প্ৰত্যাশাৰ সাঁকো
নিতুল নন্দন ৰেগন
গৰাখহনীয়া অসমৰ এক ভয়াবহ সমস্যা, প্ৰতি বছৰে অসমৰ নৈ সমূহত বহুবিঘা মাটি জাহ যায় ।
বহু ঠাইত চকুৰ সন্মুখতে একোখন ভৰা গাঁৱৰ ভৌগোলিক অস্তিত্বৰ প্ৰতি ভাবুকিৰ সন্মুখীন হোৱাৰ পৰিৱেশ তেনেই সুলভ ।
ঘাইকৈ অসমৰ নৈপৰীয়া অঞ্চল সমূহত গৰাখহনীয়া এক চিৰ পৰিচিত প্ৰাকৃতিক ব্যাধি ।
বিশেষকৈ গৰাখহনীয়া সমস্যাই বিশ্বৰ বৃহত্তম নদীদ্বীপ হিচাপে চিহ্নিত মাজুলীখনৰ ভৌগোলিক অস্তিত্ব বিপদাপন্ন কৰি আহিছে ।
বিভিন্ন ঐতিহাসিক উৎসৰ পৰা লাভ কৰা তথ্য মতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদী, শাখানদী আৰু আৰ্দ্ৰভূমি সমূহে (Wet land) প্ৰকৃতিকভাৱে মাজুলীখনৰ সৃষ্টিত অৰিহণা যোগাইছিল ।
গৰাখহনীয়াৰ ফলত প্ৰতিবছৰে মাজুলীৰ ভূখণ্ড কমি আহিছে ।
এই প্ৰক্ৰিয়া বিশেষকৈ ১৯৫০ চনৰ বৰভুঁইকপৰ ফলত মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীতল (Riverbed) উত্থানৰ ফলত বানপানী আৰু গৰাখহনীয়াৰ প্ৰকোপ বাঢ়িবলৈ ধৰে ।
তাহানিৰ মাজুলী মহকুমা ( বৰ্তমান জিলা ) ৰ মাটি কালি আছিল ১২৫০ বৰ্গকিলোমিটাৰ ।
২০০১ চনৰ হিচাপ মতে খহনীয়াৰ ফলত ৮৮০ বৰ্গকিলোমিটাৰহে থাকেগৈ ।
২০০১ চনৰ পৰা আজি পৰ্যন্ত বহুবিঘা ভূখণ্ড ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈ গৈ আছে ।
এনে এক জটিল পৰিৱেশৰ মাজত জীৱন যাপনৰ কৰিবলৈ নৈপৰীয়া ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ।
কৃষকৰ উৰ্বৰ কৃষি ভূমি নিশাটোৰ ভিতৰতে নাইকীয়া হৈ যোৱাৰ যন্ত্ৰণাবোৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি । শেষ আশ্ৰয় হিচাপে মথাউৰিৰ কাষতে পজা এটি সাজি কাৰোবাৰ ঘৰত আধিত খেতি কৰা আৰু দৈনিক দিনহাজিৰা কৰাটোৱেই থাকেগৈ ।
কেইবাদশক ধৰি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোক সকলে এনে এটি জীৱনকে আপোন কৰি আহিছে ।
অৱশ্যে তাৰ মাজৰে শৈক্ষিক দিশত আগবঢ়া সকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আহিছে যদিও তুলনামূলকভাৱে তেনেই নগণ্য ।
এগৰাকী ইজৰাইলী মহিলা, নাম গিলি নেভন । এটা সময়ত নিজৰ শৈক্ষিক গৱেষণাৰ কামত মাজুলীলৈ ছমাহৰ কাৰণে আহিছিল । কিন্তু মাজুলীৰ চোকে-কোণে ঘূৰি ফুৰোঁতে তেওঁৰ চকুত মাজুলীৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত মহিলাৰ হাতৰ বিদ্যাৰ ওপৰত দৃষ্টি নিৱদ্ধ হয় । তেওঁলোকৰ তাঁতশালত ৰচা সপোনবোৰৰ উমান লাভ কৰি কিছু সংঘবদ্ধ তথা প্ৰণালীবদ্ধ ৰূপ দিয়াৰ কথা চিন্তা কৰিবলৈ ল’লে ।
