-অঞ্জন শৰ্মা |
(১)
এইকথা এতিয়া সকলোৱে ভালদৰে জানে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ভ্ৰমণ কৰি যিমান সুখ পায়, অপ্ৰস্তুতিৰ সুযোগত শত্ৰুপক্ষই অতৰ্কিতে আক্ৰমণ কৰাৰ লেখীয়াকৈ হঠাৎ আকস্মিকভাৱে নাটকীয় ভংগীৰে প্ৰজাসকলক বিস্মিত, বিহ্বল, শিহৰিত, ৰোমাঞ্চিত কৰিব পৰাকৈ দৃশ্য-শ্ৰব্য প্ৰণালীৰ মাধ্যমেৰে কেতবোৰ ঘোষণা কৰিও সমধিক আনন্দ পায়। বিগত বছৰবোৰত তেনে ঘটনাৰ সাক্ষী হোৱাৰ অভিজ্ঞতা প্ৰজাবৃন্দৰ হৈছে—অসমৰ পৰা অবৈধ বাংলাদেশীক টালি-টোপোলাৰে সৈতে খেদা হ’ব বুলি কৰা বজ্ৰনিনাদৰ অভিজ্ঞতাই হওক বা বিদেশৰ ক’লাধন উদ্ধাৰ কৰি আনি প্ৰত্যেকৰে বেংক একাউণ্টত ভৰাই দিয়া হ’ব বুলি সকলোকে ৰোমাঞ্চিত কৰা ঘোষণাৰ ক্ষেত্ৰতেই হওক বা অসম চুক্তিৰ ৬ নং দফা সম্পৰ্কে বিশেষজ্ঞসকলৰ (বা ‘কমিটি’ৰ) পৰা প্ৰতিবেদন পোৱাৰ পিছতেই দাড়ি-ক’মা নকটাকৈ ৰূপায়ণ কৰা হ’বই বুলি কৰা অমৃত-অমৰ ঘোষণাই হওক বা বিমুদ্ৰাকৰণৰ অধ্যায়ৰ ক্ষেত্ৰতেই হওক অথবা ‘লকডাউন’ৰ ঘোষণাৰ ক্ষেত্ৰতেই হওক (অক্ষয় কুমাৰে সাক্ষাৎকাৰ লোৱা, কেদাৰনাথৰ গুহাত ধ্যান কৰা, প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ উদ্যানত যোগ-কলা প্ৰদৰ্শন কৰা, ১০০ খন স্মাৰ্টচিটিৰ নিৰ্মাণ, বছৰি ২ কোটি নিবনুৱাক চাকৰি দিয়া হ’ব বুলি কৰা ঘোষণা, ইত্যাদিবোৰ ইয়াত টানিবলৈ আমাৰ আগ্ৰহ নাই )।
মোডী ডাঙৰীয়াই যে এনে কৰ্ম কৰি পৰম প্ৰশান্তি অনুভৱ কৰে, তাৰে সৰ্বোৎকৃষ্ট উদাহৰণ আছিল বিমুদ্ৰাকৰণৰ নাটক! সম্পূৰ্ণ ব্যৰ্থ বিমুদ্ৰাকৰণৰ অধ্যায়ৰদ্বাৰা কোটি কোটি মানুহক হাৰাশাস্তি কৰা হ’ল, অৰ্থনীতিৰ মেৰুদণ্ড কোঙা কৰি পেলোৱা হ’ল, কি যে অসহনীয় এক অধ্যায় ( বিমুদ্ৰাকৰণৰ সময়ত মোডী ডাঙৰীয়াই প্ৰজাসকলক ৫০ টা দিন কষ্ট কৰিবলৈ কৈছিল ‘দেশ’ৰ স্বাৰ্থত, ক’লাধন উদ্ধাৰ কৰাৰ স্বাৰ্থত)…তাৰ পিছত ‘জি-এছ-টি’ পৰ্ব আৰম্ভ হ’ল,… মানুহক সুস্থিৰে থাকিবলৈ নিদিলে নতুন দিল্লীয়ে, আধাৰকাৰ্ডৰ অধ্যায়, ‘কেব’-অৰ অধ্যায়, ‘কা’-ৰ অধ্যায়, কাশ্মীৰ অধ্যায়, ‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী’ অধ্যায়,…এনে সময়তে আচম্বিতে ৰংগমঞ্চত কৰ’না বা কোভিড-১৯ ভাইৰাছৰ প্ৰৱেশ ঘটিল, যিদৰে ঘটিল বিশ্বৰ দেশে-দেশে, চীনৰ পৰা হংকং, জাপান, ছিংগাপুৰ, ইটালী, জাৰ্মানী, ফ্ৰান্স, দক্ষিণ কোৰিয়া, ইংলেণ্ড, আমেৰিকা, ইৰাণ, পাকিস্তান… বহু দীৰ্ঘতম তালিকাখন। অৰ্থাৎ, একমাত্ৰ ভাৰতৰ ক্ষেত্ৰতেই কৰ’না ভাইৰাছৰ মহাতংক প্ৰযোজ্য হোৱা নাছিল। কিন্তু কৰ’নাই ভাৰতত প্ৰৱেশ কৰাৰ পিছতো প্ৰায় দুই-আঢ়ৈমাহ ‘কৰ’না’ৰ বিভীষিকাক গুৰুত্ব প্ৰদান নকৰি হঠাৎ, একেবাৰে হঠাৎ, যেন ‘চাৰিঘণ্টা বা ছয়ঘণ্টা পিছত চীনে ভাৰতবৰ্ষত পৰমাণু-ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিব’ ধৰণৰ এক