• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, August 19, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Lifestyle Inspiration

প্রার্থনা

সঞ্জীৱ কুমাৰ নাথ

by Anjan Sarma
August 18, 2023
in Inspiration, Special Report
Reading Time: 11 mins read
0
Rabindranath1
Share on FacebookShare on TwitterShare on LinkedIn

প্রার্থনা

সঞ্জীৱ কুমাৰ নাথ

Sanjeev Nath
সঞ্জীৱ কুমাৰ নাথ

মাত্র ব্যক্তিগত লাভৰ বাবে ঈশ্বৰক প্রার্থনা কৰা ভক্তিৰ চিন নহয়, লোভৰ চিন।

তেনে মানুহৰ প্রার্থনা হ’ল বস্তু/লাভ বিচাৰি ভগৱানক দিয়া এখন তালিকা : কি কি লাগে, তাৰ তালিকা।

কিন্তু দেশৰ উন্নতিৰ বাবে কি কি লাগে পৰমেশ্ৱৰৰ পৰা বিচাৰিব পাৰি নে নোৱাৰি?

আজিৰ পৰা ১১৩ বছৰ আগতে, ভাৰতত ইংৰাজ শাসন চলি থাকোঁতে, ৰবীন্দ্রনাথ ঠাকুৰে লিখিছিল “চিত্ত যেথা ভয়শূন্য” (১৯১০), আৰু তাৰ দুবছৰ পিছত তেওঁ নিজে সেই কবিতাৰ অতি চমৎকাৰী ভাবে সুন্দৰ ইংৰাজী ভাঙনি কৰিছিল : “Where the mind is without fear” (১৯১২)।

মূল বাংলা কবিতাটোৰ যি ভাব সেই ভাব এটা বিদেশী ভাষাত এনে সুন্দৰকৈ প্রকাশ কৰিব পৰাটো একমাত্র তেওঁৰ দৰে এজন শ্রেষ্ঠ কবিৰ বাবেহে সম্ভৱ। বাংলা আৰু ইংৰাজী দুয়োটা ভাষাতে কবিতাটোত ভাব আৰু ভাষাৰ অপূর্ব সমন্বয় ঘটিছে। কবিতাটোৰ প্রকাশৰ এশবছৰ পিছত, ২০১৩ চনত, এ. আৰ. ৰহমান আৰু অন্য কেবাগৰাকী শিল্পীয়ে ক’ক ষ্টুডিয়’ত মূল বাংলা আৰু হিন্দী অনুবাদেৰে এই গীতটি পৰিবেশন কৰিছিল।

“প্রার্থনা” নামেৰে প্রথম প্রকাশিত এই কবিতা প্রকৃততে ভাৰতৰ মঙ্গলৰ বাবে কৰা এটা কাতৰ প্রার্থনা। এলান্ধুকলীয়া অন্ধবিশ্বাস, ভ্রম আদিৰ পৰা ভাৰতবাসীক মুক্ত কৰিবলৈ কবিয়ে পৰমেশ্বৰক খাটনি ধৰিছে, আৰু বহুধা-বিভক্ত এখন সমাজৰ ঠাইত কবিয়ে আশা কৰিছে এখন বিভেদ-মুক্ত, ভয়-মুক্ত, নতুন ভাৰত।

আধুনিক পশ্চিমীয়া সংস্কৃতিৰ যুক্তিপূর্ণ, বৈজ্ঞানিক দৃষ্টিভঙ্গী আৰু প্রাচীন ভাৰতীয় সভ্যতাৰো ভাল দিশবোৰ গ্রহণ কৰিয়েই যে আমাৰ দেশে বিকশিত হৈ বিশ্বৰ দেশসমূহৰ মাজত সন্মানীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ব, সেয়া অতি সুন্দৰকৈ উপলব্ধি কৰিছিল ৰবীন্দ্রনাথ ঠাকুৰে। “প্রার্থনা” তেওঁৰ পকৃত দেশ-প্রেমৰ নিদর্শন। আজি এটা শতাব্দীতকৈও বেছি দিন পাৰ হোৱাৰ পিছতো, ভাৰতৰ বাবে তেওঁ কৰা প্রার্থনাৰ প্রাসংগিকতা কমা নাই।

