•দিলীপ দৈমাৰী
মহাকাশৰ ইতিহাসত সৰ্বপ্ৰথমবাৰৰ বাবে পৃথিৱীৰ মহাকাশযানে সূৰ্যক স্পৰ্শ কৰিবলৈ সক্ষম হ’ল। নাছা-ৰ সূত্ৰ অনুসৰি পাৰ্কাৰ চোলাৰ প্ৰোব সূৰ্যৰ ওপৰৰ বায়ুমণ্ডলৰ মাজেৰে উৰি গৈছে। কেৱল সৌৰ বিজ্ঞানৰ ক্ষেত্ৰত নহয়, মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰতো ই এক অভাৱনীয় সাফল্য। ৱাশ্বিংটনস্থ নাছাৰ মুখ্য কাৰ্যালয়ৰ পৰা পাৰ্কাৰ মিশ্যনৰ সহযোগী প্ৰশাসক থমাছ ঝুৰবুশ্বেনে জনাইছে যে ‘পাৰ্কাৰ চোলাৰ প্ৰোব’-এ সূৰ্যক স্পৰ্শ কৰিলে।
সৌৰপৃষ্ঠৰ ওচৰে-পাজৰে বৃত্তাকাৰে এতিয়াও ঘূৰি আছে নাছাৰ মহাকাশযানখন। উল্লেখ্য যে ২০১৯ চনত এই মহাকাশযানে প্ৰথমে সৌৰবায়ুত চুম্বকীয় ‘জিগ-জ্যাগ’ উপৰিসৌধ বা ‘চুইছব্যাক’ আৱিষ্কাৰ কৰিছিল। কিন্তু কিদৰে আৰু ক’ত এই উপৰিসৌধৰ উৎপত্তি হৈছিল সেই সন্ধান তেতিয়াও মহাকাশযান খনে উলিয়াব পৰা নাছিল। কিন্তু তেতিয়াই নাছাৰ তৰফৰ পৰা জনোৱা হৈছিল যে পাৰ্কাৰে সূৰ্যৰ যিমানেই ওচৰ চাপিব, সিমানেই সূৰ্য সম্পৰ্কীয় তথ্য লাভ কৰা সম্ভৱ হ’ব।
এই পাৰ্কাৰ চোলাৰ প্ৰোব-এ প্ৰথমে জনাইছিল যে সূৰ্যৰ চৌম্বকীয় ক্ষেত্ৰ অৱস্থান কৰিছে সূৰ্যৰ নাভি অঞ্চল বা কৰোনাত। জন হপকিন্স এপ্লাইড ফিজিক্স লেবৰেটৰীৰ পাৰ্কাৰ প্ৰকল্পৰ বিজ্ঞানী নুৰ ৰাওফিয়ে জনাইছে যে ‘এই পৰ্যন্ত চৌম্বক ক্ষেত্ৰ আৰু বায়ুৰ যি তথ্য পাৰ্কাৰ-এ প্ৰেৰণ কৰিছে, তাৰে ভিত্তিতেই সূৰ্যৰ কৰোনা অঞ্চলৰ এক চিত্ৰ তৈয়াৰ কৰিব পাৰি।’ সূৰ্যৰ আন্তঃগাথঁনিক লৈ নাছাৰ বিজ্ঞানীসকলে বৰ্তমানলৈ যি ধাৰণা পোষণ কৰিছে সেয়া হ’ল – পৃথিৱীৰ সম্পূৰ্ণ বিপৰীত আন্তঃগাথঁনি-চিত্ৰ হ’ল সূৰ্যৰ। এপিনে পৃথিৱীৰ আন্তঃগাথঁনি কঠিন, আনহাতে সূৰ্যৰ আন্তঃগাথঁনি সম্পূৰ্ণ বিপৰীত এক মসৃণ অৱস্থাৰে তৈয়াৰী। সহজ ভাষাৰে ক’বলৈ হ’লে সূৰ্যৰ অভ্যন্তৰভাগত তাপমাত্ৰা ইমানেই বেছি যে তাত ধাতৱ পদাৰ্থবোৰ গলি গলি তৰল আৰু গেছীয় অৱস্থাৰ মধ্যৱৰ্তী এক বিশেষ স্তৰত থাকে।
সূৰ্যৰ অভ্যন্তৰত ‘আলফভেন ক্ৰিটিকেল চাৰফেছ’ নামৰ এক অপৰিচিত বিন্দুৰ সন্ধান পাৰ্কাৰ-এ যোৱা বছৰতেই দিছে। অনুমান কৰা হৈছে যে এই বিন্দুত মধ্যাকৰ্ষণৰ আৰু চৌম্বক শক্তি শূণ্য। যদিও এই বিষয়ে এতিয়াও নুৰ ৰাওফি নিশ্চিত হ’ব পৰা নাই। কিন্তু তেওঁৰ আশা এয়াই যে পাৰ্কাৰ-এ যেতিয়া সূৰ্যৰ বায়ুমণ্ডল ভেদ কৰি কৰোনা অঞ্চলৰ পৰা ২৫ লাখ মাইল দূৰত থাকিব, তেতিয়াই আলফভেন ক্ৰিটিকেল চাৰফেছৰ বিস্তাৰিত তথ্য লাভ কৰিব পৰা যাব। যদি আলফভেন ক্ৰিটিকেল চাৰফেছ সত্য বুলি প্ৰতিপন্ন হয়, তেতিয়া ব্ৰহ্মাণ্ড সৃষ্টিৰ একাধিক তথ্য চিৰকালৰ বাবে ভুল বুলি প্ৰমাণিত হৈ বিলীন হৈ যাব আৰু ব্ৰহ্মাণ্ডৰ ক’ত ক’ত মধ্যাকৰ্ষণ শূণ্য চৌম্বক ক্ষেত্ৰ আছে – তাৰেও অনুসন্ধান আৰম্ভ হৈ যাব।
