-অঙ্কিতা বৰুৱা |
ন’ স্নিগ্ধা ! তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা ইমান সহজে লৈ লব নোৱৰা !
: মই ইতিমধ্যেই ভাবি পেলাইছো অনুৰাগ ; মোক মানা নকৰিবা !
: কথাবোৰ তুমি ভবাৰ দৰে ইমান সহজ নহয় স্নিগ্ধা !
: জানো , আৰু সেইবাবেইতো আজি তোমাক ইয়ালৈ মাতি আনিছো , আলোচনা কৰিবৰ বাবে —
: প্লীজ , মই তোমাক এই বিষয়ত একো সহায় কৰিব নোৱাৰো !
: কিয় তুমি ইমান নুবুজাৰ দৰে কৰিছা ? মোৰ এই সিদ্ধান্ত কেৱল তোমালোকৰ বাবেই ! অলপ তো ক’পাৰেট কৰা — প্লীজ !
: সেইকাৰনেই মই নিবিচাৰো , তুমি অলপো নিজৰ কথা ভবা নাই এই বিষয়টোত ! তোমাৰ জীৱনত যদি নহবলগীয়া কিবা ঘটি যায় স্নিগ্ধা ! অলপ তো বুজা !!
: মোৰ নিজৰ বুলিনো আছে কি অনুৰাগ — !
—-এবাৰ ভাবাচোন ! তোমালোকৰ ওঠঁত যদি হাঁহি অকমান গুজি দিব পাৰো কি বেয়া হব নো — !!
৹৹৹৹৹৹৹৹
—- নাই নুবুজিলে স্নিগ্ধাই — অনুৰাগৰ কোনোতো কথাই নুবুজিলে…. !
ঘটনাবোৰ ইমান তাৎক্ষনিক ভাবে হৈ গৈছিল ইটোৰ পাছত সিটো — যে অমনস্হ হৈও অনুৰাগে প্ৰতিবাৰতে সৈমান হব লগীয়াত পৰিছিল !
হস্পিটেলত অপাৰেচন থিয়েটাৰৰ বাহিৰত এক অদ্ভূত উৎসুকতাৰে অনুৰাগ ৰৈ আছে — ! এটেনডেন্স চিটৰ একেবাৰে প্ৰথম খনতে এক বুজাব নোৱৰা উচপিচনিত বহি ৰৈছে অনুৰাগৰ পত্নী প্ৰণালী , সিহতৰ চকু বাৰে বাৰে অ’টি লৈ সোমাই যোৱা বন্ধ দুৱাৰ খনৰ মাজৰ গোলাকৃতিৰ কাঁচৰ ঠাইখিনিত নিবদ্ধ হৈ পৰিছে ।
অনুৰাগৰ চকুৰ আগত অগা দেৱা কৰিছে হৈ যোৱা ঘটনাবোৰৰ টুকুৰা টুকুৰ শ্নেপশ্বট —–
৹৹৹৹৹৹৹ অনুৰাগ আৰু প্ৰণালীৰ বিয়াৰ দিনাই প্ৰণালীয়ে চিনাকি কৰি দিছিল তাক স্নিগ্ধাৰ লগত –তেতিয়ালৈকে অনুৰাগে শুনিহে আছিল প্ৰণালীৰ মুখত স্নিগ্ধাৰ বিষয়ে আৰু শুনি শুনিয়েই এক সম্যক ধাৰনা লব পৰিছিল তাইৰ বিষয়ে , সিহত দুজনীৰ বন্ধুত্বৰ গভীৰতাৰ বিষয়ে ।
অনুৰাগৰ ঘৰখনৰ লগতো স্নিগ্ধাৰ এক হৃদয়ৰ সম্পৰ্ক গঢ় লৈ উঠিছিল ঠিক তেতিয়াৰ পৰাই । অনুৰাগৰ পিতৃ মাতৃৰ বাবে স্নিগ্ধা ঘৰখনৰ ছোৱালীৰ দৰেই হৈ পৰিছিল । অনুৰাগৰ লগতো বেছ ভাল বন্ধুত্ব গঢ়ি উঠিছিল তাইৰ ।
স্নিগ্ধা প্ৰনালীৰ বন্ধুত্বৰ মাজত কোনো কোনো সময়ত অনুৰাগেও ঠাই নাপাইছিল ! কলেজীয়া দিনৰে এই বন্ধুত্বক সিহতে এমুঠিমান বিশ্বাস আৰু আত্মীয়তাৰে আতিঁ আতিঁ বান্ধি ৰাখিছিল ! এনে নহয় যে সিহত দুজনীৰ মাজত কাজিয়া নহৈছিল , তৰ্ক নহৈছিল ! বহু বাৰ দেখিছে অনুৰাগে তেনে কাজিয়া । কেতিয়াবা যদি ঘৰলৈ আহোতে কিবা কথাত তৰ্ক লাগিছিল ; আন কেতিয়াবা ফনত –; দুদিন তিনিদিনলৈ মাত বোল বন্ধ –! এজনীয়েও নুশুনে ইজনীৰ নাম ! কিন্তু কিমান দিন– হাতত ফুলৰ থোপা এটা লৈ স্নিগ্ধা ওলাইহি চুচুক চামাক কৈ অনুৰাগৰ ঘৰ — নাইবা কেতিয়াবা স্নিগ্ধাই ভাল পোৱা কিবা কিবি বনাই প্ৰনালীয়ে তাইক এসাজ খাবলৈ মাতি আনে — এয়াই সিহতৰ বন্ধুত্ব ! হৃদয়ৰে বান্ধ খাই আছে দুইজনী ।
কিন্তু প্ৰনালীৰ দৰে স্নিগ্ধাৰ কাৰো লগত প্ৰেম হোৱা নাছিল —-। তাই আচলতে কোনো দিনে সেই অনুভূতিক লৈ ভাবিয়েই নাচালে হয়তো । তাইৰ পিতৃ মাতৃক সেই দায়িত্ব দি ৰাখিছিল –” ভাল লৰা পালে ঠিক কৰিবা , তোমালোকৰ পচন্ড হলেই হব! “— এক অদ্ভূত ছোৱালী স্নিগ্ধা ; নিজৰ ইচ্ছা অনিচ্ছা ৰ প্ৰতি বৰ বিশেষ মনোযোগ নাছিল তাইৰ কাহানিও ! মাথো ঘৰখনৰ সকলো সুখী হলেই হল !