আজিও অন্ধবিশ্বাস, অবৈজ্ঞানিক মনোবৃত্তিৰ বাবে ঘটিব পৰা অঘটন ঘটিয়েই আছে, আজিও জাতিৰ নামত, ধর্মৰ নামত ঘৃণা, গোষ্ঠী-সংঘর্ষ বন্ধ নহ’ল, আজিও কত অযুত নিযুতজন ভাৰতীয় দৰিদ্রতাৰ কৰাল গ্রাসত। বিশ্বৰ ভিতৰতে অতি ধনী লোকসকলৰ মাজতো ভাৰতীয় আছে, কিন্তু সেই কেইজনমানৰ প্রাচুর্যৰ বিপৰীতে আছে অলেখ জনৰ অন্ন-বস্ত্র-আশ্রয়ৰ অভাৱ।

১৯৪৭ চনত ইংৰাজে ভাৰত-ত্যাগ কৰিলে আৰু ভাৰত স্বাধীন হ’ল, কিন্তু আমি দৰিদ্রতাৰ পৰা মুক্তি পালোনে? হিংসাৰ পৰা মুক্তি পালোনে? ইংৰাজে বিভাজনৰ ৰাজনীতিৰে আমাক শাসন কৰিছিল, কিন্তু এতিয়া আমি তেনে ৰাজনীতি মুঠেই দেখা নাই নেকি? স্বাধীনোত্তৰ কালত আজিলৈকে আমি ভাৰতৰ ৰাজনীতিত যিমান উত্থান-পতন দেখিলোঁ, তাৰ পৰা কি বুজা যায়? নিস্বার্থ, দেশ হিতৈষী নেতাৰ সংখ্যা বাৰু বাঢ়িছে নে কমিছে? 

monk holding prayer beads across mountain

সুবিধাবাদী নেতাই কেনেকৈ কেৱল নিজৰ স্বার্থ-সিদ্ধিৰ বাবে দল সলনি কৰে, আদর্শ সলনি কৰে আৰু ক্ষমতাৰ বলত বলীয়ান হৈ সকলো ফালৰ পৰা দেশখনক, দেশবাসীক ঠগে, আমি দেখা নাই জানো? ইংৰাজ শাসনৰ দিনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে মাত মতা সকলক যদি অপৰাধী বুলি গণ্য কৰা হৈছিল, আৰু তেওঁলোক শাস্তিৰ সন্মূখীন হৈছিল, স্বাধীন ভাৰতৰ কোনো চৰকাৰে তেনে কাম কৰা আমি দেখা নাই নেকি?

জনসাধাৰণৰ পৰা অন্ধ আনুগত্য কেৱল ইংৰাজ চৰকাৰেহে বিচাৰিছিল নেকি? সত্যক লুকুৱাৰ চেষ্টা কেৱল বিদেশী চৰকাৰেহে কৰিছিল নেকি? সত্যক লুকুৱাবলগীয়া অৱস্থা হয় কিয়?

        ভাৰতৰ ভাগ্য-বিধাতা এজন যদি আছে, তেতিয়াহ’লে তেওঁক প্রার্থনা কৰাৰ প্রয়োজন ১৯১০ চনত যিমান আছিল সিমান প্রয়োজন ১৯২৩ চনত নাই, এই বিষয়ে বোধকৰোঁ দ্বিমত থাকিব নোৱাৰে। কিন্তু সেই ভাগ্য-বিধাতাৰ বা পৰমেশ্বৰৰ সহায় বিচাৰিবলগীয়া পৰিস্থিতি এতিয়া মুঠেই নাই বুলি ক’ব পাৰিনে?

আমাৰ শাসক সকল, নেতা সকল ইমান সত্যনিষ্ঠ যে তেওঁলোকে মিছা মাতিব পাৰে বুলি সন্দেহ কৰাৰ থল নাই—এনেকৈ ক’ব পাৰি নে? টেলিভিজনৰ চেনেলসমূহত থকা তেওঁলোকৰ পৰম বিশ্বাসী, অনুগত সকলে যিদৰে তেওঁলোকৰ শৌর্য, বীর্য, সাহস, ন্যায়পৰায়ণতা, সততা, সাধুতাৰ কথা কয়, তাত কোনো ৰহণ নাই, অসত্যতা নাই, ভণ্ডামি নাই?

