভূ জগন্নাথৰ প্রতি ভক্তি আৰু প্রভূ জগন্নাথে সালবেগৰ প্রতি নিদর্শন কৰা কৃপাৰ কাহিনী নিশ্চয় ভক্তিৰ ইতিহাসত এক লেখত লবলগীয়া কাহিনী। এই কাহিনীয়েও কয় ভক্তিয়ে কিদৰে সীমা ভাঙে, সমাজৰ কটকটীয়া নিয়ম নামানে আৰু সাম্যৰ বতৰা দিয়ে।

ইতিহাসবিদসকলৰ মতে অতীজত উড়িশাত মুছলমান শাসকৰ অত্যাচাৰৰ বলি হোৱা বহু লোকে তেওঁলোকৰ অন্তৰৰ ব্যথা প্রকাশ কৰিছিল ভক্তি-গীতৰ মাধ্যমেৰে। উড়িশাৰ ভক্তি-সাহিত্যৰ উৎসৰ আলোচনা কৰোঁতে অনেকে এই কথা কৈছে।

ভক্তি-গীত সমূহত সাধাৰণতে দেৱ-দেৱীৰ, ঈশ্বৰৰ প্রশংসা দেখা যায়—দেৱ-দেৱী বা ভগৱানক প্রশংসাৰে উপচাই পেলোৱা হয়। ভক্তৰ “অযোগ্যতা”ক আওকাণ কৰিও যেন ঈশ্বৰে তেওঁক কৃপা কৰে, ভক্তই তাৰেই খাটনি ধৰে। কিন্তু কেতিয়াবা ঈশ্বৰৰ সৈতে তর্ক কৰা যায়, ভক্তক উপযুক্ত ভাৱে চোৱাচিতা নকৰাৰ বাবে ঈশ্বৰৰ দোষ ধৰা যায়, আৰু এনে ধৰণৰ প্রায় সকলো উড়িয়া ভক্তিগীতত গোচৰ, ওজৰ আপত্তিবোৰৰ লক্ষ্য হ’ল প্রভূ জগন্নাথ।

কবি সালবেগৰ ভজন সমূহে উড়িয়া সাহিত্যত উচ্চ স্থান পোৱাৰ উপৰি সেইবোৰ জনমানসত জীয়াই আছে। তেওঁৰ এটা বিখ্যাত ভজন “আহে নীল শৈল” আজিও জনপ্রিয়তাৰ শীর্ষত।

সালবেগৰ জীৱনৰ সকলো কথা শুদ্ধকৈ জনা নাযায়, আৰু বহুত কথা কাহিনী-কিম্বদন্তিৰ ছঁয়াময়া পোহৰতহে দেখা যায়, কিন্তু তেওঁৰ বিষয়ে প্রায় নিশ্চিতকৈ জনা কথাবোৰৰ আলমত ক’ব পাৰি যে তেওঁ ইচ্ছা কৰা হ’লে দুখীয়া ভক্তি কবি হোৱাতকৈ শক্তিশালী, ধনী, শাসকৰ জীৱন উপভোগ কৰিব পাৰিলেহেঁতেন। তাকে নকৰি তেওঁ প্রভূ জগন্নাথৰ ভক্তিত নিজকে উৎসর্গিত কৰি দিলে।

হিন্দু ভগৱানৰ প্রতি তেওঁৰ ভক্তিৰ বাবে সালবেগক মুছলমানসকলে তেওঁক তেওঁলোকৰ সমাজত সন্মানেৰে বাস কৰাৰ যোগ্য বুলি নাভাবিছিল আৰু তেওঁক “কাফেৰ” বুলিছিল। ইফালে হিন্দুৱে তেওঁক মুছলমান বুলি ঘিণ কৰিছিল।  

কোনো কোনো পণ্ডিতৰ মতে সালবেগৰ জন্ম হৈছিল ১৬০৭/১৬০৮ চন মানত, কিন্তু সঠিক ভাবে সালবেগৰ জন্ম-মৃত্যুৰ কথা জনা নাযায়। মোগল সুবেদাৰ লালবেগ (বা জাহাঙ্গীৰ কুলি খান) আছিল মোগল সম্রাট জাহাঙ্গীৰৰ এজন সামৰিক বিষয়া। লালবেগে কটকত নিজৰ ঘাটি প্রতিষ্ঠা কৰি উড়িশাৰ বিভিন্ন ঠাইত অত্যাচাৰ-উৎপীড়ন চলোৱাৰ কথা পোৱা যায়।