ঠিক হৈছিল এদিন তাইৰো বিয়া — আকস্মিক ভাবে ! উজনি অসমত ঘৰ লৰা জনৰ ! কেমিকেল ইঞ্জিনিয়াৰ — অমন বৰুৱা ! ঘৰখনৰ দ্বিতীয় সন্তান অমন , স্নিগ্ধা সৰু বোৱাৰী হব ! তাইৰ ভালেই লাগিছিল সকলোবোৰ ।
স্নিগ্ধাৰ ঘৰখনে অলপ সময় লোৱাৰ কথা ভাবিছিল বিয়াৰ বাবে । বিয়া এখন বুলিলে যা-জোগাৰ যথেষ্ট থাকে , অন্তত ছমাহ সময় বিচাৰিছিল তেওলোকে ! কিন্তু অমনৰ ঘৰত সেই কথাত কোনো মান্তি নহল ! তেওলোকে যথেষ্ট খৰখেদা কৰিছিল বিয়াৰ বাবে ! স্নিগ্ধাক দৰাঘৰৰ লোকসকলে চাবলৈ অহাৰ দিনাই বিয়াৰ দিন ঠিক কৰি আহিছিল তেওঁলোকে ! তাই আছুতীয়াকৈ কথা পাতিবলৈ সুবিধাই নাপালে হবলগীয়া মানুহজনৰ লগত । তেওৰ পচন্ড – অপচন্ড , ভাল লগা- বেয়া লগা বোৰ বুজিবলৈ সুৰুঙাই নাপালে ! দৰাঘৰীয়াৰ কথা পেলাব নোৱাৰি স্নিগ্ধাৰ ঘৰতো সকলোৱে মানি লৈছিল সকলোবোৰ ——– ।
খৰখেদা হৈছিল যদিও যথেষ্ট ধুম-ধামেৰে বিয়াখন হৈ গৈছিল স্নিগ্ধা – অমনৰ ! নিমন্ত্ৰিত সকলোৱেই বিয়াত উপস্হিত আছিল । অনুৰাগহঁত যথেষ্ট ব্যস্ত হৈ পৰিছিল প্ৰিয় বান্ধবীৰ বিয়া বুলি । সকলোৰে অন্তৰভৰা আশীৰ্বাদ শিৰত লৈ স্নিগ্ধা অমনৰ পত্নী হৈছিল ।
তাই গুচি গৈছিল নতুন ঘৰ এখনলৈ ! অলপ দিন সংসাৰত ব্যস্ত থাকক বুলিয়েই প্ৰনালীয়ে তাইৰ লগত বৰ বিশেষ কথা পতা নাছিল —— নতুন জীৱনৰ মাধুৰ্য্যই তাইক যাতে প্ৰতি পল ভৰাই ৰাখে ——-!!
আৰু সেই তেতিয়াই সকলো সলনি হৈ গৈছিল স্নিগ্ধাৰ জীৱনত !
প্ৰথম কেইটামান দিন কথাবোৰ তাই সহজ ভাবেই লৈ আছিল ! কিন্তু লাহে লাহে তাই মন কৰিলে অমন যেন কিছু বেলেগ — অমনৰ ব্যৱহাৰবোৰ যেন স্বাভাৱিক নহয় ; ক্ষণে ক্ষণে সলনি হয় তাৰ ৰূপ ! হাঁহি মাতি কথা পাতি থকা অমন হঠাতে উগ্ৰ হৈ পৰে — ৰুমৰ বস্তু দলিয়াই ভাঙে — নিজকে উপৰ্য্যুপৰি চৰিয়ায়— কিন্তু কি কথাতনো তাৰ খং উঠে স্নিগ্ধাই একো ধৰিবকে নোৱাৰে — ! তাইৰ ভয় লাগে সেই সময়ত অমনলৈ ! ইমান হিংস্ৰৰ দৰে আচৰন কৰে — এই যেন তাইৰ ওপৰত জপিয়াই পৰিব –নেফা নেফ কৰিব তাইৰ শৰীৰ ! কিন্তু পাছ মুহূৰ্ত্ততে অমন আকৌ স্বাভাৱিক হৈ পৰে — একো যেন হোৱাই নাছিল অলপ আগতে ! তাইক অকথ্য ভাষাৰে গালি পৰা অমনে কেইটামান সময়ৰ ব্যৱধানতে তাইৰ লগত পুনৰ মৰমৰে কথা পাতিব পাৰিছিল — তাইৰ কাষ চাপি গৈছিল ……….!
যেতিয়াই যাক আঘাত কৰিবলৈ মন গৈছিল অমনে তাকেই আঘাত কৰিছিল বিনাদ্বিধাই , কথাৰে হওক অথবা হাতেৰে ! অমনৰ পিতৃ মাতৃ , অমনৰ দাদা কোনো বাদ নপৰিছিল তাৰ সেই আচৰণৰ পৰা ; তাইতো অমনৰ নিত্য নতুন অস্বাভাৱিক আচৰণৰ লগত সহবাস কৰিব লগাত পৰিছিল । তাইৰ বাবে অমন সাঁথৰ হৈ পৰিছিল ক্ৰমে ! তাই কান্দিছিল কোনেও নেদেখাকৈ ! এটা ভয়ে তাইক গ্ৰাস কৰি আনিছিল — ৰাতিৰ অমনলৈ তাইৰ ভয় আৰু ঘিন লগা হৈছিল ! সিযে তাইক ইমান অত্যাচাৰ কৰিছিল সেই কালনিশা বোৰত ………! কোনোবাই বাৰু ভাবিব পাৰিছিলেনে তাই কি এক দুঃসহ জীৱন কটাইছিল …… ! নিজলৈকে দুখ লাগিছিল তাইৰ !! কাকো কবও পৰা নাছিল কথাবোৰ– লাজে ভয়ে স্নিগ্ধা শেষ হৈ গৈছিল ! এয়াই নে তাইৰ সংসাৰ — এয়াই নে সকলোৰে আশীৰ্বাদ শিৰত লৈ গঢ়া সংসাৰৰ স্বৰূপ ……!
সৰু সৰু কথাতে তাইৰ লগত জেদ কৰিছিল অমনে , ঘৰৰ পৰা তাইলৈ ফন আহিলেও তাৰ আপত্তি — “কিয় তোমাৰ ঘৰৰ মানুহে তোমালৈ ফোন কৰি থাকে , কিয় খবৰ লয় তোমাৰ ইমান –” তাই হতভম্ব হৈ পৰে –” কিয় খবৰ নলব ঘৰৰ মানুহে মোৰ , মোক বিয়া হে দিছে , বিসৰ্জন দিয়া নাই নহয় –” তাই আচৰিত সৈ অমনক ওলোটাই প্ৰশ্ন কৰিছিল — , সি হিংস্ৰ হৈ পৰিছিল তাইৰ কথাত ! তাই ভয়তে ৰুমটোৰ মজিয়াত এটা চুকত বহি গোটেই ৰাতি পাৰ কৰি দিছিল ! এসময়ত সি ফোপাই ফোপাই শুই পৰিছিল ! তাৰ টোপনি গলেই যেন স্নিগ্ধাৰ শান্তি ; অত্যাচাৰ বোৰৰ পৰা অলপ সকাহ পাইছিল !