Rabindranath

        সঁচাই সকলো ক্ষেত্রতে সম্পূর্ণ স্বাধীন নে আমি? দৰিদ্রতাৰ পৰা কিমান মুক্ত হ’লো আমি? ক’ভিড্ লক্ ডাউনৰ সময়ত যে লাখ লাখ শ্রমিকে ঘৰলৈ উভতিবলৈ হাহাকাৰ লগাইছিল, কিছুমানে যে বহুত কিলোমিটাৰ খোজ কাঢ়িয়েই গৈ মৃত্যু বৰণো কৰিছিল, সেই সকলৰ দৰে দুখীয়া মানুহেৰেই দেশখন ভৰি আছে নে চার্টাড ফ্লাইটেৰে আকাশী পথেৰে যাত্রা কৰোঁতে দূৰৰ পৃথিৱীৰ দৃশ্য উপভোগ কৰা সকলেৰে ভৰি আছে আমাৰ দেশ?

ইংৰাজে শাসন চলাইছিল কিছুমান পাষাণ-হৃদয় বিষয়াৰ হতুৱাই যাৰ কাম আছিল সাধাৰণ জনতাক ভীতিগ্রস্ত, মূক, নতশিৰ কৰি ৰখা। স্বাধীন ভাৰতৰ সকলো চৰকাৰী বিষয়াই নিজকে ৰাইজৰ সেৱক (public servant) বুলি জানি সততা আৰু দক্ষতাৰে ৰাইজৰ সেৱাত ব্রতী বুলি আমি নিশ্চিত নে বাৰু?

এখন নতুন চৰকাৰ গঠন হ’লে যে বিভিন্ন বৰ বৰ বিষয়াৰ ৰদ বদলি হয়, সেয়া সদায় মাত্র এটা স্বাভাৱিক প্রক্রিয়া নে? প্রতিজন বিষয়াই প্রতিখন চৰকাৰৰ সৈতে কাম কৰোঁতে নিৰপেক্ষ ভাবে, একেই ধৰণৰ সেৱা আগবঢ়াব লাগে নিশ্চয়?

 হে প্রভূ, দেশখনৰ মঙ্গল কৰা। খাটি খোৱা মানুহে যেন নিজৰ শ্রমৰ মর্যদা পায়। তেওঁলোকক দৰিদ্রতাৰ পৰা ৰক্ষা কৰা যাতে তেওঁলোকৰ দৰিদ্রতাৰ সুবিধা গ্রহণ কৰি দুষ্ট মানুহে তেওঁলোকক নিজৰ লাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰে। নিজকে মহান দেশ–প্রেমিক বুলি চিনাকি দি আনক ঠগি ঠগি খোৱা সকলৰ পৰা দেশ খন বচোৱা, প্রভূ। তোমাৰ নামলৈ, ধর্মৰ নাম লৈ মানুহৰ মাজত মানুহৰ বিভাজনৰ সৃষ্টি কৰি নিজে মুনাফা লুটিব বিচৰা চতুৰ, দুষ্ট লোকৰ পৰা দেশ খন ৰক্ষা কৰা।

rabindranath1

Where the mind is without fear

মোৰ দেশৰ সকলো মানুহক ভয়–মুক্ত ভাবে জীয়াই থাকিবলৈ দিয়া, প্রভূ। জাতিৰ নামত, ধর্মৰ নামত যেন কোনেও কাৰো সৈতে কাজিয়াত লিপ্ত নহয়, জাতি,ধর্ম আদিতকৈ নিজৰ মনুষ্যত্বৰ মূল্য যে বহুত বেছি, সকলোৱে যেন বুজি পায়, প্রভূ। জাতি, ধর্মৰ নামত যুদ্ধ কৰিবলৈ, হত্যা কৰিবলৈ, ঘৰত জুই দিবলৈ উচতোৱা দুষ্ট মানুহৰ কথা যেন কোনেও নুশুনে, প্রভূ। কথা কওঁতে, লিখোঁতে, নিজৰ বক্তব্য আগ বঢ়াবলৈ লওঁতে কোনোৱে যেন এইবুলি ভয় কৰিব লগীয়া নহয় যে ৰজাৰ চৰে গৈ ৰজাক জনালে শাস্তি হ’ব পাৰে। উশাহ লোৱা বতাহকণ যেন সকলোৰে বাবে শান্তিদায়ক হয়।

and the head is held high;

