• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Wednesday, June 7, 2023
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Lifestyle
  • Entertainment
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home News Special Report

প্ৰকৃতিৰ ৰম্যভূমি গিবন অভয়াৰণ্য

গৌতম শৰ্মা

by Admin
April 18, 2023
in Climate Change, Environment, Geography, Special Report, Tourism, Travel
Reading Time: 2 mins read
0
প্ৰকৃতিৰ ৰম্যভূমি গিবন অভয়াৰণ্য
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰকৃতিৰ ৰম্যভূমি গিবন অভয়াৰণ্য

গৌতম শৰ্মা

Gautam Sarma

হলৌ বান্দৰকে আদি কৰি মুঠ সাতটা প্ৰজাতিৰ বান্দৰৰ আৱাসথলী লগতে অন্যান্য বহু গুৰুত্বপূৰ্ণ বন্যপ্ৰাণী আৰু উদ্ভিদ প্ৰজাতিৰ সমহাৰেৰে সমৃদ্ধ যোৰহাট জিলাৰ মৰিয়নিত অৱস্থিত গিবন অভয়াৰণ্যখন।

যোৰহাট নগৰৰ পৰা ২২ কিলোমিটাৰ দূৰত্বত থকা মৰিয়নি ৰেলৱে জংচনৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই অৰণ্যখনি।

RelatedPosts

বিকাশ বনাম বিনাশ : দুখন ছবি

বিকাশ বনাম বিনাশ : দুখন ছবি

June 7, 2023
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 7, 2023
After writing this line, Fadeev shot himself !

বাঢ়ি অহা আত্মহত্যাৰ ঘটনা আৰু আমাৰ বোধগম্যতা

June 7, 2023

সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১০০ মিটাৰ উচ্চতাত অৱস্থিত এই অৰণ্যখনি প্রায় ২০.৯৮ বৰ্গকিলোমিটাৰ মাটিকালিৰে আগুৰি থকা বৃহত্তৰ এক বনভূমি।

পূবে দিহিঙীয়াপাৰা আৰু ভোলাগুৰি চাহবাগিচা, পশ্চিমে কঁঠালগুৰি চাহবাগিচা আৰু ভোগদৈ নদী, উত্তৰে মধুপুৰ আৰু মেলেং চাহবাগিচা আৰু দক্ষিণে ইতিহাসপ্ৰসিদ্ধ ধোদৰ অলিয়ে অভয়াৰণ্যখনিৰ চাৰিসীমা সুশোভিত কৰি ৰাখিছে।

ইতিহাসৰ সোণোৱালী পৃষ্ঠাত গিবন অভয়াৰণ্যৰ ঐতিহ্য বিচাৰ কৰিলে আমি পাওঁ যে এই অৰণ্যখনৰ পূৰ্বৰ নাম আছিল হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল।

এই নামটোৰ উৎপত্তিৰ অন্তৰালত কেতবোৰ বিশেষ জনশ্ৰুতি জড়িত হৈ আছে। প্ৰথমটো জনশ্ৰুতি মতে, আহোম ৰজা গদাধৰ সিংহই চুলিকফা অৰ্থাৎ ল’ৰাৰজাৰ ভয়ত ৰাজ্য এৰি পলাই ফুৰোঁতে ল’ৰাৰজাৰ সৈন্যবাহিনীৰ হাতত এইখিনিতে এবাৰ ধৰা পৰিছিল।

তেতিয়া তেওঁ এডাল হোলোঙাৰে একে জাপে এটা জান জাঁপমাৰি তাৰপৰা পলায়ন কৰিছিল। ফলত এই জানটোক হোলোঙাজান আৰু পাছলৈ ঠাইডোখৰ এই নামৰ পৰাই হোলোঙাপাৰ হয়গৈ।

দ্বিতীয়টো জনশ্ৰুতি মতে, এই অৰণ্যখনত যথেষ্ট হোলোং গছ পোৱা বাবে নামটো হোলোঙাপাৰ। ইয়াৰ পৰৱৰ্তী সময়ত বিশ্বৰ ভিতৰতে অতি বিৰল প্ৰজাতি লুপ্তপ্ৰায় হলৌবান্দৰৰ স্মৃতি ৰক্ষা, সংৰক্ষণ আৰু সুৰক্ষাৰ স্বাৰ্থত অৰণ্যখনৰ নাম হলৌবান্দৰৰ ইংৰাজী নাম “Hollock Giboon” ৰ পৰা “গিবন” নামটো নিৰ্বাচিত কৰি হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চলৰ নাম “গিবন অভয়াৰণ্য”লৈ নামকৰণ কৰা হৈছিল।