কিন্তু তাই দেখিছিল ঘৰখনৰ সকলো নিৰ্লিপ্ত অমনৰ সেই আচৰণত ! যেন সেয়া খুবেই স্বাভাৱিক তেওলোকৰ মতে !! তাইক বুজাইছিল তেওঁলোকে ওলোটাই — ” তাৰ অলপ খঙতো বেছি ,কিন্তু সি আচলতে খুব মৰমিয়াল লৰা , তোমাৰ ওপৰত কথা এতিয়া স্নিগ্ধা তুমি তাৰ পৰা কেনেকৈ মৰম আদায় কৰা —“
—-তাই ভীষণ আচৰিত হৈছিল —— ।
–তাই বুজিছিল অমন আচলতে স্বাভাৱিক নহয় — সি একপ্ৰকাৰ মানসিক ৰোগী ! আৰু সেইবাবেই তেওঁলোকে খুব খৰখেদাকৈ বিয়াখন পাতি দিছিল সিঁহতৰ । অমনৰ মাতৃয়ে তাইক কৈছিল এদিন –” আমি ভাবিছিলো , বিয়াখন পাতি তোমাক কাষত পালে সি অলপ স্বাভাৱিক হব , পত্নীৰ মৰমে তাক কিছু পৰিমানে স্বাভাৱিক কৰি তুলিব –কিন্তু আমি ভবাৰ দৰে তুমি তাক সুস্হ কৰি তুলিব নোৱাৰিলা ——- সি আজিকালি বেছিহে খঙাল হৈ পৰিছে ” ——-
—— তাই বোবা হৈ পৰিছিল সেইদিনা — এয়া কেনে ধৰনৰ আশা কৰিছিলে তেওঁলোকে তাইৰপৰা ? এজন মানসিক ৰোগীক ঠিক কৰাৰ দায়িত্ব কিদৰে স্নিগ্ধাৰ হব পাৰে বুলি ভাবি ললে তেওলোকে ?? মানুহ ইমান বিশ্বাসঘাতক হব পাৰে , ইমান স্বাৰ্থপৰ হব পাৰে — তাই নাজানিছিল । তাৰমানে তাইক খৰখেদা কৈ অমনলৈ বিয়া পাতি অনাতো ঘৰখনৰ প্ৰতিজনৰে এটা অভিসন্ধি আছিল , ইমান কুটিল এক স্বাৰ্থ জড়িত হৈ আছিল তেওলোকৰ , অথচ তাইৰ ঘৰৰ কাৰো চকুত নপৰিল কথাবোৰ । ইমান নিখুত আছিল তেওলোকৰ অভিনয়!
তেওলোকৰ অসুস্হ পুত্ৰক সুস্হ কৰি তোলাৰ অৱলম্বন স্নিগ্দ্ধা ?? কেনেকৈ ……? তাই কি সিহঁতৰ হাতৰ পুতলা …. ..?? তাইৰ কোনো আৱেগ অনুভূতি নাই …..??
তাই ভীষণ আহত হৈছিল , লাজ আৰু অপমানত তাই জৰ্জৰিত হৈ পৰিছিল — ইমান সহজ নে মানুহৰ জীৱনৰ লগত খেলা কৰাতো ! ইমান শঠতা …..! তাইৰ সহ্য নহল , খং আৰু ক্ষোভত তাই কঁপিছিল সেইদিনা ………
——–আৰু এদিন ৰাতি সকলো শোৱাৰ পাছত তাই প্ৰণালীক ফোন কৰি সকলোবোৰ জনাইছিলে — কান্দি কান্দি তাই ভাগৰি পৰিছিল এসময়ত ! — প্ৰণালী স্তব্ধ হৈ পৰিছিল ……..’এয়া কেনে খেল খেলিলে জীৱনে তাইৰ প্ৰিয় বান্ধবীৰ লগত ‘ ………!!
তাইৰ সিদ্ধান্ত জনাইছিলে প্ৰণালীক সেইৰাতি — তাই আতৰি যাব এইখন ঘৰৰ পৰা — ইমান বিশ্বাসঘাতকতা তাই সহিব নোৱাৰে — মাথো চিন্তা তাইৰ ঘৰখনক লৈ ! মাক দেউতাকে একো গমেই নাপায় । তাইৰ সাহস হোৱা নাই তেওলোকক কবলৈ কিমান যাতনা সহি আছে তাই ; তেওঁলোকক ইমান ভয়াবহ সত্যবোৰ কবলৈ ভয় খাইছে তাই ! প্ৰণালীয়ে তাইক সেই আশ্বাস দিছিল …. । তাইৰ সিদ্ধান্তত সফল হবলৈ যে তাই যথেষ্ট সাহসী হব লাগিব তাইক বুজাইছিল — কথা দিছিল প্ৰণালীয়ে তাইক তাইৰ প্ৰতিতো সিদ্ধান্তত কাষত থাকিব প্ৰণালী আৰু অনুৰাগ ! তাই অকলশৰীয়া নহয় কেতিয়াও ! প্ৰণালীয়ে দায়িত্ব লৈছিল তাইৰ ঘৰত জনোৱাৰ — !
………..ঢপলিয়াই গৈছিল স্নিগ্ধাৰ মাক দেউতাক অমনৰ ঘৰলৈ — নিজ কন্যাৰ জীৱনত ঘটি যোৱা অভাৱনীয় ঘটনাই তেওলোকক জোকাৰি পেলাইছিল —
অমনৰ ঘৰৰ সকলোকে আচৰিত কৰি স্নিগ্ধা ওলাই আহিছিল মাক দেউতাকৰ হাত ধৰি ! কাৰো মুখত এষাৰ শব্দ নাছিল সেইদিনা — তাইক বাধা দিয়াৰ নৈতিক সাহস হেৰুৱাই পেলাইছিল তেওঁলোকে । কিন্তু তেওঁলোকৰ চকুৱে মুখে ফুটি উঠিছিল এক অদ্ভূত আক্ৰোশ তাইৰ প্ৰতি —- যেন অমনক ঠিক কৰাৰ দায়িত্ব একমাত্ৰ স্নিগ্ধাৰ হে আছিল ! অমনে বাৰান্ডাৰ চুক এটাত ৰৈ চাই আছিল তাইলৈ খং আৰু ক্ষোভত, যেন এইমাত্ৰ তাইৰ গাৰ ওপৰত জপিয়াই পৰি নেফানেফ কৰিব তাইৰ শৰীৰ ! তাইৰ ভয় লাগি গৈছিল ৰাতিৰ অমনলৈ মনত পৰি আকৌ এবাৰ —-
এনে এক অনাহুত জীৱনে অপেক্ষা কৰি আছিল স্নিগ্ধাৰ বাবে ; কোনেও কল্পনাই কৰিব পৰা নাছিল — ক’ৰ পৰা যে কি হৈ গল ! এটা যেন লহমাতে সকলো শেষ——–!! সকলো ছাৰখাৰ ——- !
