প্রসঙ্গ : প্রকৃতি অধ্যয়নৰ পৰা সংৰক্ষণলৈ
সুমিত দাস

অসংখ্য জীৱ প্ৰজাতিৰ মাজত থকা বিবিধতাই অসমভূমিক অধিক প্ৰাণময় কৰি তুলিছে। ভৌগোলিক কাৰকৰ তাৰতম্য,জলবায়ুগত কাৰকৰ প্ৰভাৱে ইয়াৰ জীৱ-বৈচিত্ৰ্যত অধিক প্ৰভাৱ পেলাইছে।
ফৰাছী ভাষাৰ diversite (ডাইভাৰচিট) শব্দৰ পৰাই diversity (ডাইভাৰচিটি) শব্দটো নিষ্পন্ন হৈছে। যাৰ অৰ্থ হৈছে ভিন্নতা(Making dissimilar)।
বিখ্যাত পৰিবেশবিজ্ঞানী ৱাটাৰ জি. ৰোজেনে (Walter G. Rosen)পোণতে ‘Biodiversity/Biological diversity’শব্দটো ব্যৱহাৰ কৰিছিল।এই চৰাচৰত জী থকা সকলো শ্ৰেণীৰ উদ্ভিদ,প্ৰাণী আৰু ক্ষুদ্ৰাতিক্ষুদ্ৰ অনুজীৱক তেখেতে সাঙুৰি লৈছিল। জীৱবৈচিত্ৰ্য সম্পৰ্কত ভিন্নজনে ভিন্ন মত আগবঢ়াইছে।
চমু অৰ্থত এই চৰাচৰৰ সমুদায় জীৱৰ প্ৰকাৰ আৰু ইবোৰৰ মাজত পৰিলক্ষিত বিবিধতাক সাঙুৰি জীৱবৈচিত্ৰ্যৰ ধাৰণাটো সম্পূৰ্ণ হৈছে।ৰাষ্ট্ৰসংঘৰ ধৰিত্ৰী সন্মিলনে বৃহৎ পৰিসৰৰ প্ৰাণময় সম্পদ আৰু ইবোৰৰ আবাসথলক সাঙুৰি জীৱবৈচিত্ৰ্যৰ গুৰুত্বপূৰ্ণ সংজ্ঞা আগবঢ়াইছে।
‘Biological diversity means the variability among living organisms from all sources including,inter alia(among other things),terrestrial,marine and other aquatic ecosystems and ecological complexes of which they are a part;this includes diversity within species,between species and ecosystems.'(United Nations Earth Summit)
অসমৰ প্ৰাকৃতিক পৰিবেশত লালিত প্ৰতিবিধ জীৱৰ মাজত বিদ্যমান এই ভিন্নতা। ইয়াৰ ক্ষুদ্রাতিক্ষুদ্ৰ অণুজীৱ, সূক্ষ্মাকৃতিৰ উদ্ভিদ, উচ্চ খাপৰ উদ্ভিদ, বিবিধ ৰকমৰ প্ৰাণী আদিৰ নান্দনিক গৃহ অসম। পৃথিৱী পৃষ্ঠত নিজা অস্তিত্বৰে জীয়াই থকা পাঁচ কোটিৰো অধিক জীৱৰ বুজন সংখ্যক জীৱহে আৱিষ্কাৰ কৰি চিনাক্ত কৰিব পৰা গৈছে। অদ্যাৱধি লাখ-লাখ জীৱ চিনাক্ত হোৱা নাই ।
