প্ৰজ্ঞাৰ সৌধ:মহীৰূহ সত্যনাথ দাস
যুগান্ত বায়ন
(বি.এইচ মহাবিদ্যালয়ত মহীৰূহ সত্যনাথ দাসৰ প্ৰতিকৃতি উন্মোচনৰ মূহুৰ্তৰ একান্ত অনুভৱ)
সকলো শিক্ষককে শিক্ষাবিদ বুলি ক’ব নোৱাৰি, কিন্তু সত্যনাথ দাস আছিল এজন শিক্ষাবিদ।
তদুপৰি তেওঁ এজন শিক্ষা সংগঠক আৰু শিক্ষা প্ৰশাসক আছিল। বহু ক্ষেত্ৰত দেখা যায় যে, এজন শিক্ষা সংগঠক আৰু শিক্ষাৰ প্ৰশাসকৰ গুৰু দায়িত্ব বহন কৰিবলগীয়া হোৱাৰ ফলত বহুতেই শিক্ষক হিচাপে দায়িত্ব পালনত বিমূখ হয়, শিক্ষক হিচাপে পৰিচয় হেৰুৱাই পেলায়।
অধ্যক্ষ সত্যনাথ দাসে সেই পৰিচয় হেৰুৱাই পেলোৱা নাছিল। সেইটো আছিল তেওঁৰ এটা উপৰঞ্চি কৃতিত্ব। বিশিষ্ট চিন্তা নায়ক, সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই অধ্যক্ষ দাসৰ কৰ্মৰাজিৰ ওপৰত এনে ব্যাখ্যা আগবঢ়োৱা মন্তব্যৰ পৰাই অধ্যক্ষ দাসৰ বিশাল পাণ্ডিত্যৰ কথা অনুভৱ কৰিব পাৰি।
৯০ৰ দশকৰ অশান্ত আৰু হিংসা জৰ্জৰ পৰিস্থিতিক প্ৰত্যাহ্বান জনাই পৰম নিষ্ঠা আৰু ধৈয্যৰে নিজ মহাবিদ্যালয়ত এটা ইতিবাচক পৰিৱেশ ৰক্ষা কৰি, তেওঁ আতুৰ হৈ পৰা ছাত্ৰ-ছাত্ৰীক আসস্ত কৰি ৰাখিছিল। তেওঁ আছিল ধীৰ-স্থিৰ, বিবেকবান। আনহাতে বাস্তৱ সমস্যা সমাধানৰ বিচক্ষণ।
প্ৰখ্যাত বুদ্ধিজীৱী ড⁰ হীৰেণ গোহাঁইয়ে সত্যনাথ দাসৰ ব্যক্তিত্বৰ বিশ্লেষণ আগবঢ়াই কৰা এই বহুমূলীয়া মন্তব্যই তেওঁ যে এগৰাকী সফল শিক্ষা প্ৰশাসক হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত সফল হৈছিল সেই কথাকে প্ৰমাণ কৰিছে। সমগ্ৰ অসমৰ বিশেষকৈ নামনি অসমৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়াই বি.এইচ মহাবিদ্যালয়ক প্ৰতিষ্ঠা কৰি মহাবিদ্যালয়খনৰ “মহীৰূহ” হিচাপে নিজকে অনন্ত কাললৈ খ্যাতি ৰাখি থৈ গ’ল।
তেওঁ অকল শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰতে তেওঁৰ কাৰ্য্যক্ৰমনিকা সীমাবদ্ধ নাছিল। বৰপেটাৰোড, হাউলী অঞ্চলৰ বিভিন্ন সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰ লগত নিজকে আত্মনিয়োগ কৰি অঞ্চলটোৰ সাৰ্বিক উন্নয়নৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই গ’ল।
এনে মহান লোকজনৰ প্ৰতিমূৰ্তি বৰপেটাৰোড, হাউলী অঞ্চলৰ লোকৰ সহযোগত বিভিন্ন বিতৰ্কৰ অৱসান ঘটাই মহাবিদ্যালয়ৰ কতৃপক্ষই ২১ ছেপ্টেম্বৰত উন্মোচন কৰিবলৈ ওলোৱা ব্যাপক আয়োজনে মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ কালৰে পৰা জড়িত হৈ থকা লোক তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰি তোলাৰ লগতে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলকো অধ্যক্ষগৰাকীৰ জীৱন মূল্যায়ন কৰাৰ এক সুযোগ কঢ়িয়াই আনিছে।
সত্যনাথ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ সমগ্ৰ প্ৰক্ৰিয়াটো ২০২২ চনৰ মে’ মাহতে আৰম্ভ হৈছিল। কিন্তু কিছু কাৰিকৰী সমস্যাৰ বাবে প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিছিল।
তেতিয়া ২০২২ চনৰ মে মাহৰ শেষৰফালে বি.এইচ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিতেশ দাস, প্ৰতাপ দাস আৰু এই লিখকে সামাজিক মাধ্যম আৰু বাতৰি কাকতৰ জৰিয়তে কিছু বক্তব্য প্ৰকাশ কৰি মহাবিদ্যালয়খনৰ লগত অতীতৰ পৰা বৰ্তমান লৈ জড়িত থকা লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ এক পৰিৱেশ ৰচনা হৈছিল।
ফলস্বৰূপে মহাবিদ্যালয়ৰ কতৃপক্ষই প্ৰতিমূৰ্তিটো স্থাপন কৰাৰ ক্ষেত্ৰত নিষ্ঠা সহকাৰে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছিল। এই ক্ষেত্ৰত বৰপেটাৰোডৰ সু-সন্তান অসমৰ জেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰাৰ দায়িত্ব গ্ৰহণ কৰি এক অভূতপূৰ্ব সামাজিক আৰু বৌদ্ধিক দায়বদ্ধতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। মন্ত্ৰী দাসৰ এনে প্ৰশংসনীয় আৰু উৎসাহজনক অৱদানে প্ৰতিমূৰ্তিটো স্থাপনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গ’ল।
আজিৰ এই পবিত্ৰ আৰু সোণালী মূহুৰ্তত সমগ্ৰ হাউলী, বৰপেটাৰোড আৰু বৃহত্তৰ বৰনগৰ অঞ্চলক শিক্ষাৰ পোহৰেৰে পোহৰাই তুলি উৰেতু জীৱন দেশ, জাতি আৰু দহৰ বাবে নিজকে বিলীন কৰি দিয়া শ্ৰদ্ধাৰ সত্যনাথ দাস লৈ জনাইছোঁ আমাৰ হিয়াভৰা সেৱা আৰো শ্ৰদ্ধা।
এই ছেগতে প্ৰতিমূৰ্তি নিৰ্মাণ কৰা বিশিষ্ট শিল্পী বিজু দাস লৈ জনাইছোঁ আমাৰ আন্তৰিক অভিনন্দন। আশা ৰাখিছোঁ বোধিদ্ৰুম সত্যনাথ দাসৰ প্ৰতিমূৰ্তিটো পবিত্ৰ মনেৰে দৰ্শন কৰি নতুন প্ৰজন্মই তেওঁৰ মহান আদৰ্শ আৰু কৰ্মৰাজিক অনুকৰণ কৰি ভৱিষ্যৎ সমাজখন চিৰ সমুজ্জ্বল কৰি তুলিব।
জয়তু বি.এইচ মহাবিদ্যালয়
যুগান্ত বায়ন/ প্ৰাক্তন ছাত্ৰ বি.এইচ মহাবিদ্যলয়
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)