• Terms of Use
  • Article Submission
  • Premium Content
  • Editorial Board
Saturday, June 13, 2026
  • Login
No Result
View All Result
Cart / ₹0

No products in the cart.

Subscribe
Mahabahu.com
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • Home
  • News & Opinions
  • Literature
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
No Result
View All Result
Mahabahu.com
Home Climate Change

প্ৰকৃতি সুৰক্ষাৰ বাস্তৱ কণ্ঠঃ বিশ্ব নাগৰিক জুবিন গার্গ

CLIMATE CHANGE / ASSAMESE SECTION / People Of Assam /Zubeen

by Manas Pratim Dutta
September 27, 2025
in Climate Change, ASSAM, ASSAMESE SECTION, Environment, Inspiration, PEOPLE OF ASSAM
Reading Time: 4 mins read
0
Zubeen Garg : Radical Romanticism of an Irreverent Icon
Share on FacebookShare on TwitterShare on LinkedIn

প্ৰকৃতি সুৰক্ষাৰ বাস্তৱ কণ্ঠঃ বিশ্ব নাগৰিক জুবিন গার্গ

প্ৰকৃতি সুৰক্ষাৰ বাস্তৱ কণ্ঠঃ বিশ্ব নাগৰিক জুবিন গার্গ

মানস প্রতিম দত্ত

Manas Pratim Dutta
মানস প্রতিম দত্ত

১৯ ছেপ্তেম্বৰ ২০২৫। গতানুগতিক এটা দিন।

গছৰ পাতবোৰ মৃদু বতাহত হালি-জালি নাচিছে, নদীবোৰ চিৰপ্রবাহিত ৰূপেৰে বৈ গৈছে, বেলিৰ ৰশ্মিয়ে চুই গৈছে সেউজীয়া পৃথিৱী। কিচিৰ-মিচিৰ মাতেৰে চৰাইবোৰে গান গাইছে, মেকুৰীটো লৰ দিছে, পখিলাবোৰ উৰিছে। বিদ্যালয়সমূহত ব্যস্ততা বাঢ়িছে। ছমহীয়া পৰীক্ষা আৰম্ভ হৈছে। আন দিনাৰ দৰেই গতানুগতিকভাৱে আগবাঢ়িছিল দিনটো।

প্ৰকৃতি সুৰক্ষাৰ বাস্তৱ কণ্ঠঃ বিশ্ব নাগৰিক জুবিন গার্গ

কিন্তু ২ বাজি ৪৫ মিনিট হোৱাৰ লগে লগে সলনি হৈ পৰিল দিনটোৰ ছাঁয়া ছবি। বাতৰিত বৰ বৰ হৰফেৰে, কৰুণ স্বৰেৰে প্রচাৰিত হ’ল জুবিন গার্গ আৰু নাই! আমাৰ প্রাণৰ জুবিন দা, গানৰ জুবিন দা, গছ-চৰাই-অৰণ্য-মানুহ ভালপোৱা জুবিন দা আৰু নাই!!!

খবৰটোৱে যেন স্তব্ধ কৰি পেলালে নৈ, বতাহ, বেলিৰ গতি। মাত হেৰাল যেন চৰাইবোৰৰ…। এয়া জানো হ’ব পাৰে? জুবিন গার্গ নাই- এয়া সকলোৰে কল্পনাতীত এটা খবৰ। সকলোৰে মুখত এটাই কথা, এটাই যুক্তি জুবিন আছিল, আছে আৰু থাকিব। জুবিন নাইকীয়া হ’ব নোৱাৰে। জুবিন নোহোৱা হ’ব নোৱাৰে। জুবিন আছে….. আৰু আছে….।

 জুবিন এক অনুষ্ঠান। জুবিন এক সত্ত্বা। সৰলতা আৰু ভালপোৱাৰ প্রতীক জুবিন। অনামিকাৰে সংগীত জীৱন আৰম্ভ কৰি অসমীয়া সংগীত জগতত নিজৰ চিনাকি গঢ়ি অসমীয়াৰ হিয়াৰ আমঠু হৈ পৰা দীঘল চুলিৰ ল’ৰাটোৱেই আমাৰ ‘হার্টথ্র’ব’ জুবিন দা। জুবিনৰ গান শুনা, ওচৰৰ পৰা এবাৰ দেখা পোৱাৰ যি উচ্ছাস সেই আনন্দ তুলনাবিহীন। 

