মছজিদত শিৱলিঙ্গ
অৰবিন্দ ৰাভা
জ্ঞানবাপী মছজিদৰ বিতৰ্কৰ প্ৰসঙ্গত পোন প্ৰথমবাৰৰ বাবে মুখ খুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰধান মোহন ভাগৱতে প্ৰশ্ন উত্থাপন কৰিছে,’ প্ৰতিটো মছজিদতেই শিৱলিঙ্গৰ সন্ধান কৰাৰ প্ৰয়োজন ক’ত!’
মন্দিৰ- মছজিদ বিতৰ্কৰ ক্ষেত্ৰত পাৰস্পৰিক ঐক্যমতৰ ভিত্তিত পথৰ সন্ধান কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছে।
ৰাম মন্দিৰৰ পিছত কাশীৰ জ্ঞানবাপী মছজিদত পূজা পাতল কৰাৰ বাবে আৰু মথুৰাৰ শ্বাহী ঈদগাহ আতৰ কৰাৰ বাবে হিন্দুত্ববাদী সকলৰ একাংশ সৰৱ হৈ থকাৰ সময়তে আজি ৰাতিপুৱা ( ৩ জুন, ২০২২) নাগপুৰৰ এখন সভাত মোহন ভাগৱতে কয়,’ কিছুমান ধৰ্মীয় স্থানক লৈ আমাৰ বিশেষ ভক্তি থাকিব পাৰে, কিন্তু সেই বুলিয়েই প্ৰতিদিনে নতুন নতুন বিষয় কিয় জগাই তোলা হ’ব? আমি বিতৰ্ক বৃদ্ধি কৰা উচিত নহয়। জ্ঞানবাপীক লৈ আমাৰ শ্ৰদ্ধা- ভক্তি থাকিবই পাৰে; কিন্তু সেই বুলিয়েই প্ৰত্যেক মছজিদত কিয় শিৱলিঙ্গৰ সন্ধান কৰা হ’ব?’
“ভাগৱতে আৰু কয়, ‘তেওঁলোকে হয়তো অইন ধৰণৰ উপাসনা কৰে, কিন্তু মুছলমান সকল আচলতে আমাৰেই মুনি-ঋষি আৰু ক্ষত্ৰিয় সকলৰ বংশধৰ।'”
জ্ঞানবাপী সম্পৰ্কে সঙ্ঘপ্ৰধানে কয়,’ ইতিহাস সলনি কৰিব নোৱাৰি। আজিৰ দিনৰ কোনো হিন্দু বা মুছলমানে এই ইতিহাস সৃষ্টি কৰা নাই। অতীতত সৃষ্টি হৈছিল। বহিৰাগত আক্ৰমণকাৰী সকলৰ মাধ্যমেৰে ইছলাম এই দেশলৈ আহিছিল। এই দেশৰ স্বাধীনতাকামী সকলৰ মনোবল ধ্বংস কৰিবলৈ দেৱস্থান সমূহ ধ্বংস কৰা হৈছিল।’ সকলোকে আদালতৰ সিদ্ধান্ত মানি চলিবলৈ তেওঁ আহ্বান জনায়।

জ্ঞানবাপীৰ পিছত হিন্দুত্ববাদী সকলৰ একাংশই এতিয়া কুতুব মিনাৰত পূজা-পাতল, তাজমসলৰ প্ৰকৃত সত্য জানিবলৈ সৰৱ হৈ পৰিছে। বহুতৰে মত এয়াই যে এইবোৰক লৈ বেছি উদ্যোগী হৈ থাকিলে সমগ্ৰ সমাজখনত অসহিষ্ণুতা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু তেনে হ’লে বিজেপিৰ বাবে বুমেৰাং হ’ব পাৰে। অৰ্থাৎ, ভৱিষ্যতে প্ৰায় প্ৰত্যেকটো সংখ্যালঘু ধৰ্মস্থানৰ ঐতিহাসিক সত্য জানিবলৈ কোনোবাই নহয় কোনোবাই যদি আদালতৰ কাষ চাপে আৰু কাঙ্খিত ফল লাভ নকৰে, তেনে ক্ষেত্ৰত সকলো দায় আহি পৰিব বিজেপিৰ কান্ধত।
ভাগৱতে আৰু কয়, ‘তেওঁলোকে হয়তো অইন ধৰণৰ উপাসনা কৰে, কিন্তু মুছলমান সকল আচলতে আমাৰেই মুনি-ঋষি আৰু ক্ষত্ৰিয় সকলৰ বংশধৰ।’
ভাগৱতৰ মন্তব্য সম্পৰ্কে কংগ্ৰেছৰ শশী থাৰুৰে টিপ্পনি দিছে,’ এয়া এক গঠনমূলক মন্তব্য। ইতিহাসৰ পৰা শিক্ষা লৈ আমি পাৰস্পৰিক বিদ্বেষৰ পৰা আতৰত থকা উচিত।’
03-06-2022
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.