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

লালবেগে পুৰীৰ প্রভূ জগন্নাথৰ মন্দিৰ ধ্বংস কৰাৰ পৰিকল্পনা কৰাৰ কথাও পোৱা যায়, কিন্তু তেওঁৰ সেই আশা পূর্ণ হোৱাৰ আগতে তেওঁৰ মৃত্যু হয়। এবাৰ তেওঁ দণ্ডমুকুন্দপুৰৰ মাজেৰে সামৰিক বাহিনীৰ সৈতে গৈ থাকোতে ললিতা নামৰ এক সুন্দৰী ব্রাহ্মণ বিধৱাক নদীত স্নান কৰি উভতি অহা দেখিলে।

কোৱা যায় যে লালবেগ আৰু তেওঁৰ সৈন্যবোৰ দেখি ললিতাই তেওঁলোক পাৰ হৈ যাওক বুলি মনে মনে ঈশ্বৰৰ নাম লৈ ৰৈ আছিল, কিন্তু লালবেগে জোৰ কৰি ললিতাক ঘোঁৰাত উঠাই লৈ গ’ল। লালবেগে ললিতাক নিজৰ পত্নীৰ “মর্যদা” দিয়া, আৰু ললিতাই ফাটিমা বিবি নামেৰে ধর্মান্তৰ হোৱাৰ কথাও পোৱা যায়, কিন্তু ললিতাই নিজৰ ধর্ম মানি থকাৰ কথাও পোৱা যায়।

যিমানদূৰ সম্ভৱ অনিচ্ছা সত্বেও মোগলৰ পত্নী হ’বলগীয়া ব্রাহ্মণ তিৰোতা ললিতাই লুকাই চুৰকৈ হ’লেও হিন্দু ধর্ম মানি চলিবলৈ যত্ন কৰিছিল। ললিতাৰ কেবাটাও সন্তানৰ শৈশৱতে মৃত্যু হোৱাৰ পিছত এটা ল’ৰা জীৱাই থাকিল, আৰু তেওঁৱেই হ’ল সালবেগ। ললিতাই সালবেগক শৈশৱৰে পৰা হিন্দু ধর্মৰ কথা-কাহিনী শুনাইছিল, বিশেষকৈ প্রভূ জগন্নাথৰ কথা।

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

কোৱা যায় যে সালবেগ এবাৰ অস্ত্রাঘাটৰ বাবে শয্যাশায়ী হৈ পৰিল। এই কাহিনীৰ কিছুমান সংস্কৰণত সালবেগে দেউতাক লালবেগৰ সৈতে যুদ্ধলৈ গৈ আহত হোৱা বুলি কোৱা যায় যদিও সেয়া সঁচা নহয় কাৰণ ইতিহাসে কয় যে সালবেগ তেনেই কণমানি শিশু হৈ থাকোতেই দেউতাক লালবেগৰ মৃত্যু হৈছিল। দেউতাকৰ অনুপস্থিতিত সালবেগে সাধাৰণ সৈন্য হিচাপে যুদ্ধ-বিগ্রহত ভাগ লৈছিল বুলিও বহুতে ভাবে।

কিন্তু যি কাৰণতেই নহওক কিয়, সালবেগে অতি বেয়া ধৰণে আঘাট পাইছিল আৰু চিকিৎসাৰ দ্বাৰা সুস্থ হৈ উঠা নাছিল। তেতিয়া, সালবেগে সেই সংকটৰ পৰা উদ্ধাৰ পাবলৈ মাকৰ উপদেশ মানি বৃন্দাবনেশ্বৰ (কৃষ্ণ)ক খাটিলে, আৰু তাৰ পাছত তেওঁ সুস্থ হৈ উঠিল।