 জুবিনে ভালপাইছিল বন-অৰণ্য। জুবিনে ভাল পাইছিল গছ। শৈশৱৰ সোণোৱালী দিন অতিবাহিত কৰা যোৰহাটৰ বঙালপুখুৰীৰ ঘৰত জুবিনে ৰোপণ কৰিছিল এজোপা পাইন গছ। সেই ঘৰটোলৈ গ’লেই জুবিনে গছজোপাৰ সৈতে কথা পাতে, সাৱটি উমাল সান্নিধ্য লৈছিল। 

 গোলকীয় উষ্ণতা আৰু নির্বনানীকৰণৰ ভয়াৱহতাৰ প্রতি সজাগ আছিল জুবিন গার্গ। আমাৰ সকলোৰে দৰে জুবিনৰো প্ৰিয় আছিল গামোছা। জুবিনে গামোচাতকৈয়ো গছ আৰু কিতাপ বেছি ভাল পাইছিল। এবাৰ এখন বিহুমঞ্চত আয়োজকসকলে জুবিন গাৰ্গক গামোচা আৰু জাপিৰে সন্মানিত কৰিছিল। সেই অনুষ্ঠানতে যেতিয়া এটি শিশুৱে তেওঁক এজোপা গছ উপহাৰ দিলে, তেতিয়া জুবিন গাৰ্গে সুযোগ গ্ৰহণ কৰি দৰ্শকক পৰিৱেশৰ বিষয়ত সম্বোধন কৰি কৈছিল, ‘মই গামোচাতকৈ গছবোৰক বেছি ভাল পাওঁ। অনুগ্ৰহ কৰি মোক গামোচাৰ সলনি অধিক গছ দিয়ক; গছবোৰ ডাঙৰ হ’ব।’

প্ৰকৃতি সুৰক্ষাৰ বাস্তৱ কণ্ঠঃ বিশ্ব নাগৰিক জুবিন গার্গ
GLOBAL WAMING by Zubeen and others

  যেতিয়াই বন ধ্বংস, অৰণ্য ধ্বংস অথবা গছ কটাৰ প্রতিবাদ হৈছে, তাতেই গছৰ হকে মাত মাতে জুবিন গার্গে। গছক প্রাণভৰি ভাল পায় জুবিন গার্গে। নাহৰ ভালপাইছিল জুবিন গাৰ্গে। সেয়েহে তেখেতৰ অপূৰ্ব সৃষ্টি নাহৰৰ গীত পৰিৱেশন কৰাৰ লগতে দৰ্শকক উদ্দেশ্যি কৈছিল-নাহৰ গালেই নহ’ব। নাহৰ গছ ৰোপণ কৰিবও লাগিব।

      গঁড়। অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্রতীক। গঁড় ভাল পায় জুবিন গার্গে। ২০১৩ চনৰ ১৮ নৱেম্বৰত গঁড় সুৰক্ষা আৰু সজাগতাৰ উদ্দেশ্যে নতুন প্রজন্মৰ সৈতে আৰম্ভ কৰিছিল ‘ৰাইন’ ৰেলী’। সেই সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাজীৱ গান্ধী ওৰাং বন্যপ্ৰাণী এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰৰ বিষয়ে সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল এই বাইচাইকেল ৰেলী। সেউজীয়া টি-চাৰ্ট পৰিধান কৰি জুবিনে “গঁড় ৰক্ষা কৰক, অসম ৰক্ষা কৰক” শ্ল’গানেৰে জনসচেতনা বৃদ্ধিৰ প্রয়াস কৰিছিল। এই বাইচাইকেল ৰেলীত প্ৰায় ২০০ জন স্বেচ্ছাসেৱী অংশগ্ৰহণ কৰিছিল। 

