• দিলীপ দৈমাৰী
প্ৰধানমন্ত্ৰী
প্ৰায় ডেৰমাহ আগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাবে দুখন মাৰ্চিডিজ গাড়ী ক্ৰয় কৰিবলৈ অনুমোদন দিছিল আৰু সেই গাড়ী দুখনে ইতিমধ্যে নতুন দিল্লীস্থ প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ শোভাৱৰ্দ্ধন কৰিছে। মাৰ্চিডিজৰ ‘মে – ব্যাচ এছ -৬৫০ গাৰ্ড’ দুখন ক্ৰয় কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যৱহাৰৰ বাবে। দুয়োখনৰ ৰং ক’লা। একোখনৰ দাম ১২ কোটি টকা, অৰ্থাৎ দুয়োখনৰ মূল্য ২৪ কোটি টকা!
ইতিপূৰ্বে ৮৪০০ কোটি টকা খৰছ কৰি দুখীয়া দেশ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি তথা উপ-ৰাষ্ট্ৰপতিৰ বাবে দুখন বিমান ক্ৰয় কৰাৰ পিছত শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে ক্ৰয় কৰা ‘নন-মেক ইন ইন্ডিয়া‘( Non- Make in India)২৪ কোটি টকাৰ গাড়ী দুখনক লৈ চৰ্চা চলি থকাৰ সময়তেই ৰিলায়েন্স কোম্পানীৰ কৰ্ণধাৰ মুকেশ আম্বানীয়েও এখন নতুন গাড়ী কিনি চৰ্চাৰ মাজলৈ আহিছে। মুকেশ আম্বানীৰ গাড়ীখন অৱশ্যে মাৰ্চিডিজ কোম্পানীৰ নহয়, ৰোলচ্ ৰয়েচৰ হে গাড়ী।
ৰোলচ্ ৰয়েচৰ বিলাসবহুল আল্ট্ৰা প্ৰিমিয়াম এছ-ইউ-ভি গাড়ী, ৰোলচ্ ৰয়েচ কালিনান। গাড়ীখনৰ মূল্য ১৩ কোটি ১৪ লাখ টকা। ৩১ জানুৱাৰী, ২০২২ তাৰিখে মুম্বাইৰ তাৰদেউ আঞ্চলিক পৰিবহন দপ্তৰত মুকেশ আম্বানীৰ নামত গাড়ীখন পঞ্জীয়ন হয়। গাড়ীখনত আছে ‘টাস্কান চান কালাৰ স্পোৰ্টিং ভি-টুৱেল্ভ ইঞ্জিন’। এই ইঞ্জিনৰ ক্ষমতা ৫৬৪ ব্ৰেক হৰ্ছ পাৱাৰ ( বি.এইচ.পি.)। গাড়ীখনৰ নম্বৰ প্লেটৰ বাবে মুকেশ আম্বানীয়ে খৰচ কৰিছে ১২ লাখ টকা, গাড়ীখনৰ শেষৰ চাৰিটা নম্বৰ হ’ল ‘০০০১’।

শিৰোনামৰ সৈতে থকা ছৱি : The Economic Times