অমনক চিৰদিনৰ বাবে এৰি আহি তাই মাকৰ বুকুত সোমাই হুকহুকাই কান্দিছিল — আৰু সেইদিনাৰ পাছত তাই দুনাই সেই এৰি অহা দিনবোৰক লৈ চকুপানী নোটোকে বুলি নিজকে কথা দিছিল !
প্ৰণালীহতৰ চেষ্টাত তাই ঘৰত সোমাই নাথাকি চাকৰিত যোগ দিছিল , তাইৰ ঘৰতো কোনেও তাইক বাধা দিয়া নাছিল । সকলোয়ে মাথো বিচাৰিছিল তাইৰ হৈ যোৱা ঘটনা বোৰে যাতে তাইক আৰু নকন্দুৱায় ।
তাই নিজৰ জীৱনতোক সহজ কৰি তুলিবলৈ চেষ্টা কৰিছিল ক্ৰমে হৃদয়ৰ আপোন সকলোৰে মাজত থাকি —-
কিন্তু………….
হঠাতে যেন স্নিগ্ধা পুনৰ খহি পৰিছিল নিজ কক্ষপথৰ পৰা — অমনৰ ঘৰ এৰি অহাৰ অলপ দিনৰ পাছতে এটা গতানুগতিক পুৱাত তাই আৱিস্কাৰ কৰিছিল নিজক — তাই মাতৃত্বৰ পথত !! তাইৰ যেন ভৰিৰ তলৰ মাটিবোৰ নোহোৱা হৈ গৈছিল — তাই দিক-বিদিক হেৰুৱাই পেলাইছিল — উৰ্দ্ধশ্বাসে দৌৰিছিল তাই প্ৰণালীৰ ওচৰলৈ !! আন্ধাৰ দেখিছিল তাই — কি কৰা যায় এনেকুৱাত….. ? প্ৰণালীক সাৱটি ধৰি সশব্দে কান্দি উঠিছিল তাই !! প্ৰিয় বান্ধবীৰ এই চৰমতম বিপদৰ সময়ত প্ৰণালী আকৌ এবাৰ চক খাই উঠিছিল — তাইক সুধিছিল তাই কি কৰিব — এই সন্তান তাই বিচাৰেনে ?
………..নিশ্চুপ হৈ পৰিছিল স্নিগ্ধা ……..!! যাৰ লগত পাৰ কৰা তিনিটামাহে তাইক কেৱল ভয় আৰু যন্ত্ৰনা দিলে — যিয়ে তাইক জন্তুৰ দৰে আচৰণ কৰিলে — যিখন ঘৰে তাইৰ লগত কেৱল বিশ্বাসঘাটকতা কৰিলে — সেই ঘৰৰ কোনো চিহ্ন তাই নাৰাখে ! এজন মানসিক ৰোগীৰ সন্তানক তাই জন্ম দিব নিবিচাৰে ! তাইৰ যদি এয়া পাপ তেনেহলে সেই পাপ কৰিবলৈ তাই সাজু !! তাইৰ গৰ্ভত থিতাপি লোৱা এই ভ্ৰুন কেতিয়াও তাই আৰু অমনৰ মৰমৰ সাক্ষী নহয় ; বৰঞ্চ এয়া এক দানৱৰ জীঘাংসাৰ ফচল — প্ৰতিতো নিশা তাইৰ ওপৰত চলোৱা অকথ্য নিৰ্য্যাতনৰ সাক্ষী এই ভ্ৰুণ — তাই নিবিচাৰে এই সন্তানৰ জন্ম হোৱাতো —-।। তাই যেন এক কঠিন শিললৈ ৰূপান্তৰিত হৈছিল —-
চহৰৰ এগৰাকী নাম থকা গাইন’কলজিষ্ট ডাঃ নিলমৰ ওচৰলৈ লৈ গৈছিল তাইক প্ৰনালী আৰু অনুৰাগে । ডাঃ নিলমৰ অনুৰাগহতৰ লগত আগৰে পৰাই চিনা-জনা আছিল , সেয়েহে কথাবোৰ মুকলি ভাবে কব পাৰিছিল সিহঁতে ।
ডাঃ নিলমে কৈছিল অলপ কঠিন স্নিগ্ধাৰ এবৰ্চন — কিন্তু পৰিস্হিতিয়ে সেই সন্তান ৰখাত সমৰ্থন জনোৱা নাছিল , সেয়েহে তেও বাধ্য হৈছিল এবৰ্চন কৰিবলৈ । কিন্তু ভৱিষ্যতলৈ স্নিগ্ধাৰ বাবে দ্বিতীয়বাৰ সন্তানৰ কথা ভবাতো কিছু পৰিমানে অসুবিধাও হব পাৰে বুলি তেও সকিয়াই দিছিল । স্নিগ্ধাৰ হাঁহি উঠি গৈছিল — দ্বিতীয়বাৰ সন্তানৰ কথা ভাবিবলৈ তাই প্ৰথমে বিশ্বাসহীনতাৰ পৰা তো মুক্ত হব লাগিব ! যি তাইৰ বাবে কাহানিও আৰু সম্ভৱ নহয় !
…… এক কঠিন বাস্তৱৰ নিৰ্মোহ সত্যক তাই শেষ কৰি দিছিল সেইদিনা ! তাইৰ দুখ লাগিছিল — মাতৃত্বৰ মমতাৰে আকোৱালি লব পৰাকৈ চহকী নাছিল তাইৰ ক্ষেত্ৰত মমতাৰ পাত্ৰ ! তাইৰ বাবে জীৱনে এনে এক সংহাৰ ৰূপত থিয় দিছিল যে তাইৰ মমত্বকো চেপি-খুন্দি শেষ কৰি আনিছিল ! তাইৰ দেহৰ পৰা এটা নিষ্পাপ কলিক বিচ্ছিন্ন কৰি তাই এক কঠোৰ নাৰীলৈ পৰ্যবসিত হৈছিল । তাই কন্দা নাছিল দুনাই ……..!!
সেই যাতনাৰ তুলনা নাই …… যত সপোন ভঙাৰ ঠুনুকা শব্দবোৰক কেৱল বুকুৱে সামৰে নিৰৱে ……..!!