     জীৱ-জন্তুৰ প্রতি জুবিনৰ আছিল অকৃত্রিম প্রেম। আমি সচৰাচৰ এলাগী কৰা কাউৰীজনকো খাদ্য খোৱায় ভাল পায় জুবিন গাৰ্গে। এবাৰ এটা আঘাতপ্রাপ্ত বগলীক উদ্ধাৰ কৰি সুস্থ কৰি তুলিছিল। বগলীটোক মৰমতে নাম দিছিল উদাসিনী গার্গ। উদাসিনী আহি জুবিনৰ কান্ধত উঠে। জুবিনে মাছ দিয়ে। উদাসিনীয়ে খায়। জুবিনৰ ঘৰলৈ এটা বান্দৰ আহিছিল। যাৰ নাম দিছিল মধসূদন গার্গ। কুকুৰৰ প্রতিও আছিল জুবিনৰ অলেখ হেঁপাহ। ৰেম্বো, টিয়া, ইকো, মায়া নামৰ কুকুৰকেইটাৰ সৈতে খেলা-ধূলা কৰি ভাল পাইছিল জুবিনে।

প্ৰকৃতি সুৰক্ষাৰ বাস্তৱ কণ্ঠঃ বিশ্ব নাগৰিক জুবিন গার্গ

    জুবিনৰ গান আছিল মানুহ আৰু প্ৰকৃতিৰ সমন্বয়ৰ সেতু। তেওঁৰ কণ্ঠত পৰিৱেশ আৰু সংৰক্ষণৰ বাৰ্তাও জীৱন্ত হৈ উঠিছিল। জুবিনে নদী ভাল পায়, সাগৰ ভালপায়। ভালপায়-সেউজীয়া। তাৰেই চিনাকি সুৰবোৰ গান হৈ ভাঁহি আহে জুবিনৰ কথা, সুৰ আৰু কণ্ঠত। 

“নদী নদী যেন তুমি

সাগৰ সাগৰ মই যেন আজি…” (নদী নদী, এলবাম-বাঁহী)

“সেউজীয়া মন সেউজীয়া প্রাণ

সেউজীয়া যৌৱন, সেউজীয়া গান..” (সেউজীয়া মন, এলবাম- ৰং) আদি।

পৰিৱেশ সংৰক্ষণৰ বার্তাবাহক বহু গীতিকাৰৰ গীতত কণ্ঠ নিগৰাইছে জুবিন গার্গে। সেউজীয়া পথাৰ (কথা: ইবচন লাল বৰুৱা)ত তেওঁ গাইছিল অসমৰ সেউজীয়া পথাৰ আৰু দূৰণিৰ পাহাৰৰ সৌন্দৰ্যৰ সুকোমল কথা।

“সেউজীয়া পথাৰতে 

কি জানো মায়া আছে

কি যাদু ভৰি আছে 

দূৰণিৰ পাহাৰতে…” (সেউজীয়া পথাৰ, কণ্ঠ-জুবিন গার্গ, গীতৰ কথা- ইবচন লাল বৰুৱা)

    এনে সময় (কথা: ৰেকিব ছৈয়দ) নামৰ গীতটিত তেওঁ ৰেকিব ছৈয়দৰ সৈতে কণ্ঠ নিগৰাইছিল। গীতটিৰ জৰিয়তে জনসাধাৰণক তেওঁ গোলকীয় উষ্ণতাৰ বিপদৰ কথা সোঁৱৰাই, পৃথিৱীক পুনৰ সেউজীয়া কৰাৰ আহ্বান জনাইছিল। 

‘‘গোলকীয় উষ্ণতাই

ধৰাৰ বিপদ মাতিছে….’’

‘‘…পৃথিৱীক আকৌ সেউজীয়া কৰিবলে

ওলাই আহা প্রকৃতিক বচাবলে

প্রকৃতি নাথাকিলে 

পৃথিৱী থাকিব কেনেকে..’’ (এনে সময়, কণ্ঠ- জুবিন গার্গ, ৰেকিব ছৈয়দ, কথা-ৰেকিব ছৈয়দ)

    কাজিৰঙা (কথা: অনিল চক্ৰৱৰ্তী)ত তেওঁ গঁড়ৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গাইছিল-

‘‘ধৰ ধৰ মাৰ মাৰ

গঁড়কে মাৰ

নিপাত হ’ল সম্পদ

অসমীয়াৰ…’’ (কাজিৰঙা, কণ্ঠ- জুবিন গার্গ, পল্লবী ভার্গব, কথা-অনিল চক্রৱর্তী)