এটা সময়ত গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ২৪ গৰাকী নৈপৰীয়া মহিলাক লগত লৈ পাঁচদিনিয়া বোঁৱা-কটাৰ পদ্ধতিগত কৰ্মশালা এটাৰ ব্যৱস্থা কৰিলে । য’ত পৰম্পৰাগতভাবে চলি অহা বয়ন শিল্পত পাকৈত মহিলা সকলক যুগৰ লগত খাপ খাই যাব পৰাকৈ বস্ত্ৰ উৎপাদনৰ কৌশলৰ কৰ্মশালা এখন আয়োজন কৰা হৈছিল ।
এনে এটি যোগাত্মক কৰ্মশালাৰ অন্তত ২০১১ চনৰ ৩০ ডিচেম্বৰত Re’ngam industrial women co-operative society গঠন কৰা হৈছিল । যিটো অনুষ্ঠানে বৰ্তমান মাজুলীৰ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত কিছুসংখ্যক মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বনৰ পথ মুকলি কৰি আহিছে ।
এটা সময়ত Institute for Rural Management ৰ ১৯৮২ চনৰ স্নাতক সঞ্জয় ঘোষ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটাৰ মূৰব্বী ব্যক্তি গৰাকীৰ প্ৰচেষ্টাত মাজুলীৰ গাঁৱৰ মহিলাসকলকে ধৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ সদস্য সকলক লগত লৈ অৰ্থনৈতিক স্বাৱলম্বনৰ ব্যৱস্থা গ্ৰহণ কৰিছিল । অৱশ্যে তেওঁ কেৱল স্বাৱলম্বনৰ কথাকে চিন্তা নকৰি মাজুলীৰ ভৌগোলিক অস্তিত্ব সুৰক্ষা প্ৰদানৰ বাবে গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থাও গ্ৰহণ কৰা দেখিবলৈ পাইছিলোঁ ।
তেওঁৰ তত্বাৱধানতে এভাৰ্ড এন. ই নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে সামাজিক অৰ্থনৈতিক স্বাৱলম্বনৰ হকে মাজুলীত নতুন চিন্তাৰ প্ৰতিফলন ঘটাইছিল । অৱশ্যে মাজুলীত তেওঁৰ কৰ্মজীৱন বৰ বেছি দীঘলীয়া নহ’ল, এসময়ত আলফাৰ ৰোষত পৰি মৃত্যুক আকোঁৱালি ল’ব লগীয়া হৈছিল ।
আঢ়ৈ দশকমানৰ আগতে তেওঁৰ মৃত্যুৰ খৱৰে অসমৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চিত হৈছিল । মৃত্যুৰ আগতেও তেওঁৰ কৰ্মৰাজিক লৈ সেই সময়ৰ সংবাদ মাধ্যমত গুৰুত্বসহকাৰে সংবাদ পৰিৱেশন কৰাৰ তথ্য সঞ্জয়ৰ ডায়েৰীৰ পাতৰ পৰা লাভ কৰোঁ । তেওঁৰ সান্নিধ্য লাভ কৰা একালৰ সহযোগী যামিনী পায়েং নামৰ এগৰাকী উদ্যোগী মহিলাই আজিও সুন্দৰকৈ এখনি থলুৱা বস্ত্ৰৰ বিপনী পৰিচালনা কৰি আছে ।
মহিলা গৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত বৃহৎ বাণিজ্যিক প্ৰদৰ্শনীৰ মেলা সমূহলৈ গৈ মাজুলী তথা অসমক বহুবাৰ প্ৰতিনিধিত্ব কৰিছে । স্থানীয় প্ৰশাসনৰ ফালৰ পৰাও মহিলা গৰাকীয়ে নিজৰ কাৰ্য দক্ষতাৰ বাবে বিভিন্ন সময়ত সম্বৰ্দ্ধিত হৈ আহিছে ।
গিলি নেভন নামৰ ইজৰাইলী মহিলা গৰাকীৰ আন্তৰিক প্ৰচেষ্টাত গঢ়ি উঠা ৰৌঙাম ঔদ্যোগিক মহিলা সমবায় সমিতি অৰ্থাৎ Re’ngam industrial women co-operative society খন আৰম্ভণি হৈছিল মাত্ৰ ২০,০০০ টকাৰে ।