বৰ মানুহৰ আগত সৰু মানুহ তিৰস্কৃত, অপমানিত হ’বলগীয়া যেন নহয়, প্রভূ। বৰ মানুহৰ ভেম আৰু সৰু মানুহৰ হীনমন্যতা যেন নোহোৱা হয়। বৰ মানুহ আৰু সৰু মানুহৰ প্রভেদ যেন এনেকুৱা নহয় যে এজনে আনজনক ভয় কৰি থাকিব লাগে। সমাজৰ সকলো মানুহেই যেন আত্মসন্মান সহকাৰে জীয়াই থাকিব পাৰে। জাত্যাভিমানৰ বাবে যেন মানুহে মানুহক ঘিণ নকৰে প্রভূ। শঙ্কৰাচার্য আৰু চণ্ডালৰ কাহিনীৰ উৎপতি হৈছিল মধ্যযুগৰ ভাৰতত; অন্তত: এতিয়া যেন মোৰ দেশৰ মানুহে সেই কাহিনীৰ মর্ম বুজি পায়।

Where knowledge is free;

মেধা সম্পন্ন জনে যেন ধনৰ অভাৱত জ্ঞান আহৰণত বাধা নাপায়, আৰু দুষ্ট মানুহে নিজৰ মুনাফাৰ বাবে যেন অজ্ঞানক জ্ঞান হিচাপে, ভুল বুৰঞ্জীক শুদ্ধ বুলি, মধ্যযুগীয় অন্ধবিশ্বাসক বিজ্ঞান বুলি প্রচাৰ কৰিব নোৱাৰে। প্রাচীন গ্রীছত ছক্রেতিছৰ যি দশা হৈছিল, আধুনিক ভাৰতৰ সৎ শিক্ষক, বুদ্ধিজীৱী, সাংবাদিকৰ যেন তেনে গতি নহয়;  তেওঁলোকে বিনা–দ্বিধাই, ভয়–সংকোচ নকৰাকৈ যাতে যুক্তিপূর্ণ কথা ক’ব পাৰে। আধুনিক জ্ঞান–সভ্যতাত ভাৰতে যেন সন্মানীয় স্থান দখল কৰিব পাৰে।

Where the world has not been broken up into

fragments by narrow domestic walls;

উচ্চ আৰু নীচ জাতিৰ বিভেদ বা ধর্মৰ নামত বিভাজন যেন মোৰ দেশৰ মানুহে নামানে, প্রভূ। প্রত্যেকে যেন কোনো বিৰোধৰ সন্মূখীন নোহোৱাকৈ নিজা নিজা ধর্মীয় ৰীতি–নীতি মানিব পাৰে। ধর্ম বা জাতিৰ পার্থক্যৰ, বিভেদৰ বীজ ৰোপন কৰা সকলৰ যেন খেতি সমূলি নষ্ট হয়, প্রভূ। জানো, আনৰ ভাল হে চিন্তিব লাগে, কাৰো বেয়া হোৱাতো কামনা কৰিব নালাগে। কিন্তু বিভেদৰ বীজ ৰোপন কৰি সমাজখনকে ধ্বংস কৰিব খোজা সকলৰ চক্রান্ত ব্যর্থ হ’লেহে দেশৰ স্বাস্থ্য অটুট থাকিব, আৰু সেই বিভেদকাৰী সকলো পাপৰ পৰা বাচিব। তোমাৰ নামত কাজিয়া তৰা হিংস্র দানৱ বোৰৰ সকলো চক্রান্ত যেন ব্যর্থ হয়, প্রভূ।

Where words come out from the depths of truth;