—– তথাপি স্নিগ্ধা সহজ হৈছিল কিছু — সময়ৰ লগে লগে । সকলোৰে সাহচৰ্যত তাই নিজক চম্ভালি লব পাৰিছিল । প্ৰণালী আৰু অনুৰাগৰ নিস্বাৰ্থ বন্ধুত্বত তাই প্ৰাণখুলি হাঁহিব পাৰিছিল ! তাইৰ পৃথিৱীখন কেৱল তাইৰ চাকৰিতো আৰু অনুৰাগৰ ঘৰখনৰ মাজতে আবৃত হৈ পৰিছিল । তেওলোকে তাইক কোনোদিন অকলশৰীয়া হবলৈ নিদিছিল । অনুৰাগহতৰ এপাৰ্টমেন্টতে তাইলৈ এটা ফ্লেট ঠিক কৰি দিছিল সিঁহতে । তাইৰ ঘৰৰ সকলোৰে বাবে প্ৰণালীহত এটা ডাঙৰ সকাহ আছিল —–।
স্নিগ্ধাক লৈ যে তাইৰ ঘৰত এটা বিষন্নতাই ঘেৰি ৰাখে সকলোকে তাই খুব ভালকৈয়ে বুজে , যিমানেই তাইৰ আগত সহজ হৈ নেদেখুৱাওক , তাই পঢ়িব পাৰে তেওঁলোকৰ চকুৰ সেই জীয়া জুইকুৰা ! সেয়েহে তাই পৰাপক্ষত ঘৰলৈ কমকৈ যায় ! তাইক দেখি থাকিলে মাক দেউতাকৰ বুকু খনে হাঁহাকাৰ কৰি উঠে …..। তেওলোকে নিজকে দোষী বুলি ভাবে তাইৰ ! এই বয়সত তেওলোকৰ চকুত চকুপানীৰ দাগ তাই চাব নোৱাৰে !
৹৹৹৹৹৹৹৹৹৹
—- হঠাতে অনুৰাগৰ ব্যস্ততা বাঢ়ে প্ৰণালীক লৈ । তাই যে মাতৃত্বৰ পথত ভৰি থোৱা দুমাহ হৈছে…. । এক আশাৰ চাকি জলিছে ঘৰখনত ! বিয়াৰ চাৰিবছৰ পাৰ হৈছে সিহঁতৰ ! ইমান দেৰি কৰাতো আচলতে সিঁহত দুটাৰো মন নাছিল । কিন্তু সকলোবোৰ তো ভবাৰ দৰে নহয় !
সিহতৰ ডাঃ নিলমৰ তালৈ সঘন আহ-যাহত বুজিছিলে স্নিগ্ধাই — নতুনক আদৰাৰ প্ৰস্তুতি চলিছে ! প্ৰণালীৰ এই ভাল খবৰে সকলোৰে লগতে তাইকো সুখী কৰিছে ! সিঁহতৰ সুখতেই স্নিগ্ধা সুখী — বহুত বেছি ।
—অফিচৰ পৰা আহি অলপ আৰাম কৰিব বুলি স্নিগ্ধাই বিচনাত বাগৰিছিল ! ভাগৰুৱা তাই ! হঠাত তাইৰ ফনত অনুৰাগৰ মেচেজ এটা ফ্লেচ হল — ‘এবাৰ আহাচোন ঘৰলৈ , দেৰি নকৰিবা ‘ —-
গাত দুপাট্টা খন লৈ তাই লৰালৰিকৈ অনুৰাগৰ ঘৰলৈ গল !
অনুৰাগে চিন্তাক্লিষ্ট ভাবেৰে প্ৰণালীৰ চকুপানী মচি মচি কিবা বুজাই আছিল —
: কি হল অনুৰাগ , প্ৰণালী কি হল তোৰ ?
: …………….
: আৰে কি হল নকৱ কেলে এটাইও ?
: স্নিগ্ধা …..! — মোৰ সন্তানতোক মই ——-
প্ৰনালীয়ে হুকহুকাই কান্দি উঠিল অনুৰাগৰ বুকুত সোমাই —
: তাইৰ খুব পেটৰ বিষ হৈছিল স্নিগ্ধা ! আৰু তাৰ পাছতেই ——— ৰৈ গল অনুৰাগ
: কেনেকৈ , কিয় — কিজানি তেনে একো নহবলগীয়া ঘটনা হোৱাই নাই — তোমালোকেহে ভাবিছা ! এবাৰ ডাঃ ৰ তালৈ লৈ যাও বলা তাইক —
: যাম ,ডাঃ নিলমক ফোন কৰিলো , তেও ইমিডিয়েট মাতি পঠাইছে ! তুমি অলপ তাইক বুজোৱা চোন , ঘৰত এতিয়ালৈকে কাকো কোৱা নাই — সকলো বোৰ চম্ভালি লওতে অলপ তো সময় লাগিব মোক ! মই গাড়ীখন উলিয়াও মানে তোমালোকে মাক বজাৰলৈ যাও বুলি কৈ ওলাই আহিবা —-
অনুৰাগে কব নোৱৰাকৈয়ে এক হুমুনিয়াহ কাঢ়িলে — তাৰ যে দুখ কৰিবলৈ ও সময় নাই —-
—- প্ৰণালীৰ ৰাতিপুৱা হঠাতে খুব পেটৰ বিষ আৰম্ভ হৈছিল আৰু তাৰ অলপ পাছতেই ……
ডাঃ নিলমে কনফাৰ্ম কৰিলে তাইৰ মিচকেৰেজ হৈছে …
তাইৰ কেইবাটাও টেষ্ট কৰাৰ বাবে ডাঃ নিলমে লিখি দিছিল আৰু যিমান সোনকালে পাৰে ৰিপৰ্ট বোৰ দেখুৱাবলৈ কৈছিল !
প্ৰণালী ভাগি পৰিছিল , তাইক স্বাভাৱিক কৰিব পৰা নাছিল অনুৰাগে ! কিমান বেদনাই তাইৰ বুকুত ভৰ কৰিছিলহি স্নিগ্ধাই জানে ভালকৈয়ে ! তাই খুব মৰমেৰে বুজাইছিল প্ৰনালীক !
তাই নিজৰ অতীততোক মনত নেপেলাও বুলি ভাবিলেও এনেবোৰ আৱেগিক মুহূৰ্ত্তই তাইক বুৰাই থৈ যায়হি তাইৰ অতীতে —–
প্ৰনালীৰ সকলোবোৰ টেষ্টৰ ৰিপৰ্ট লৈ অনুৰাগ গৈছিল ডাঃ নিলমৰ ওচৰলৈ — এক অনাকাংক্ষিত খবৰ ৰৈ আছিল সিহতৰ বাবে —
এক ধৰনৰ জেনেটিক আৰু হৰমনেল প্ৰব্লেমৰ লগতে প্ৰণালীৰ চাৰভাইকেল ৱীকনেচৰ বাবে তাই কনচিভ কৰিছিল যদিও মিচকেৰেজ হৈছিল আৰু এইতো অসুবিধাৰ বাবে তাইৰ আগলৈও মিচকেৰেজৰ সম্ভাৱনাই অধিক—- ট্ৰিটমেন্ট কৰিলেও জেনেটিকেল প্ৰব্লেমবোৰ নোহোৱা নহয় , থাকি যায় !
এক বিষন্নতাৰে অনুৰাগ ঘৰ সোমাইছিলহি — প্ৰণালীৰ চকুত ধৰা নপৰাৰ হাজাৰ চেষ্টাৰ পাছতো তাৰ মনৰ অস্হিৰতাক তাই পঢ়ি পেলাইছিল …! সি বাধ্য হৈছিল এসময়ত প্ৰণালীক সকলো খুলি কবলৈ ! তাইৰ সন্তান ধাৰণৰ ক্ষমতা থাকিলেও সেই ক্ষমতাই পূৰ্ণ কৰিব নোৱাৰিছিল তাইক !