“অসমৰ প্ৰকৃতিৰ প্ৰসংগ আহিলেই আমি পোনচাটেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা কওঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে অৱদান আগবঢ়োৱা ৰূপকাৰজনৰ কথা আমি জানোনে? সেই মহানায়কজন হৈছে মহীচন্দ্ৰ মিৰি। ব্ৰহ্মপুত্ৰৰ জলৰাশিয়ে চুই যোৱা চকুৱাখনাৰ অপৰূপ শোভাৰে সুশোভিত আলিমূৰ পাতিৰ গাঁৱত জন্ম হৈছিল মহী মিৰিৰ। মহী মিৰিৰ প্ৰকৃত উপাধি পাতিৰ। ১৯০২ চনত উপজা মহী মিৰিৰ দেউতাক আছিল দলে পাতিৰ আৰু মাতৃ পঞ্চমী।১৯২২ চনত মেট্ৰিকৰ দেওনা পাৰ হৈ কটন কলেজত শিক্ষালাভৰ বাবে যোৱা মহীয়ে ১৯২৭ চনত পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ চতুৰ্দশ স্থান লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে। মহী মিৰি আছিল বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰা প্ৰথমজন মিচিং সন্তান। স্নাতক হৈয়েই মহী মিৰিয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বন বিভাগৰ চাকৰিত মকৰল হয়। ১৮২৮-২৯ চনত ৰেংগুণত প্রশিক্ষণ গ্ৰহণ কৰি ১৯৩০ চনৰ মাজভাগত কাজিৰঙা ৰম্য উদ্যানৰ (Game Sanctuary) অতিৰিক্ত বন সংৰক্ষকৰ (Additional Conservator of Forests) পদ লাভ কৰে।”
জীৱজগতৰ এই সমূহ জীৱৰ মাজত পৰিলক্ষিত বিবিধতা বা বিচিত্ৰতাক মূলতঃ তিনিধৰণে ভাগ কৰিব পৰা যায়। সেইবোৰ হৈছে-
১/জিনগত বা জিন বৈচিত্র্য। আনুবংশিক বৈচিত্র্য (Genetic diversity)
২/প্ৰজাতিৰ বৈচিত্ৰ্য (Species diversity)
৩/বাসস্থান বা পৰিবেশতন্ত্ৰৰ বৈচিত্ৰ্য (Ecosystem diversity)

জিন (Gene) জীৱদেহৰ কোষত থকা ক্ষুদ্রতম ৰাসায়নিক গঠন। জিনক বংশগতিৰ বাহক বুলি কোৱা হৈছে। জীৱৰ আভ্যন্তৰীণ কিম্বা বাহ্যিক চৰিত্ৰ নিৰ্ধাৰণত জিনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। একেটা প্ৰজাতিৰ অন্তৰ্গত দুটা জীৱৰ দেহত উপলব্ধ জিনৰ গঠন বেলেগ বেলেগ হয়। সেয়ে জীৱদুটাৰ চৰিত্ৰগত বা বাহ্যিক প্ৰাৰ্থক্য পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে অসমভূমি নানা জাতৰ থলুৱা ধানৰ প্ৰজাতিৰে চহকী।
উল্লেখযোগ্য যে ৰং, আকাৰ, সোৱাদ আদিত প্ৰাৰ্থক্য থকা বিবিধ জাতৰ ধান (কলা জহা, জহা, বৰা, আইজুং, কাজিৰঙা, সোৱাগমণি, মনোহৰ, মাণিকী মাধুৰী) একেটা প্রজাতিৰেই (Oryza Sativa) অন্তর্ভুক্ত। এয়াই জিনগত বা আনুবংশিক বিচিত্রতা।
