• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, April 11, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home ASSAMESE SECTION

প্লাষ্টিক : “দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ

ASSAMESE SECTION / Climate Change / Environment

by Anjan Sarma
January 17, 2026
in ASSAMESE SECTION, Climate Change, Nature, World
Reading Time: 6 mins read
0
প্লাষ্টিক : “দ্যা গ্ৰেজুৱেট”ৰ পৰা বিশ্বব্যাপী সংকটলৈ
Share on FacebookShare on TwitterShare on LinkedIn

প্লাষ্টিক : “দ্যা গ্ৰেজুৱেট“ৰ পৰা বিশ্বব্যাপী সংকটলৈ

"দ্যা গ্ৰেজুৱেট"ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

প্লাষ্টিক – যিটো শব্দই এটা যুগক ডাঙি ধৰিছিল 

অঞ্জন শৰ্মা 

Anjan Pic 1
অঞ্জন শৰ্মা 

১৯৬৭ চনৰ গ্ৰীষ্মকালত মুক্তি লাভ কৰা মাইক নিকলছ-অৰ চিনেমা “দ্যা গ্ৰেজুৱেট“ত বিশ্ববিখ্যাত অভিনেতা ডাষ্টিন হফমেন-এ ৰূপায়ণ কৰা চৰিত্ৰটো আছিল বিভ্ৰান্ত কলেজ গ্ৰেজুৱেট (স্নাতক) বেঞ্জামিন ব্ৰেডকৰ।

বেঞ্জামিন ব্ৰেডক গ্ৰেজুৱেট হোৱা উপলক্ষে অনুষ্ঠিত এক ককটেল পাৰ্টিত তেওঁ নিজে উপস্থিত আছিল আৰু সেই পাৰ্টিলৈ তেওঁৰ পিতৃ -মাতৃৰ আমন্ত্ৰণ লাভ কৰি উপস্থিত হোৱা পিতৃ -মাতৃৰ বন্ধু – বান্ধৱসকলে অযাচিতে বেঞ্জামিনক বিভিন্ন উপদেশ, পৰামৰ্শ দি আছিল।

সেই অতিথিসকলৰ মাজৰেই এজন অতিথি মিষ্টাৰ মেকগুৱায়াৰে বেঞ্জামিনক একাষৰীয়াকৈ এচুকলৈ মাতি নি কৈছিল -” মই তোমাক এটা শব্দ ক’ব বিচাৰো, মাত্ৰ এটা শব্দ: ‘প্লাষ্টিক‘!”

ইতিমধ্যে বিভিন্ন পৰামৰ্শ শুনি শুনি বিৰক্ত হৈ পৰা বেঞ্জামিনে বিমোৰত পৰি সুধিছিল -“আপুনি ঠিক কি বুজাব বিচাৰিছে?”

মেকগুৱায়াৰে উত্তৰ দিছিল, “প্লাষ্টিকৰ ভৱিষ্যত উজ্জ্বল, গতিকে প্লাষ্টিক সম্পৰ্কে চিন্তা-চৰ্চা আৰম্ভ কৰা। ভাল হ’ব।“

"দ্যা গ্ৰেজুৱেট"ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

বেঞ্জামিনৰ বাবে, আৰু সেই সময়ছোৱাৰ দৰ্শক( চিনেমাৰ)ৰ বাবে ‘প্লাষ্টিক’ শব্দটো কেৱল এবিধ সামগ্ৰীৰ নাম নাছিল, ই আছিল ১৯৬০ ৰ দশকৰ প্ৰতি-সংস্কৃতিৰ (counterculture)-এ প্ৰত্যাখ্যান কৰা সমূহৰে প্ৰতীক; এক ‘মিছা’, ‘নকল’, ‘কৃত্ৰিম’, ‘নীৰস’ আৰু পূৰ্ব -নিৰ্মিত জীৱনধাৰা।

বেঞ্জামিনৰ বাবে আৰু দৰ্শকৰ বাবেও সেই পৰামৰ্শটো আছিল এক কৌতুক, পুৰণি প্ৰজন্মৰ সামগ্ৰী(বাদ)ৰ প্ৰতি থকা এক দুৰ্বাৰ আকৰ্ষণৰ প্ৰতীক – যাক বেঞ্জামিন আৰু তেওঁৰ প্ৰজন্মই অৱজ্ঞা আৰু ঘৃণাৰ দৃষ্টিৰে চাইছিল। 

RelatedPosts

Elephants destroy homes and lives in Mirza, (Kamrup) Assam!

