প্রাকৃতিক মূল্য
মানস প্ৰতিম দত্ত
কেৱল ইক’নমি নহয়, ইক’ল’জিৰ কথাও ভৱা হ’লে এই মহামাৰী নহ’লহেতেঁন।
প্রাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ বুকুত সেউজীয়া সোপান গঢ়াৰ সবাতোকৈ শক্তিশালী সমলকেইবিধেই হ’ল উদ্ভিদ আৰু প্রাণী। উদ্ভিদ আৰু প্রাণীৰ অৱদানৰ ইতিবাচক পৰিণতিয়েই হ’ল মানুহ জীয়াই থকাৰ প্রধান উত্স। সাধাৰণতে আমি ভাবি লওঁ যে প্রকৃতিৰ সমলসমূহৰ ওপৰত হুকুম দিয়া, শাসন চলোৱাৰ অধিকাৰ কেৱল আমাৰ। সেয়েহে আমি মন গ’লেই গছ কাটো, প্রজননৰ সময়ছোৱাতো মাছ ধৰো, চৰাই মাৰো নহয়নে?
আমি ইচ্ছানুসৰি যিকোনো কাম কৰি নিজকে পৰম শক্তিশালী বুলি ভাবি থমথম মদন গোপাল হৈ থাকো। প্রকৃতিৰ কথা ভাবিনো কি হ’ব , সেইবোৰ ভাবি সময় নষ্ট নকৰি গপতে গঙ্গাটোপটো হৈ থাকিহে বেছি সুখ পাওঁ। এই যে আমি ভাবোঁ, সেই ভবা কথাবোৰ আমি নিৰপেক্ষ দৃষ্টিভংগীৰে, যুক্তিযুক্তভাৱে বিশ্লেষণ কৰিব জানানে? তাৰবাবে আমি এটা উদাহৰণেৰে কথাবোৰ বুজিবলৈ চেষ্টা কৰো।
গৰমৰ দিনত আমি সন্মুখীন হোৱা এটা সমস্যা হ’ল সাপৰ সমস্যা। এই সময়ছোৱাত আমাৰ সন্মুখেৰে বিভিন্ন সময়ত বিভিন্ন প্রজাতিৰ সাপে অগা-দেৱা কৰা দেখা যায়। হঠাত গৈ থাকোতে এই সাপবোৰ দেখিলেই আমি ভয়ত উচপ খাই উঠো নহয়নে? আৰু বহু মানুহে সাপ দেখিলে হাতত জাঠি-জোং লৈ সাপ মাৰিবলৈ উদ্যত হোৱাও দেখা যায়। কিন্তু ইয়াৰ বাবে কাৰোবাৰ লাভ হয় নে? লোকচান?
এই কথাবোৰ আমি প্রায়ে নাভাবোঁ। ইয়াৰ মূলতে হ’ল আমাৰ আত্মঅহংকাৰ বা জ্ঞানৰ অভাৱ। আমি দেখা পোৱা সকলো সাপেই বিষাক্ত নহয়। সমগ্র বিশ্বত প্রায় দুহেজাৰৰো অধিক সাপ পোৱা যায়। ইয়াৰে প্রায় ২১৬ বিধ সাপ ভাৰতবর্ষত পোৱা যায়। এই ২১৬বিধৰ মাত্র ৫২ বিধ সাপহে বিষাক্ত হিচাপে চিহ্নিত হৈছে।সর্প বিষয়ক আমাৰ পর্যাপ্ত জ্ঞান নথকাৰ বাবেই আমি সাপ দেখিলেই ভয় খাওঁ, মাৰিবলৈ যাওঁ। ইয়াৰ বিপৰীতে সর্পবিষয়ক অধ্যয়নৰ বিষয়ে আমি কোনোদিনেই চেষ্টা কৰা নাই। সাপে বিভিন্ন পোক পতংগ ভক্ষণ কৰাৰ উপৰিও এন্দুৰ আৰু অন্যান্য খেতিৰ অনিষ্টকাৰী জীৱ ভক্ষণ কৰি খেতিয়কক সহায় কৰিছে। ইয়াৰ উপৰিও বিষসম্পর্কীয় চিকিত্সাজনিত অধ্যয়ন আৰু ঔষধ প্রস্তুত কৰিবলৈ সাপে সৃষ্টি কৰা বিভিন্নধৰণৰ বিষ আৰু অন্যান্য যৌগিক পদার্থ প্রয়োজন হয়।