পৰস্পৰৰ মাজত দৈহিক সাদৃশ্য থকা কেতবোৰ জীৱৰ গোটক প্ৰজাতি(Species) বুলি চিনাক্ত কৰা হৈছে যিয়ে নিজৰ মাজত প্রজনন ক্রিয়া(Reproduction) সম্পাদন কৰিব পাৰে। কোনো এটা পাৰিস্থিতিক অঞ্চলত বাস কৰা প্ৰজাতিসমূহৰ
মাজত পৰিলক্ষিত বিবিধতাই প্রজাতিগত বৈচিত্র্য। উদাহৰণস্বৰূপে বনমেকুৰী, বাঘৰ কথাকে ক’ব পাৰি। Panthera গণৰ অন্তৰ্গত নাহৰফুটুকী (Panthera pardus),ঢেঁকীয়াপতীয়া (Panthera tigris), সিংহ (Panthera leo)ৰ প্ৰজাতি ভিন ভিন ।
কোনো এখন ঠাইৰ জৈৱিক আৰু অজৈৱিক কাৰকসমূহৰ মাজত পৰিলক্ষিত আত্মনিৰ্ভৰশীল অৱস্থাকেই পৰিস্থিতিতন্ত্ৰ বুলি কোৱা হয়। জলাশয়, বনভূমি, নৈ, পুখুৰী, বৰ্ষাৰণা আদি বেলেগ বেলেগ পৰিস্থিতিতন্ত্ৰৰ উদাহৰণ।

https://assam.gov.in ত উপলব্ধ তথ্য অনুসৰি অসমৰ গোলাঘাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড় জিলাৰ লগতে লখিমপুৰ আৰু ধেমাজি ক্ৰান্তীয় আৰ্দ্ৰ চিৰসেউজ বনভূমিৰে (Tropical wet evergreen forest) সমৃদ্ধ।
ৰাজ্যখনৰ দক্ষিণাংশ বৰাইল, লোহাৰবান্দ, লাংগাই, ধলাই সংৰক্ষিত অঞ্চলতো এনে বনভূমিৰ উদ্ভিদ পোৱা যায়। অসমৰ ৰাজ্যিক বৃক্ষ হোলোং (Dipterocarpus retusus) এনে বনভূমিৰ প্রধান উদ্ভিদ। ইয়াৰে অন্যান্য উদ্ভিদ প্ৰজাতিৰ ভিতৰত চঁপা (Magnolia), নাহৰ (Mesua), চাম আদি উল্লেখযোগ্য।
ক্ৰান্তীয় অৰ্ধ চিৰসেউজ বনভূমি (Sub tropical evergreen) ঘাইকৈ ৰাজ্যৰ দক্ষিণ প্রান্তৰ হাললেংপুৰ, ধনশিৰি, মায়া, গৰভাংগা, ৰাণী, মহামায়া, শিংলা, ভুটান পাহাৰ , বৰাক আদি সংৰক্ষিত অৰণ্যত বিস্তাৰিত।

অসমৰ উৰ্বৰা ভূমি নানা তৰহৰ উদ্ভিদ প্রজাতিৰে সমৃদ্ধ। নানা তৰহৰ তৰু-তৃণ, বৃক্ষ-লতা আদিৰে পৰিপূৰ্ণ অসমৰ বনভূমি। উদ্ভিদৰ বৃদ্ধিৰ বাবে অনুকূল জলবায়ুৰে মহিমামণ্ডিত অসমভূমি। নানা প্রকাৰৰ বিচিত্র উদ্ভিদৰ প্ৰাচুৰ্য্যই অপূৰ্ব অভিলেখ সৃষ্টি কৰিছে। পূৰ্বৰ অবিভক্ত অসমৰ বিচিত্র উদ্ভিদৰাজিক প্রখ্যাত বনবিষয়া (ডিপুটি কনজাৰভেটৰ) ৰায়বাহাদুৰ উপেন্দ্রনাথ কাঞ্জিলালে ‘Flora of Assam’ নামৰ যুগজয়ী গ্ৰন্থত বর্ণনাসহ লিপিবদ্ধ কৰি থৈ গৈছে।