India’s Human-Wildlife Conflict Crisis: How Elephants, Wild Boars and Monkeys Are Destroying Farms and Livelihoods

April 11, 2026
মই খটখটী

মই খটখটী

April 11, 2026
UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

April 11, 2026

১৯৬৭ চনৰ ২১ ডিচেম্বৰত মুক্তি লাভ কৰা ‘দ্যা গ্ৰেজুৱেট’ হৈ পৰিছিল এক সাংস্কৃতিক মাইলৰ খুঁটি। আমেৰিকা আৰু কানাডাত চিনেমাখনে ১০৪.৯ নিযুত ডলাৰ উপাৰ্জন কৰিছিল আৰু সেই বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা চিনেমা হিচাপে পৰিগণিত হৈছিল। মুদ্ৰাস্ফিতীৰ হিচাব অনুযায়ী (২০২১ চনলৈ) , চিনেমাখনৰ উপাৰ্জন ৮৫৭ নিযুত ডলাৰ হৈছিল তথা উত্তৰ আমেৰিকাৰ ২২ তম সৰ্বাধিক উপাৰ্জন কৰা চিনেমাৰ স্থান দখল কৰিছিল।

৪০ তম অকাডেমি পুৰস্কাৰত ৭টা শিতানত মনোনয়ন লাভ কৰা চিনেমাখনে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান আজুৰি আনিছিল আৰু ১৯৯৬ চনত চিনেমাখনক ‘নেশ্যনেল ফিল্ম ৰেজিষ্ট্ৰী’ত সংৰক্ষণৰ বাবে নিৰ্বাচিত কৰা হৈছিল। আমেৰিকান ফিল্ম ইনষ্টিটিউটে ১৯৯৭ চনত চিনেমাখনক ৭ম আৰু ২০০৭ চনত ১৭ তম শ্ৰেষ্ঠ আমেৰিকান চিনেমা হিচাপে ঘোষণা কৰিছিল।

ছাইমন এন্ড গাৰ্ফাংকেলৰ চাউন্ডট্ৰেক, বিশেষকৈ ‘মিচেছ ৰবিনছন‘ গীতটো সেই যুগৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠিত হৈছিল। তাৰোপৰি চিনেমাখনৰ সেই এটা শব্দ ‘প্লাষ্টিক’, সেই শব্দটো যুগ যুগ ধৰি গুঞ্জৰিত হৈ ৰ’ল আৰু এক চিনেমাটিক ঠাট্টাৰ পৰা গঁজালি মেলি এতিয়া সমগ্ৰ বিশ্বৰ বাবেই মহা-সংকটৰ কাৰণ হৈ পৰিছে।

প্লাষ্টিকৰ উত্থান: এবিধ সামগ্ৰীৰ বিপ্লৱ 

১৯৬৭ চনত মেকগুৱায়াৰৰ পৰামৰ্শটোক হাস্যকৰ আৰু যুগোপযোগী নহয় বুলি বিদ্ৰুপ কৰা হৈছিল। প্লাষ্টিকক সস্তীয়া আৰু নিম্নমানৰ বুলি ধাৰণা কৰা হৈছিল – তাৰোপৰি প্লাষ্টিক তৰুণ প্ৰজন্মৰ আকাংক্ষাৰ বিষয়সমূহৰ বাহিৰৰ বিষয় আছিল। কিন্তু ইতিহাসে প্ৰমাণ কৰিলে যে মেকগুৱায়াৰৰ সেই ভৱিষ্যতদ্বাণী নিৰ্ভুল আছিল। 

