– তনয় চক্ৰৱৰ্তী |
অষ্ট্ৰেলিয়াৰ চিডনীৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি বতাহত ভাঁহি থকা কাৰ্বন ডাইঅক্সাইড, নাইট্ৰ’জেন আদিৰ প্ৰাদুৰ্ভাৱৰ বাবে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে বিশ্ব। বিগত ৫ বছৰ ধৰি ক্ৰমশঃ বৃদ্ধি পাইছে পৃথিৱীৰ গড় উষ্ণতা। দ্ৰুত গতিৰে গলিবলৈ ধৰিছে মৰু অঞ্চলৰ বৰফ। জলবায়ুৰ এনে ক্ৰমপৰিৱৰ্তনৰ বাবে সমগ্ৰ বিশ্বৰ জীৱজগত এতিয়া প্ৰচন্ড ভাবুকিৰ সন্মুখত পৰিছে।
জলবায়ুৰ এনে ক্ৰমপৰিৱৰ্তনে একাধিক প্ৰজাতিৰ অৱলুপ্তিকো ত্বৰান্বিত কৰিছে। সম্প্ৰতি অনুষ্ঠিত হোৱা এক আন্তৰ্জাতিক সন্মিলনতো এই বিষয়টো বাৰম্বাৰ উত্থাপন হৈছিল একাধিক গৱেষণাৰ পটভূমিত। কিন্তু সম্প্ৰতি গৱেষকসকলৰ প্ৰতিবেদনে ডাঙি ধৰিছে অইন এক নতুন চাঞ্চল্যকৰ তথ্য। পৰিৱৰ্তশীল জলবায়ু-পৰিৱেশ আদিৰ কাৰণে ক্ৰমশঃ শৰীৰৰ আকাৰ পৰিৱৰ্তিত হ’বলৈ ধৰিছে কিছুমান উষ্ণ ৰক্তৰ প্ৰাণীৰ, আৰু শৰীৰৰ এনে পৰিৱৰ্তন সকলোতকৈ আগতে দেখা গৈছে চৰাইৰ ক্ষেত্ৰত।
মূলতঃ চৰাইৰ শাৰীৰিক গঠনক লৈ পৰ্যালোচনা কৰিবলৈ আগবাঢ়ি থাকোতেই ভালেমান প্ৰজাতিৰ আকাৰৰ পৰিৱৰ্তন চকুত পৰে অষ্ট্ৰেলিয়াৰ ডেকিন বিশ্ববিদ্যালয়ৰ গৱেষকসকলৰ। তাৰপিছত তেওঁলোকৰ তৎপৰতা আৰু মনোযোগ অধিক বৃদ্ধি পায়। বিচাৰি উলিওৱা হয় সংশ্লিষ্ট প্ৰজাতিসমূহক লৈ পূৰ্বতে ৰেকৰ্ড কৰা নথি-পত্ৰ। তুলনা কৰি দেখা যায় যে ক্ৰমশঃ আকাৰ সলনি হৈছে প্ৰাণীসমূহৰ। বিষয়টো সম্পৰ্কে নিশ্চিত হ’বলৈ আমেৰিকাৰ ৫২ টা প্ৰজাতিৰ প্ৰায় ৭০০০০ চৰাইৰো অধিক চৰাইৰ তথ্য সংগ্ৰহ কৰে বিজ্ঞানীসকলে। সেই তথ্যৰ বিশ্লেষণেও প্ৰাথমিক ধাৰণাক সন্মতি জনায়। কিন্তু প্ৰশ্ন ৰৈ যায়, এনে বিৱৰ্তন যে জলবায়ুভিত্তিক সেয়া কিদৰে নিশ্চিত কৰিছে গৱেষকসকলে? ইয়াৰ উত্তৰ দিবলৈ বিজ্ঞানীসকলে ডাঙি ধৰিছে ডাৰউইনৰ তত্ত্ব। সেই তত্ত্বত বহুত আগতেই উল্লেখ হৈছিল যে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে মূল গাঁথনি অপৰিবৰ্তিত ৰাখিও যিকোনো প্ৰাণীৰ নিজৰ আকাৰ বৃদ্ধি হ’ব পাৰে। বহুত বছৰৰ আগৰ ডাৰউইনৰ সেই তত্ত্বৰ সৈতে যেন হুবহু মিলি গৈছে সাম্প্ৰতিক পৰ্যালোচনা। শৰীৰৰ মূল গঠন একেই থাকিলেও অন্যান্য অঙ্গ-প্ৰত্যঙ্গলৈ উল্লেখযোগ্য পৰিৱৰ্তন আহিছে সাম্প্ৰতিক সময়ত। উদাহৰণ স্বৰূপে গৱেষণাপত্ৰৰ প্ৰধান লেখিকা চাৰা ৰাইডিং-এ জনাইছে যে ১৮৭১ চনৰ পৰা ২০২১ চন পৰ্যন্ত এই ১৫০ বছৰত অষ্ট্ৰেলিয়ান ভাটৌ/টিঞাঁৰ চকুৰ আকাৰ বৃদ্ধি পাইছে ৪ শতাংশৰ পৰা ১০ শতাংশ। একেই ঘটনা লক্ষ্য কৰা হৈছে চৰাইবোৰৰ ঠোঁট, পাখিৰ ক্ষেত্ৰত। কেৱল চৰাইয়ে নহয়, বাদুলীৰ লগতে একাধিক স্তন্যপায়ী প্ৰাণীৰ শৰীৰতো পোৱা হৈছে এনে পৰিৱৰ্তনৰ ষ্পষ্ট প্ৰমাণ। বৃদ্ধি পাইছে কাণ, নাক আৰু নেজৰো দৈৰ্ঘ্য।