ভীতি বুকুত লৈ পুনৰ আকস্মিকভাৱে নাটকীয় ঘোষণা—যি ধৰণৰ ঘোষণা কৰি তেওঁ পৰম সুখ পায়—এক আতংকময় পৰিৱেশ নিজেই সৃষ্টি কৰি এটা দিনো সময় নিদিয়াকৈ কৰিলে ‘লক-ডাউন’ৰ ঘোষণা! ‘লক-ডাউন’ প্ৰয়োজনীয়, অতীৱ প্ৰয়োজনীয় বুলি প্ৰায় সকলোৱেই স্বীকাৰ কৰে, কাৰণ কৰ’নাৰ চিকিৎসা এতিয়ালৈ নাই। কিন্তু কৰ’নাৰ প্ৰৱেশৰ পিছতো যি ভাৰত চৰকাৰ দুই-আঢ়ৈমাহ নিৰ্লিপ্ত হৈ থাকিল। ১ ফেব্ৰুৱাৰী তাৰিখেই প্ৰথমগৰাকী কৰ’নাক্ৰান্ত ভাৰতবৰ্ষত ধৰা পৰিছিল, কিন্তু সকলোৱে দিল্লীৰ নিৰ্বাচনত কেজৰিৱালক পৰাস্ত কৰিবলৈ ব্যস্ত হৈ কৰ’নাক গুৰুত্বই নিদিলে আৰু দিল্লীৰ নিৰ্বাচনত ব্যস্ত হৈ থাকিল, তাৰপিছত ২৪ ফেব্ৰুৱাৰী তাৰিখে ১২০ কোটি টকা খৰছ কৰি ‘নমস্তে ট্ৰাম্প’ অনুষ্ঠানৰ আয়োজন কৰি কৰ’নাৰ সময়ত হাজাৰ হাজাৰ মানুহক ষ্টেডিয়ামত ভৰাই দি তেওঁলোকক এক বিপদৰ মুখলৈ ঠেলি দিলে ( গুজৰাটৰ কৰ’নাক্ৰান্তৰ সংখ্যাধিক্যৰ এক মূল কাৰণ ‘নমস্তে ট্ৰাম্প’ বুলি এতিয়া চৰ্চা চলিছে), তাৰপিছত ব্যস্ত হৈ পৰিল মধ্যপ্ৰদেশত বিজেপি চৰকাৰ গঠনকাৰ্যত আৰু ২৩ মাৰ্চত মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান হোৱাত স্বস্তি অনুভৱ কৰিলে, ইতিমধ্যে অমিত শ্বাহ তথা অজিত ডোভালৰ নাকৰ তলেৰেই ১৩ মাৰ্চ তাৰিখে দিল্লীত তবলিগিৰ অনুষ্ঠান হৈ গ’ল! ভাৰত চৰকাৰে সাৰ পাই উঠিল মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছত, অৰ্থাৎ এদিন পিছত! দৃশ্য-শ্ৰব্য মাধ্যমত মোডীৰ আৱিৰ্ভাৱ হ’ল। ভাৰতবৰ্ষত ৫০০ লোক কৰ’নাক্ৰান্ত হোৱাৰ পিছত ২৫ মাৰ্চ তাৰিখৰ পৰা ‘লকডাউন’ আৰম্ভ হ’ল। ৫০০০ লোক আক্ৰান্ত হোৱাৰ পিছত ভাৰতবৰ্ষৰ মানুহক কাঁহী, বাতি, থালী, টিলিঙা বজাবলৈ আহ্বান জনোৱা হ’ল, আৰু মানুহে বজালেও। ১০০০০ লোক আক্ৰান্ত হোৱাৰ পিছত চাকি-মমবাতি জ্বলোৱা হ’ল আৰু কিছুমানে জোৰ হাতত লৈ সমদলো কৰিলে, ফটকা আদিও ফুটালে। ৪০০০০ লোক আক্ৰান্ত হোৱাৰ পিছত ভাৰতবৰ্ষৰ সেনাবাহিনীয়ে আকাশৰ পৰা পুষ্প-বৰ্ষণ কৰি সকলোকে চমকৃত কৰিলে আৰু সেই মহান কৰ্মক ভূয়সী প্ৰশংসা কৰি সংবাদৰ জগতত উখল-মাখল লাগিল। ৫০০০০ লোক আক্ৰান্ত হোৱাৰ পিছত ভাৰতবৰ্ষত খুলি দিয়া হ’ল মদৰ দোকান আৰু ভাৰতবৰ্ষৰ অৰ্থনীতি মজবুত কৰিবলৈ দৈহিক ব্যৱধান মানি দেশপ্ৰেমীসকল মদৰ দোকানৰ সন্মুখত দীঘল দীঘল শাৰী পতা ছৱিৰে ‘চোছিয়েল মেডিয়া’ ভৰি পৰিল। ৬০০০০ লোক আক্ৰান্ত হোৱাৰ পিছত বিশেষ ৰেলসেৱা আৰম্ভ কৰা হ’ল! এতিয়া কথা হ’ল – ২৫ মাৰ্চৰ পৰা বাসগৃহত সোমাই থকা কাৰ্য ভেকো-ভাওনাত পৰিণত হ’ল নে নহ’ল? তাৰোপৰি ২৪ এপ্ৰিল তাৰিখে ভাৰত চৰকাৰে সংবাদ মেলৰ যোগেৰে ঘোষণা কৰিছিল যে ১৬ মে’ তাৰিখে ভাৰতবৰ্ষ সম্পূৰ্ণভাবে কৰ’নামুক্ত হ’ব, ‘শূণ্য’ হৈ পৰিব ‘কৰ’নাক্ৰান্ত’! কিন্তু ১৬ মে’ তাৰিখে ভাৰতৰ কৰ’নাক্ৰান্তৰ সংখ্যা হৈ পৰিল ৮৯৪৬০ জন !
আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে, ভাৰত চৰকাৰে হঠাৎ ‘লক-ডাউন’ৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে জনসাধাৰণক অন্ততঃ চাৰি-পাঁচদিন সময় নিদিলে কিয়!? তিনি-চাৰি-পাঁচ দিন সময় যদি হাতত থাকিলহেঁতেন, লক্ষ লক্ষ জনসাধাৰণে ভাৰতবৰ্ষ উপমহাদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ঘৰমুৱা হ’বলৈ হাতত সময় পালেহেঁতেন আৰু যমৰ জীয়াতু ভুগিব নালাগিলহেঁতেন। তদুপৰি আজি প্ৰায় ৫০ দিন ধৰি সমগ্ৰ উপমহাদেশত যিধৰণে প্ৰব্ৰজন হৈছে—হাজাৰ হাজাৰ কিলোমিটাৰ বোকোচাত শিশুক বান্ধি খোজকঢ়া দৃশ্যৰপৰা আৰম্ভ কৰি ৰাজপথত সন্তান প্ৰসৱ কৰা অৱস্থা, ৰেললাইনত মৃত্যু হোৱা অৱস্থা, আত্মহত্যা, মৃত্যু, অকাল মৃত্যু—এনেবোৰ ঘটনা নঘটিলহেঁতেন। প্ৰব্ৰজন হ’ব পাৰে বুলি হয়তো গুজৰাটৰ আমোলাবৃন্দৰ (প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ) মূৰত খেলোৱাই নাছিল! সংগঠিত অসংগঠিত শ্ৰমিকসকলক যদি ‘লকডাউন’ৰ পূৰ্বে মালিকপক্ষৰ জৰিয়তে দৰমহা-মজুৰি ভাৰত চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিলেহেঁতেন, তেনেক্ষেত্ৰতো এই বিপুল হাৰত অকল্পনীয় হিয়া মোচৰ খোৱা ধৰণৰ পলায়ন, পদযাত্ৰা , ট্ৰাকযাত্ৰা, চাইকেলযাত্ৰা নহ’লহেঁতেন। কিন্তু ৫৫ মাহত ৯২ খন দেশ ভ্ৰমণ কৰি ভাৰতবৰ্ষৰ প্ৰজাৰ ২০২১ কোটি টকা খৰছ কৰা মোডী ডাঙৰীয়াই বা আঠ-দহখন গাড়ীৰ কনভয় লৈ বা হেলিকপ্তাৰ আৰু চাটাৰ্ড বিমান লৈ ভ্ৰমণ কৰা তেওঁৰ শিষ্যসকলে কিদৰে অনুমান কৰিব পাৰিব পেটত অন্ন নপৰাকৈ তপত সূৰ্য মূৰৰ ওপৰত লৈ চুটকেচত শিশুক বহুৱাই লৈ ৰচীৰে টানি টানি পদযাত্ৰা কৰি থকা মহিলাগৰাকীৰ দুঃসহ যন্ত্ৰণাৰ কথা… !! ডব্লিউ-বি ৪৭৮৫৮৩ নম্বৰৰ ট্ৰাক এখনত অসমৰ ১৩০ গৰাকী লোক ভোকে-পিয়াহে জৰ্জৰিত হৈ (মহিলা, শিশুকে ধৰি) ভেৰা-ছাগলীৰ দৰে উঠি বিহাৰৰ পৰা আহি ১৭ মে’ তাৰিখে ৰাতিপুৱা শ্ৰীৰামপুৰত উপস্থিত হয় ! ‘কন্টেইনাৰ ট্ৰাক’ত গোপনে অসমত প্ৰৱেশ কৰা অসমৰ ৫১ জন শ্ৰমিকক বঙাইগাঁওৰ চাপ্ৰাকাটাত আৰক্ষীয়ে আটক কৰে ১৭ মে’ তাৰিখে। যেন হিটলাৰৰ জাৰ্মানীৰপৰা ইহুদীৰ পলায়ন-যাত্ৰা! নিজৰ ঘৰখনলৈ উদ্দেশ্য কৰি বিভিন্ন প্ৰান্তৰপৰা মানুহ পলাইছে কৰ’নাৰ আতংকত, কৰ্মচ্যুত হৈ নাখাই মৰিবলগীয়া হ’লে মুখত পানী এটুপি দিবলৈও কাষত কোনো এজনকো নোপোৱাৰ আতংকত, ঘৰৰ ভাড়া-বিদ্যালয়ৰ মাচুল-খাদ্য আদিৰ বাবে হাতত টকা-সিকা নথকা আতংকত,…! মানুহে পদযাত্ৰা (পলায়ন) কৰিছে নিজৰ ঘৰলৈ—কিন্তু নাই কোনো পৰিবহনৰ ব্যৱস্থা, আকাশপথ-ৰেলপথ-স্থলপথ-জলপথ সকলো বন্ধ! মানুহে খোজকাঢ়িছে, শ শ মাইল, হাজাৰ মাইল, ভৰিৰ পতা ফাটি গৈছে, প্লাষ্টিকৰ বটল মাজেৰে ফালি ভৰিৰ তলুৱাত বান্ধি লৈছে, ৰাস্তাৰ ওপৰত মৃত্যুবৰণ কৰিছে, চুচৰিবলৈও শক্তি নোহোৱা হৈছে, অলপ ৰৈ দিলেই হয়তো পুলিচে খেদিছে, স্থানীয় মানুহে খেদিছে, …(কিন্তু স্বয়ং মোডী ডাঙৰীয়াই ২৭ এপ্ৰিল তাৰিখে কৈছিল যে শ্ৰমিকসকল য’তেই আছে, ত’তেই থাকিব – আমি আৰু ৰাজ্য চৰকাৰে তেওঁলোকক চোৱা-চিতা কৰিম)! মোডীৰ মতে এয়া হ’ল ‘তপ’ আৰু ‘ত্যাগ’!!
(২)
পঞ্জাৱ চৰকাৰৰ ‘ৱেবচাইট’ত প্ৰায় ১৫ লাখ মানুহে প্ৰব্ৰজনৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে, উত্তৰপ্ৰদেশত ইতিমধ্যে ১২ লাখ মানুহ প্ৰৱেশ কৰিছে (নিজৰ নিজৰ ঘৰত) আৰু ১০ লাখে ঘৰমুৱা হ’বলৈ নিজৰ নিজৰ নাম বিভিন্ন প্ৰান্তত পঞ্জীয়ন কৰিছে, ঝাৰখণ্ডৰ চৰকাৰী ‘ৱেবচাইট’ত ৬৮৫০০০ মানুহে নাম পঞ্জীয়ন কৰিছে, উৰিষ্যাৰ চৰকাৰৰ সূত্ৰমতে ৬ লাখৰো অধিকে নাম পঞ্জীয়ন কৰিছে, চুৰাটৰপৰা ৰে’ল, বাছৰদ্বাৰা ইতিমধ্যে ৪ লাখ লোক প্ৰব্ৰজিত হৈছে তথা ৬ লাখ লোক প্ৰব্ৰজিত হ’বলৈ আছে। এতিয়া বিভিন্ন ৰাজ্যই বাছেৰে বিভিন্ন ৰাজ্যৰপৰা নিজৰ মানুহ কঢ়িয়াবলৈ আৰম্ভ কৰিছে। ভাৰত চৰকাৰে বিশেষ ৰে’লসেৱা আৰম্ভ কৰিছে। ৰে’লমন্ত্ৰী গোৱেলে কৈছে যে ৮০০ খন ৰে’লৰদ্বাৰা ১০ লাখৰো অধিক শ্ৰমিকক নিজ নিজ ৰাজ্যলৈ যোৱাৰ সুবিধা কৰি দিয়া হৈছে। কিন্তু এই ‘সুবিধা’ বা এই ‘বিশেষ ৰেলসেৱা’ ২৪ মাৰ্চৰ ‘লকডাউন’ৰ ঘোষণাৰ চাৰি-পাঁচদিন আগৰেপৰা কৰা নহ’ল কিয়? এয়া নিশ্চিতভাৱে ‘বিমুদ্ৰাকৰণ’ৰ ক্ষেত্ৰত কৰা ‘গোপনীয়তা’ৰ সৈতে খাপ নাখায়! ‘লক-ডাউন’ৰ ঘোষণা কৰাৰ কেইদিনমান আগতে প্ৰজাসকলক সতৰ্ক কৰি দিয়াহেঁতেনে আজিৰ দৰে অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন। তদুপৰি ভাৰতৰ গৃহমন্ত্ৰী ফোপজহী অমিত শ্বাহে আৰু ‘চুপাৰমেন’ অজিত ডোভালে দিল্লীৰ তবলিগী জামাতৰ সমাৱেশো বন্ধ কৰিব পাৰিলেহেঁতেন!