অৰণ্যৰ সেৱাত নিজকে সমর্পিত কৰা বিখ্যাত উদ্ভিদ বিজ্ঞানী তথা ভাৰতীয় বন সেৱাৰ বিষয়া উপেন্দ্রনাথ কাঞ্জিলালৰ জন্ম হৈছিল ১৮৫৯ চনত। কলিকতাৰ প্ৰেছিডেন্সি কলেজ আৰু দেৰাদুনৰ ইম্পেৰিয়েল ফৰেষ্ট স্কুলত অধ্যয়ন কৰি তেখেতে বন বিভাগত অতিৰিক্ত বন সংৰক্ষক ( Extra Deputy Conservator of Forests) হিচাপে যোগ দিয়ে।
১৯০২ চনত কাঞ্জিলালে লিনিয়ান সমাজৰ সভ্যৰ (Fellow of Linnean Society) স্বীকৃতি লাভ কৰে। ১৯১১ চনত তেখেতক ‘ৰায়বাহাদুৰ’ উপাধি প্ৰদান কৰা হয়। বন বিভাগত নিজ কর্তব্য নিষ্ঠাৰে পালন কৰি ভাৰতবৰ্ষৰ উদ্ভিদ অধ্যয়নত তেখেতে বিশেষ ভূমিকা গ্ৰহণ কৰে। ভাৰতৰ উদ্ভিদ সমুদায়ৰ শৃংখলাবদ্ধ অধ্যয়ন প্ৰক্ৰিয়াৰ পথিকৃৎ ৰায়বাহাদুৰ উপেন্দ্রনাথ কাঞ্জিলালে বৰ অসমৰ উদ্ভিদ অধ্যয়নতো বিশেষভাবে মনোনিবেশ কৰে।
তেখেতে ভাৰতবৰ্ষৰ উদ্ভিদ সম্পৰ্কত একাধিক গ্রন্থ প্রণয়ন কৰি থৈ গৈছে। ১৯২৮ চনত বৰ অসমৰ উদ্ভিদ সমুদায়ৰ শৃংখলাবদ্ধ অধ্যয়ন কৰি থাকোঁতেই তেখেতৰ মৃত্যু হয়। আধৰুৱা কামভাগ সমাপন কৰে উত্তৰ প্ৰদেশৰ বন সেৱাৰ বিষয়া তথা উপেন্দ্রনাথ কাঞ্জিলালৰ সুযোগ্য পুত্র প্রফুল্ল চন্দ্র কাঞ্জিলালে।
অসমৰ উদ্ভিদ সম্পর্কত পাঁচটা খণ্ডত ফ্লৰা অৱ আসাম(Flora of Assam) নামৰ যুগজয়ী গ্রন্থ প্রণয়ন কৰি তাহানিতে পিতা-পুত্ৰই অসমত উদ্ভিদ অধ্যয়নৰ বাট মোকলাই গৈছে।

উইলিয়াম ৰক্সবাৰ্গ (William Roxburgh) আছিল এগৰাকী চিকিৎসক আৰু উদ্ভিদৰ গৱেষক। পূব স্কটলেণ্ডৰ আয়াৰচায়াৰ নামৰ ঠাইত ১৭৫১ চনত ৰক্সবাৰ্গে জন্মগ্ৰহণ কৰিছিল। তেওঁ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত চিকিৎসাবিজ্ঞানত শিক্ষাগ্ৰহণ কৰিছিল।
এই বিশ্ববিদ্যালয়ত ৰক্সবাৰ্গে প্ৰখ্যাত ব্ৰিটিছ উদ্ভিদ বিজ্ঞানী জন হোপৰ সান্নিধ্য লাভ কৰে। অধ্যাপক হোপৰ সান্নিধ্যত ৰক্সবাৰ্গ উদ্ভিদৰ প্ৰতি আকৃষ্ট হয়। এগৰাকী সহযোগী শল্য চিকিৎসক (Surgeon) হিচাপে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জাহাজত ৰক্সবাৰ্গে চাকৰি জীৱনৰ পাতনি মেলে।
চাকৰি সুত্ৰে মাদ্ৰাজ হৈ তেখেত কলিকতালৈ আহে। কলিকতা উদ্ভিদ উদ্যানৰ প্ৰতিষ্ঠাতা ৰবাৰ্ট কিডৰ মৃত্যুৰ পিছত ৰক্সবাৰ্গে ১৭৭৩ চনৰ নৱেম্বৰ মাহত এই উদ্যানৰ অধীক্ষকৰ (Superintendent) দায়িত্ব গ্ৰহণ কৰে।