১৯৬৭ চনৰ সময়ছোৱাৰ পৰাই প্লাষ্টিক আমেৰিকাৰ সৰ্বাধিক ব্যৱহৃত সামগ্ৰী হৈ পৰিছে আৰু ইয়াৰ আধিপত্য দিনে দিনে বাঢ়িহে গৈছে। ‘প্লাষ্টিক ইউৰোপ’ৰ তথ্য অনুসৰি ১৯৫০ চনত বিশ্বব্যাপী ১.৫ নিযুত মেট্ৰিক টন প্লাষ্টিক উৎপাদনৰ পৰা ২০১৮ চনলৈ ৩৫৯ নিযুত টন হৈ পৰিছে; আৰু আশংকা কৰা হৈছে যে ২০২৬ চনত প্লাষ্টিকৰ উৎপাদন হৈ পৰিব ৫১৬ নিযুত টন। সমীক্ষা অনুসৰি ২০৬০ চনৰ ভিতৰত প্লাষ্টিকৰ বছৰেকীয়া ব্যৱহাৰ হ’ব ( consumption) ১.২ বিলিয়ন টন!

প্লাষ্টিক এতিয়া সকলোতে আছে। দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ ‘পেকেজিং’-অত, জীৱন ৰক্ষাকাৰী চিকিৎসাৰ সজুঁলিত, আচবাবত, পানী কঢ়িওৱা বটলত, এই লেখন কাৰ্যত ব্যৱহাৰ কৰা কললমটোত, চশমাৰ হেন্ডেলত, হৃদযন্ত্ৰৰ ভাল্বত, থ্ৰি-ডি প্ৰিন্টাৰত, …. লেখ-জোখ নাই, অলেখ!

প্লাষ্টিক হ’ল অৰ্থনৈতিকভাবে অত্যন্ত বাহুবলী এক প্ৰচণ্ড শক্তি। সাম্প্ৰতিক কালৰ অধ্যয়ন অনুসৰি আইনা বা এলুমিনিয়ামৰ পৰিৱৰ্তে প্লাষ্টিকৰ ব্যৱহাৰে আমেৰিকাৰ অৰ্থনীতিত ৩৩৬ ট্ৰিলিয়ন ডলাৰৰো অধিক ধন যোগান ধৰিব পাৰে – প্লাষ্টিকৰ শক্তি, দক্ষতা আৰু কম খৰছৰ বাবে। ১৯০৭ চনত লিঅ’ বেকেলেন্ড (Leo Backland)এ ‘বেকেলাইট'(Bakelite) উদ্ভাৱন কৰাৰ পৰা প্লাষ্টিক উদ্যোগসমূহে বিপ্লৱৰ জোৱাৰ আনিছে।

প্লাষ্টিকে গাড়ী আৰু বিমানৰ ওজন হ্ৰাস কৰি ইন্ধনৰ খৰছ কমাইছে, মহাকাশ ভ্ৰমণ সম্ভৱপৰ কৰিছে, আৰু প্লাষ্টিকৰ দ্বাৰা সৃষ্ট ইনকিউবেটৰ তথা বিশুদ্ধ পানীৰ ব্যৱস্থাৰ দৰে সজুঁলিৰে মানুহৰ জীৱন ৰক্ষা কৰিছে। “সহস্ৰাব্দৰ উপযোগী উদ্ভাৱন“ হিচাপে অভিহিত প্লাষ্টিক সস্তা, দীৰ্ঘস্থায়ী, পাতল,‌মনোমোহা, বিভিন্ন ক্ষেত্ৰৰ বাবে উপযোগী – ইত্যাদি গুণবোৰেই প্লাষ্টিকক অপৰিহাৰ্য কৰি তুলিছে; কিন্তু এতিয়া সেই প্লাষ্টিকেই হৈ পৰিছে বিশ্বজোৰা এক ভাবুকিৰ নাম, এক আতংকৰ নাম!

