প্ৰকৃতিক আমি বচাব নালাগে!
পিনাকপানি বৰুৱা

ব্ৰহ্মাণ্ডত কোনো বস্তুয়েই অন্য কোন বস্তুক ধৰি বান্ধি ৰখা নাই। পৃথিৱীখন ওপঙি আছে, গতি কৰি আছে।
সেইদৰে অন্য গ্ৰহ নক্ষত্ৰ বোৰো নিৰ্দিষ্ট স্থানত এক নিৰ্দিষ্ট গতিত নিৰ্দিষ্ট পথত গতি কৰি আছে।
কোনো খেলিমেলি নোহোৱাকৈ সকলোৱে নিজৰ ভাৰসাম্য বজাই ৰাখিছে। নিজৰ মাজৰ আকৰ্ষণ বিকৰ্ষণবোৰৰ পৰিমাণ যিমান প্ৰয়োজন সিমানেই কৰি ৰাখিছে। অলপো কম নহয়, অলপো বেছিও নহয়। কাৰণ এই সাম্যাৱস্থাত অলপ খেলিমেলিৰ সৃষ্টি হ’লেই ভাবিব নোৱাৰা ধ্বংসলীলাৰ সৃষ্টি হ’ব।

ধ্বংস হলেও কিন্তু পুনৰ নতুনৰ সৃষ্টি হৈ অধিক এক সুস্থিৰ ব্যৱস্থাও গঠন হ’ব বা হৈ আহিছে। এয়ে প্ৰকৃতিৰ প্ৰধান নিয়ম। প্ৰকৃতিয়ে ভাৰসাম্য বজাই ৰাখিব বিচাৰে আৰু কিবা বস্তুৱে যদি সেই ভাৰসাম্যত খেলিমেলিৰ সৃষ্টি কৰে তেন্তে প্ৰকৃতিয়ে সেই বস্তুটোকে নোহোৱা কৰি দিয়ে।
“Save the natureবুলি আমি শ্ল’গান দিওঁ কিন্তু ই কেৱল আমাৰ অহংকাৰৰ প্ৰতিফলন। প্ৰকৃতিক আমি বচাব নালাগে, প্ৰকৃতিয়ে নিজেই নিজক বচাই ল’ব। মানুহ পৃথিৱীলৈ অহাৰ আগতেও প্ৰকৃতি আছিল আৰু পাছতো থাকিব। নিজকে ৰক্ষা কৰাৰ বাবে যি বলিদান দিব লাগে সেই বলিদান কোনো কুণ্ঠাবোধ, কোনো দয়া মমতা নোহোৱাকৈ প্ৰকৃতিয়ে দিব।”
এতিয়া পৃথিৱীৰ ক্ষেত্ৰত ভাবিলে পৃথিৱীৰ প্ৰাকৃতিক পৰিবেশ নষ্ট কৰা বা ভাৰসাম্য ক্ষতি কৰাৰ মূলতে আছো আমি মানুহ জাতিটো। আমাৰ লোভ, স্বাৰ্থপৰতাই প্ৰকৃতিৰ অন্য জীৱক কিমান অসুবিধাত পেলাইছে সেই কথা লিখাৰ প্ৰয়োজন নাই। গতিকে আমাকো পৃথিৱীৰ পৰা সময়তকৈ পূৰ্বেই নোহোৱা কৰি দিয়াৰ চিন্তা প্ৰকৃতিয়ে কৰিলে আমি আচৰিত হ’ব নালাগে।
আগন্তুক দিনত মহামাৰী, প্ৰাকৃতিক দুৰ্যোগে আমাক উপৰ্যুপৰি আক্ৰমণ কৰিলে আমি আচৰিত হ’ব নালাগে। এইসমূহ আমাৰে নিমন্ত্ৰিত। এটা সময়ত এই পৃথিৱীত ৰাজত্ব কৰা ডাইন’চৰৰ অস্তিত্ব নোহোৱা হৈ গ’ল, সময়ত নুবুজিলে আমাৰো দশা একেই হ’বলৈ গৈ আছে।
‘Save the nature’ বুলি আমি শ্ল’গান দিওঁ কিন্তু ই কেৱল আমাৰ অহংকাৰৰ প্ৰতিফলন। প্ৰকৃতিক আমি বচাব নালাগে, প্ৰকৃতিয়ে নিজেই নিজক বচাই ল’ব। মানুহ পৃথিৱীলৈ অহাৰ আগতেও প্ৰকৃতি আছিল আৰু পাছতো থাকিব।
নিজকে ৰক্ষা কৰাৰ বাবে যি বলিদান দিব লাগে সেই বলিদান কোনো কুণ্ঠাবোধ, কোনো দয়া মমতা নোহোৱাকৈ প্ৰকৃতিয়ে দিব। মুঠতে সাম্যাৱস্থা বৰ্তি থাকিব।
প্ৰকৃতি ইমানেই শক্তিশালী যে অন্য কোনো ভগৱানৰ অস্তিত্বৰ ওপৰত সন্দেহ থাকিলেও প্ৰকৃতিক নিসন্দেহে ভগৱান ৰূপে মানি ল’ব পাৰি। আৰু এই ভগৱানৰ পূজা কৰিলেই আমাৰ আৰু আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে ভাল বুলি অনুভৱ হয়।

(বিশ্ব পৰিবেশ দিৱস ৰোমন্হন )
Images from different sources[ headline pic: A creek runs by moss-covered rocks not far From Sol Duc Falls in Olympic National Park. Researchers have found that listening to natural sounds like running water may benefit human health. Naphat Photography via Getty Images]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)