তেখেতৰ অদম্য উৎসাহ আৰু নিৰলস প্ৰচেষ্টাত কলিকতাৰ উদ্ভিদ উদ্যান কম দিনৰ ভিতৰতে প্ৰাণৱন্ত হৈ উঠে।ৰক্সবাৰ্গে দায়িত্ব গ্ৰহণ কৰাৰ বেলিকা উদ্যানত ৩০০ প্ৰজাতিৰ উদ্ভিদ আছিল।১৮১৩ চনত ৰক্সবাৰ্গে উদ্যানৰ পৰা অৱসৰ গ্ৰহণৰ সময়ত উদ্যানত উদ্ভিদৰ সংখ্যা ৩৫০০ লৈ বৃদ্ধি পায়।
ৰক্সবাৰ্গে ২৫৩৩ টা বিজ্ঞানসন্মত ব্যাখ্যাচিত্ৰ(illustration) উদ্ভিদ বিজ্ঞানৰ পৃথিৱীলৈ আগবঢ়াই থৈ যায়। তেখেতে প্ৰস্তুত কৰা অসংখ্য উদ্ভিদৰ নমুনাই (Specimen) পৰৱৰ্তী কালত ভাৰতীয় উপমহাদেশৰ অন্যতম শ্ৰেষ্ঠ হাৰ্বেৰিয়াম নিৰ্মাণত অৰিহনা যোগায়। ৰক্সবাৰ্গে ভাৰত ত্যাগ কৰাৰ পিছত উইলিয়াম কেৰীয়ে উদ্ভিদ উদ্যানৰ অধীক্ষকৰ দায়িত্ব গ্ৰহণ কৰে।

ৰক্সবাৰ্গে ভাৰতীয় উপমহাদেশৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ সঁচ সংগ্ৰহ কৰি পৰীক্ষামূলকভাৱে উদ্যানত ৰোপন কৰে। তেখেতে সংগ্ৰহ কৰা উদ্ভিদবোৰৰ ভিতৰত অন্যতম আছিল ফৰাচী অলিভ (French Olive),জামাইকাৰ মচলা (Jamaican spice),আৰবীয় কফি(Arabian Coffee),নীল(Indigo)আদি অন্যতম।
ৰক্সবাৰ্গে উদ্ভিদৰ বিৱৰণ সাঙুৰি Flora Indica আৰু তিনিটা খণ্ডত Plantae Coromandeliane ৰচনা কৰিছিল। এইগৰাকী কিংবদন্তি উদ্ভিদ গৱেষকক ভাৰতীয় উদ্ভিদ বিজ্ঞানৰ জনক বা পিতৃ(Father of Indian Botany) বুলি অভিহিত কৰা হৈছে।
অসমৰ প্ৰকৃতিৰ প্ৰসংগ আহিলেই আমি পোনচাটেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা কওঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে অৱদান আগবঢ়োৱা ৰূপকাৰজনৰ কথা আমি জানোনে? সেই মহানায়কজন হৈছে মহীচন্দ্ৰ মিৰি। ব্ৰহ্মপুত্ৰৰ জলৰাশিয়ে চুই যোৱা চকুৱাখনাৰ অপৰূপ শোভাৰে সুশোভিত আলিমূৰ পাতিৰ গাঁৱত জন্ম হৈছিল মহী মিৰিৰ। মহী মিৰিৰ প্ৰকৃত উপাধি পাতিৰ।

১৯০২ চনত উপজা মহী মিৰিৰ দেউতাক আছিল দলে পাতিৰ আৰু মাতৃ পঞ্চমী।১৯২২ চনত মেট্ৰিকৰ দেওনা পাৰ হৈ কটন কলেজত শিক্ষালাভৰ বাবে যোৱা মহীয়ে ১৯২৭ চনত পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ চতুৰ্দশ স্থান লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰে। মহী মিৰি আছিল বিজ্ঞানত স্নাতক ডিগ্রী লাভ কৰা প্ৰথমজন মিচিং সন্তান।