বিখ্যাত পক্ষীবিদ চেলিম আলীয়ে কৈছিল যে ভাৰতবর্ষৰ শতকৰা কুৰিভাগ খাদ্য শস্য এন্দুৰ-নিগনিয়ে নষ্ট কৰি খেতিয়কৰ সপোনক চূৰমাৰ কৰিবলৈ চেষ্টা কৰে। কিন্তু সাপে এনে অপকাৰী এন্দুৰবোৰক ভক্ষণ কৰি খেতিয়ক বন্ধু হিচাপে ঠিয় দিয়ে । ভাৰতবর্ষত পোৱা বিষাক্ত সাপ সমূহৰ ভিতৰত চকৰী ফেঁটীসাপ(নাজা নাজা) , গুৱালা সাপ (বাঙ্গাৰুচ ফেচ্ছিয়েটাছ), নাগ-সাপ (বাঙ্গাৰুচ চিৰুলিয়াছ), ৰজা ফেঁটী , ৰাচেলচ্ ভাইপাৰ, বাঁকৰাজ , পিট ভাইপাৰ আদি অন্যতম। ভাৰতত পোৱা বিষহীন সাপৰ ভিতৰত শ্বিল্ড টেইল সাপ, ভাৰতীয় শিল অজগৰ, সাধাৰণ বালি ব’ৱা, কুকুৰনেচীয়া সাপ, কিলবেক সাপ, পানীসাপ , ট্রিংকেট সাপ আদি অন্যতম। আমি এই কথাও শুনা নাই যে য’ত আজি আমি বাস কৰি আছো সেই ঠাইবোৰত এসময়ত সাপৰ বাসস্থান
আছিল। অত্যাধিক জনবিস্ফোৰণৰ কবলত পৰি মানুহে হাবি ভাঙি ঘৰ পাতি থকা আৰম্ভ কৰিলে। এইক্ষেত্রত সহানুভূতি দেখুৱালে প্রকৃতিয়ে। প্রকৃতিয়েই মানুহক প্রয়োজনীয় সকলো বস্তুৰ যোগান ধৰিবলৈ আৰম্ভ কৰিলে । কিন্তু চল পাই গললৈ জঁপিওৱাৰ দৰে মানুহে অধিক লাভৰ কথা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে। মানুহক জীৱন দিয়া প্রকৃতিকে ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে। ফলত বনভূমি সংকুচিত হৈ আহিলে। খাদ্য আৰু বাসস্থানৰ অভাৱৰ সন্মুখীন হ’বলৈ ধৰিলে বন্যপ্রাণীসমূহ।

সেয়েহে পূর্বে মানুহক দয়া কৰি দি যোৱা আবাসভূমিলৈ য’ত সেই বন্যপ্রাণীসমূহৰ খাদ্য পোৱাৰ লগতে বসবাসৰ অনুকূল তেনে স্থানলৈ প্রত্যাৱর্তন কৰিবলৈ আৰম্ভ কৰিছে আৰু আমি চিঞৰিছো যে বন্যপ্রাণীসমূহ আমাৰ বাসস্থানলৈ আহি আমাক অপকাৰ কৰিছে। আচলতে কথাটো এনে হয় জানো? নিশ্চয় নহয়। সাপৰ কথাই যদি চাওঁ, আমি সাপৰ বিষয়ে কেৱল পঢ়িলেই সাপবোৰ চিনাক্ত কৰিব নোৱাৰিব পাৰোঁ। আমি সাধাৰণতে অৱসৰৰ সময় উপভোগ কৰিবলৈ প্রায়ে ৰাষ্ট্রীয় উদ্যান , পক্ষী উদ্যান , অভয়াৰণ্যসমূহ দর্শনৰ পৰিকল্পনা কৰোঁ আৰু পৰিকল্পনা অনুসৰি সেই ঠাই ভ্রমণ কৰি উদ্ভিদ আৰু প্রাণীকূল দর্শন কৰোঁ যদিও সচৰাচৰ সাপ চাবলৈ কোনোদিন পৰিকল্পনাও নকৰো।