কোৱা যায় যে কৃষ্ণক প্রাথর্না কৰাৰ ১২ দিনৰ দিনা ভগৱানে সালবেগক সপোনত দর্শন দি তেওঁৰ ঘাত লগাবলৈ বিভূতি দিলে, আৰু পুৱা সালবেগ সম্পূর্ণ সুস্থ হৈ উঠিল। আনন্দত আত্মহাৰা সালবেগে গাইছিল যে —

আই, তোমাৰ প্রভূৱেই মোৰ প্রভূ,

যি মোক কষ্ট আৰু মৃত্যুৰ পৰা বচালে।

সন্ন্যাসী হম মই নিশ্চয়কৈ

জাগতিক সকলো সুখ ত্যাগী।

… … … …… … … …

এনেহেন কৃপাময় প্রভূ থাকোঁতে

আনন্দৰ অন্য উৎস বিচাৰে কোনে?

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

এইদৰে কৃষ্ণ ভক্তিত বিভোৰহৈ সালবেগে ভজন ৰচনা কৰিবলৈ ধৰিলে, আৰু মোগলৰ সৈন্য বাহিনীৰ সৈনিক বা বিষয়া হোৱাৰ সলনি তেওঁ হৈ পৰিল এজন পৰম ভক্ত। কোনোটো কবিতাত সালবেগে নিজৰ বিষয়ে কৈছে যে “মোৰ পিতৃ মোগল আৰু মাতৃ ব্রাহ্মণ বাবে মোৰ হাতেৰে কোনো হিন্দুৱে পানীও নাখায়, কিন্তু মই শৰণাগত হৈছো প্রভূ জগন্নাথৰ ওচৰত”।

এটা কাহিনীৰ মতে সালবেগে পুৰীত প্রভূ জগন্নাথৰ দর্শনৰ বাবে যাওঁতে তেওঁক মন্দিৰত সোমাবলৈ দিয়া হোৱা নাছিল কাৰণ অহিন্দু আৰু তল জাতৰ লোকৰ শ্রীমন্দিৰত সোমোৱাৰ অধিকাৰ নাছিল। তেতিয়া সালবেগে প্রভূৰ দর্শন নোপোৱাৰ দুখত ম্রিয়মান হৈ কান্দিছিল, আৰু ভক্তৰ দুখ সহিব নোৱৰা জগন্নাথে ওলাই আহি মন্দিৰৰ সিংহ দ্বাৰৰ কাষত সালবেগক দর্শন দিছিল।

এই ঘটনাৰ পিছতে হেনো জগন্নাথৰ মন্দিৰৰ সিংহদ্বাৰৰ কাষত প্রভূৰ এক বৃহৎ আকৃতিৰ বিগ্রহ প্রতিষ্ঠা কৰা হৈছিল যাতে অহিন্দু আৰু তল জাতৰ লোক সকলেও প্রভূৰ দর্শন কৰিব পাৰে। প্রভূৰ এই বিগ্রহক পতিতপাৱন বোলা হয়।

অন্য এক কাহিনী মতে সালবেগে জগন্নাথৰ ৰথ যাত্রাত সদায় প্রভূ-দর্শনৰ বাবে যায়। এবাৰ তেওঁ ৰথ যাত্রাৰ সময়ত বিহাৰত আছিল (কাহিনীৰ অন্য সংস্কৰণত তেওঁ বৃন্দাবনৰ পৰা উভতি আহি আছিল) বাবে খৰখেদাকৈ উভতিছিল যাতে প্রভূৰ দর্শন হয়, কিন্তু বাটতে তেওঁৰ খুব জ্বৰ হ’ল আৰু তেওঁ যাত্রা কৰিব নোৱৰা হ’ল।

প্রভূ জগন্নাথ আৰু তেওঁৰ মুছলমান ভক্ত সালবেগ

এইদৰে আহাৰৰ শুক্লা দ্বিতীয়াত হোৱা ৰথ যাত্রা দেখাৰ পৰা তেওঁ বঞ্চিত হ’ল যদিও আহাৰৰ শুক্লা দশমীত হ’ব লগীয়া বাহুড়া যাত্রা বা দক্ষিণাভিমুখী যাত্রাত তেওঁ ভগৱানৰ দর্শন কৰিবলৈ আশা কৰি জগন্নাথ প্রভূক খাটনি ধৰিলে। ভক্তৰ এই কাকূতিৰ প্রতি সঁহাৰি জনাই প্রভূৰ ৰথৰ চকা দক্ষিণাভিমুখী যাত্রাত এঠাইত (কোনো কোনোৰ মতে সালবেগৰ কুটীৰৰ কাষত) বালিত সোমাই ধৰি লৰচৰ নকৰা হ’ল।