"দ্যা গ্ৰেজুৱেট"ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

দীঘলীয়া সময়লৈ টিকি থকা প্লাষ্টিকৰ অন্ধকাৰ দিশ 

জনপ্ৰিয় প্লাষ্টিকৰ স্থায়ীত্ব অতি সোনকালেই ডাবেৰেও কটা তৰোৱালৰ দৰে হৈ পৰিল।

প্লাষ্টিকক এক আশ্চৰ্যকৰ সামগ্ৰী আৰু প্ৰায় অবিনাশী বুলি যিসকলে মন্তব্য কৰিছিল, প্লাষ্টিকৰ স্থায়ীত্বক লৈ গুণ বখানিছিল – সেই প্লাষ্টিক সম্প্ৰতি মানৱ সভ্যতাৰ বাবে দু:স্বপ্ন হৈ পৰিছে। আমেৰিকাৰ ‘কেমিষ্ট্ৰি কাউন্সিল’ৰ ২০০০ চনৰ জৰীপত দেখা গৈছিল যে আধাতকৈও কম সংখ্যক আমেৰিকানে প্লাষ্টিকক ইতিবাচক ভাবে চাইছিল, আৰু ২৫% মানুহে বিশ্বাস কৰিছিল যে প্লাষ্টিকৰ দ্বাৰা পৰিৱেশ দূষিত হোৱা কাৰ্যৰ ফলত প্লাষ্টিকৰ গৌৰৱ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে।

২০২৫ চন পৰ্যন্ত প্লাষ্টিক সৃষ্ট সংকট অতি গভীৰ হৈ পৰিছে। কাৰণ প্ৰতি বছৰে প্ৰায় ১১ নিযুত টন বৰ্জ্য-প্লাষ্টিক জলজ পৰিৱেশৰ মাজত সোমাই পৰে – যাৰ ওজন ২২০০ টা আইফেল টাৱাৰৰ ওজনৰ সমান; আৰু ১৩ মিলিয়ন টন বৰ্জ্য-প্লাষ্টিক মাটিত জমা হয় – নিষ্কাষণ, দমাই থোৱা আদি বিভিন্ন কাৰণত।

প্ৰশান্ত মহাসাগৰৰ পানী আৰু পাৰৰ পৰা এভাৰেষ্টৰ শিখৰ পৰ্যন্ত – আজি প্লাষ্টিকৰ ধ্বংসাৱশেষৰ পৰা কোনেও পলায়ন কৰিব নোৱাৰে, আৰু এই বৰ্জ্য প্লাষ্টিকেই বিশ্বত মহাসাগৰীয় বিশালাকাৰ স্থায়ী বৃত্তাকাৰ ঘূৰ্ণন ( GYRE)ৰ মাজত সোমাই পৰি অকল্পনীয় সুবিশাল ‘আবৰ্জনাৰ থোপা’ ( Garbage Patches)ৰ সৃষ্টি কৰিছে – উত্তৰ প্ৰশান্ত মহাসাগৰ, দক্ষিণ প্ৰশান্ত মহাসাগৰ, উত্তৰ আটলান্টিক মহাসাগৰ, দক্ষিণ আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰত। 

"দ্যা গ্ৰেজুৱেট"ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস
Great Pacific Garbage Patch / National Geographic

এইধৰণৰ বিশালাকাৰ ঘূৰ্ণাৱৰ্ত বা ‘Gyre’ বোৰে, পৃথিৱীৰ ঘূৰ্ণন আৰু ‘ক’ৰিঅলিছ'( Coriolis) বলৰ প্ৰভাৱেৰে পৰিচালিত হৈ প্লাষ্টিকৰ ধ্বংসাৱশেষৰ পৰা ‘প্লাষ্টিকৰ চুৰুহা’ প্ৰস্তুত কৰে। ‘গ্ৰেট পেচিফিক’ আৱৰ্জনাৰ থোপা – যাক কেপ্তেইন চাৰ্লছ ম’ৰ ( Charles More)এ আৱিষ্কাৰ কৰিছিল, সেই থোপাটোত প্ৰায় ৫.২৫ ট্ৰিলিয়ন কণা আছে – যাৰ ওজন হ’ল ২৪৪০০০ মেট্ৰিক টন – য’ত প্লাষ্টিকৰ বেগ, বটল, খাদ্য সামগ্ৰী ভৰোৱা পেকেট ইত্যাদি আছে আৰু তাৰে পৰিমাণ হ’ল ৪৪% ।

এই বিশাল প্লাষ্টিকৰ ভৰালত বেলিৰ পোহৰ অবিৰত ভাবে পৰে তথা ঢৌৱে কোবাই থাকে – বৰ্জ্য প্লাষ্টিক ভাঙি ভাঙি এসময়ত মাইক্ৰ’প্লাষ্টিক হৈ পৰে। সেই প্লাষ্টিকৰ কণাবোৰ ৫ মিলিমিটাৰতকৈও ক্ষুদ্ৰ হয় আৰু পিছলৈ সেইবোৰ খাদ্য – শৃংখলৰ মাজত সোমাই পৰে। ২১০০ + সাগৰীয় প্ৰজাতি – জুপ্লাংক্টন( Zooplankton)ৰ পৰা তিমি মাছলৈ, কাছৰ পৰা কেঁকোৰালৈ – এই কণাবোৰ খাদ্য বুলি বা খাদ্যৰ সৈতে খায়।