আমি বহুতেই হয়তো ভাৰতবর্ষৰ সর্প উদ্যান ক’ত ক’ত আছে সেয়াও নাজানো, নহয়নে? তামিলনাডুৰ ‘চেন্নাই স্নেক পার্ক’, ‘গুইণ্ডি ৰাষ্ট্রীয় উদ্যান’, কেৰালাৰ ‘পাৰাচ্চিনিক্কাদাভু স্নেক পার্ক’, ‘কাটৰাজ স্নেক পার্ক’, পুনে, মহাৰাষ্ট্রৰ ‘ৰাজীৱ গান্ধী জুলজিকেল পার্ক’ সর্প অধ্যয়নৰ বাবে অন্যতম। গতিকে প্রত্যেক জীৱসম্প্রদায়ৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰাটো আমাৰ প্রত্যেকৰে কর্তব্য।

আচলতে ২৪ ঘন্টাৰ ৩ ঘন্টা বিজুলী দি বিজুলী ৰেহাই কৰিবলৈ আহ্বান জনোৱা আৰু সম্যক জ্ঞান অবিহনে আনক ধ্বংস কৰা একে কথা। সাপৰ দৰেই আমাৰ প্রকৃতিৰ মাজত পোৱা বিভিন্ন জীৱ জন্তুৰ বৈচিত্রই আমাক কৰা উপকাৰ তথা প্রমূল্যবোধৰ কথা চিন্তা নকৰিলে প্রকৃতি সংৰক্ষণৰ ধাৰণাসমূহ কেৱল শ্ল’গান হৈয়ে ৰৈ যাৱ। জৈৱ বৈচিত্রৰ মূল্য কিমান, এই বিষয়ৰ ইতিবাচক মানসিক প্রমূল্যবোধ কিদৰে সৃষ্টি কৰিব পৰা হ’ব সেই বিষয়ে সজাগতাইহে জৈৱ বৈচিত্রৰ প্রতি আমাক দায়িত্বশীল কৰি তুলিব পাৰে। ই ইমান সহজ নহয় যদিও ইয়াৰ মূল্য সম্পর্কে এই লেখাত এক থুলমুল আভাস দিবলৈ চেষ্টা কৰা হৈছে।
সাম্প্রতিক সময়ত খেতিয়কৰ উন্নত জাতৰ বীজৰ প্রতি আগ্রহ বৃদ্ধি পাইছে। কিয়নো এনে খেতিত কম সময়ত অধিক উত্পাদনৰ আশা থাকে। এই উন্নত বীজসমূহৰ বাবে প্রয়োজনীয় জিনীয় পদার্থ একে প্রজাতিৰ বা অন্য বন্য বংশধৰৰ ৰোধ প্রতিৰোধ সক্ষমতা, উত্পাদন সক্ষমতা আদিৰ ওপৰতধ নির্ভৰ কৰি পৰা আহৰণ কৰা হয়। ইয়াৰ উপৰিও ভাৰতবর্ষত উদ্ভিদৰ পৰা প্রস্তুতকৃত ঔষধৰ ওপৰত প্রায় ৮০% শতাংশ মানুহ নির্ভৰ কৰা দেখা যায়। আমাৰ নিত্য ব্যৱহার্য সামগ্রীৰ পৰা আৰম্ভ কৰি দুৰাৰোগ্য ব্যাধিৰ বাবেও উদ্ভিদৰ পৰাই ঔষধ প্রস্তুত কৰা হয়।