এই বছৰৰ ২৮ এপ্ৰিল তাৰিখে ‘ফিজিকেল ৰিভিউ লেটাৰ’-অত সূৰ্য সম্পৰ্কে পাৰ্কাৰ-এ দিয়া কিছুমান তথ্য প্ৰকাশ হৈছিল। সেই গৱেষণা পত্ৰ লিখিছিল পাৰ্কাৰ চোলাৰ প্ৰোব-অৰ প্ৰযুক্তি বিভাগৰ মুখ্য সহযোগী জাষ্টিন কেচপাৰ-এ। তেওঁ সেই সময়তেই দাবী কৰিছিল যে ‘মোৰ দৃঢ় বিশ্বাস – অতি কম সময়ৰ বাবে হ’লেও পাৰ্কাৰ চোলাৰ প্ৰোব সূৰ্যৰ কৰোনাৰ মুখামুখি হ’ব।’ মিচিগান বিশ্ববিদ্যালয়ৰ সেইগৰাকী অধ্যাপকে পোনপ্ৰথমবাৰৰ বাবে চিউডোস্ট্ৰিমাৰ অঞ্চলৰ সন্ধান দিছিল। সূৰ্যগ্ৰহণৰ সময়ত যি হীৰক জ্যোতি বা ডায়মন্ড ৰিং দেখা যায়, সেয়া আচলতে চিউডোস্ট্ৰিমাৰ অঞ্চলৰ অংশ বুলি কেচপাৰ-এ জনাইছিল। পাৰ্কাৰ চোলাৰ প্ৰোব-এ সূৰ্যৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছত কেচপাৰ-এ পুনৰ জনাইছিল যে ‘কৰোনা অঞ্চলৰ পৰা ৬৫ লাখ মাইল দূৰেৰে যদি পাৰ্কাৰ-এ যাবলৈ সক্ষম হয়, তেতিয়া হ’লে চিউডোস্ট্ৰিমাৰ অঞ্চলৰ বিষয়ে বিস্তাৰিত তথ্য আমি লাভ কৰিব পাৰিম।’
পাৰ্কাৰ-এ ১ ছেকেন্ডৰ ১৬০০০ ভাগৰ ১ ভাগ সময় ল’ব চিউডোস্ট্ৰিমাৰ অঞ্চলৰ কাষেৰে পাৰ হৈ যাবলৈ। একেলগে কেচপাৰে এয়াও সদৰি কৰিছে যে চুইচবেংকৰ সংখ্যাও ক্ৰমশঃ হ্ৰাস পাইছে। নাছাৰ প্ৰধান কাৰ্যালয়ৰ হেলিওফিজিক্স বিভাগৰ ডিভিজনেল ডিৰেক্টৰ নিকোলা ফক্স-এ কৈছে যে অহা বছৰ পাৰ্কাৰ চোলাৰ প্ৰোব-এ সূৰ্যৰ কৰোনাৰ মাজেৰে পাৰ হৈ যাব। পোনপ্ৰথমবাৰৰ বাবে কোনো এখন মহাকাশযানে সৌৰ বায়ুমণ্ডলৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতেই নিজৰ আৱেগ-উচ্ছ্বাস দমন কৰি ৰাখিবলৈ ব্যৰ্থ হৈছিল নিকোলা। তেওঁ কৈছিল, ‘নতুন আৱিষ্কাৰৰ সুযোগ এতিয়া সীমাহীন!’
৯০ দশকৰ মধ্যভাগত নাছা-ইউৰোপীয়ান ষ্পেচ এজেন্সিয়ে ‘মিশ্যন ইউলিচিচ’ নামেৰে প্ৰথম মহাকাশযান এখন প্ৰেৰণ কৰিছিল, কিন্তু সেই মহাকাশযানে সূৰ্যৰ যিবোৰ ছৱি প্ৰেৰণ কৰিছিল আৰু সূৰ্যৰ যিবোৰ তথ্য দিছিল – সেইবোৰ বুধ আৰু শুক্ৰৰ মাজৰ অৱস্থানৰ পৰাহে দিছিল। ‘এষ্ট্ৰোফিজিকেল জাৰ্ণাল’ত ইউলিচিচৰ পৰা পোৱা ছৱি আৰু তথ্য বিশ্লেষণ কৰিছিল কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক স্টূৱাৰ্ট বেল-এ। যি কি নহওঁক, এক নতুন অধ্যায়ৰ সূচনা হ’ল, দেখা যাওক – পাৰ্কাৰ চোলাৰ প্ৰোব-এ আমাক কি কি তথ্য প্ৰেৰণ কৰে। (১৬-১২-২০২১)