তাইৰ নিজৰ অসমৰ্থতাত বাকৰুদ্ধ হৈ পৰিছিল ! অনুৰাগৰ জীৱনতোক যেন তাই আধৰুৱা কৰি পেলালে——- । তাৰ আশাবোৰক তাইৰ বাবেই যেন সি আধাতে সামৰিব লগীয়া হল — । তাইৰ নিজকে শেষ কৰি দিয়াৰ ইচ্ছা হৈছিল । নিজৰ ৰুমতে জুপুকা লাগি বহি থাকে প্ৰণালীয়ে ! কোনে কি কৰিছে নকৰিছে তাইৰ যেন একোতে গুৰুত্ব নাই । উদাসীনতাত বুৰ গৈ প্ৰণালী যেন সলনি হৈ পৰিল । তাৰ মৰমৰ ৰাংঢালী প্ৰণালীজনীৰ এই পৰিবৰ্ত্তনে অনুৰাগক চিন্তাত পেলালে । সি বুজে; প্ৰণালীৰ অন্তৰৰ হাহাঁকাৰ সিও শুনে — সিও তো একুৰা জীয়া জুইৰ দহন বুকুত কঢ়িয়াই ফুৰিছে সকলোৰে অলক্ষিতে । কিন্তু সিতো দেখুৱাব নোৱাৰে তাৰ হাহাঁকাৰ বোৰ প্ৰণালীৰ দৰে — কাৰন সি যে পুৰুষ ……! পুৰুষে জানো কান্দে …….! পুৰুষেতো কেৱল একো দুখেই চুব নোৱৰাৰ অভিনয় কৰি যায়…… ! পুৰুষৰ আৱেগে বাট বিচাৰি নাপায় , পুৰুষে কন্দাৰ অধিকাৰ নাই ……..! পুৰুষে নাকান্দে ..! পুৰুষ অনবৰতে এক শিলৰ প্ৰতিমূৰ্ত্তিৰ দৰে …….স্হিতপ্ৰজ্ঞ ……!!
দিনে দিনে অনুৰাগৰ মাকৰ যেন প্ৰণালীৰ প্ৰতি অলপ ব্যৱহাৰবোৰ সলনি হৈছিল — ৰুক্ষতাৰে কোৱা কেইবাটাও কথা অনুৰাগৰ কানত পৰিছিল । সি অবাক হৈছিল , এগৰাকী নাৰীয়েই যে কিদৰে নুবুজে আন এক নাৰীৰ শোকৰ গাথা । কিয় এনেকুৱা হৈ পৰে সম্বন্ধৰ আঁত দাল — ইমান স্বাৰ্থপৰ নে ! সি বুজি নাপায় ।
প্ৰণালীৰ বাৰম্বাৰ অনুৰোধত অনুৰাগে কেইবাজনো ডাঃ ৰ ওচৰলৈ লৈ গৈছিল তাইক । প্ৰতিবাৰেই তাইৰ দেহৰ ওপৰত চলা বিভিন্ন পৰীক্ষা নিৰীক্ষা আৰু বিভিন্ন ইনজেকচনে থকা সৰকা কৰিছিল তাইক । তাইৰ সেই কষ্টই অনুৰাগৰ বুকুত বিন্ধিছিল । হাৰি গৈছিল এসময়ত প্ৰণালী আৰু অনুৰাগ । প্ৰতিবাৰ প্ৰতিজন ডাঃ ৰ একেই মতামত আছিল — প্ৰণালীৰ চাৰভাইকেল ৱীকনেচ আৰু জেনেটিকেল প্ৰব্লেমৰ বাবে তাই কনচিভ কৰিলেও মিচকেৰেজ হয় । ট্ৰিটমেন্ট কৰিলেও জেনেটিকেল আৰু হৰমনেল প্ৰব্লেমবোৰ ঠিক হোৱাৰ চ্চান্স খুবেই কম ।
…….নাই …… আৰু লাভ নাই ……! অনুৰাগে আৰু নিদিয়ে তাইক ইমান কষ্ট সহিবলৈ ! লাগিলে সিহতে এটি শিশু তুলি লব ! কথাতো মনলৈ অহাৰ লগে লগে তাৰ মুখখন পোহৰময় হৈ পৰিছিল ….. ! এই নতুন সিদ্ধান্ততো সি মাক দেউতাকক বৰ আগ্ৰহেৰে জনাইছিল , কিন্তু ঘৰখনত সি আশা কৰাৰ সম্পূৰ্ণ বিপৰীত ছবি এখন দেখা পাইছিল ! এক অভাৱনীয় পৰিস্হিতিৰ সৃষ্টি হৈছিল সেইদিনা । মাক দেউতাকৰ এক অদ্ভূত যুক্তিয়ে তাৰ সেই সিদ্ধান্তক সি পলকতে মচি পেলাইছিল মনৰ পৰা ।
: কি কৈছ তই , সন্তান তুলি লবি ? এইখন ঘৰলৈ কোনো চিনা জনা নোহোৱা ঘৰৰ সন্তানক আনিবি তই ? বংশ – পৰিয়াল , সংস্কাৰৰ কোনো নিশ্চয়তা নথকা এটা শিশুৰ পিতৃ মাতৃ হবি তঁহত ? কেতিয়াও হব নোৱাৰে এনে কথা , অন্তত আমি জীয়াই থকালৈকে এনে ঘটনা কেতিয়াও হব নোৱাৰে ।
: কিন্তু মা , এটি শিশুক তো আমি আমাৰ সংস্কাৰেৰে গঢ় দি লব পাৰিম , যি বাট দেখুৱাম সেই বাটেদিয়েই সি যাব …..তাত তোমালোকৰ কিয় ইমান আপত্তি ? এটা নিষ্পাপ শিশুক লৈ এনে কথা কব পাৰিছা তোমালোকে ?
: ৰাগ …..! আমাৰ শিক্ষাৰে শিক্ষিত হৈ আজি আমাকেই প্ৰশ্ন কৰিছ তই ….? কোনে দিলে এইবোৰ বুদ্ধি তোক , নিশ্চয় প্ৰণালীয়ে , নহয় জানো ….? তাইৰ নিজৰ অসমৰ্থতা ঢাকিবলৈ এইবোৰ আমাৰ বংশত কোনোদিনে নোহোৱা কথাৰ অৱতাৰনা কৰিছে তাই ?
: মা প্লীজ , প্ৰণালীক কিয় টানিছা , তাইতো একো গমেই নাপায় এইবোৰ , ভাবিছিলো তোমালোকৰ লগত আলোচনা কৰি আমি সবেই মিলি তাইক এই মানসিক যন্ত্ৰনাৰ পৰা মুক্ত কৰিম , পিছে তোমালোকে নুবুজিলা মা ……. !
