• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Thursday, June 18, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

প্ৰকৃতিৰ ৰম্যভূমি গিবন অভয়াৰণ্য

গৌতম শৰ্মা

by Anjan Sarma
April 18, 2023
in Climate Change, Environment, Geography, Special Report, Tourism, Travel
Reading Time: 2 mins read
0
প্ৰকৃতিৰ ৰম্যভূমি গিবন অভয়াৰণ্য
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰকৃতিৰ ৰম্যভূমি গিবন অভয়াৰণ্য

গৌতম শৰ্মা

Gautam Sarma

হলৌ বান্দৰকে আদি কৰি মুঠ সাতটা প্ৰজাতিৰ বান্দৰৰ আৱাসথলী লগতে অন্যান্য বহু গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী আৰু উদ্ভিদ প্ৰজাতিৰ সমহাৰেৰে সমৃদ্ধ যোৰহাট জিলাৰ মৰিয়নিত অৱস্থিত গিবন অভয়াৰণ্যখন।

যোৰহাট নগৰৰ পৰা ২২ কিলোমিটাৰ দূৰত্বত থকা মৰিয়নি ৰেলৱে জংচনৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অৰণ্যখনি।

সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১০০ মিটাৰ উচ্চতাত অৱস্থিত এই অৰণ্যখনি প্রায় ২০.৯৮ বৰ্গকিলোমিটাৰ মাটিকালিৰে আগুৰি থকা বৃহত্তৰ এক বনভূমি।

পূবে দিহিঙীয়াপাৰা আৰু ভোলাগুৰি চাহবাগিচা, পশ্চিমে কঁঠালগুৰি চাহবাগিচা আৰু ভোগদৈ নদী, উত্তৰে মধুপুৰ আৰু মেলেং চাহবাগিচা আৰু দক্ষিণে ইতিহাসপ্ৰসিদ্ধ ধোদৰ অলিয়ে অভয়াৰণ্যখনিৰ চাৰিসীমা সুশোভিত কৰি ৰাখিছে।

ইতিহাসৰ সোণোৱালী পৃষ্ঠাত গিবন অভয়াৰণ্যৰ ঐতিহ্য বিচাৰ কৰিলে আমি পাওঁ যে এই অৰণ্যখনৰ পূৰ্বৰ নাম আছিল হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল।

এই নামটোৰ উৎপত্তিৰ অন্তৰালত কেতবোৰ বিশেষ জনশ্ৰুতি জড়িত হৈ আছে। প্ৰথমটো জনশ্ৰুতি মতে, আহোম ৰজা গদাধৰ সিংহই চুলিকফা অৰ্থাৎ ল’ৰাৰজাৰ ভয়ত ৰাজ্য এৰি পলাই ফুৰোঁতে ল’ৰাৰজাৰ সৈন্যবাহিনীৰ হাতত এইখিনিতে এবাৰ ধৰা পৰিছিল।

তেতিয়া তেওঁ এডাল হোলোঙাৰে একে জাপে এটা জান জাঁপমাৰি তাৰপৰা পলায়ন কৰিছিল। ফলত এই জানটোক হোলোঙাজান আৰু পাছলৈ ঠাইডোখৰ এই নামৰ পৰাই হোলোঙাপাৰ হয়গৈ।

দ্বিতীয়টো জনশ্ৰুতি মতে, এই অৰণ্যখনত যথেষ্ট হোলোং গছ পোৱা বাবে নামটো হোলোঙাপাৰ। ইয়াৰ পৰৱৰ্তী সময়ত বিশ্বৰ ভিতৰতে অতি বিৰল প্ৰজাতি লুপ্তপ্ৰায় হলৌবান্দৰৰ স্মৃতি ৰক্ষা, সংৰক্ষণ আৰু সুৰক্ষাৰ স্বাৰ্থত অৰণ্যখনৰ নাম হলৌবান্দৰৰ ইংৰাজী নাম “Hollock Giboon” ৰ পৰা “গিবন” নামটো নিৰ্বাচিত কৰি হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চলৰ নাম “গিবন অভয়াৰণ্য”লৈ নামকৰণ কৰা হৈছিল।