১৮৮১ চনৰ ১৭ আগষ্টত ব্ৰিটিছ ঔপনিবেশিক শাসন কালতেই এই অৰণ্যখনক সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। সেই সময়ছোৱাত ইয়াত বজাল বাঁহৰ এখন ডাঠ বাঁহনি আছিল আৰু তাৰ মাজে মাজে শাল, আজাৰ আদি মূল্যবান গছবোৰ আছিল।

ব্ৰিটিছ উপনিবেশিক চৰকাৰে এই অৰণ্যখনক উপযুক্ত সুৰক্ষা প্ৰদান কৰি বনাঞ্চললৈ উন্নীত কৰাৰ সু-উদ্দেশ্যে সেইসময়ৰ প্ৰবাদ পুৰুষ ৰায়চাহাব কাঞ্চিলাল উপাধ্যায়ক দায়িত্বভাৰ অৰ্পণ কৰিছিল।

এই পৰিকল্পনা আগত ৰাখি ১৯২৪ চনৰ পৰা অৰণ্যখনত ক্ষিপ্ৰগতিত বাঁহ গছবোৰ কাটি তাৰ ঠাইত ব্যাপক হাৰত অন্যান্য লাগতিয়াল গছবোৰ ৰোৱাৰ কাম হাতত লোৱা হৈছিল।

আৰু এদিন এনেকৈয়ে বাঁহনিৰ পৰিবৰ্তে এই অৰণ্যখন উৎপাদনমুখী বহু গছ-গছনিৰে সমৃদ্ধ হৈ জৈৱবৈচিত্ৰ্যতাৰ অনুপম ভঁৰাল হিচাপে চিহ্নিত হ’বলৈ সক্ষম হৈছিল।

১৯৯৭ চনৰ ৩০ জুলাইত শেষত অসম চৰকাৰে এখন জাননী FR/37/97/31 ৰ যোগেদি হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল অৰ্থাৎ গিবনক অভয়াৰণ্যৰ শাৰীলৈ উন্নীত কৰে। আৰু সেই দিন ধৰি আজিলৈকে এই অৰণ্যখন গিবন অভয়াৰণ্য হিচাপে জনাজাত হৈ আহিছে।

বন্যপ্ৰাণীৰ আৱাসথলী হিচাপে গিবন অভয়াৰণ্যখন বহু গুৰুত্বপূৰ্ণ, দুষ্পাপ্য তথা লুপ্তপ্ৰায় জীৱ-জন্তুৰে সমৃদ্ধ।

সমগ্ৰ ভাৰতবৰ্ষজুৰি থকা সৰ্বমুঠ ১৫ টা বিশেষ প্ৰজাতিৰ বান্দৰৰ ৭ টা প্ৰজাতিকেই গিবনত পোৱা যায়। এইসমূহ হৈছে- হলৌ বান্দৰ, অসমীয়া বান্দৰ, লাজুকী বান্দৰ, মলুৱা বান্দৰ, টুপিমূৰীয়া বান্দৰ, গাহৰিনেজীয়া বান্দৰ আৰু সেন্দুৰী বান্দৰ। এই সাতবিধ বান্দৰৰ আকৌ ছয়বিধেই অতি বিৰল আৰু দুষ্পাপ্য।

এইসমূহ বান্দৰৰ ভিতৰত হলৌ বান্দৰে গিবনক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। দেখাত বনমানুহ যেন লগা হলৌ বান্দৰৰ পৰিয়ালবোৰ নিজাববীয়াকৈ থাকে। অন্যান্য বান্দৰৰ দৰে জাকপাতি বিচৰণ নকৰে বা নাথাকে। আৰু ইহঁতে গছৰপৰা একেবাৰেই মাটিত নানামে।

ক্ৰমশঃ হেৰাই যোৱা এই বান্দৰ বিধৰ অস্তিত্ব ৰক্ষাৰ হেতু প্ৰতিবছৰে ১২ ছেপ্টেম্বৰৰ দিনটোক “গিবন দিৱস” হিচাপে পালন কৰি অহা হৈছে।

বান্দৰৰ উপৰিও হাতী, ঢেকিয়াপতিয়া বাঘ, বনৰীয়া গাহৰি, সম্বৰ হৰিণ, থুগৰী পহু, শৰ পহু, কেটেলা পহু, জহামাল, লতামেকুৰী বাঘ, বনৰৌ, বনৰীয়া মেকুৰী, কেৰ্কেটুৱা, গুঁই, অজগৰ, জালপহীয়া সাপ, দুৰা কাছক আদি বন্যপ্ৰাণীসমূহে গিবনক সদায় চহকী কৰি ৰাখিছে।