সৌন্দর্যবর্ধক চেম্পু, চাবোন, টুথপেষ্ট সকলোতে ব্যৱহার্য হার্বেল শব্দটো সেয়েহৈ আজি আমাৰ প্রত্যেকৰে চিনাকি। দুৰাৰোগ্য ৰোগ মেলেৰিয়াৰ ঔষধৰ বাবে চিনকোনা, নয়নতৰা গছৰ পৰা ব্লাড কেন্সাৰৰ ঔষধ আদি প্রস্তুত কৰা হৈছে। ইয়ণাৰ উপৰিও আয়ুর্বেদিক, ইউনানি আদি পৰম্পৰাগত চিকিত্সা পদ্ধতিৰ পৰা আৰম্ভ কৰি আমাৰ ‘গাঁৱলীয়া দৰৱ’লৈ কিমান যে উদ্ভিদ ব্যৱহাৰ হয় তাৰ সীমা নাই। চিকিত্সা বিজ্ঞান আৰু ওষধি উদ্যোগত লোক ঔষধ সমূহৰ গুৰুত্বও অপৰিসীম।
ইতিমধ্যে কেৰেলাৰ ৭৫ বৰ্ষীয়া লক্ষ্মীকুট্টি আম্মা, যি গৰাকী মহিলাই প্ৰায় ৫০০টাতকৈ অধিক পাৰম্পৰিক বন-দৰৱেৰে ৰাইজৰ সেৱা আগবঢ়াই আছে তেওঁক আমাৰ দেশৰ অসামৰিক সন্মান ‘পদ্মশ্রী’ প্ৰদান কৰা হৈছে । ইয়াৰ উপৰিও মাটিৰ পৰা জীৱাণু সংগ্রহ কৰি ভিটামিন, এলকহল, জৈৱিক এচিড প্রস্তুত কৰা হয়। প্রকৃতি-প্রদত্ত শাক-পাচলিয়ে অর্থনৈতিক ক্ষেত্রলৈয়ো অভূতপূর্ব বৰঙণি আগবঢ়াইছে।
প্রত্যেকজোপা গছৰে যদি অর্থনৈতিক মূল্য নির্ভৰ কৰে গছজোপাত বসবাস কৰা পোক-পৰুৱা, চৰাইৰ পৰা আৰম্ভ কৰি গছজোপাই প্রদান কৰা অক্সিজেন, জ্বলীয় বাষ্প আদিৰ ওপৰত নির্ভৰ কৰে। ইয়াৰ ওপৰত নির্ভৰ কৰি গছ এজোপাৰ ব্যৱহাৰিক মূল্য আৰু সেৱা মূল্য নির্ধাৰণ কৰা হয়। যদিহে এজোপা গছৰ ব্যৱহাৰিক মূল্য দহহেজাৰ টকা হয় তেন্তে ইয়াৰ প্রকৃতিলৈ আগবঢ়োৱা সেৱা মূল্য প্রায় ৩ কোটি টকাৰো অধিক হ’ব বুলি হিচাপ কৰি উলিওৱা হৈছে ।
জৈৱবৈচিত্রৰ নন্দনতাত্বিক মূল্যৰ কথা আমি সকলোৱে জানো। বৈচিত্রময় এডোখৰ ঠাই দেখিলেই আমাৰ মন-প্রাণ পুলকিত হৈ উঠে। এই বৈচিতই আমাক কেৱল সৌন্দর্যপিয়াসী মন এটাই নিদিয়ে, ঈবাৰ উপৰিও অর্থনৈতিক সুৰক্ষা দিয়ে। ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য আদিৰ দাঁতি-কাষৰীয়া স্থানতও পর্যটন কেন্দ্র গঢ় লৈ উঠিছে। গাঁৱে গাঁৱে গ্রাম্য অভয়াৰণ্য গঢ় লৈ উঠিছে। ই আমাক সৌন্দর্যৰ লগতে অর্থনৈতিক সকাহো প্রদান কৰিছে।
জৈৱবৈচিত্রৰ আন এটি অন্যতম অৱদান হ’ল যে, ই আমাক জিনীয়ভাৱে পৰিৱর্তিত খাদ্য প্রস্তুতৰ বাবে জিনীয় পদার্থ যোগান ধৰে। ফলত বিভিন্ন ধৰণৰ ট্রান্সজেনিক উদ্ভিদ সৃষ্টি কৰাটো সম্ভৱ হৈছে।