এৰি দিছিল অনুৰাগে চিন্তা কৰিবলৈ ! সময়ৰ হাতত তুলি দিছিল সকলো ..! যিমান পাৰে প্ৰণালীক সময় দিছিল সি। স্নিগ্ধাইও যথেষ্ট দায়িত্ব লৈছিল তাইৰ দুখবোৰ পাহৰাই ৰখাত । লাহে লাহে প্ৰণালীয়ে অনুৰাগক দ্বিতীয় বিবাহৰ বাবে জোৰ দিবলৈ ধৰিলে ! সি অবাক হৈ চাই থাকে তাইলৈ ….. ‘ কি কয় এই ছোৱালীজনীয়ে , নিজৰেই প্ৰেমিক স্বামীক দ্বিতীয় বিবাহৰ কথা কব পাৰে …’
…” কিয় প্ৰণালী , কিয় এনে অদ্ভূত কথা মনলৈ আনিছা , তুমি মোৰ বাবে কি , সেয়া কেৱল মই জানো …..! তোমাৰ মনলৈ এনে অযুক্তিকৰ কথা আহিল কেনেকৈ ….? এটা সন্তানৰ পিতৃ হোৱাৰ আশাত মই দ্বিতীয় বিবাহ কৰাব লাগে —– ছিঃ ! মোক ইমান স্বাৰ্থপৰৰ শাৰীলৈ লৈ গলানে তুমি ? সি চিঞৰি উঠিছিল —
প্ৰণালীয়ে তাক সাৱটি ধৰি হিয়াঁ উজাৰি কান্দিছিল ! ঘৰখনত তাইক লৈ হৈ থকা অশান্তিবোৰে তাইক অধিক দূৰ্বল কৰি তুলিছিল। তাৰোপৰি তাই ভাবে তাইৰ শাৰিৰীক দোষৰ বাবে অনুৰাগ কিয় সন্তানহীন হৈ থাকিব , তাৰতো একো বিসংগতি নাই — সি কিয় পিতৃত্বৰ সুখৰ পৰা বঞ্চিত হব লাগে …….
স্নিগ্ধাৰ লগত প্ৰণালীৰ অযুত কথা ; আৱেগিক হৈ তাই বহু কথাই কৈ যায় প্ৰিয় বান্ধবীক …..এটা শিশুৰ কলৰৱৰ পৰা এই ঘৰখন কেৱল তাইৰ বাবেই বঞ্চিত । তাই অপৰাধী তেওলোকৰ ….. অপৰাধী অনুৰাগৰ ….!
স্নিগ্ধাৰ দুখ লাগে — খুব দুখ লাগে । এগৰাকী নাৰী মাতৃত্বৰ পৰা বঞ্চিত হোৱাৰ সমান বেদনা কি হব পাৰে ! কিমান দুঃসহ হব পাৰে সেই যাতনা যেতিয়া সামাজিক ভাবেও সেই নাৰীগৰাকীক তিৰস্কাৰ কৰা হয় বহু সময়ত ! তাই ৰ সমান ভালকৈ কোনে বুজিব প্ৰণালীৰ বিষন্নতা
—-তাইৰতো প্ৰতিনিয়ত এক অসম্পূৰ্ণ জীৱনৰ লগতেই সহযাত্ৰা ………!!
তাইৰ প্ৰতিতো বিপদত সহায়ৰ হাত আগবঢ়াই অহা প্ৰণালী অনুৰাগৰ হৈ যেন তাই কিবা এটা কৰাতো দৰকাৰ — তাইক দি অহা মৰমবোৰৰ যেন তাই প্ৰতিদান দিয়াৰ সময় এয়া —– ——- !
এক প্ৰচন্ড সাহসী পদক্ষেপৰ বাবে স্নিগ্ধা মানসিক ভাবে সাজু হৈছিল — তাইৰ জীৱনৰ প্ৰতিতো সুখ দুখৰ খবৰ ৰখা , প্ৰতিটো বিপদত তাইৰ কাষত সাহস হৈ থিয় দিয়া প্ৰণালীৰ বাবে তাইৰ এই সিদ্ধান্ত যেন এক অমোঘ প্ৰতিদান হব…… !
অনুৰাগক মাতি আনিছিল তাই — তাইৰ সিদ্ধান্ত জনাইছিল তাক —- অনুৰাগ হতবাক হৈ পৰিছিল তাইৰ এই সিদ্ধান্তত —–
: ন’ স্নিগ্ধা ! তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা ইমান সহজে লৈ লব নোৱৰা ——
………………….
…………………………..
……………….
আৰু তাৰপাছত যি হৈছিল ; সকলো স্নিগ্ধাৰ সাহসী পদক্ষেপত সম্ভৱ হৈ উঠিছিল —–
: ছাৰ’গেছী ৰ বিষয়ে তুমি জানা নিশ্চয় অনুৰাগ !
: জানো , কিয় সুধিলা ?
: মই তোমালোকৰ সন্তানক ধাৰণ কৰিব বিচাৰো ……!
: কি ??
: সন্তান এটা তোমালোকৰ কোলালৈ আহিলে প্ৰণালীৰ সকলো সমস্যা দূৰ হব , অনুৰাগ । তাইৰ এই কষ্ট অসহনীয় মোৰ বাবে !
: আৰ ইউ ক্ৰেজী স্নিগ্ধা ?
: নট এট অল ! মই ইতিমধ্যেই ঠিক কৰি পেলাইছো ! আৰু তুমি জানিলে আচৰিত হবা যে মই ডাঃ নিলমৰ লগত এই বিষয়ে কথা পাতিছিলো ! ছাৰ’গেছী পদ্ধতিৰ বিষয়ে এটা থূলমূল আভাষ তেওঁ মোক দিলে । কিছুমান আইনী কাম ও নিহিত থাকে এনেকুৱাত ! কিন্তু যিহেতু তেও তোমালোকৰ ঘৰৰ সকলোৰে লগত পৰিচিত , মোকো জানে ভালকৈয়ে, গতিকে আইনী মেৰ-পেচ সমূহক প্ৰশ্ৰয় নিদিয়াকৈ কৰিব পাৰিনে সুধিছিলো — তেও মোক একে আষাৰে হব বুলি নকলেও তেওৰ কথাত ” না” নাছিল ! মই ভাবো এবাৰ আমি তেওৰ ওচৰলৈ যোৱা উচিত —-
: স্নিগ্ধা , তুমি এইবোৰ কি কৈ আছা তুমি জানানে —
: মই খুব ভালকৈয়ে জানো , কি কৈছো আৰু কি কৰিবলৈ ওলাইছো । মোৰ এই অসম্পূৰ্ণ জীৱনটোত যদি তোমালোকৰ সহযোগত এক সুকীয়া ধৰণে হলেও পূৰ্ণতা পাও , আপত্তি কত ! যি তোমাক আৰু প্ৰণালীকো পূৰ্ণতা দিব !! মোৰ অকণমান ত্যাগে যদি সকলোৰে বাবে সুখ কঢ়িয়াই আনে … কিমান ভাললগা হৈ পৰিব সময়বোৰ….