ইয়াৰ ফলত জলজ প্ৰাণীৰ মৃত্যু হয়, অঙ্গহানি হয়, পৰিত্যক্ত সজুঁলিত আৱদ্ধ হয়; আৰু পৃথিৱীৰ ভূমিভাগত মাইক্ৰ’প্লাষ্টিক সোমাই পৰে মানুহৰ লগতে জীৱ-জন্তুৰ তেজত, হাওঁফাওঁত, মাতৃদুগ্ধত, আনকি মানুহৰ মগজুৰ ভিতৰত। সমীক্ষাই প্ৰমাণ কৰিছে যে প্ৰতিজন মানুহেই বছৰি ৫০০০০ ৰ অধিক প্লাষ্টিক কণা গ্ৰহণ কৰে, আৰু শ্বাস-প্ৰশ্বাসৰ জৰিয়তে হয়তো আৰু অত্যাধিক গ্ৰহণ কৰে।

প্লাষ্টিকৰ সংযোজক, যেনে ফটালেট (Phthalates), বিছফেনল ( Bisphenol) A ( BPA) , আৰু পলিব্ৰমিনেটেড ডিফেনাইল ইয়াৰ (PBDE), বায়ু আৰু পানীত ‘লিচিং’ (Leaching) প্ৰক্ৰিয়াৰে অন্ত:স্ৰাৱী (Endocrine) প্ৰণালীত বিঘিনি সৃষ্টি কৰে – যি বিশেষকৈ শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে অতি বিপদজনক। 

প্লাষ্টিকৰ প্ৰদূষণৰ দ্বাৰা, বাৰ্ষিক সামাজিক তথা পৰিৱেশৰ ক্ষতিৰ মূল্য ৩০০ বিলিয়ন ডলাৰৰ পৰা ৬০০ বিলিয়ন ডলাৰ – যাৰ অন্তৰ্গত তিনিটা বিশেষ প্ৰদূষণ হৈছে: জলবায়ু পৰিৱৰ্তন, জৈৱ- বৈচিত্ৰ্যৰ ক্ষতি, আৰু বৰ্জ্যৰ ভৰাল বৃদ্ধি। 

"দ্যা গ্ৰেজুৱেট"ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

কেৱল সেয়াই নহয়, প্লাষ্টিকে মাটিত জমা হৈ মাটিৰ নিষ্কাষণ ব্যৱস্থা বন্ধ কৰি বানপানীৰ সৃষ্টি কৰে। এনে বৰ্জ্য প্লাষ্টিকক আকৌ খাদ্য বুলি গ্ৰহণ কৰি হাতী আৰু গৰুৰ দৰে প্ৰাণী মৃত্যুৰ মুখত পৰে। বৰ্জ্য – ব্যৱস্থাপনা পৰ্যাপ্ত নোহোৱা উন্নয়নশীল দেশসমূহত প্লাষ্টিকৰ আৱৰ্জনা নদী, পথ, পথাৰ, বস্তি, বজাৰ -সমাৰ আদিত জমা হয়।

উন্নত দেশসমূহতো পুনৰ্চক্ৰণৰ হাৰ কম হয় – বিশ্বব্যাপী মাত্ৰ ৯% প্লাষ্টিক পুনৰ্চক্ৰণ কৰা হয় আৰু ২১% পুনৰ্চক্ৰণৰ যোগ্য নোহোৱা সত্বেও থাকি যায়। ইয়াৰ ফলত বেছিভাগ প্লাষ্টিক – আৱৰ্জনা মাটিত থাকি যায়, ভূমিভাগৰ তলত সোমাই যায়, আৰু শতিকাৰ পিছত শতিকা তেনেদৰেই অক্ষয় হৈ ৰৈ যায়।

