প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিম
নেকিব আলি শইকীয়া
প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমৰ অধীনত ৯০ লাখৰো অধিক গ্ৰাহকে বিগত আৰ্থিক বৰ্ষত তেওঁলোকৰ এল-পি-জি গেছ ৰিফিল কৰিবলৈ সক্ষম নহ’ল। মাত্ৰ ১.০৮ কোটি গ্ৰাহকেহে মাথো এবাৰ ৰিফিল কৰিবলৈ সক্ষম হৈছে।
ভাৰতীয় তেল নিগম ( IOCL), ভাৰত পেট্ৰোলিয়াম ( BPCL), আৰু হিন্দুস্থান পেট্ৰোলিয়াম ( HPCL)ৰ পৰা তথ্যৰ অধিকাৰ আইনৰ সহায়ত এই তথ্য লাভ কৰিব পৰা গৈছে।
‘প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিম’ নামেৰে স্কিমটো ২০১৬ চনৰ ১ মে’ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰিছিল। দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা মহিলাসকলৰ মাজত ৫০ নিযুত এল-পি-জি সংযোগ বিতৰণ কৰা হৈছিল।
আৰ-টি-আই কৰ্মী চন্দ্ৰ শেখৰ গৌড়ে দাখিল কৰা আবেদন অনুসৰি ভাৰতীয় তেল নিগমে জনাইছে,’ ২১.৬৫ লাখ গ্ৰাহকে ২০২১-২২ আৰ্থিক বৰ্ষত তেওঁলোকৰ চিলিন্ডাৰ ৰিফিল কৰা নাই।’
একেদৰে হিন্দুস্থান পেট্ৰোলিয়ামে জনাইছে,’ ৯.১৭৫ লাখ গ্ৰাহকে ২০২১-২২ আৰ্থিক বৰ্ষত তেওঁলোকৰ চিলিন্ডাৰ ৰিফিল কৰা নাই।’

ভাৰত পেট্ৰোলিয়ামে কৈছে,’ ১৫.৯৬% গ্ৰাহকে তেওঁলোকৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমৰ অধীনত থকা চিলিন্ডাৰ ২০২১-২২ আৰ্থিক বৰ্ষত ৰিফিল কৰা নাই।’
এই সম্পৰ্কে প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমৰ সুবিধা পোৱা সৰহ সংখ্যক গ্ৰাহকৰ মত হ’ল, ‘ আমি এই চিলিন্ডাৰ চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাইছো, কিন্তু আমাৰ আৰ্থিক অৱস্থা ইমানেই বেয়া যে চিলিন্ডাৰ ৰিফিল কৰাৰ বিষয়ে ভাবিবই নোৱাৰো। আমি খৰিৰেই ৰন্ধন কৰো।’
এগৰাকীয়ে কৈছে, ‘ মই মাহে ৬০০ টকা পেঞ্চন পাওঁ, সেই টকাৰে চিলিন্ডাৰ কেনেকৈ কিনো? খাম কি?’
উল্লেখযোগ্য যে ৰন্ধন গেছৰ চিলিন্ডাৰৰ দাম এতিয়া ১০০০+ টকা হৈছে। বাণিজ্যিক চিলিন্ডাৰৰ দাম হৈছে ২৩৫৫ + টকা। এনে অৱস্থাত প্ৰধানমন্ত্ৰী উজ্জ্বলা স্কিমৰ অৱস্থা কেনে হ’ব পাৰে, বুজাই ঠিকেই বুজি পাব!
Mahabahu.com is an Online Magazine with collection of premium Assamese and English articles and posts with cultural base and modern thinking.