জুবিনে কবিতাৰেও প্রকৃতিৰ কথা কয়-

‘‘সৰা শেৱালি দেখিলেই মোৰ মনত পৰে

সেই চোতালখনলৈ

আৰু সেই পদূলিটোলৈ

য’ত এতিয়াও উশাহ লওঁ মই…’’ (বন্য ল’ৰালি, জুবিন গার্গ)

      ১৯ ছেপ্তেম্বৰ ২০২৫ৰ খবৰে হয়তো স্তব্ধ কৰিছিল আকাশ-বতাহ আৰু অসম-অসমীয়াৰ কণ্ঠ। তেওঁৰ কণ্ঠ, শব্দ অসমৰ পাহাৰে-ভৈয়ামে নিৰৱধি নদীৰ দৰে বৈ থাকিব। জীৱন্ত হৈ থাকিব তেওঁ ৰোপণ কৰা গছবোৰত, তেওঁ ৰক্ষা কৰিবলৈ যুঁজ দিয়া গঁড়বোৰৰ মাজত চিৰদিন, চিৰকাল…।

তেওঁৰ সুৰ, কণ্ঠ আৰু গীতবোৰ ভালপোৱাৰ নদীৰ দৰে সদায়ে বৈ থাকিব। তেওঁৰ গীতে পৰৱৰ্তী প্ৰজন্মলৈ লৈ যাব সৰলতা আৰু পৰিৱেশৰ সজাগতাৰ বাৰ্তা। তেওঁৰ গানৰ দৰেই জুবিনৰ হৃদয় আৰু আত্মা চিৰসেউজীয়া, চিৰঞ্জীৱী।

প্ৰকৃতি সুৰক্ষাৰ বাস্তৱ কণ্ঠঃ বিশ্ব নাগৰিক জুবিন গার্গ

Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.  You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary) Images from different sources.

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on Pinterest (Opens in new window) Pinterest
  • Print (Opens in new window) Print
  • Email a link to a friend (Opens in new window) Email

Like this:

Like Loading…
Tags: Zubeen Garg
Manas Pratim Dutta

Manas Pratim Dutta

Related Posts

Could Earth Turn into Venus If CO2 Keeps Rising?
Climate Change

Could Earth Turn into Venus If CO2 Keeps Rising?

by Kakali Das
June 12, 2026
0

Could Earth Turn into Venus If CO2 Keeps Rising? KAKALI DAS What would happen if we just kept adding carbon...

Read moreDetails
The Brahmaputra River: Asia’s Mighty Lifeline Driving Climate Change, Ecology, and Geopolitical Tensions

Mising Indigenous Governance and Hydrological Resilience in the Brahmaputra Basin

June 11, 2026
Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

Geography and Geopolitics: How Location, Resources, Climate, and Trade Routes Shape Global Power

June 11, 2026
When the Heat Becomes the Opponent

When the Heat Becomes the Opponent

June 11, 2026
Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

Alap: A Heartfelt Initiative Restoring Joy to Senior Citizens by Hrishikesh Bharadwaj

June 10, 2026
Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

Poisoned Plates, Silent Health Department & Administration: Assam’s Growing Food Safety Disaster

June 9, 2026
Mahabahu.com

Mahabahu: An International Journal Showcasing Premium Articles and Thought-Provoking Opinions on Global Challenges - From Climate Change and Gender Equality to Economic Uplift.

Category

Site Links

  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

We are Social

Instagram Facebook
  • About
  • Privacy Policy
  • Advertise
  • Careers
  • Contact

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Oops!! The Content is Copy Protected.

Please ask permission from the Author.

No Result
View All Result
  • Home
  • News & Opinions
    • Politics
    • World
    • Business
    • National
    • Science
    • Tech
  • Mahabahu Magazine
    • December 2023 – Vol-I
    • December 2023 – Vol-II
    • November 2023 – Vol-I
    • November 2023 – Vol-II
    • October 2023 – Vol-I
    • October 2023 – Vol-II
    • September 2023 – Vol-I
    • September 2023 – Vol-II
  • Lifestyle
    • Fashion
    • Travel
    • Health
    • Food
  • Mahabahu Books
    • Read Online
    • Free Downloads
  • E-Store
  • About Us

© 2021 Mahabhahu.com - All Rights Reserved. Published by Powershift | Maintained by Webx

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
%d