স্নিগ্ধাৰ কথাত অনুৰাগ মান্তি হৈছিল ।
ডাঃ নিলমৰ লগত গোটেই প্ৰচেছটোৰ বিষয়ে তিনিও জানি লোৱাৰ পাছত আচল পৰীক্ষা নিৰীক্ষা বোৰ আৰম্ভ হৈছিল । এসময়ত স্নিগ্ধাৰ এবৰ্চন ডাঃ নিলমেই কৰিছিল হেতু তাইৰ সাম্ভাব্য কিছুমান অসুবিধাৰ কথা আগতীয়াইকৈ জনাইছিল সিঁহতক। তেও বুজাইছিল তাইক ছাৰ’গেছীৰ এই সুদীৰ্ঘ নটা মাহ তাই যথেষ্ট সাৱধান হৈ চলিব পাৰিব লাগিব । লগতে ডাঃ নিলমে এইটোও সুধিছিল —- ইমান ডাঙৰ ত্যাগ কৰাতো সহজ কথা নহয় ; তাই সচাকৈয়ে ৰাজী নে ! তাইৰ সাহসক ডাঃ নিলমে চেল্যুট কৰিছিল …..!
স্নিগ্ধা যথেষ্ট সাহসী হৈ প্ৰতিতো পৰ্য্যায়তে ডাঃ নিলমক সহযোগ কৰিছিল। তাইৰ এটাই যেন লক্ষ্য হৈ পৰিছিল তেতিয়া — প্ৰনালী আৰু অনুৰাগৰ সন্তানক তাই তাইৰ গৰ্ভত ধাৰণ কৰিব — তাইৰ আসন্ন কিছুমান বিপদৰ কথা খোলা-খুলিকৈ কোৱাৰ পাছতো তাই স্হিতপ্ৰজ্ঞ হৈ ৰৈছিল ! তাইৰ যেন নিজৰ ওপৰত অগাধ বিশ্বাস আছিল — একো নহয় তাইৰ , কতো একো বিপদ নঘটে….! তাইৰ ভিতৰৰ স্নিগ্ধা জনীয়ে যেন তাইক বাৰে বাৰে সাহসী কৰি তুলিছিল —-জীৱনে প্ৰতিবাৰেই তো পৰাজিত নকৰে ; কোনো এটা অধ্যায়ে তো নিশ্চয় জীৱনক হাহিঁবলৈ সুযোগ দিয়ে …..!!
সকলো সঠিকভাবেই আগবাঢ়িছিল ! যথা সময়ত ডাঃ নিলমে স্নিগ্ধাৰ গৰ্ভত অনুৰাগ আৰু প্ৰনালীৰ এমব্ৰাইঅ’ক ট্ৰান্সফাৰ কৰিছিল সফলতাৰে ! এক বুজাব নোৱৰা অনুভূতি তিনিওৰে বাবে ! এক শব্দৰে বুজাব নোৱৰা দিঘলীয়া উৎকন্ঠা !
স্নিগ্ধাৰ এই ত্যাগৰ সন্মুখত যেন অনুৰাগৰ পিতৃ মাতৃ অলপ লজ্জিত হৈছিল ! ম্লান পৰিছিল তেওলোকৰ মুখৰ হাঁহি , যেতিয়া অনুৰাগে সকলো বুজাই কৈছিল তেওঁলোকক !
এক বৰ্নিল সময় আছিল সেয়া সিহঁত তিনিওৰে বাবে — ! ভয় শংকাৰ মাজতো এক সুকীয়া আনন্দই সিহতঁক আৱৰি ৰাখিছিল অনবৰতে । প্ৰণালীয়ে লগাতকৈ বেছিয়ে স্নিগ্ধাৰ যত্ন লৈছিল , সময়ত স্নিগ্ধাৰ যাতে একো বিপদ নহয় তাৰ বাবে ডাঃ নিলমৰ প্ৰতিতো এডভাইছেই আখৰ আখৰে পালন কৰিছিল প্ৰনালীয়ে ……!
আৰু সেই যাত্ৰাৰ শেষত আজি অনুৰাগ আৰু প্ৰণালী ৰৈ আছে অ’টিৰ সন্মুখত —- অবুজ উৎকন্ঠাৰে —- ভয় আৰু শংকাৰে —–!! স্নিগ্ধাই যিমানেই বেছি সাহসেৰে নিজকে প্ৰস্তুত কৰিছিল আজিৰ এই দিনতোৰ বাবে সিমানেই বেছি চিন্তিত হৈছিল প্ৰনালী ; হয়তো অনুৰাগো , কিন্তু সি বুজিবলৈ দিয়া নাছিল তাইক ! —– ভগৱানক বাৰে বাৰে স্মৰণ কৰিছিল প্ৰনালীয়ে —- ‘ তাইৰ এই ত্যাগৰ বিনিময়ত তাইক যেন সুস্হ কৰি ৰাখা প্ৰভু ‘—-
: কংগ্ৰেচুলেচনচ্ অনুৰাগ এন্ড প্ৰনালী ….. ইউ আৰ ব্লেচড ৱীথ আ বেবী বয় ….
হঠাত ডাঃ নিলম ওলাই আহি সিহতক উদ্দেশ্যি কোৱা কথাষাৰ যেন সিহতে বিশ্বাসেই কৰিব পৰা নাছিল প্ৰথমতে — অবাক হৈ চাই ৰৈছিল দুয়ো তেওঁলৈ —
: এন্ড হাও ইজ স্নিগ্ধা , ডক্টৰ ?
— সম্বিৎ ঘূৰি অহাৰ দৰে অনুৰাগে সুধিলে —–
: চি ইছ এবচল্যুটলি ফাইন , ড’ন্ট ৱৰী ……… ! চি ৱীল বি চিফটেড টু ডা কেবিন ইন আ চৰ্ট হোৱাইল !
……..এটি সুকোমল গোলাপৰ পাহি যেন গুলপীয়া পুতলা তুলি দিছিল নাৰ্ছ গৰাকীয়ে প্ৰনালীৰ হাতত …..দুচকুৰে সৰসৰাই চকুলো বাগৰিছিল তাইৰ ……….. ” কি সৰগীয় সুখ দিলি স্নিগ্ধা তই আমাক এয়া ….. তোৰ এই ঋণ যে পৰিশোধ কৰিব নোৱাৰিম আমি “….. চলচলীয়া দুচকুৰে মাথো অনুৰাগে হাতযোৰ কৰিছিল স্নিগ্ধাৰ সন্মুখত ……
…. স্নিগ্ধাৰ এনে লাগিছিল যেন এসময়ত তাইৰ দেহৰ পৰা বিচ্ছিন্ন কৰি পেলোৱা তাইৰ সন্তানটোৱে তাইক মাতিছে …… ” মা ” ……….
©অংকিতা বৰুৱা