ডিচকভাৰি চেনেল ( Discovery Channel)ৰ সমীক্ষা অনুসৰি ভাৰতে প্ৰতিদিনে ২৬০০০ টন বৰ্জ্য-প্লাষ্টিক প্ৰস্তুত কৰে আৰু এনেবোৰ প্লাষ্টিকৰ পচন হ’বলৈ ৫০০ – ১০০০ বছৰ প্ৰয়োজন হয়।

"দ্যা গ্ৰেজুৱেট"ৰ পৰা বিশ্বব্যাপী সংকটলৈ: প্লাষ্টিক আৰু বিশ্ব পৰিৱেশ দিৱস

#BeatPlasticPollution আন্দোলনৰ অৰ্থ কেৱল মাথো শ্ল’গান বা কথাৰ মালিতা হ’ব নোৱাৰে – ই কাৰ্যৰ বিষয়। UNEPৰ প্ৰাক্কলন অনুসৰি – এক বৃত্তীয় অৰ্থনীতি ডাঙি ধৰা হৈছে – য’ত প্লাষ্টিক পুনৰ্ব্যৱহাৰ আৰু পুনৰ্চক্ৰণৰ বাবে ‘ডিজাইন’ কৰা হৈছে তথা যাৰ দ্বাৰা সাগৰীয় প্লাষ্টিক ৮০% ৰোগ অধিক হ্ৰাস কৰিব পৰাৰ লগতে ২০২১ – ২০৪০ চনৰ ভিতৰত চৰকাৰৰ বাবে ৭০ বিলিয়ন ডলাৰ সঞ্চয় কৰিব পাৰে।

এবাৰমাত্ৰ ব্যৱহাৰ কৰা প্লাষ্টিক, যেনে – ষ্ট্ৰ’ ( পানীয় শুহি খোৱা প্লাষ্টিকৰ সৰু নলী), প্লাষ্টিকৰ বটল, প্লাষ্টিকৰ মোনা, আৰু খাদ্য সামগ্ৰী কঢ়িওৱা প্লাষ্টিকৰ পেকেজিঙৰ ওপৰত আৰোপিত নিষেধাজ্ঞা সম্পৰ্কীয় আন্দোলনে ইতিমধ্যে বিশ্বজুৰি সমাদৰ তথা গতি লাভ কৰিছে। এটা উল্লেখযোগ্য শ্ল’গান হৈ পৰিছে – ‘Skip the Straw’। 

woman wrapped in plastic
Photo by Anna Shvets on Pexels.com

প্লাষ্টিক দুৰ্বৃত্ত নে মিত্ৰ?

প্লাষ্টিক সম্পৰ্কে হাস্যকৰ বিষয় এয়াই যে ‘দ্যা গ্ৰেজুৱেট’ত অসত্যৰ প্ৰতীক হিচাপে ব্যংগাত্মকভাৱে পৰোক্ষকৈ নিন্দিত প্লাষ্টিক পিছলৈ সঁচাই হৈ পৰিল একেধাৰে দুৰ্বৃত্ত আৰু মিত্ৰ ( Villain and Ally)। হয়, কাৰণ প্লাষ্টিকে জীৱন ৰক্ষা কৰিছে, নিৰ্গমন হ্ৰাস কৰিছে 

( Cut emissions), উদ্ভাৱনী চিন্তাৰ ক্ষেত্ৰত ইন্ধন যোগাইছে; কিন্তু এইবোৰৰ বিপৰীতে ইয়াৰ অবাধ বিস্তাৰে প্লাষ্টিকক বিশ্বব্যাপী এক মহাশত্ৰুলৈও পৰিণত কৰিছে। বিশ্ব পৰিৱেশ দিৱস ২০২৫-এ আমাক সোঁৱৰাই দিছে যে ‘প্লাষ্টিক’ নিজে এক সমস্যা নহয় – বৰং আমি কিদৰে ইয়াক ব্যৱহাৰ কৰো, সেয়া হে এক প্ৰধান সমস্যা।

গতিকে সময়ৰ দাবী এয়াই যে প্লাষ্টিকৰ সামগ্ৰীৰ ‘ডিজাইন’ পুনৰ্চিন্তন কৰি আৰু সামগ্ৰীবোৰ পুনৰ্ব্যৱহাৰযোগ্য , পুনৰ্চক্ৰণযোগ্য, বা জৈৱ-বিঘটনযোগ্য (Reusable, recyclable or bio-degradable) কৰি সংকট -মোচনৰ বাবে যাত্ৰা আৰম্ভ কৰিব লাগিব তথা প্লাষ্টিকৰ মোনাবোৰ ‘দলিওৱা’ সংস্কৃতিও ৰোধ কৰিবলৈ সাজু হ’ব লাগিব। 