দেশৰ সেৱাৰ বাবে শপত লৈ শক্তিমন্ত হোৱা সকলে যেন সঁচা কথা ক’বলৈ পাহৰি নাযায়, প্রভূ। ৰাইজৰ মন ভুলাবলৈ এটা কথা আৰু পিছত অন্য এটা কথা কোৱা নেতাৰ চতুৰালি যেন সাধাৰণ মানুহে বুজি পায়। মিথ্যাচাৰী সকলে যেন মিঠা মিঠা মিছা কথাৰে জনতাৰ মন জয় কৰি ৰাজপাট খাব নোৱাৰে। ৰাইজৰ সেৱা কৰিম বুলি শপত লৈ ৰাইজক  মাধমাৰ সোধাব খোজা সকলৰ কুটিল চক্রান্ত যেন সদায় বিফল হয় । ৰক্ষকেই যেন ভক্ষক হ’ব নোৱাৰে মোৰ দেশত, প্রভূ।

Where tireless striving stetches its arms towards perfection;

সৎ, কষ্ট সহিষ্ণু জ্ঞানীজনৰ শ্রম যেন বিফলে নাযায়; তেনে লোকৰ যেন দিনক দিনে উন্নতি হয় কাৰণ তেওঁলোকৰ উন্নতিয়েই দেশৰ উন্নতি। ভয়হীন, শংকাহীন পৰিবেশত যেন জ্ঞান বিজ্ঞানৰ বিকাশ হয়। ভাৰতীয়সকলে যেন বিশ্বৰ দৰবাৰত নিজৰ দেশৰ শ্রেষ্ঠত্ব প্রমাণ কৰিব পাৰে। কলা–কুশলী সকলে যেন মুক্ত মনে নিজৰ প্রতিভাৰ প্রদর্শন কৰিব পাৰে। শাসন–যন্ত্রৰ “অনুগ্রহ” পাবলৈ যেন কোনো প্রতিভাবান লোকে নিজৰ বিবেক বিক্রী নকৰে, প্রভূ।

Where the clear stream of reason has not lost its way

into the dreary desert sand of dead habit;

মোৰ দেশত যেন যুক্তিপূর্ণ তর্কৰ সন্মান থাকে, প্রভূ। অন্ধবিশ্বাস আৰু এলান্ধুকলীয়া ৰীতি–নীতিৰ দোহাই দি যেন মূর্খ বা দুষ্ট বা দুষ্ট–মূর্খই জ্ঞানীৰ যুক্তি ওফৰাব নোৱাৰে; মোৰ দেশৰ মানুহৰ মনবোৰ যেন জ্ঞান–বিজ্ঞানৰ পোহৰেৰে উদ্ভাসিত হয়। প্রাচীন, অযুক্তিকৰ, ক্ষতিকাৰক নীতি–নিয়ম জলাঞ্জলি দিবলৈ যেন মোৰ দেশৰ মানুহে কুন্ঠাবোধ নকৰে। অতীজৰে পৰা চলি আহিছে বুলিয়েই ব্যক্তিৰ বাবে, সমাজৰ বাবে ক্ষতিকাৰক কোনো ৰীতি–নীতি যেন মানুহে মানিবলগীয়া নহয়।

Where the mind is led forward by Thee

into ever widening thought and action

তোমাৰ প্রেৰণাত যেন মোৰ দেশৰ মানুহে ঠেক মনোবৃত্তি ত্যাগ কৰিব পাৰে, প্রভূ। উদাৰ মানৱতাৰে সঞ্জীৱিত আত্মাত যেন তেওঁলোকে শুদ্ধ চিন্তা আৰু পৰহিতকাৰী কর্মৰ বাবে শক্তি পায়।

Into that heaven of freedom, my Father, let my country awake.

সঁচা অর্থত যেন আমি স্বাধীন বুলি প্রত্যেকজন ভাৰতীয়ই গৌৰৱ কৰিব পাৰে, প্রভূ। স্বাধীনতাৰ তেনে স্বর্গলৈ যেন ৰূপান্তৰিত হয় আমাৰ ভাৰত।

rabindranath2

১৯১০/১৯১২ চনত বিশ্ব কবিয়ে কৰা সেই প্রার্থনাৰ উত্তৰৰ বাবে আজিও আমাৰ দেশৰ মানুহে অপেক্ষা কৰি আছে বুলি ক’লে ভুল হ’ব নেকি বাৰু?