গিনি নেভনৰ নিজৰ গাঁঠিৰ ধন ভাঙি পাঁচ দিনীয়া কৰ্মশালা আয়োজন কৰি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বনৰ পথ এটি মুকলি কৰি কৰিছিল । বৰ্তমান সমবায় সমিতিখন স্থানীয় মহিলাসকলকে পৰিচালনা দ্বায়িত্ব ভাৰ দিয়া হৈছে । ক’বলৈ গ’লে নেতৃত্ব প্ৰদান কৰা আৰু পৰিচালনাৰ দক্ষতা বিকাশৰ ক্ষেত্ৰতো স্থানীয় প্ৰতিভাশালী মহিলাই এখন মঞ্চ লাভ কৰিছে ।
বৰ্তমান সমিতিখনক দীপা পায়ুন নামৰ স্থানীয় উদ্যোগী মহিলা এগৰাকীয়ে সুচাৰুৰূপে পৰিচালনা কৰি আছে । বৰ্তমান তেওঁলোকৰ সমবায় সমিতিখনৰ বছেৰেকীয়া আয় ১০ ৰ পৰা ১৫ লাখ টকা পৰ্যন্ত হয় । তেওঁলোকৰ তাঁতশালত মিচিং জনগোষ্ঠীয় পৰম্পৰাগত বস্ত্ৰ উৎপাদন যথেষ্ট পৰিমাণে হয় । স্থানীয় মহিলাৰ প্ৰয়োজনীয় বস্ত্ৰ যোগান ধৰাৰ লগতে দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ।
সম্পাদিকা দীপা পায়ুনে কোৱা মতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মাজুলীলৈ অহা পৰ্যটকৰ বিশেষ আকৰ্ষণ হৈছে মিচিং জনগোষ্ঠীৰ গেৰ’ আৰু মিবু গালোক । বিশেষকৈ দিল্লী আৰু মুম্বাইৰ পৰা অহা পৰ্যটকসকলে গেৰ’, মিবু গালোক আদি লৈ গৈ নতুন ধৰণেৰে তেওঁলোকে তাত ডিজাইন কৰি বৃহৎ বজাৰ এখন লাভ কৰাৰ তথ্য পোৱা গৈছে ।
অসমৰ স্থানীয় পৰ্যটক সকলৰ মুখ্য আকৰ্ষণ হৈছে মিচিং জনগোষ্ঠী পৰম্পৰাগত মেখেলা চাদৰ, চল, গেৰ’ , মাফলাৰ, কুৰ্তি আদিবোৰ । বৰ্তমান সমিতিখনৰ সদস্যা সকলে নিজৰ ঘৰ সংসাৰ চলোৱাত অৰ্থনৈতিকভাবে যথেষ্ট পৰিমাণে সুফল লাভ কৰিছে । গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ভূমিহীন সমাজ এখনৰ বাবে এইয়া অত্যন্ত আশাব্যঞ্জক বতৰা ।
অনগ্ৰসৰ সমাজ এখনৰ মহিলাই নিজৰ গাত থকা দক্ষতাৰে সু-নিপুণ কৰ্ম সম্পাদন কৰিবলৈ বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সমবায় সমিতিখন ইতিবাচক যাত্ৰাৰ প্ৰতীক হিচাপে চিহ্নিত কৰিব পাৰি । ঘৰুৱা আয় বৃদ্ধিত মহিলা সকল একো একো খন যোগাত্মক মঞ্চ লাভ কৰক ।
সৃষ্টিশীল কামেৰে প্ৰতিভাৰে অৰ্থনৈতিক স্বাৱলম্বনৰ এনে বাস্তৱ যোগাত্মক কাহিনীৰে অসমৰ আৰু অন্যান্য প্ৰান্তৰ মহিলাসকল সংযোজিত হওক ।
Images from different sources
নিতুল নন্দন ৰেগন/ ফোনঃ ৮৬৩৮৭৩২১৫৫
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking. You can send your articles to editor@mahabahu.com / editor@mahabahoo.com (For Assamese article, Unicode font is necessary)