১৮৮১ চনৰ ১৭ আগষ্টত ব্ৰিটিছ ঔপনিবেশিক শাসন কালতেই এই অৰণ্যখনক সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। সেই সময়ছোৱাত ইয়াত বজাল বাঁহৰ এখন ডাঠ বাঁহনি আছিল আৰু তাৰ মাজে মাজে শাল, আজাৰ আদি মূল্যবান গছবোৰ আছিল।

ব্ৰিটিছ উপনিবেশিক চৰকাৰে এই অৰণ্যখনক উপযুক্ত সুৰক্ষা প্ৰদান কৰি বনাঞ্চললৈ উন্নীত কৰাৰ সু-উদ্দেশ্যে সেইসময়ৰ প্ৰবাদ পুৰুষ ৰায়চাহাব কাঞ্চিলাল উপাধ্যায়ক দায়িত্বভাৰ অৰ্পণ কৰিছিল।

এই পৰিকল্পনা আগত ৰাখি ১৯২৪ চনৰ পৰা অৰণ্যখনত ক্ষিপ্ৰগতিত বাঁহ গছবোৰ কাটি তাৰ ঠাইত ব্যাপক হাৰত অন্যান্য লাগতিয়াল গছবোৰ ৰোৱাৰ কাম হাতত লোৱা হৈছিল।

আৰু এদিন এনেকৈয়ে বাঁহনিৰ পৰিবৰ্তে এই অৰণ্যখন উৎপাদনমুখী বহু গছ-গছনিৰে সমৃদ্ধ হৈ জৈৱবৈচিত্ৰ্যতাৰ অনুপম ভঁৰাল হিচাপে চিহ্নিত হ’বলৈ সক্ষম হৈছিল।

১৯৯৭ চনৰ ৩০ জুলাইত শেষত অসম চৰকাৰে এখন জাননী FR/37/97/31 ৰ যোগেদি হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল অৰ্থাৎ গিবনক অভয়াৰণ্যৰ শাৰীলৈ উন্নীত কৰে। আৰু সেই দিন ধৰি আজিলৈকে এই অৰণ্যখন গিবন অভয়াৰণ্য হিচাপে জনাজাত হৈ আহিছে।

বন্যপ্ৰাণীৰ আৱাসথলী হিচাপে গিবন অভয়াৰণ্যখন বহু গুৰুত্বপূৰ্ণ, দুষ্পাপ্য তথা লুপ্তপ্ৰায় জীৱ-জন্তুৰে সমৃদ্ধ।

সমগ্ৰ ভাৰতবৰ্ষজুৰি থকা সৰ্বমুঠ ১৫ টা বিশেষ প্ৰজাতিৰ বান্দৰৰ ৭ টা প্ৰজাতিকেই গিবনত পোৱা যায়। এইসমূহ হৈছে- হলৌ বান্দৰ, অসমীয়া বান্দৰ, লাজুকী বান্দৰ, মলুৱা বান্দৰ, টুপিমূৰীয়া বান্দৰ, গাহৰিনেজীয়া বান্দৰ আৰু সেন্দুৰী বান্দৰ। এই সাতবিধ বান্দৰৰ আকৌ ছয়বিধেই অতি বিৰল আৰু দুষ্পাপ্য।

এইসমূহ বান্দৰৰ ভিতৰত হলৌ বান্দৰে গিবনক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। দেখাত বনমানুহ যেন লগা হলৌ বান্দৰৰ পৰিয়ালবোৰ নিজাববীয়াকৈ থাকে। অন্যান্য বান্দৰৰ দৰে জাকপাতি বিচৰণ নকৰে বা নাথাকে। আৰু ইহঁতে গছৰপৰা একেবাৰেই মাটিত নানামে।

ক্ৰমশঃ হেৰাই যোৱা এই বান্দৰ বিধৰ অস্তিত্ব ৰক্ষাৰ হেতু প্ৰতিবছৰে ১২ ছেপ্টেম্বৰৰ দিনটোক “গিবন দিৱস” হিচাপে পালন কৰি অহা হৈছে।

বান্দৰৰ উপৰিও হাতী, ঢেকিয়াপতিয়া বাঘ, বনৰীয়া গাহৰি, সম্বৰ হৰিণ, থুগৰী পহু, শৰ পহু, কেটেলা পহু, জহামাল, লতামেকুৰী বাঘ, বনৰৌ, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, গুঁই, অজগৰ, জালপহীয়া সাপ, দুৰা কাছক আদি বন্যপ্ৰাণীসমূহে গিবনক সদায় চহকী কৰি ৰাখিছে।