[ ক ]
গঙ্গাৰাম! ৪০ বছৰ বয়স, ৰাজমিস্ত্ৰী, তেওঁৰ ঘৰ মধ্যপ্ৰদেশৰ চত্তৰপুৰত। যোৱা ২ বছৰ ধৰি জীৱিকাৰ দায়ত গুৰুগ্ৰামত বাস কৰি আছিল, ভাড়াঘৰত, লগত পত্নী আৰু দুটি সন্তান – সৰু সন্তানৰ বয়স ৩ বছৰ; চত্তৰপুৰত থাকে বৃদ্ধ পিতৃ-মাতৃ আৰু কনিষ্ঠ ভাতৃ। নিজক বাদ দি ছয়টাকৈ পেটৰ দায়িত্ব গঙ্গাৰামৰ। কিন্তু হঠাৎ, একেবাৰে হঠাৎ ঘোষণা কৰা ‘লক-ডাউন’ৰ ফলত গঙ্গাৰাম সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল। ঘৰভাড়াৰ ধন, শিশু-সন্তানৰ লগতে পত্নীৰ ভৰণ-পোষণ, বৃদ্ধ পিতৃ-মাতৃ আৰু কনিষ্ঠ ভাতৃৰ বাবে ধনৰ যোগাৰ কৰে কিদৰে গঙ্গাৰামে – গঙ্গাৰাম কৰ্মহীন হৈ পৰিল। যোৱা ৫০ দিনৰ ভিতৰত বাৰম্বাৰ খোজ কাঢ়ি নিজৰ চত্তৰপুৰৰ ঘৰলৈ যাবলৈ প্ৰয়াস কৰিছিল গঙ্গাৰামে – অন্ততঃ ঘৰলৈ গ’লে খেতিৰ কাম কৰিব পাৰিব। কিন্তু প্ৰতিবাৰেই পুলিচে তেওঁৰ পদযাত্ৰা ব্যৰ্থ কৰি পুনৰ গুৰুগ্ৰামলৈ পঠিয়াই দিয়ে। গুৰুগ্ৰামত ঘৰৰ মালিকক দিবলৈ ধন নাই বাবে অশ্ৰাব্য গালি, পেটত খুদ-কণ নাই, কোনো নাই সহায়ৰ বাবে, চৰকাৰৰো কোনো সহায় নাই, খাদ্যৰ সন্ধানত তীৰ্থস্থানৰ কাউৰীৰ দৰে ৰাস্তাত অপেক্ষা কৰি কৰি ভাগৰি যায় গঙ্গাৰাম। অৱশেষত দেখা গ’ল ফৰিদাবাদৰ ৰাষ্ট্ৰীয় পথৰ কাষত এক নিৰ্জন স্থানত এদাল গছত ওলমি আছে গঙ্গাৰামৰ মৃতদেহ। এয়া মৃত্যু, নে ৰাষ্ট্ৰই কৰা হত্যা? এইসম্পৰ্কে বিশদভাৱে ‘দ্যা টাইমছ অফ ইণ্ডিয়া’ত প্ৰকাশ হৈছে।
[ খ ]
‘ইন্ডিয়ান এক্সপ্ৰেছ’ কাকতত সাত কলমৰ সংবাদৰ শিৰোনাম -‘ পত্নী আৰু সন্তানৰ মৃতদেহ লৈ ঘৰলৈ উভতিছো মই’ ! মুম্বাইত অটোৰিক্সা চলাই আছিল ৰঞ্জন যাদৱে আৰু ১৩ বছৰৰ সঞ্চিত ধনেৰে যোৱা বছৰ নিজাকৈ এখন অটোৰিক্সা কিনিছিল। ‘লকডাউন’ ঘোষণা হোৱাৰে পৰা এপইচাও উপাৰ্জন নাই ৰঞ্জন যাদৱৰ, তাতে মুম্বাই। প্ৰতিৱেশীৰ পৰা ৩০০০ টকা ধাৰে লৈ পত্নী সঞ্জু, ৬ বছৰীয়া ছোৱালী নন্দিনী, ৯ বছৰীয়া পুত্ৰ নিখিল আৰু ১৬ বছৰীয়া ভতিজা আকাশক লৈ মুম্বাইৰ পৰা লক্ষ্ণৌ হৈ লক্ষ্ণৌৰ পৰা ২০০ কিলোমিটাৰ দূৰৰ গাওঁৰ ঘৰখনলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে ৰঞ্জন যাদৱে। কিন্তু ১৩০০ কিলোমিটাৰ যাত্ৰা কৰাৰ পিছত ফটেহপুৰ জিলাৰ খাগা থানা এলেকাত এখন নম্বৰ প্লেটবিহীন ট্ৰাকে অটোখনত খুন্দা মাৰি ৰঞ্জনৰ পত্নী আৰু ছোৱালীক থিতাতে নিহত কৰে। এয়া মৃত্যু নে ৰাষ্ট্ৰই কৰা হত্যা?
[ গ ]
ত্ৰিপুৰাৰ ২৯ বছৰীয়া মিথুন ভৌমিক, চেন্নাইত কৰ্মৰত হৈ আছিল। ‘লকডাউন’ ঘোষণা কৰাৰ পিছত কৰ্মচ্যুত হৈ নাজল-নাথল হৈ প্ৰাণান্তকৰ চেষ্টা চলাইছিল ত্ৰিপুৰালৈ উভতিবলৈ। মিথুন সফল নহ’ল উভতি আহিবলৈ, পকেটত ধন নাই, সহায় কৰিবলৈ কোনো নাই। অৱশেষত চেন্নাইত হতাশাগ্ৰস্ত মিথুনে বাচি ল’লে আত্মহত্যাৰ পথ। এয়া ৰাষ্ট্ৰীয় হত্যা নে আত্মহত্যা?