স্নাতক হৈয়েই মহী মিৰিয়ে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বন বিভাগৰ চাকৰিত মকৰল হয়। ১৮২৮-২৯ চনত ৰেংগুণত প্রশিক্ষণ গ্ৰহণ কৰি ১৯৩০ চনৰ মাজভাগত কাজিৰঙা ৰম্য উদ্যানৰ (Game Sanctuary) অতিৰিক্ত বন সংৰক্ষকৰ (Additional Conservator of Forests) পদ লাভ কৰে।
সম্প্রতি বিশ্বব্যাপী প্রকৃতি সংৰক্ষণ (Nature conservation) এক গুৰুত্বপূর্ণ বিষয়ৰূপে পৰিগণিত হৈছে। গোলকীয় পৰ্যায়ৰ বিভিন্ন আলাপ-আলোচনাত এই সম্পর্কীয় কেতবোৰ আইন, নীতি-নির্দেশনা আদি প্রস্তুত কৰা হৈছে। বর্ধিত জনসংখ্যা আৰু মানুহৰ অপৰিকল্পিত ক্রিয়াকলাপে প্রকৃতিলৈ অশনি বার্তা কঢ়িয়াই আনিছে। ভূমিকা বিশেষভাৱে মন কৰিবলগীয়া।

ভাৰতবৰ্ষৰ ইতিহাসত সমুদায়ভিত্তিক প্রকৃতি সংৰক্ষণ (Community conservation)ৰ দৃষ্টান্ত আছে। সুন্দৰলাল বহুগুণাৰ নেতৃত্বত হোৱা চিপকো আন্দোলন ইয়াৰ অনন্য উদাহৰণ। মেঘালয়ৰ পবিত্ৰ কুঞ্জ (Sacred Groves)ৰ কথাও এইক্ষেত্ৰত উল্লেখ কৰিব পাৰি। য’ত একোটা বিশেষ জনগোটৰ মানুহে প্ৰকৃতি সংৰক্ষণত সদা তৎপৰ হৈ থাকে। বিশ্বৰ প্ৰেক্ষাপটত প্ৰকৃতিৰ কথাৰে খলকনি সৃষ্টি কৰা যুৱ পৰিবেশ কৰ্মীসকলৰ ভিতৰত গ্ৰেটা থুনবার্গ, লিচিপ্ৰিয়া কাঙ্গুজামৰ নাম ল’ব পাৰি।
জলবায়ু পৰিবর্তনৰ ভয়াবহ ৰূপ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিবলৈ তেওঁলোকে প্রচেষ্টা অব্যাহত ৰাখিছে। প্ৰকৃতিৰ গুৰুত্বৰ কথা ক’বলৈ যাওঁতে পৰিবেশ পৰ্যটনৰ (Ecutourism) কথা মনলৈ আছে। এইক্ষেত্ৰত সৰ্বাধিক ভূমিকা সুৱসমাজৰ। ইয়াৰ উৎকৰ্ষ সাধনতো যুৱসমাজেই সৱল স্থিতি গ্ৰহণ কৰিব লাগিব।
কোনো এটা পাৰিস্থিতিক অঞ্চলৰ যুৱসমাজে বনভূমিবোৰৰ সংৰক্ষণ আৰু ইয়াৰ প্রাণ-বৈচিত্ৰাৰ প্ৰচাৰৰ মাধ্যমেৰে গুৰুত্বপূৰ্ণ অবদান আগবঢ়াব পাৰে।এই কার্যই বনভূমিখনৰ গুৰুত্ব বৃদ্ধি আৰু স্থানীয় ৰাইজৰ বিভিন্ন দিশৰ উন্নতিৰ ক্ষেত্ৰত বিশেষ অবদান আগবঢ়াব পাৰে।