সমগ্ৰ দেশখনৰ ভিতৰতেই জৈৱবৈচিত্ৰ্যতাত অত্যন্ত চহকী অৰণ্য গিবন অভয়াৰণ্যখন আদ্রভূমি, পিটনি আৰু কাঠনিৰে পূৰ্ণ।

হোলোং, তিতাচপা, শলখ, চাম, কাঠ বাদাম, সাঁচি, ধূনা, কদম, আজাৰ, চেলেং, থেকেৰা, নাহৰ, বনবগৰী, ৰঙা ডিমৰু, বান্দৰডিমা, পাৰলি, শিঙৰি, অগৰু, বেংলতা, হাতীলতা, চাম কঁঠাল, বনআম, ৰুদাক্ষ, মৰশাল, ভেলকৰ, বন জালুক আদি উদ্ভিদসমূহে গিবনৰ নৈসৰ্গিক পৰিৱেশটোৰ যথেষ্ট শুভাবৰ্ধন কৰি অহাৰ লগতে অৰ্থনৈতিক ভেটিটোকো সুদৃঢ় কৰাত বহু পৰিমানে অৰিহণা যোগায় আহিছে।

তদুপৰি, বিভিন্ন ঘাঁহজাতীয় উদ্ভিদ যেনে- বঁজাল বাঁহ, দলৌ বাঁহ, কাক বাঁহ, কেতেকীফুল, কৌপাত, নল, গেৰুকা, তামোল, বগীতৰা, পাটীদৈ, তৰা, মেগেলা, চেপাই, বিভিন্ন তিতা ইত্যাদিবোৰ প্ৰচুৰ পৰিমাণে অভয়াৰণ্যখনিত পোৱা যায়। যাৰ পৰিপ্ৰেক্ষিতত জীৱ-জন্তুবোৰে অনায়াসে ইয়াত জীয়াই থাকিব পাৰিছে।

লগতে ইয়াত পোৱা প্ৰচুৰ ফল-মূলৰ বাবেও বান্দৰৰ দৰে অন্যান্য বহু জীৱ-জন্তুবোৰ সুকলমে ইয়াত বৰ্তি আছে।

পক্ষীকূলৰ বিচৰণ তথা আৱাসথলী হিচাপেও গিবনখন বিশেষভাবে উল্লেখযোগ্য। মৌপিয়া, ৰূপহী, দহিকতৰা, নাচনী, শগুণ, ফেঁচা, কণামুছৰী, কপৌ, বতাহী, নিলকণ্ঠী, পাতসীয়া, হেঁটুলুকা, ফেঁচুলুকা, বুলবুলি, হাইঠা, ডৰিক, উকহ, ঈগল, চিলনী, বগলী, পাতসীয়া, ধনেশ, ফেঁচু আদি বিভিন্ন প্ৰজাতিৰ চৰাইবোৰ ইয়াত পোৱা যায়।

পক্ষীৰ আৱাসথলী হিচাপে গিবনৰ গুৰুত্ব উপলব্ধি কৰি Birth Life, International শীৰ্ষক বিখ্যাত বেচৰকাৰী সংগঠনটোৱে গিবন অভয়াৰণ্যক Important Bird Area অৰ্থাৎ ‘IBA’ বুলি ঘোষণা কৰিছে। যিটো তথ্য আজি আমাৰ বাবে অতিকৈ সুখকৰ।

উল্লেখ্য যে, গিবন খন আমাৰ বহু হেঁপাহৰ। বিভিন্ন উদ্ভিদ আৰু বন্যপ্ৰাণীসমূহৰ লগতে বহুজনৰে সপোন, আশা, ভৰসা এই অৰণ্যখনিৰ সৈতে সংপৃক্ত হৈ আহিছে লগতে প্ৰচুৰ সম্ভাৱনাৰে ভৰি আছে গিবনৰ আভ্যন্তৰ।