[ ঘ ]
যাদৱ গগৈ, ৪৬ বছৰ বয়স, ‘লকডাউন’ ঘোষণা কৰাৰ পিছত কৰ্মচ্যুত হৈ ২৭ মাৰ্চত গুজৰাটৰ ‘বাপি’ (Vapi) নামৰ স্থানৰ পৰা ৰহাৰ সমীপৰ কৰাইনি গাঁওলৈ প্ৰায় ২৮০০ কিলোমিটাৰ যাত্ৰা আৰম্ভ কৰে আৰু সমগ্ৰ যাত্ৰাপথত প্ৰায় ১১০০ কিলোমিটাৰ খোজকাঢ়ে। তেওঁৰ পকেটত থকা ৪০০০ টকা দুস্কৃতিকাৰীয়ে লুন্ঠন কৰে, তেওঁৰ মোবাইলটোও যাত্ৰাপথত কাঢ়ি লৈ যায়। অৱশেষত তেওঁ আহি ৰহাত উপস্থিত হবলৈ সক্ষম হয়।
[ ঙ ]
লুধিয়ানাৰ পৰা মধ্যপ্ৰদেশৰ সিংৰৌলিলৈ ১৩০০ কিলোমিটাৰ পথ ১৭ জনীয়া দল এটাই ১৫ দিনৰ আগতে উপায়হীন হৈ আৰম্ভ কৰি ৮০০ কিলোমিটাৰ যাত্ৰা সম্পন্ন কৰাৰ পিছত দলটোৰ এজন কিশোৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাত তেওঁলোকে এখন খাটিয়া বাঁহেৰে বান্ধি ‘ষ্ট্ৰেচাৰ’ কৰি ডাঙি ডাঙি যাত্ৰা কৰে। কানপুৰত দলটোৰ সৈতে দুজনমান হৃদয়বান আৰক্ষীৰ সংযোগ হয় আৰু তেওঁলোকক অৱশিষ্ট পথছোৱা অতিক্ৰম কৰিবলৈ এখন ট্ৰাকত তুলি দিয়ে।
[ চ ]
পঞ্জাৱৰ জলন্ধৰ ষ্টেচনত ১২ দিন ৰেলৰ বাবে অপেক্ষা কৰি কৰি ৰেলগাড়ীৰ মুখ নেদেখি এদল শ্ৰমিকে চাইকেলেৰে বিহাৰৰ ভোজপুৰ অভিমুখে ১৫০০ কিলোমিটাৰ যাত্ৰা আৰম্ভ কৰে, বাটত তেওঁলোকে আৰক্ষীৰ নিৰ্মম কোব খায়, দালালৰ পাল্লাত পৰে, অতি কৰুণভাৱে তেওঁলোকে বৰ্ণনা কৰিছে তেওঁলোকৰ দুৰ্দশাৰ কাহিনী।
[ ৩ ]
‘ইন্ডিয়া টুডে’ৰ মতে ৪ লাখ ৩২০০০ অসমীয়াই ভাৰতৰ বিভিন্ন স্থানত অপেক্ষা কৰি আছে নিজৰ ঘৰখন কিবাকৈ পাবলৈ।
১৬ মে’ তাৰিখে নাগালেণ্ড, অসম, মণিপুৰ আদিৰ ছাত্ৰ-ছাত্ৰীয়ে চেন্নাইৰ পৰা হৃদয়বিদাৰক ভিডিঅ’ প্ৰেৰণ কৰি জনাইছে যে চেন্নাইত তেওঁলোক কেনে আতিশয্যৰ বলি হৈছে, কিদৰে সকলো সুবিধাৰ পৰা উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰীসকলক বঞ্চিত কৰা হৈছে! যোৱা ১৫ মে’ তাৰিখে পশ্চিমবঙ্গৰ পৰা ১৮৫ গৰাকী নাৰ্চ- এ বঙ্গত্যাগ কৰিছে, তাৰে ১৩২ গৰাকী মণিপুৰৰ ( মণিপুৰ চৰকাৰে তেওঁলোকক নিজৰ ৰাজ্যলৈ যাবলৈ সুবিধা কৰি দিছে)! ইয়াৰ ফলত চিকিৎসালয় সমূহত জটিল অৱস্থাৰ সৃষ্টি হৈছে – পদাতিক সৈন্য অবিহনে যুদ্ধ কৰাৰ দৰে!
‘হিন্দু’ কাকতত প্ৰকাশ পাইছে যে চেন্নাইৰ পৰা ৪২ জন শ্ৰমিকে চেন্নাইত কৰ্মহীন হৈ কলমলাই থকাতকৈ সাচতীয়া ধনেৰে ২ লাখ টকা ব্যয় কৰি এখন মটৰ-বোট কিনি অত্যন্ত বিপদ গা পাতি লৈ সাগৰৰ ঢৌ ফালি ফালি উৰিষ্যাৰ গঞ্জামত উপস্থিত হয়! ‘হিন্দু’ৰ মতে এনেদৰে চাৰিটা বেলেগ দলে বেলেগ বেলেগ সমুদ্ৰ পথেৰে চেন্নাইৰ পৰা উৰিষ্যাত উপস্থিত হয়।
প্ৰতিবন্ধী পুত্ৰক লৈ উপায়হীন হৈ পৰা মহম্মদ ইকবালে ৰাজস্থানৰ পৰা যিকোনো প্ৰকাৰে উত্তৰপ্ৰদেশৰ বেৰেলিৰ নিজৰ ঘৰখনত উপস্থিত হ’বলৈ ভৰতপুৰৰ ৰাড়া গাঁওত এটা ঘৰৰ পৰা এখন চাইকেল চুৰ কৰে আৰু চাইকেলৰ গৰাকীক এখন পত্ৰ লিখি থৈ যায়। পত্ৰখনত তেওঁ লিখে – ‘ মই এজন শ্ৰমিক, একেবাৰে অসহায়। আপোনাৰ চাইকেলখন মই লৈ গ’লো। পাৰে যদি মোক ক্ষমা কৰি দিব। ইয়াৰ বাহিৰে মোৰ কোনো উপায় নাই। মই বেৰেলিলৈ যাব লাগিব। মোৰ লগত মোৰ প্ৰতিবন্ধী পুত্ৰও আছে।’
লকডাউনৰ পিছত এতিয়ালৈ প্ৰায় ৪০০ এনে শ্ৰমিকৰ মৃত্যু হ’ল, ইয়াৰে ১০০ জনে আত্মহত্যা কৰিলে। ইয়াৰ বাবে দায়ী কোন? ১৬ মে’তাৰিখে ঔৰেয়াৰ পথ দুৰ্ঘটনাত ৩৩ জনৰ মৃত্যু, ৮ মে’ তাৰিখে ঔৰঙ্গাবাদত ৰেলপথত ১৬ জনৰ মৃত্যু, ১৪ মে’ তাৰিখে মধ্যপ্ৰদেশৰ গুণাৰ পথত ৮ জনৰ মৃত্যু,….! এইবোৰ এতিয়া সংখ্যা, পৰিসংখ্যা! এই লোকসকলে কিদৰে ইমান কঠিন যাত্ৰা কৰাৰ বিষয়ে ভাবিব পাৰে, কেনেদৰে যাত্ৰা কৰে, কেনে অৱস্থাৰ সন্মুখীন হয় – এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি বিবেকৰ তাড়ণাত নয়দাৰ বাসিন্দা বিনোদ কাপাৰিয়ে ইতিমধ্যে লকডাউনৰ সময়ৰ ১২৩৭ কিলোমিটাৰৰ কঠিনতম যাত্ৰাপথ কেমেৰাবন্দী কৰিছে- হয়তো পিছলৈ তথ্যচিত্ৰ হ’ব পাৰে!