সমগ্ৰ দেশখনৰ ভিতৰতেই জৈৱবৈচিত্ৰ্যতাত অত্যন্ত চহকী অৰণ্য গিবন অভয়াৰণ্যখন আদ্রভূমি, পিটনি আৰু কাঠনিৰে পূৰ্ণ।

হোলোং, তিতাচপা, শলখ, চাম, কাঠ বাদাম, সাঁচি, ধূনা, কদম, আজাৰ, চেলেং, থেকেৰা, নাহৰ, বনবগৰী, ৰঙা ডিমৰু, বান্দৰডিমা, পাৰলি, শিঙৰি, অগৰু, বেংলতা, হাতীলতা, চাম কঁঠাল, বনআম, ৰুদাক্ষ, মৰশাল, ভেলকৰ, বন জালুক আদি উদ্ভিদসমূহে গিবনৰ নৈসৰ্গিক পৰিৱেশটোৰ যথেষ্ট শুভাবৰ্ধন কৰি অহাৰ লগতে অৰ্থনৈতিক ভেটিটোকো সুদৃঢ় কৰাত বহু পৰিমানে অৰিহণা যোগায় আহিছে।

তদুপৰি, বিভিন্ন ঘাঁহজাতীয় উদ্ভিদ যেনে- বঁজাল বাঁহ, দলৌ বাঁহ, কাক বাঁহ, কেতেকীফুল, কৌপাত, নল, গেৰুকা, তামোল, বগীতৰা, পাটীদৈ, তৰা, মেগেলা, চেপাই, বিভিন্ন তিতা ইত্যাদিবোৰ প্ৰচুৰ পৰিমাণে অভয়াৰণ্যখনিত পোৱা যায়। যাৰ পৰিপ্ৰেক্ষিতত জীৱ-জন্তুবোৰে অনায়াসে ইয়াত জীয়াই থাকিব পাৰিছে।

লগতে ইয়াত পোৱা প্ৰচুৰ ফল-মূলৰ বাবেও বান্দৰৰ দৰে অন্যান্য বহু জীৱ-জন্তুবোৰ সুকলমে ইয়াত বৰ্তি আছে।

পক্ষীকূলৰ বিচৰণ তথা আৱাসথলী হিচাপেও গিবনখন বিশেষভাবে উল্লেখযোগ্য। মৌপিয়া, ৰূপহী, দহিকতৰা, নাচনী, শগুণ, ফেঁচা, কণামুছৰী, কপৌ, বতাহী, নিলকণ্ঠী, পাতসীয়া, হেঁটুলুকা, ফেঁচুলুকা, বুলবুলি, হাইঠা, ডৰিক, উকহ, ঈগল, চিলনী, বগলী, পাতসীয়া, ধনেশ, ফেঁচু আদি বিভিন্ন প্ৰজাতিৰ চৰাইবোৰ ইয়াত পোৱা যায়।

পক্ষীৰ আৱাসথলী হিচাপে গিবনৰ গুৰুত্ব উপলব্ধি কৰি Birth Life, International শীৰ্ষক বিখ্যাত বেচৰকাৰী সংগঠনটোৱে গিবন অভয়াৰণ্যক Important Bird Area অৰ্থাৎ ‘IBA’ বুলি ঘোষণা কৰিছে। যিটো তথ্য আজি আমাৰ বাবে অতিকৈ সুখকৰ।

উল্লেখ্য যে, গিবন খন আমাৰ বহু হেঁপাহৰ। বিভিন্ন উদ্ভিদ আৰু বন্যপ্ৰাণীসমূহৰ লগতে বহুজনৰে সপোন, আশা, ভৰসা এই অৰণ্যখনিৰ সৈতে সংপৃক্ত হৈ আহিছে লগতে প্ৰচুৰ সম্ভাৱনাৰে ভৰি আছে গিবনৰ আভ্যন্তৰ।

কিন্তু ইয়াৰ সমান্তৰালকৈ কেতবোৰ সমস্যায়ো অৰণ্যখনৰ অস্তিত্বক আজি সংকটাপন্ন নকৰা নহয়। অভয়াৰণ্যখনৰ সোমাজেদি পাৰ হৈ যোৱা ব্ৰডগছ ৰেললাইনে, অৰণ্য খনি ছানি ধৰি থকা লাজুকী লতাবোৰে, লগতে কেতিয়াবা কেতিয়াবা চোৰাং চিকাৰীৰ দৌৰাত্মই আৰু এতিয়াও উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱে গিবনক বহু পিছুৱাই ৰাখি কিছুমান সমস্যাৰে ভাৰাক্ৰান্ত কৰি ৰাখিছে।