Where the mind is without fear

and the head is held high;

Where knowledge is free;

Where the world has not been broken up into

fragments by narrow domestic walls;

Where words come out from the depth of truth;

Where tireless striving stetches its arms towards perfection;

Where the clear stream of reason has not lost its way

into the dreary desert sand of dead habit;

Where the mind is led forward by Thee

into ever widening thought and action

Into that heaven of freedom, my Father, let my country awake.

Rabindranath

मन में भय की बूँद भी ना हो

माथा उचा लेहराए

ज्ञान मुक्त आज़ाद ले सांसे

धरती बट ना पाए 

धरती बट ना पाए  …..

bezbarua1

অ’ মোৰ আপোনাৰ দেশ,

অ’ মোৰ চিকুণী দেশ,

এনেখন শুৱলা, এনেখন শুফলা এনেখন মৰমৰ দেশ…..

(Sanjeev Kumar Nath, English Department, Gauhati University, sanjeevnath21@gmail.com)

[Images from different sources]

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Anjan Sarma

Anjan Sarma

Related Posts

Legal profession takes a heavier toll on Female Advocates
Opinion

Legal profession takes a heavier toll on Female Advocates

by Pradakshina Sarmah
August 18, 2026
0

Legal profession takes a heavier toll on Female Advocates Pradakshina Sarmah The Legal profession has long been associated with prestige...

Read moreDetails
Supreme Court Stands Firm Against Wealthy Silencing Media!

India’s Judicial Transparency In the path of Transition

August 15, 2026
The River That Became a Drain: Bharalu and the Death of a Memory

The River That Became a Drain: Bharalu and the Death of a Memory

August 13, 2026
group of people in public toilet using smartphones

কাল-ব্যয়ৰ অৰ্থনীতি: ইন্টাৰনেট, স্মাৰ্টফোন, সামাজিক মাধ্যম, আসক্তি আদিৰে অবিৰত লুণ্ঠন!

August 13, 2026
অসমৰ বানপানী আৰু গৰাখহনীয়া

অসমৰ বানপানী আৰু গৰাখহনীয়া

August 12, 2026
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

August 10, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Understanding the Value Chain of Ecological Restoration

Understanding the Value Chain of Ecological Restoration

August 18, 2026
Legal profession takes a heavier toll on Female Advocates

Legal profession takes a heavier toll on Female Advocates

August 18, 2026
How the Education System Trains You for the Rat Race: The Truth No One Talks About

How the Education System Trains You for the Rat Race: The Truth No One Talks About

August 18, 2026
Afghan women2

Afghanistan Five Years under the Taliban: Economic Collapse at the Household Level and a Deepening Human Crisis

August 18, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    39811 shares
    Share 15924 Tweet 9953
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    18659 shares
    Share 7464 Tweet 4665
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    3806 shares
    Share 1522 Tweet 952
  • শ্যামাপ্ৰসাদ, কোচবিহাৰ আৰু কোচ ৰাজবংশীসকল

    289 shares
    Share 116 Tweet 72
  • অসমৰ বানপানী আৰু গৰাখহনীয়া

    4188 shares
    Share 1675 Tweet 1047
  • From the Brahmaputra’s Wrath to Our Own: Assam’s Floods, 1988 to 2026

    140 shares
    Share 56 Tweet 35
  • FREEDOM FIGHTERS OF ASSAM

    5109 shares
    Share 2044 Tweet 1277
  • Performing Taai Henu Paatmaadoi: Unearthing multiple voices of Ahom-ruled Assam

    109 shares
    Share 44 Tweet 27
  • How Prepared Are We, Really? Assam’s Climate Promises Meet Its Worst Flood in decades

    97 shares
    Share 39 Tweet 24
  • অসমত বানৰ অকল্পনীয় ধ্বংসলীলা

    94 shares
    Share 38 Tweet 24
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Mahabahu Mirror
    • July 2026 – Vol-I
    • August 2026 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d