প্ৰশ্ন হয়, সৈন্যবাহিনীয়ে আকাশৰ পৰা গোলাপৰ পাহি নিক্ষেপ কৰাতকৈ এই মানুহবোৰক ট্ৰাক -বাছ আদিৰে যাত্ৰাপথত সহায় নকৰিলে কিয়?
[ ৪ ]
‘লকডাউন’ৰ ঘোষণাৰ পিছত কাঁহী-বাতি-থাল-গিলাচ-ঘণ্টা-টিলিঙা-শংখ আদি বজোৱা আহ্বান বা চাকি জ্বলোৱা আহ্বান আদি আমি ইতিমধ্যে ‘পাহৰি গ’লো’ বুলি ধৰি ল’লো; কিন্তু দুদিনমান আগতে যি ২০ লাখ কোটি টকাৰ সাহায্য-পেকেজৰ ঘোষণা কৰা হ’ল—নিজে ‘অৰ্থশাস্ত্ৰী’ নোহোৱাসত্বেও ঢৌতে খৰ মাৰিব বিচাৰিছো। প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াই তেওঁৰ শাসনকালতেই কোঙা হৈ পৰা ভাৰতবৰ্ষৰ অৰ্থনীতি—তেওঁৰ দিনতেই বন্ধ হৈ পৰা কল-কাৰখানা, তেওঁৰ দিনতেই বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু কংগ্ৰেছৰ বছৰ-বছৰ ধৰি হোৱা অপশাসনৰপৰা উদ্ভূত হোৱা সমস্যাবোৰ—যিবোৰ তেওঁৰ শাসনকালত সমাপ্ত হ’ব বুলি জনসাধাৰণে মনে-প্ৰাণে বিশ্বাস কৰি তেওঁৰ দলক নিৰ্বাচিত কৰিছিল যদিও সেই সমস্যাবোৰৰ পিঠিত তেওঁৰ দিনত হোৱা এসোপা খহুৰ দৰে এগাল নতুন নতুন সমস্যা—এই সকলোবোৰৰ বাবেই কৰ’নাই যেন দায়ী আৰু ভাৰতৰ প্ৰজাবৃন্দৰ বাবে ভাৰত চৰকাৰ যেন সঁচাই অতি উদ্বিগ্ন—এনে এক মনোভাৱ লৈ ২০ লাখ কোটি টকীয়া ঘোষণাটোৰ আগে আগে যি বক্তৃতা প্ৰদান কৰিলে (যেনে—‘উদ্যোগিক নীতি’ সম্পৰ্কীয় পুস্তিকাত ৮০% সাহিত্য-পৰ্যটন-সংস্কৃতি আদিৰ বিৱৰণ আৰু ২০% উদ্যোগ সম্পৰ্কীয় বিৱৰণ থকাৰ দৰেই), সেই বক্তৃতা শুনি আৰু ২০০০০০০০০০০০০০০ টকাৰ ঘোষণাটো শুনি—মোৰ বন্ধু এজনৰ সপ্তম শ্ৰেণীত অধ্যয়ন কৰি থকা ভাগিনে হেনো ততাতৈয়াকৈ ঘোষণা কৰিছিল যে ভাৰতৰ জনসংখ্যা যিহেতু ১৩৪ কোটি, গতিকে এইবাৰ সকলোৱে গাইপতি ১৪৯২৫ টকাকৈ পাবই পাব (ক’লাধন ওভোতাই আনি সকলোৰে বেংক একাউণ্টত ১৫ লাখকৈ ভৰাই দিয়াৰ দৰে ‘জুমলা’ অন্ততঃ নহ’ব!)! কিন্তু হায়! মানুহে পাঙে, মোডীয়ে ভাঙে!!