কিন্তু ইয়াৰ সমান্তৰালকৈ কেতবোৰ সমস্যায়ো অৰণ্যখনৰ অস্তিত্বক আজি সংকটাপন্ন নকৰা নহয়। অভয়াৰণ্যখনৰ সোমাজেদি পাৰ হৈ যোৱা ব্ৰডগছ ৰেললাইনে, অৰণ্য খনি ছানি ধৰি থকা লাজুকী লতাবোৰে, লগতে কেতিয়াবা কেতিয়াবা চোৰাং চিকাৰীৰ দৌৰাত্মই আৰু এতিয়াও উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱে গিবনক বহু পিছুৱাই ৰাখি কিছুমান সমস্যাৰে ভাৰাক্ৰান্ত কৰি ৰাখিছে।

আগন্তুক সময়ত এইসমূহ সমস্যাৰ পৰা অৰণ্যখনক মুক্ত কৰিব পাৰিলেহে গিবনে আমালৈ বহু নতুন নতুন আশা, প্ৰত্যাশা তথা সম্ভাৱনাসমূহ কঢ়িয়াই আনিব।

 

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: গিবন অভয়াৰণ্যহলৌ বান্দৰ
Anjan Sarma

Anjan Sarma

Related Posts

Indigenous Agrobiodiversity: A Climate Survival Opinion
Climate Change

Indigenous Agrobiodiversity: A Climate Survival Opinion

by PAHARI BARUAH
June 16, 2026
0

Indigenous Agrobiodiversity: A Climate Survival Opinion Cultivating Resilience: How Indigenous Agrobiodiversity in the Eastern Himalayas Informs Global Climate Adaptation PAHARI...

Read moreDetails
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026
Indigenous people and their web of apathies

Indigenous people and their web of apathies

June 16, 2026
How Did the Rise of the Himalayas Shape Earth’s Climate and Evolution?

Integrating Indigenous Knowledge and Data for Climate Justice in the Eastern Himalayas

June 15, 2026
Who Really Controls the World? Legacy Wealth vs. Big Tech

Who Really Controls the World? Legacy Wealth vs. Big Tech

June 12, 2026
Could Earth Turn into Venus If CO2 Keeps Rising?

Could Earth Turn into Venus If CO2 Keeps Rising?

June 12, 2026
  • Trending
  • Comments
  • Latest
জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

August 7, 2021
অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

November 19, 2024
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

 লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

November 24, 2024
FREEDOM FIGHTERS OF ASSAM

FREEDOM FIGHTERS OF ASSAM

August 14, 2025
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
person in black tank top

বৃক্ক বিকলতা বা কিডনি ফেইলৰ

0
আত্মহত্যা এটা খবৰেই নে ?

আত্মহত্যা এটা খবৰেই নে ?

0
The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

The Modern Odyssey: Cape Verde’s ‘Ulysses Spirit’ Rewrites World Cup History Against 2010 Champions

June 17, 2026
Childhood under Siege

Childhood under Siege

June 16, 2026
Indigenous Agrobiodiversity: A Climate Survival Opinion

Indigenous Agrobiodiversity: A Climate Survival Opinion

June 16, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 16, 2026

Popular Stories

  • জ্যোতি সঙ্গীত – প্ৰথম খণ্ড

    জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    35069 shares
    Share 14027 Tweet 8767
  • অসমীয়া জনজাতীয় সংস্কৃতিঃ সমন্বয় আৰু সমাহৰণ

    15657 shares
    Share 6263 Tweet 3914
  • EU’s Softened CO2 Rules: An Act Amid Global Warming Urgency

    969 shares
    Share 388 Tweet 242
  • বিশ্ব পৰিৱেশ দিৱস ২০২৬: এক সংকটজনক সন্ধিক্ষণত পূৰ্ব হিমালয়

    669 shares
    Share 268 Tweet 167
  • CIA Regime Change Exposed: How U.S. Interventions in 15 Nations Killed Millions and Destabilized the World

    322 shares
    Share 129 Tweet 81
  • পৰিৱেশ সুৰক্ষা আৰু আমাৰ দায়িত্ব 

    3523 shares
    Share 1409 Tweet 881
  • ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যৰাজি সম্পৰ্কে

    1065 shares
    Share 426 Tweet 266
  • শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি

    3847 shares
    Share 1539 Tweet 962
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    6652 shares
    Share 2661 Tweet 1663
  • মাধৱদেৱৰ সাহিত্যকৃতি

    712 shares
    Share 285 Tweet 178
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Not enough quota to unlock this post
Unlock left : 0
Are you sure want to cancel subscription?
%d