ম্যানমাৰ
• দিলীপ দৈমাৰী
সেনাবাহিনীৰ অভ্যুত্থানৰ পিছত ম্যানমাৰৰ ৰাজধানী নেপিডো আৰু অইন এখন ডাঙৰ চহৰ য়াঙ্গুনত সেনাবাহিনীৰ নিৰ্যাতনৰ ছৱি বিভিন্ন সময়ত সমগ্ৰ বিশ্বৰ মানুহ দেখা পাইছে যদিও সম্প্ৰতি ম্যানমাৰৰ এজন বিদ্ৰোহী কিম্বা বিক্ষুব্ধ সেনা বিষয়া ( বৰ্তমান সেনাবাহিনী ত্যাগ কৰি ‘প্ৰাক্তন’)ই দেশখনৰ শ্বিন প্ৰদেশত শাসকীয় সেনাৰ বিৰুদ্ধে গঢ় লৈ উঠা প্ৰতিৰোধী যুদ্ধৰ নতুন তথ্য সন্মুখলৈ আনিছে।
ম্যানমাৰ সেনাবাহিনীৰ সদ্য ‘প্ৰাক্তন’ কেপ্তেইন কং থু উইন। তেওঁ বৰ্তমান ভাৰতবৰ্ষ উপমহাদেশৰ উত্তৰ-পূৱত অৱস্থান কৰিছে বুলি ৰয়টাৰ্ছ-এ সদৰি কৰিছে। এওঁ আছিল শ্বিন প্ৰদেশত। সৰ্বসাধাৰণৰ ওপৰত ম্যানমাৰৰ সেনাবাহিনীয়ে অত্যাচাৰ ঊলোৱা বাবে বিক্ষুব্ধ হৈ তেওঁ সেনাবাহিনী ত্যাগ কৰে আৰু বিদ্ৰোহী জনসাধাৰণৰ পক্ষত থিয় দিয়ে।
তেওঁৰ তথ্য অনুসৰি শ্বিন প্ৰদেশৰ দক্ষিণাঞ্চলত কমেও ৫০ জন সৈন্যক হত্যা কৰিছে বিদ্ৰোহীসকলে। তাৰোপৰি ২০০ জনতকৈও অধিক সেনা আহত হৈছে। এই ধৰণৰ সংঘৰ্ষত বিদ্ৰোহীসকলে ঘৰতে প্ৰস্তুত কৰা অস্ত্ৰ ব্যৱহাৰ কৰিছে।
উল্লেখযোগ্য যে ২০২১ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে কোনোধৰণৰ ৰক্তপাত নোহোৱাকৈ ম্যানমাৰৰ সেনাবাহিনীয়ে স্টেট কাউন্সিলৰ অং শ্বান চ্যু কি-ক ক্ষমতাচ্যুত কৰে আৰু ম্যানমাৰৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ নিয়ে। ইয়াৰ পিছৰে পৰা ম্যানমাৰত বিক্ষোভ আৰম্ভ হয় আৰু বিক্ষোভ দমন কৰিবলৈ সেনাবাহিনীয়ে দমন-পীড়ণ আৰম্ভ কৰে।
এনে নিৰ্যাতনৰ বাবে ভ্ৰাম্যমাণৰ ১৫০০ ৰো অধিক মানুহে ইতিমধ্যে নিজৰ প্ৰাণ হেৰুৱাইছে। কোনো কোনো ঠাইত বিদ্ৰোহীসকলে ব্যাপক প্ৰতিৰোধ গঢ়ি তুলিলেও সেনাৰ প্ৰচন্ড অত্যাচাৰ সহিব নোৱাৰি পিছুৱাবলৈ বাধ্য হয়। কিন্তু শ্বিন প্ৰদেশৰ ছৱিখন সুকীয়া। শ্বিন প্ৰদেশত বিদ্ৰোহীসকলে ব্যাপক প্ৰতিৰোধ গঢ়ি তুলিছিল আৰু এতিয়াও নিজৰ স্থিতিত সৱল হৈ আছে। এই সম্পৰ্কে বিভিন্ন নথি – পত্ৰ আৰু বাৰ্তা ৰয়টাৰ্ছক দেখুৱাইছে কেপ্তেইন কং থু কুইন-এ। তাৰোপৰি সংঘৰ্ষৰ অভিজ্ঞতাও বৰ্ণনা কৰিছে। বৰ্তমান ভাৰতবৰ্ষৰ উত্তৰ-পূৱ অঞ্চলত পত্নী আৰু সন্তানৰ সৈতে অৱস্থান কৰা কেপ্তেইন কং থু উইন-এ ৰয়টাৰ্ছক নিজৰ পৰিচয় পত্ৰ দেখুওৱাৰ লগতে শ্বিন প্ৰদেশত ঘটা ১২ টা ঘটনাৰ বৰ্ণনা ডাঙি ধৰিছে। তেওঁৰ মতে যোৱা বছৰৰ মে’ মাহৰ পৰা ডিচেম্বৰ মাহলৈ ঘটনাবোৰ ঘটিছে। তাৰোপৰি ৰয়টাৰ্ছক তেওঁ ৩০ খন গোপনীয় নথি দেখুৱাইছে। এই নথিবোৰৰ ভিত্তিত তেওঁ হতাহতৰ হিচাব ডাঙি ধৰিছে।
এই নথিবোৰৰ দ্বাৰা জানিব পৰা গৈছে যে শ্বিন প্ৰদেশৰ মানুহে জুন্টা চৰকাৰৰ শাসন মানি লোৱা নাই। তেওঁলোকে নিজে হাতত অস্ত্ৰ তুলি লৈছে। তাৰোপৰি বিভিন্ন জাতিসত্বাৰ মানুহে নিজকে সংগঠিত কৰি সশস্ত্ৰ সংগঠন গঢ়ি তুলিছে। কেপ্টেইন কং থু উইন-এ জনাইছে যে শ্বিন প্ৰদেশৰ মিনদাত চহৰত সেনাবাহিনীৰ নিৰ্যাতনৰ বিৰুদ্ধে বিদ্ৰোহীসকল অধিক সংগঠিত হৈ সশস্ত্ৰ সংগঠন গঢ়ি তুলিছে। তাৰোপৰি সমগ্ৰ ম্যানমাৰতে বিদ্ৰোহৰ অগ্নিৰ উত্তাপ বৃদ্ধি পাইছে বুলি তেওঁ জানিবলৈ দিছে। যোৱা বছৰ ১ ফেব্ৰুৱাৰী তাৰিখে ম্যানমাৰৰ সেনাবাহিনীয়ে অভ্যুত্থান ঘটোৱাৰ পিছৰে পৰাই মিনদাতত বিদ্ৰোহীসকল সংগঠিত হ’বলৈ আৰম্ভ কৰে আৰু ম্যানমাৰৰ সেনাবাহিনীয়ে সেই চহৰত ব্যাপকভাৱে সেনা মোতায়ন কৰে। কাৰণ, সেনাবাহিনীৰ কনভয়ৰ ওপৰত বিদ্ৰোহীসকলে কৰা প্ৰচন্ড আক্ৰমণৰ ফলত ৭ খন গাড়ী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৫ জন সৈন্যৰ মৃত্যু হয় আৰু ৩৭ জন সেনা সন্ধানহীন হৈ পৰে। উইনৰ মতে সেই আক্ৰমণত প্ৰায় ১০০০ বিদ্ৰোহীয়ে অংশগ্ৰহণ কৰিছিল। সেনাৰ ৬ খন গাড়ী জ্বলাই দিয়া হয়। উইনৰ মতে সেই আক্ৰমণত কমেও ২০ জন সেনাৰ মৃত্যু হৈছিল।
শ্বিনৰ দক্ষিণাঞ্চলত বিদ্ৰোহীসকলৰ এটা দল সংগঠিত হৈছে আৰু সেই দলৰ নাম হৈছে ‘ শ্বিনলেন্ড ডিফেন্স ফোৰ্চ( চি.ডি.এফ)। এই বিদ্ৰোহীসকল ভয়ংকৰ বুলি উইনে কৈছে। এই চি.ডি.এফ.-এও উইন সম্পৰ্কে ১০/০১/২০২২ তাৰিখে বিবৃতি দি কৈছে যে উইনে তেওঁলোকক অস্ত্ৰ আৰু গোলাবাৰুদ দিছে। উইনক আৰু উইনৰ পৰিয়ালক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে। অস্ত্ৰ দিয়াৰ বিনিময়ত তেওঁক ধন দিয়াও হৈছে। চি.ডি.এফ.-অৰ অইন এক শাখা ‘কালায় ডিফেন্স ফোৰ্চ'(চি.ডি.এফ.কেকেজি)ৰ এজন মুখপাত্ৰই কৈছে যে অস্ত্ৰ দিয়াৰ বিনিময়ত উইনক ৩৩০০ আমেৰিকান ডলাৰ দিয়া হৈছে, কিন্তু অস্ত্ৰৰ মূল্য বহুত বেছি। ২০০৬ চনত ম্যানমাৰৰ ডিফেন্স চাৰ্ভিচ একাডেমীত যোগ দিছিল উইন-এ। তাৰপিছত সামৰিক বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ লাইট ইনফেন্ট্ৰি বেটেলিয়ন -২১৬ ত যোগ দিয়ে তেওঁ। এই পদাতিক বাহিনীয়ে কাৰেন আৰু শ্বান প্ৰদেশত কৰ্মৰত। মূলতঃ বিভিন্ন জাতিসত্ত্বাৰ সশস্ত্ৰ গোটসমূহক দমন কৰাই তেওঁলোকৰ মূল কাম। ইয়াৰ পিছত ২০১৬ চনত উইনক শ্বিন প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছিল।( ৰয়টাৰ্ছৰ বাতৰিৰ সহায় লৈ)