বিদেশী কোম্পানীৰ বিনিয়োগৰদ্বাৰা ভাৰতৰ অৰ্থনীতি ত্ৰিলিয়ন ডলাৰ কৰিবলৈ ২০২১ কোটি টকাৰ বিদেশভ্ৰমণ কৰা মোডী ডাঙৰীয়াই এইবাৰ ‘মেক ইন ইণ্ডিয়া’, ‘ষ্টাৰ্ট-আপ ইণ্ডিয়া’, ‘ষ্টেণ্ড-আপ ইণ্ডিয়া’, ‘এক্ট-ইষ্ট ইণ্ডিয়া’, ‘ইজ-অব-ডুয়িং বিজিনেছ’ নহয়, এইবাৰ কৈছে—‘আত্মনিৰ্ভৰ ভাৰত’; অৰ্থাৎ ‘পৰনিৰ্ভৰ’ নহয়! ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাবে ২০ লাখ কোটি টকাৰ বিশেষ পেকেজ। এতিয়া এই ২০ লাখ কোটি টকাৰ বিশেষ ‘পেকেজ’ ওপৰে ওপৰে চালে এনেধৰণৰঃ
ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ যোজনাত ঘোষণা কৰা ১,৭০,০০০ কোটি টকা ‘২০ লাখ কোটি টকা’ৰ মাজত সোমাই আছে আৰু ‘ফ্ৰেংকলিন্ টেম্পলটন’ নামৰ ‘মিউশ্যুৱেল ফাণ্ড কোম্পানী’টো দেউলীয়া হোৱাৰ সময়ত ভাৰতৰ ৰিজাৰ্ভ বেংক ‘লিকিউডিটি’ (মন কৰিব, সেইদিনা মোডী ডাঙৰীয়াই কৰা ঘোষণাৰ ভিতৰত চাৰিটা L আছে আৰু সেই চাৰিটা ‘L’-অৰ ভিতৰত ‘লিকিউডিটি’ও আছে, যেনে Land, Law, Labour, Liquidity) হিচাবে বেংকসমূহক আগবঢ়োৱা ৮ লাখ কোটি তথা ‘ফ্ৰেংকলিন’ক আগবঢ়োৱা ৫০০০০ কোটিও অন্তৰ্ভুক্ত হৈ আছে [এই ‘লিকিউডিটি’ৰ মাত্ৰ ৫% ধন হে বেংকসমূহে গ্ৰহণ কৰিছে—যিহেতু ঋণ লোৱা উপযুক্ত আবেদনকাৰী নাই] ! গতিকে ১৭০০০০ কোটি আৰু ৮০০০০০ কোটি যোগ, দিলে হ’ল ৯৭০০০০ কোটি; এতিয়া ভাৰত চৰকাৰে ৰিজাৰ্ভ বেংকক নতুনকৈ ৫০০০০০ কোটি টকা এম-এছ-এম-ই (MSME)ৰ বাবে আগবঢ়াবলৈ নিৰ্দেশ দিছে (চৰকাৰে কিছু অংশৰ বাবে ‘গেৰাণ্টৰ’ হ’ব!) আৰু ৰিজাৰ্ভ বেংকে এই নিৰ্দেশ পালন কৰি বেংকসমূহক পুনৰ ৫০০০০০ কোটি টকা আগবঢ়াব বুলি ধৰি ল’লে সৰ্বমুঠ পৰিমাণ হৈ পৰিল ১৪,৭০,০০০ কোটি টকা। অৰ্থাৎ, ২০ লাখ কোটিৰ পৰা ১৪.৭ লাখ কোটি বাদ গ’লে হাতত থাকিল ৫ লাখ ৩০,০০০ কোটি টকা। গতিকে, ৰিজাৰ্ভ বেংকৰপৰা বেংকসমূহে ধন লৈ ঋণ দিবলৈ উপযুক্ত আৱেদনকাৰী বিচাৰি থকা কাৰ্যক একাষৰীয়া কৰি তথা পূৰ্বৰ ১৭০০০০ কোটি টকাকো একাষৰীয়া কৰি, হাতেজমা ৫ লাখ ৩০ হাজাৰ কোটি টকা সঁচাই দিব বুলি ধৰি ল’লে ভাৰতৰ জি-ডি-পি (GDP) ২ লাখ ৭৭ হাজাৰ ৭৫৪ কোটি আমেৰিকান ডলাৰৰ বিপৰীতে কোনোপধ্যেই ১০% নহয়, প্ৰকৃততে ২.৫% মান হে হ’ব! এইবিষয়ে ‘অৰ্থশাস্ত্ৰী’সকলে ভালদৰে জানিব। মুঠতে মোডী ডাঙৰীয়াই মুঠ ‘জি-ডি-পি’ৰ ১০% বুলি কৰা ঘোষণাও সত্য নহয়; ঋণৰ জালত প্ৰজাক বন্দী কৰি বাঃ বাঃ ল’ব খোজা প্ৰচেষ্টা! তেখেতে কৰা ঘোষণা অনুসৰি ‘সাহায্য-পেকেজ’ৰ শতাংশ জিডিপিৰ ১০% যে নহয়, সেয়া নিশ্চিত; মূলতঃ ২% বা ২.৫% হ’ব পাৰে (যদিহে সঁচাই আগবঢ়ায়)!
আমেৰিকাৰ জনসংখ্যা ৩২ কোটি ৮২ লাখ আৰু ‘জি-ডি-পি’ হ’ল ২০ লাখ ৫৪ হাজাৰ ৪৩৪ কোটি ডলাৰ, আমেৰিকাই মুঠ ‘জি-ডি-পি’ৰ ১৩.৩% পেকেজ, অৰ্থাৎ ২ লাখ ৬৫ হাজাৰ ডলাৰৰ ‘বিশেষ পেকেজ’ জনসাধাৰণলৈ আগবঢ়াইছে। জাপানৰ জনসংখ্যা ১২ কোটি ৬৫ লাখ (ক’ৰনাক্ৰান্তৰ সংখ্যা আৰু মৃত্যুৰ সংখ্যা একেবাৰে কম) আৰু ‘জি-ডি-পি’ হ’ল ৪ লাখ ৯৭ হাজাৰ ১৭৭ কোটি ডলাৰ, জাপানে মুঠ ‘জি-ডি-পি’ৰ ২১.১% বিশেষ পেকেজ আগবঢ়াইছে, অৰ্থাৎ ১ লাখ কোটি ডলাৰৰ পেকেজ আগবঢ়াইছে। জাৰ্মানীৰ জনসংখ্যা ৮ কোটি ৩০ লাখ আৰু মুঠ ‘জি-ডি-পি’ হ’ল ৩ লাখ ৮৪ হাজাৰ ৬৫৯ কোটি ডলাৰ, ইয়াৰে ১০.