পৃথিৱীৰ মহা মহা সভ্যতাৰ বিভিন্ন নৃগোষ্ঠীয় জনগণে প্ৰকৃতিৰ পৰাই অৱসৰ বিনোদনৰ বাট মোকলাই লৈছে। কৃষিনিৰ্ভৰ সমাজে কৃষিকৰ্মৰ অমিয়া বিচাৰি সৃষ্টি কৰিছে অনেক গীত-মাত। পৃথিৱীৰ শত শহস্ৰাধিক জনগণৰ মাজৰ পৰা অসমৰ জনগোষ্ঠীয় লোকসকললৈ দৃষ্টি নিবদ্ধ কৰোতেই কেতবোৰ দিশ সুন্দৰভাৱে পৰিস্ফুট হয়।
বিহুনাম, অইনিত:ম, দেশীগীত, লেৱাটানা, জাখামাৰা, লালিলাং, হায়দাং আদি সমলবোৰলৈ লক্ষ্য কৰিলে মানুহ আৰু প্ৰকৃতিৰ সম্পৰ্ক জিলিকি উঠে।উদাহৰণস্বৰূপে মুগা চোমনীয়াৰ মনত উদয় হোৱা ভাৱবোৰেই গীত হয়গৈ।সূতা কাটিবলৈ উদ্যত গাভৰুৰ হিয়াতো প্ৰেমাস্পদৰ ভাৱ জাগি উঠে।বিহুনামবোৰত তাৰেই উমান পোৱা যায়।
চোমনি চোমনি পুলিকে চোমনি
কোৱাই ছিৰি খালে লতা
হাতেৰে কাজী হৈ কি কাম কৰিলা
বিহুৱান গামোচা ক’তা ?

অসমীয়া সংস্কৃতিৰ সৈতে মুগা বা চোমনিৰ নিবিড় সম্পর্ক তাহানিৰেই। আজিও এই সম্পর্ক বিদ্যমান।
সম্প্ৰতি মানুহে আধুনিকতাৰ উচ্চ শিখৰ আৰোহন কৰিছে। প্ৰকৃতিৰ জাতক-জাতিকা হৈও একাংশ মানুহে প্ৰকৃতিৰ বুকুত কুঠাৰাঘাত কৰিবলৈ অকনো কুণ্ঠাবোধ নকৰে। উন্নয়নৰ নামত হেক্টৰ-হেক্টৰ বনভূমি ধ্বংস কৰিছে। এয়া প্রকৃতাৰ্থত উন্নয়ন নে ?
নিৰ্বনীকৰণ, গোলকীয় উষ্ণায়ন, সেউজ গৃহ প্রভাৱ,অ’জন স্তৰ অৱক্ষয় আদি গোলকীয় সমস্যালৈ পর্যবসিত হৈছে। তথাপিও মানুহ তৎপৰ আৰু সজাগ হোৱা নাই। অৱশ্যে একাংশ মানুহে বন আৰু প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত প্ৰাণাহুতি দিওঁ সবল কণ্ঠৰে পৰিবেশ সচেতনতাৰ উদাহৰণ দাঙি ধৰিছে।
অমৃতাদেবী বিষ্ণৈৰ দৰে সাহসী মহীয়সীয়ে গছক সাৱটি প্ৰতিবাদ সাব্যস্ত কৰিছে। সম্প্রতি গোটেই বিশ্বব্যাপী মুষ্টিমেয় মানুহ প্রকৃতি সুৰক্ষাৰ স্বাৰ্থত তৎপৰ হৈছে। এইক্ষেত্ৰত যুবসমাজৰ ভূমিকাও স্বীকাৰ্য। সম্প্ৰতি বিশ্বব্যাপী প্রকৃতি সংৰক্ষণ (Nature conservation) এক গুৰুত্বপূর্ণ বিষয়ৰূপে পৰিগণিত হৈছে।
গোলকীয় পৰ্যায়ৰ বিভিন্ন আলাপ- আলোচনাত এই সম্পর্কীয় কেতবোৰ আইন, নীতি-নির্দেশনা আদি প্ৰস্তুত কৰা হৈছে। বর্ধিত জনসংখ্যা আৰু মানুহৰ অপৰিকল্পিত ক্রিয়াকলাপে প্রকৃতিলৈ অশনি বাৰ্তা কঢ়িয়াই আনিছে।
সুমিত দাস,ছৈখোৱাঘাট
Images from different sources
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)