অসুখীয়া সালবেগ সুস্থহৈ প্রভূৰ দর্শনৰ বাবে আহিবলৈ এসপ্তাহ সময় লাগিল, আৰু সেই গোটেই সপ্তাহ ৰথৰ ওপৰতে প্রভূৰ সকলো পূজা অর্চনা কৰি থকা হৈছিল কাৰণ জগন্নাথৰ ৰথ নন্দীঘোষ এসপ্তাহ ধৰি একে ঠাইতে স্থিৰ হৈ থাকিল; হাতীৰে টানিও নন্দীঘোষক লৰাব পৰা নগ’ল।

সালবেগে আহি প্রভূৰ দর্শন কৰাৰ পিছতহে পুনৰ ৰথ চলিবলৈ ধৰে। সেই ঠাইতে হেনো সালবেগে জীৱনৰ বাকী সময়খিনি পাৰ কৰে—ভক্তিত গদগদ হৈ জগন্নাথৰ ভজন-কীর্তন কৰি।

এই ঘটনাৰ প্রতি শ্রদ্ধা জনাই ৰথ যাত্রাৰ সময়ত এতিয়াও সেই ঠাইত কিছু সময়ৰ বাবে প্রভূ জগন্নাথৰ ৰথ নন্দীঘোষক ৰখোৱা হয়। 

Climate Template

Sanjeev Kumar Nath,  sanjeevnath21@gmail.com

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Sanjeev Kumar Nath

Sanjeev Kumar Nath

Related Posts

Matcha from Japanese Ritual to Global Obsession
Special Report

Matcha from Japanese Ritual to Global Obsession

by Pradakshina Sarmah
July 15, 2026
0

Matcha from Japanese Ritual to Global Obsession PRADAKSHINA SARMAH Matcha is deeply rooted in Japanese Culture, as well as Zen...

Read moreDetails
The Dangote Effect and Nigeria’s Energy Transition

The Dangote Effect and Nigeria’s Energy Transition

July 15, 2026
দেশে দেশে ফুটবল

দেশে দেশে ফুটবল

July 7, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

July 6, 2026
In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

In Between River and the Big Gates: How Sluice Gates are shaping floods in Assam’s Katigorah!

July 5, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

July 4, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Bhattadev University and the Mahabahu Climate Forum in Manas National Park

Bhattadev University: A Comprehensive Journey through the Climate Justice 101

July 15, 2026
Adaptation Without Agency Is Not Resilience

Adaptation Without Agency Is Not Resilience

July 15, 2026
Matcha from Japanese Ritual to Global Obsession

Matcha from Japanese Ritual to Global Obsession

July 15, 2026
From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

From Streets to Screens: Crimes Against Women and Girl Children in the Age of Artificial Intelligence

July 15, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    37480 shares
    Share 14992 Tweet 9370
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    16979 shares
    Share 6792 Tweet 4245
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    2214 shares
    Share 886 Tweet 554
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    328 shares
    Share 131 Tweet 82
  • Vrindavani Vastra: Assam’s Spiritual Heritage Reunites with Roots

    241 shares
    Share 96 Tweet 60
  • বিষ্ণু প্ৰসাদ ৰাভাৰ সাংস্কৃতিক সৃষ্টিৰাজি

    391 shares
    Share 156 Tweet 98
  • বিষ্ণু ৰাভাৰ কেইটিমান অমৰ সৃষ্টি

    1165 shares
    Share 466 Tweet 291
  • Bhattadev University and the Mahabahu Climate Forum in Manas National Park

    143 shares
    Share 57 Tweet 36
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6748 shares
    Share 2699 Tweet 1687
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3937 shares
    Share 1575 Tweet 984
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d