৭%, অৰ্থাৎ ৪০০০০ কোটি ডলাৰৰ বিশেষ পেকেজ জাৰ্মানীয়ে ঘোষণা কৰিছে। ছুইডেনৰ জনসংখ্যা ১ কোটি ২ লাখ আৰু ‘জি-ডি-পি’ হ’ল ৫৫ হাজাৰ ৬০৯ কোটি ডলাৰ, ইয়াৰে ১২%, অৰ্থাৎ ৬৫০০ কোটি ডলাৰৰ বিশেষ পেকেজ ছুইডেনে ঘোষণা কৰিছে। ফ্ৰান্সৰ জনসংখ্যা ৬ কোটি ৭০ লাখ আৰু ‘জি-ডি-পি’ হ’ল ২ লাখ ৭৭ হাজাৰ ৭৫৪ কোটি ডলাৰ, ইয়াৰে ৯.৩%, অৰ্থাৎ ২৭০০০ কোটি ডলাৰৰ বিশেষ পেকেজ ফ্ৰান্সে ঘোষণা কৰিছে। ইংলেণ্ডৰ জনসংখ্যা ৬ কোটি ৬০ লাখ আৰু ‘জি-ডি-পি’ হ’ল ২ লাখ ৮৫ হাজাৰ ৫৩০ কোটি ডলাৰ, ইয়াৰে ৫%, অৰ্থাৎ ১৪০০০ কোটি ডলাৰৰ বিশেষ ‘পেকেজ’ ইংলেণ্ডে ঘোষণা কৰিছে। ইয়াৰোপৰি চীন, অষ্ট্ৰেলিয়া, ইউৰোপীয়ান ইউনিয়ন আদিয়েও ‘বিশেষ সাহায্য’ৰ ঘোষণা কৰিছে। উল্লেখযোগ্য যে হংকং-অৰ জনসংখ্যা ৭৪ লাখ ৫০ হাজাৰ আৰু হংকং-অৰ চৰকাৰে ঘোষণা কৰিছে ২৬৫৭০ কোটি ডলাৰ (অৰ্থাৎ ২০ লাখ কোটি টকা)ৰ ‘বিশেষ পেকেজ’! লাক্সেমবাৰ্গৰ জনসংখ্যা হ’ল ৬ লাখ ১৪ হাজাৰ, এইখন দেশে মুঠ ‘জি-ডি-পি’ৰ ২০.৭% ‘বিশেষ পেকেজ’ ঘোষণা কৰিছে আৰু ১ কোটি ১৫ লাখ জনসংখ্যাৰ দেশ বেলজিয়ামেও মুঠ ‘জি-ডি-পি’ৰ ১৯.২% বিশেষ পেকেজ হিচাবে ঘোষণা কৰিছে!
যি কি নহওঁক, সেইবোৰৰ বিচাৰ- বিশ্লেষণ, পেকেজৰ আঁহফলা বিশ্লেষণ বিজ্ঞসমাজৰ দ্বাৰা হৈ থাকিব। বিগত দুই-তিনিদিন ধৰি, অৰ্থাৎ প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰাৰ পিছদিনাৰ পৰাই, ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী মহোদয়াই ‘পেকেজ’ৰ অন্তৰ্গত ‘পেকেজ ১-২-৩-৪’ সমূহ দৃশ্য-শ্ৰৱ্য মাধ্যম আৰু অন্যান্য সংবাদ-মাধ্যমৰদ্বাৰা বুজাবলৈ যত্ন কৰি আছে আৰু সেইবোৰৰো বিচাৰ- বিশ্লেষণ অৰ্থশাস্ত্ৰী আৰু ‘টক-শ্ব’ৰ জ্ঞানী-গুণীসকলে কৰি থাকিব। ভাৰতবৰ্ষত কৰ’নাই এতিয়াহে নিজৰ স্বৰূপ দেখুৱাবলৈ ধৰা সময়খিনিত বাগাড়ম্বৰ কৰি ‘আত্মনিৰ্ভৰশীল ভাৰত’ৰ ঘোষণা কৰা যুক্তিযুক্ত নে দৰিদ্ৰ- সৰ্বস্বান্ত – কৰ্মচ্যুত- হতভগীয়া লোকসকলক প্ৰত্যক্ষভাৱে কিছু ধন হাতত দিয়া যুক্তিযুক্ত – সেইবোৰৰো বিচাৰ হৈ থাকিব। [ এই ‘পেকেজ’ পৰ্বৰ মাজতেই ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লাহেকৈ কৈ দিলে যে ভাৰত চৰকাৰে অধিকাংশ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক বে-চৰকাৰীকৰণ কৰিবলৈ সিদ্ধান্ত লৈছে! অইন নালাগে, স্বয়ং আৰ-এছ-এছৰ অধীনস্থ মজদুৰ সংঘই এনে ঘোষণাৰ তীব্ৰ প্ৰতিবাদ কৰি কৈছে যে সেই দিনটো এক ক’লা দিন বুলি পৰিগণিত হ’ব। ইতিমধ্যে কৰ’নাতংকৰ মাজতে অতি সন্তৰ্পণে অ’-এন-জি-চি অসম সম্পদৰ অধীনস্থ ৭ খন তৈলক্ষেত্ৰ ব্যক্তিগত প্ৰতিস্থানলৈ হস্তান্তৰ কৰা হ’ল! অৰ্থাৎ, অকৰ্মণ্য পুত্ৰই পৈতৃক সম্পত্তি বেচি বেচি খোৱাৰ দৰেই ৰাইজৰ সম্পত্তি বিক্ৰী কৰি কৰিও এই চৰকাৰৰ শান্তি হোৱা নাই! ]
কিন্তু এটা কথাহে একেবাৰে হজম হোৱা নাই ! কৰ’নাৰ পূৰ্বতেই ভাৰতৰ অৰ্থনীতিৰ ষাঁড়গৰুটো ভৰলু বা যমুনাৰ বোকাত পৰি থকাৰ বিষয়ে পাহৰি, কোটি কোটি কৰ্মসংস্থানহীন নিবনুৱাৰ কথা পাহৰি, জাগীৰোডৰ কাগজ কল আদিৰ কথা পাহৰি, কৰ’নাৰ সময়ছোৱাত হঠাৎ ‘লকডাউন’ৰ ঘোষণাৰ ফলত পুনৰ অৰ্থনীতিৰ কেনে অৱস্থা হৈছে পাহৰি, লকডাউনত প্ৰজাসকলৰ কেনে অৱস্থা হৈছে পাহৰি ( হৰিদ্বাৰত অহাবছৰ হ’বলগীয়া কুম্ভমেলাৰ বাবে পিছে ৩৫৩ কোটি টকাৰ টোপোলা উপহাৰ দিবলৈ পাহৰা নাই), .. ; কৰ’না সংকটৰ উপায় হিচাপে বিত্তমন্ত্ৰী সীতাৰমণে এনেদৰে কিয় বা ক’লে — ‘ এতিয়াৰে পৰা বেচৰকাৰী সংস্থাকো মঙল গ্ৰহলৈ মহাকাশযান পঠিয়াবলৈ অনুমতি দিয়া হ’ব!’