‘দ্যা গ্ৰেজুৱেট’ চিনেমাখনত মিষ্টাৰ মেকগুৱায়াৰৰ পৰামৰ্শৰ ৫৮ বছৰৰ পিছতো – প্লাষ্টিক আজিও ভৱিষ্যত – যদিহে আমি সেই ভৱিষ্যতক পুনৰ্সংজ্ঞায়িত ( Redefine ) কৰো!

Mahabahu Poster

টোকা

১৯৬৭ চনত বেঞ্জামিনক কাণৰ কাষত দিয়া পৰামৰ্শ আছিল ‘প্লাষ্টিক’; সেই চিনেমাখন এতিয়া নিৰ্মাণ কৰা হ’লে শব্দ এটা নহৈ হয়তো দুটা হ’লহেতেন- Artificial Intelligence বা AI – যি হয়তো যিমান মিত্ৰ হ’ব – তাতোকৈও বহু বহুগুণ বেছি শত্ৰুলৈ পৰিণত হৈ শীঘ্ৰেই সমগ্ৰ বিশ্বৰ মানৱ সভ্যতাৰ অলেখ দিশ কল্পনাতীত ভাবে প্ৰদূষিত কৰি তুলিবলৈ সক্ষম হ’ব ! গতিকে সেই সম্পৰ্কেও এতিয়াই যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হ’ব লাগে!

Artificial Intelligence

05-06-2025

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com(For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading...
Anjan Sarma

Anjan Sarma

Related Posts

Elephants destroy homes and lives in Mirza, (Kamrup) Assam!
ASSAM

India’s Human-Wildlife Conflict Crisis: How Elephants, Wild Boars and Monkeys Are Destroying Farms and Livelihoods

by Kakali Das
April 11, 2026
0

India’s Human-Wildlife Conflict Crisis: How Elephants, Wild Boars and Monkeys Are Destroying Farms and Livelihoods Assam’s Elephant Crisis to Nationwide...

Read moreDetails
মই খটখটী

মই খটখটী

April 11, 2026
UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

April 11, 2026
Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

April 11, 2026
Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

Are We Facing the Sixth Mass Extinction? How Climate Change Is Driving Species to the Brink

April 9, 2026
The Carbon Footprints of War

The Carbon Footprints of War

April 9, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
Elephants destroy homes and lives in Mirza, (Kamrup) Assam!

India’s Human-Wildlife Conflict Crisis: How Elephants, Wild Boars and Monkeys Are Destroying Farms and Livelihoods

April 11, 2026
মই খটখটী

মই খটখটী

April 11, 2026
UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

UKRAINE: “I put my life on hold”- the story of a woman from Berdiansk who fled the occupation

April 11, 2026
Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

Art for the Earth: Emotions Over Data – The best case of Maria Cristina Finucci

April 11, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    29956 shares
    Share 11982 Tweet 7489
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    12394 shares
    Share 4958 Tweet 3099
  • Dr. Utpal Das: Modern Architect of LNB Library, Dibrugarh University

    227 shares
    Share 91 Tweet 57
  • When Less Becomes More: Documentary on Frugal Innovation Sparks Deep Dialogue at TISS – A Mahabahu Climate Forum Initiative

    133 shares
    Share 53 Tweet 33
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    4260 shares
    Share 1704 Tweet 1065
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3596 shares
    Share 1438 Tweet 899
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    838 shares
    Share 335 Tweet 210
  • চুতীয়া ৰাজ্য আৰু সেনানায়ক মানিকচন্দ বৰুৱা

    915 shares
    Share 366 Tweet 229
  • ‘Kije Nidarun Khobor Asil’ by Trishna Devi & Miranda Choudhury

    80 shares
    Share 32 Tweet 20
  • Collective Agency and Climate Resilience: How Women-led Institutions are Redefining Adaptation in Rural India?

    75 shares
    Share 30 Tweet 19
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d