আগন্তুক সময়ত এইসমূহ সমস্যাৰ পৰা অৰণ্যখনক মুক্ত কৰিব পাৰিলেহে গিবনে আমালৈ বহু নতুন নতুন আশা, প্ৰত্যাশা তথা সম্ভাৱনাসমূহ কঢ়িয়াই আনিব।

 

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • Pinterest
  • Print
  • Email

Like this:

Like Loading...
Tags: গিবন অভয়াৰণ্যহলৌ বান্দৰ
Admin

Admin

Related Posts

বিকাশ বনাম বিনাশ : দুখন ছবি
Environment

বিকাশ বনাম বিনাশ : দুখন ছবি

by Admin
June 7, 2023
0

বিকাশ বনাম বিনাশ : দুখন ছবি অনিতা নাথ সিদিনা মনটো আছিল সেমেকা। জীৱনৰ আধা বয়স পাৰ কৰিলো। শৰীৰটো এতিয়া জোৰা...

Read more
English Language Imperialism and Our Mother Tongues Today

English Language Imperialism and Our Mother Tongues Today

June 7, 2023
After writing this line, Fadeev shot himself !

বাঢ়ি অহা আত্মহত্যাৰ ঘটনা আৰু আমাৰ বোধগম্যতা

June 7, 2023
All About Domestic Abuse and Violence

All About Domestic Abuse and Violence

June 7, 2023
Politics of ethnicity and Sub-Nationalism of North East India

Politics of ethnicity and Sub-Nationalism of North East India

June 6, 2023
gray scale photo of man covering face with his hands

নিবনুৱা আৰু মানসিক স্বাস্থ্য

June 6, 2023
  • Trending
  • Comments
  • Latest
Dholera: Modi’s Dream Project turns lifeless and barren!

Dholera: Modi’s Dream Project turns lifeless and barren!

May 28, 2022
আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

আলাবৈ ৰণ: শৰাইঘাটৰ যুদ্ধৰ পটভূমিত

November 24, 2022
প্ৰাচীন কামৰূপৰ ইতিহাস

প্ৰাচীন কামৰূপৰ ইতিহাস

May 21, 2023
Emergence Of The KNF In Chittagong Hill Tracts

Emergence Of The KNF In Chittagong Hill Tracts

June 4, 2022
man in black shirt standing on top of mountain drinking coffee

মোৰ হিমালয় ভ্ৰমণৰ অভিজ্ঞতা

0
crop businessman giving contract to woman to sign

Loan Waivers : LOOKING BACK@ 2015

0
What is the Burqa and is it mandatory for all Muslim women to wear it?

What is the Burqa and is it mandatory for all Muslim women to wear it?

0
open book pages on surface

অসমীয়া দেখো এজনো নাই

0
Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

Wrestlers’ Protest: Will they get Justice against Sexual Harassment?

June 7, 2023
মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

মোগল সম্ৰাটৰ হাৰেমত মহিলাৰ যৌন জীৱন

June 7, 2023
COLLAGE OF AFGHANISTAN (23)

COLLAGE OF AFGHANISTAN (23)

June 7, 2023
বিকাশ বনাম বিনাশ : দুখন ছবি

বিকাশ বনাম বিনাশ : দুখন ছবি

June 7, 2023

Popular Stories

  • প্ৰাচীন কামৰূপৰ ইতিহাস

    প্ৰাচীন কামৰূপৰ ইতিহাস

    908 shares
    Share 363 Tweet 227
  • THE KERALA STORY: Truth behind it

    561 shares
    Share 224 Tweet 140
  •  লাচিত : শৰাইঘাটৰ যুদ্ধ আৰু ইয়াৰ ঐতিহাসিক তাৎপৰ্য

    644 shares
    Share 258 Tweet 161
  • জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতা

    635 shares
    Share 254 Tweet 159
  • Dholera: Modi’s Dream Project turns lifeless and barren!

    901 shares
    Share 428 Tweet 268
  • মিচিং সমাজ আৰু সংস্কৃতি

    269 shares
    Share 108 Tweet 67
  • ইতিহাসৰ জলঙাইদি হাজো

    419 shares
    Share 168 Tweet 105
  • লক্ষ্মীনাথ বেজবৰুৱাৰ “কবিতা”

    320 shares
    Share 128 Tweet 80
  • টাইফাকেঃ সমাজ জীৱন, সংগ্ৰাম আৰু সমস্যা

    186 shares
    Share 74 Tweet 47
  • নাটকৰ ক্ৰমবিকাশ – এটি আলোকপাত

    261 shares
    Share 104 Tweet 65
Mahabahu.com

Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Facebook Twitter Youtube LinkedIn
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Entertainment
    • Theater
    • Movie
    • Music
    • Dance
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Gallery
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d bloggers like this: