5G পৰিসেৱাৰ বাবে অনুমোদন চৰকাৰৰ
অৰবিন্দ ৰাভা
অৱশেষত প্ৰতীক্ষাৰ অৱসান হ’ল। ভাৰতত 5G পৰিসেৱা আৰম্ভ হ’বলৈ আৰু সৰহদিন নাই। যোৱা বুধবাৰে, ১৫-০৬-২০২২ তাৰিখে ভাৰত চৰকাৰে স্পেক্ট্ৰাম নিলামৰ আয়োজন কৰিবলৈ অনুমোদন টেলি কমিউনিকেশ্যন দিয়াৰ পিছত এতিয়া নিলামৰ মাধ্যমেৰে ভাৰতত 5G পৰিসেৱা আৰম্ভ কৰাৰ দায়িত্ব বিতৰণ কৰা হ’ব।
সূত্ৰৰ পৰা জানিব পৰা গৈছে, ২০ বছৰৰ বাবে মুঠ ৭২০৯৭.৮৫ মেগাহাৰ্ট্জ স্পেকট্ৰাম নিলাম কৰা হ’ব আৰু ভাৰত চৰকাৰে দাবী কৰা মতে পূৰ্বৰ 4G (বা ৪ -জি) পৰিসেৱাতকৈ 5G পৰিসেৱা ১০ গুণ অধিক গতিসম্পন্ন হ’ব। অনুমান কৰা হৈছে, নিলামত ভোডাফোন, এয়াৰটেল, জিঅ’ ই অংশগ্ৰহণ কৰিব। কিন্তু কেতিয়া এই নিলাম আৰম্ভ হয়, এতিয়াও জ্ঞাত নহয়।

ইতিমধ্যে শুনা গৈছিল, প্ৰাথমিকভাৱে কলকাতা, মুম্বাই, দিল্লী, গুৰুগ্ৰাম, পুণে, বেঙ্গালুৰু, চন্ডীগড়, চেন্নাই, লক্ষ্নৌ, হায়দৰাবাদ, জামনগৰ, আহমেদাবাদ, গান্ধীনগৰ – এই ১৩ খন নগৰত 5G পৰিসেৱা আৰম্ভ কৰা হ’ব আৰু লাহে লাহে অইন নগৰলৈ সম্প্ৰসাৰণ হ’ব।
5G পৰিসেৱাৰ বাবে বিগত ৩ বছৰে আই-আই-টি দিল্লী, আই-আই-টি বোম্বে, আই-আই-টি কাণপুৰৰ দৰে প্ৰতিষ্ঠানে কাম কৰি আছে। এতিয়া মাথো সময়ৰ অপেক্ষা।
১৭-০৬-২০২২
[Headline Image:www.firstpoint-mg.com]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com ( For Assamese article, Unicode font is necessary)