প্ৰদূষণৰ ফলত মৃত্যু
অৰবিন্দ ৰাভা
স্বচ্ছ ভাৰতে প্ৰদূষণৰ মানচিত্ৰখনৰ শীৰ্ষস্থানত আৰোহণ কৰিছে। প্ৰতি বছৰে বায়ু, পানী, জৈৱিক আৰু শৈল্পিক বৰ্জ্য, যান-বাহন আদিৰ পৰা হোৱা দূষণৰ ফলত ভাৰতত কমেও ২৪ লাখ লোকৰ মৃত্যু হৈছে। প্ৰদূষণৰ তালিকাত দ্বিতীয় স্থানত থকা চীনত বাৰ্ষিক মৃত্যুৰ সংখ্যা ২২ লাখ।
সম্প্ৰতি প্ৰদূষণ সম্পৰ্কীয় এক আন্তৰ্জাতিক সমীক্ষাৰ পৰা এই বিষয়ে জানিব পৰা গৈছে।
‘দ্য লেন্সেট প্লেনেটৰি হেল্থ জাৰ্ণাল‘-অত প্ৰকাশিত প্ৰদূষণ সম্পৰ্কীয় প্ৰতিবেদনত উল্লেখ কৰা হৈছে, প্ৰতিবছৰে প্ৰদূষণৰ বাবে বিশ্বত প্ৰায় ৯০ লাখ লোকৰ মৃত্যু হয়। এই তালিকাৰ ৭ নং স্থানত আছে আমেৰিকা।
আমেৰিকাত প্ৰদূষণৰ বাবে বছৰি ১ লাখ ১২ হাজাৰৰ অধিক লোকৰ মৃত্যু হয়।
২০০০ চনৰ পৰা পৰৱৰ্তী দুটা দশকত প্ৰদূষণৰ ফলত মৃত্যুৰ সংখ্যা ৫৫% ৰ অধিক হৈছে বুলিও সমীক্ষাত জনোৱা হৈছে।
সমীক্ষক দলৰ অন্যতম সদস্য আমেৰিকাৰ ব’ষ্টন কলেজৰ ‘গ্লোবেল পাব্লিক হেল্থ প্ৰগ্ৰেম’ আৰু ‘গ্লোবেল পলিউশ্যন অবজাৰভেটৰি’ৰ সঞ্চালক ফিলিপ ল্যান্ডৰিগান-এ জনাইছে, প্ৰদূষণৰ ফলত মৃত্যু হোৱাসকলৰ ভিতৰত বৃহৎ সংখ্যক হ’ল ‘পেচিভ স্মোকিং’-অৰ বলি!
প্ৰসঙ্গক্ৰমে, ২০১৮ চনত হোৱা এক আন্তৰ্জাতিক সমীক্ষা অনুসৰি বিশ্বৰ ১৮০ খন দেশৰ তালিকাৰ একেবাৰে তলৰ ১৭৭ নম্বৰত স্থান লাভ কৰিছিল ভাৰতে! তাৰপিছত ২০১৯ চনত ‘ষ্টেট অব গ্লোবেল এয়াৰ ২০১৯’ -ৰ সমীক্ষাই জনাইছিল, বায়ু দূষণৰ বাবে প্ৰতিবছৰে ভাৰতত প্ৰাণহানি হয় ১২ লাখ লোকৰ!
19-05-2022 [ Headline Image: unctad.org]
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.