আমাৰ লোক-পৰম্পৰা তথা সামাজিক ৰীতি-নীতিৰ বাবেও প্রকৃতি এক এৰাব নোৱাৰা সমল।আমাৰ প্রাচীন সাধুকথাতো ইয়াৰ উল্লেখ পোৱা যায়। আমাৰ সামাজিক কর্মত কলপাত, কলপতুৱা আদি ব্যৱহাৰৰ কথা নক’লোৱেইবা। অৱশ্যে জনগোষ্ঠীয় পৰম্পৰাত ব্যৱহৃত উপাদান সমূহৰ সংৰক্ষণ আৰু সংবর্ধনৰ কার্যটো অজ্ঞাতভাৱে বা পৰোক্ষভাৱেই হৈ থাকে ।
নিজ সুবিধা অনুযায়ী উত্সৱ পার্বনৰ বাবে প্রয়োজনীয় সমলসমূহ উত্পাদন বা সংৰক্ষণৰ এই ধাৰণাটো আওপুৰণি যদিও ইয়াৰ প্রভাৱ ইতিবাচক । উদাহৰণ স্বৰূপে, মেঘালয়ত বসবাস কৰা কোচ জনগোষ্ঠীৰ বসন্তোত্সৱ পাবুনীৰ বাবে সবাতোকৈ প্রয়োজনীয় উপাদান হ’ল বাহ আৰু আহত গছ । গতিকে জাতীব উত্সৱ আৰু জাতীয় দায়বদ্ধতাৰ প্রাণস্বৰূপ পাবুনিৰ বাবে কোচ সকলে আহত গছ আৰু বাহ গছ প্রত্যক্ষ বা পৰোক্ষভাৱে সংৰক্ষণ কৰি , সুৰক্ষিত কৰি আহিছে বুলি ক’ব পাৰি ।

প্রকৃতি আৰু মানু্হৰ এই মধুৰ সম্পর্ক চিৰস্থায়ী হ’লেহে মানুহ-প্রকৃতিৰ বান্ধোন আৰ সহৃদয়তা যুগময়ী হ’ব । কিয়নো প্রকৃতি সাধাৰণতে সহনশীল হয় । প্রকৃতিয়ে বছৰ পাছত বছৰ সহ্য কৰিব পাৰে । সহ্য কৰে । কিন্তু প্রকৃতিৰ সেই ধৈয্যৰ বান্ধোন খোল খাই গ’লে প্রকৃতিৰ বিধ্বংসী ৰূপক প্রতিহত কৰিবলৈ কাৰোৱেই ওচৰত কোনো শক্তি নাথাকিব। ভাৱকচোন, সততে ইক’নমিক সুৰক্ষাৰ কথা চিন্তা কৰা আমাৰ মাজত হঠাৎ যদি মূল্যৰ মান নিম্নগামী হৈ শূণ্য হৈ পৰে তেন্তে আমি কি খাম, কেনেকৈ খাম!
ইতিমধ্যে জন-বিস্ফোৰণ আৰু নগৰমুখী যাত্রাই আমাৰ ভূমিৰ পৰিমাণ হ্রাস কৰি আনিলেই। তেনে স্থলত নিত্য-নৈমিত্তিক খাদ্যৰ বাবে আমি বজাৰলৈ যাবলগীয়া হয়।বাৰীত শাক এডৰা কৰিবলৈয়ো আমাৰ মাটি নাই, সময় নাই নহয়নে! গতিকে বজাৰ কৰিবই লাগিব । কিন্তু কেনেকৈ ? মূল্যহীন পইচা দিটো শাক-পাচলি ক্রয় কৰিব নোৱাৰিম নহয়নে! আকৌ তাৰ বাবে কিবা উপায় কৰিলেও সেই বনিক সকলৰ মাজতো খাদ্য শেষ হ’ব, তেতিয়া কি কৰিম? এবাৰ দুচকু মুদি যদিহে কথাবোৰ ভাবো আৰু উপলব্ধি কৰিবলৈ যত্ন কৰোঁ তেন্তে হয়তো আমাৰ সকলোৱে এই কথাত একমত হ’ম যে কেৱল ইক’নমিক মূল্যই আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে, তাৰ বাবে ইক’ল’জিকেল মূল্যৰো প্রয়োজন।
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.